ৰুদালি (চলচ্চিত্ৰ)
ৰুদালি | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | কল্পনা লাজমী |
ৰচনা | গুলজাৰ |
ভিত্তি | ৰুদালি লেখক: মহাশ্বেতা দেৱী |
প্ৰযোজক | ৰবি গুপ্তা ৰবি মালিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম দূৰদৰ্শন |
অভিনয়ত | ডিম্পল কপাড়িয়া ৰাজ বব্বৰ ৰাখী আমজাদ খান |
চিত্ৰগ্ৰহণকাৰী | সন্তোষ শিৱান ধৰম গুলাটি |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
১৮ জুন ১৯৯৩ |
দৈৰ্ঘ্য |
১১৫ মিনিট [1] |
দেশ | ভাৰত |
ভাষা | হিন্দী |
ৰুদালি (ইংৰাজী: Rudaali)[টোকা 1] কল্পনা লাজমী পৰিচালিত ১৯৯৩ চনত মুক্তি পোৱা হিন্দী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বাংলা লেখিকা মহাশ্বেতা দেৱীৰ ১৯৭৯ চনত ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত কল্পনা লাজমী আৰু গুলজাৰে ৰুদালিৰ কাহিনী লিখিছে। ৰাজস্থানৰ এখন সৰু গাঁৱৰ পটভূমিত পৰিৱেশিত এই ছবিখনত ডিম্পল কাপাডিয়াই শনিচাৰীৰ চৰিত্ৰত অভিনয় কৰিছে। শনিচাৰী এগৰাকী অকলশৰীয়া আৰু কঠোৰ প্ৰকৃতিৰ মহিলা, যিয়ে জীৱন জোৰা দুৰ্ভাগ্য আৰু পৰিত্যাগৰ মাজতো কান্দোনৰ জৰিয়তে শোক প্ৰকাশ কৰিব নোৱাৰে আৰু পেছাদাৰী শোক কৰা ব্যক্তি হিচাপে নতুন কৰ্মৰ প্ৰত্যাহ্বান লাভ কৰিছে। ছবিখনৰ সহযোগী চৰিত্ৰত আছে ৰাখী, ৰাজ বাব্বৰ, আৰু আমজাদ খান। ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম আৰু দূৰদৰ্শনৰ দ্বাৰা নিৰ্মিত এই ছবিখনক ভাৰতৰ নব্য বাস্তৱবাদী সমান্তৰাল চলচ্চিত্ৰৰ অংশ বুলি অভিহিত কৰা হৈছে যদিও ইয়াত ভূপেন হাজৰিকাই ৰচনা কৰা গীতকে ধৰি মূলসুঁতিৰ হিন্দী চলচ্চিত্ৰৰ কেইবাটাও সাধাৰণ উপাদান ব্যৱহাৰ কৰা হৈছিল।
ৰুদালিয়ে সমালোচনাত্মক আৰু অভাৱনীয় ব্যৱসায়িক সফলতা লাভ কৰিছিল। কাপাডিয়াৰ অভিনয়য়ে বিশেষভাৱে সমালোচকৰ প্ৰশংসা লাভ কৰিছে। ছবিখনৰ চিত্ৰনাট্য, সংগীত, কাৰিকৰী কৃতিত্ব, আৰু লাজমীৰ পৰিচালনাৰো যথেষ্ঠ প্ৰশংসা কৰা হৈছে। কাপাডিয়াই লাভ কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাকে ধৰি ছবিখনে তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে আৰু লগতে তিনিটা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয়। কাপাডিয়াই শ্ৰেষ্ঠ অভিনয়ৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে। অষ্টম ডামাস্কাছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ৩৮তম এছিয়া-পেচিফিক চলচ্চিত্ৰ মহোৎসৱতো কাপাডিয়াই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। ৬৬তম একাডেমী বঁটাত ৰুদালিয়ে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানত ভাৰতীয় এণ্ট্ৰি হিচাপে নিৰ্বাচিত হৈছিল যদিও মনোনয়ন লাভ কৰা নাছিল।
বিষয়বস্তু
