সমললৈ যাওক

ৰুদ্ৰ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুদ্ৰ

ভিচিডি কভাৰ
পৰিচালক কে. এছ. আৰ. দাস
ৰচনা কে. এছ. আৰ. দাস
প্ৰযোজক কে. সুকুমাৰ
অভিনয়ত বিষ্ণুবৰ্ধন
খুছবু
কে. এছ. অশ্বথ
বজ্ৰমুনি
চিত্ৰগ্ৰহণকাৰী লক্ষ্মণ
সম্পাদনা ডি. ভেংকটৰত্নম
সংগীত পৰিচালক গংগাই অমৰেন
প্ৰযোজনা
কোম্পানী
সুকুমাৰ আৰ্ট কম্বাইনছ
মুক্তি
২৮ এপ্ৰিল ১৯৮৯ (1989-04-28)
দৈৰ্ঘ্য
১৩৮ মিনিট
দেশ ভাৰত
ভাষা কন্নড়

ৰুদ্ৰ (ইংৰাজী: Rudra) হʼল ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় কন্নড় ভাষাৰ এখন একচনধৰ্মী চলচ্চিত্ৰ।[1] ছবিখন পৰিচালক কে. এছ. আৰ. দাসে ৰচনা তথা পৰিচালনা কৰিছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা বিষ্ণুবৰ্ধন[2] আৰু অভিনেত্ৰী খুছবু সুন্দৰে আৰু পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল বজ্ৰমুনি, কে. এছ. অশ্বথ এবং লোহিতাস্বই। ছবিখনৰ সংগীতৰ ৰচনা কৰিছিল গংগাই অমৰেনে আৰু চিনেমেট’গ্ৰাফী কৰিছিল লক্ষ্মণে।[3] ছবিখনক তামিল ভাষাত খুছবু খুছবুথান নামেৰে ডাব কৰা হৈছিল। পৰিচালক দাসে ইন্সপেক্টৰ ৰুদ্ৰ