[সম্পাদনা কৰক]ছবিখনে জাতি, শ্ৰেণী স্তৰবিন্যাস, লৈংগিক বৈষম্য আৰু দৰিদ্ৰতাৰ বিষয়বস্তু অন্বেষণ কৰে। এই সকলোবোৰ সামন্তীয় ব্যৱস্থা আৰু দৰিদ্ৰ গাঁৱৰ মানুহৰ আৰ্থ-সামাজিক প্ৰান্তীয়কৰণৰ জৰিয়তে চিত্ৰিত কৰা হৈছে।[5] চলচ্চিত্ৰ সমালোচক নম্ৰতা যোশীয়ে কয় যে ছবিখনে "লিংগ আৰু পিতৃতন্ত্ৰৰ বিষয়টোক শ্ৰেণী আৰু জাতি বিভাজনৰ বহল প্ৰেক্ষাপটত উপস্থাপন কৰিছিল"।[6] সুমিতা এছ চক্ৰৱৰ্তীয়ে ইয়াক "এখন ছবিৰ ৰূপত বৰ্ণনা কৰিছে যে যিয়ে উত্তৰ-উপনিবেশিক লোকাচাৰক উদগনি দিব বিচাৰে"।[7] ৰাধা সুব্ৰমণ্যমে লিখিছে যে ছবিখনে "উৎপীড়ণৰ বহু স্তৰৰ সন্ধান কৰে, যাৰ সৈতে নিম্নবৰ্ণৰ, দৰিদ্ৰ মহিলাই প্ৰতিনিয়ত মুখামুখী হয়"। তেওঁ ছবিখনৰ সংযোজন শৈলীক লক্ষ্য কৰে, কাৰণ ই "ভাৰতত বিদ্যমান চলচ্চিত্ৰ নিৰ্মাণৰ দুটা প্ৰকাৰৰ ওপৰত আধাৰিত; ই 'কলাত্নক' চলচ্চিত্ৰৰ সামাজিক চিন্তাক বোম্বাইৰ ছবিৰ গণ আকৰ্ষণৰ উপাদানসমূহৰ সৈতে সংযুক্ত কৰে"।[8] ‘’ইণ্ডিয়া ট্ৰেঞ্জিচনছ: কালচাৰ এণ্ড ছ'চাইটি ডিউৰিং কন্টেম্পৰেৰী ভাইৰেল টাইমছ’’ নামৰ গ্ৰন্থখনত প্ৰিয়া কাপুৰে ছবিখনক "জাতি বঞ্চনাৰ বিৰুদ্ধে সংহতি আৰু ভূস্বামীৰ অধীনস্থ মহিলাসকলৰ দুৰ্দশাৰ বিষয়ে এখন নাৰীবাদী গ্ৰন্থ" বুলি অভিহিত কৰিছে।[9] তেওঁ আৰু যুক্তি দিছিল যে ছবিখন এনে এটা সময়ত মুক্তি পাইছে, যেতিয়া "ভাৰতীয় ৰাজনীতি আৰু নাগৰিক জীৱনত জাতি আৰু শ্ৰেণী ৰাজনীতিয়ে এক বিৰক্তিকৰ পুনৰুত্থান দেখিছে"।[10]
ৰুদালি সমালোচক আৰু চিনেমা চোৱা জনসাধাৰণ, দুয়োটা শ্ৰেণীৰ মাজতে জনপ্ৰিয় আছিল।[11] লেখিকা সুমিতা এছ চক্ৰৱৰ্তীৰ মতে মূলসুঁতি আৰু কলাত্মক চলচ্চিত্ৰৰ মাজত "উভয়লিংগী আত্ম-স্থিতি"য়ে বক্স অফিচত ছবিখনৰ অভাৱনীয় সফলতাৰ কাৰণ। চক্ৰৱৰ্তীৰ মতে ভাৰতৰ বৈকল্পিক চলচ্চিত্ৰই ব্যৱসায়িক সফলতা লাভ নকৰাৰ কাৰণ আছিল ইয়াৰ "গীত আৰু আৱেগিকতাৰ নাটকীয় উপাদানসমূহ পৰিহাৰ কৰা আৰু ইয়াৰ সামাজিক যথাৰ্থবাদ", বিপৰীতে ৰুদালিয়ে ইয়াক সম্পূৰ্ণৰূপে আকোৱালি লৈছিল।[12]
বঁটা
[সম্পাদনা কৰক]- ১৯৯৩
- ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[13]
- শ্ৰেষ্ঠ অভিনেত্ৰী- ডিম্পল কাপাডিয়া
- শ্ৰেষ্ঠ কলা নিৰ্দেশক- সমীৰ চন্দা
- শ্ৰেষ্ঠ বেশভূষা- মালা দে আৰু চিম্পল কাপাডিয়া
- ১৯৯৩
- ৩৮তম ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচক)- ডিম্পল কাপাডিয়া[14]
টোকা
[সম্পাদনা কৰক]- ↑ "Rudaali", literally translated as "female weeper" or "weeping woman", refers to women of lower caste hired as professional mourners in certain areas of Rajasthan. Their job is to publicly express grief upon the death of upper-caste males on behalf of family members who are not permitted to display emotion due to social status.[2][3] The term was popularised in literature by Mahashweta Devi's 1979 short story of the same name, upon which this film is based.[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Rudaali". British Board of Film Classification. 22 June 1993. https://www.bbfc.co.uk/release/rudaali-q29sbgvjdglvbjpwwc0yodk3mtq। আহৰণ কৰা হৈছে: 17 February 2022.
- ↑ "Rudaali". University of Iowa. http://www.uiowa.edu/~incinema/Rudaali.html। আহৰণ কৰা হৈছে: 1 September 2014.
- ↑ Pillai, Tripthi (1 August 2020). "Mourner-confessors: The masala intercommunity of women in Rudaali and Hamlet" (en ভাষাত). Postmedieval খণ্ড 11 (2): 243–252. doi:10.1057/s41280-020-00178-5. ISSN 2040-5979. https://link.springer.com/article/10.1057/s41280-020-00178-5। আহৰণ কৰা হৈছে: 13 February 2022.
- ↑ Chatterji 2020, পৃষ্ঠা. 36–37.
- ↑ Mukherjee, Tutun (2010). "Of 'Text' and 'Texualities': Performing Mahasweta". Dialog: A Bi-annual Interdisciplinary Journal (Department of English and Cultural Studies, Panjab University) খণ্ড 19 (Autumn): 1–20. ISSN 0975-4881. https://dialog.puchd.ac.in/wp-content/uploads/2020/09/PANJAB-UNIVERSITY-DIALOG-NO-19.pdf#page=9.
- ↑ Dasgupta, Chidananda (1993). "Rudali (The Mourner)". Cinemaya: পৃষ্ঠা 30–31.
- ↑ Jones, J. R. (20 December 2002). "The Mourner". Chicago Reader. https://chicagoreader.com/film/the-mourner/.
- ↑ Lutgendorf, Philip. "Rudaali" (en ভাষাত). প্ৰকাশক Iowa City, Iowa: University of Iowauiowa.edu. https://indiancinema.sites.uiowa.edu/rudaali। আহৰণ কৰা হৈছে: 3 March 2021.
- ↑ Maanvi (28 July 2016). "Mourning and Revolution: Mahasweta Devi's Legacy on the Screen". The Quint. https://www.thequint.com/india/2016/07/28/of-mourning-and-revolution-mahasweta-devis-legacy-on-the-screen-rudaali-hazaar-chaurasi-ki-maa। আহৰণ কৰা হৈছে: 28 March 2020.
- ↑ Ghosh, Devarsi (28 July 2016). "Mahasweta Devi, RIP: Rudaali to Sunghursh, 5 films that immortalise the author's works". India Today. https://www.indiatoday.in/movies/celebrities/story/mahasweta-devi-death-dead-famous-films-rudaali-hazaar-chaurasi-ki-maa-331939-2016-07-28। আহৰণ কৰা হৈছে: 28 March 2020.
- ↑ Mishra, Nivedita (23 September 2018). "Kalpana Lajmi: 10 lesser known facts about the Rudaali director" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/bollywood/kalpana-lajmi-10-lesser-known-facts-about-the-rudaali-director/story-xkfMQmXXFqsRTMHqPECWSM.html.
- ↑ Din, Suleman (25 May 2001). "rediff.com US edition: 'I got more than my share in life'". Rediff.com. https://www.rediff.com/news/2001/may/25usspec.htm.
- ↑ "40th National Film Awards". Directorate of Film Festivalsdff.nic.in. 1993. পৃষ্ঠাসমূহ: 40–41. http://dff.nic.in/images/Documents/77_40thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 24 December 2011.
- ↑ "Filmfare Awards Winners 1993: Complete list of winners of Filmfare Awards 1993". The Times of India (The Times Group). https://timesofindia.indiatimes.com/entertainment/movie-awards/filmfare-awards-winners/bollywood/1993/101.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Arunachalam, Param (17 August 2019) (en ভাষাত). BollySwar: 1991–2000. Mavrix Infotech Private Limited. ISBN 978-81-938482-1-0. https://books.google.com/books?id=3vbyDwAAQBAJ&pg=PA410। আহৰণ কৰা হৈছে: 8 February 2022.
- Bhushan, Chandra (2005) (en ভাষাত). Assam: Its Heritage and Culture. Gyan Publishing House. ISBN 978-81-7835-352-4. https://books.google.com/books?id=p_n-naXpdhkC&pg=PA163.
- Bose, Sudhir (2 February 2011). "Contemporary Women Directors". In Doraiswamy, Rashmi (en ভাষাত). Asian Film Journeys: Selections from Cinemaya. SCB Distributors. ISBN 978-81-8328-208-6. https://books.google.com/books?id=lZZ-mxaqP6IC&pg=PT296। আহৰণ কৰা হৈছে: 17 February 2022.
- Chakravarty, Sumita S. (1 January 1999). "'Can the Subaltern Weep?' Mourning as Metaphor in Rudaali". In Robin, Diana Maury (en ভাষাত). Redirecting the Gaze: Gender, Theory, and Cinema in the Third World. SUNY Press. ISBN 978-0-7914-3993-7. https://books.google.com/books?id=nSHKN0kpM3EC&pg=PA297। আহৰণ কৰা হৈছে: 8 February 2022.
- Chatterji, Shoma A. (9 February 2020). "Myth, Motherhood, and Mainstream Hindi Cinema". In Mitra, Zinia (en ভাষাত). The Concept of Motherhood in India: Myths, Theories and Realities. Cambridge Scholars Publishing. ISBN 978-1-5275-4680-6. https://books.google.com/books?id=rFfSDwAAQBAJ&pg=PA37। আহৰণ কৰা হৈছে: 16 February 2022.
- Gahlot, Deepa (2015). Sheroes: 25 Daring Women of Bollywood. Westland Limited. পৃষ্ঠা. 69–73. ISBN 978-93-85152-74-0. https://books.google.com/books?id=u9_YjgEACAAJ.
- Gokulsing, K. Moti; Dissanayake, Wimal (2004) (en ভাষাত). Indian Popular Cinema: A Narrative of Cultural Change. Trentham. ISBN 978-1-85856-329-9. https://archive.org/details/indianpopularcin0000goku/page/90/mode/2up.
- Gulzar; Nihalani, Govind; Chatterjee, Saibal (2003). Encyclopaedia of Hindi Cinema. Encyclopaedia Britannica (India). ISBN 978-81-7991-066-5.
- Jha, Subhash K.; Bachchan, Amitabh (2005). The Essential Guide to Bollywood. Lustre Press. ISBN 978-81-7436-378-7. https://archive.org/details/essentialguideto00jhas.
- Kapoor, Priya (20 July 2020). "India Transitions: Culture and Society during Contemporary Viral Times". In Kim, Chanwahn (en ভাষাত). Great Transition In India: Critical Explorations. World Scientific. ISBN 978-981-12-2235-1. https://books.google.com/books?id=hXr1DwAAQBAJ&pg=PA79। আহৰণ কৰা হৈছে: 13 February 2022.
- Kapoor, Priya (2005). Lengel, Laura B.. ed (en ভাষাত). Intercultural Communication and Creative Practice: Music, Dance, and Women's Cultural Identity. Praeger. ISBN 978-0-275-98240-9. https://archive.org/details/interculturalcom0000unse/page/94/mode/2up.
- Kumar, Arvind (2002). Trends in Modern Journalism. Sarup & Sons. পৃষ্ঠা. 172. ISBN 978-81-7625-277-5. https://books.google.com/books?id=__lkAAAAMAAJ.
- Menon, Ritu (2002) (en ভাষাত). Women who Dared. National Book Trust, India. ISBN 978-81-237-3856-7. https://books.google.com/books?id=6UK3AAAAIAAJ। আহৰণ কৰা হৈছে: 17 February 2022.
- Perur, Srinath (15 February 2018) (en ভাষাত). If It's Monday It Must Be Madurai: A Conducted Tour of India. Penguin UK. ISBN 978-93-5118-570-3. https://books.google.com/books?id=S2dBAgAAQBAJ&pg=PT57। আহৰণ কৰা হৈছে: 15 February 2022.
- Rajadhyaksha, Ashish; Willemen, Paul (1999). Encyclopedia of Indian Cinema. Routledge. ISBN 978-1-135-94325-7. https://archive.org/details/encyclopaediaofi0000raja.
- Sabharwal, Gopa (2007). India Since 1947: The Independent Years. Penguin Books India. ISBN 978-0-14-310274-8. https://books.google.com/books?id=LKySGJAGVEQC&pg=PA250.
- Siegel, Bernie; Wing, Diane; Kenley, Holli; Levy, Jay S. (2017). Recovering the Self: A Journal of Hope and Healing (Vol. VI, No. 1) – Grief & Loss. Loving Healing Press. পৃষ্ঠা. 83. ISBN 978-1-61599-340-6. https://books.google.com/books?id=VteqDgAAQBAJ&pg=PA83.
- Subramanian, Shreerekha (2011). ""Whom Did You Lose First, Yourself or Me?": The Feminine and the Mythic in Indian Cinema". In Bahun-Radunović, Sanja (en ভাষাত). Myth and Violence in the Contemporary Female Text: New Cassandras. Ashgate Publishing, Ltd.. ISBN 978-1-4094-0001-1. https://books.google.com/books?id=VI-NyFuPiEkC&pg=PA75। আহৰণ কৰা হৈছে: 18 February 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰুদালি (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।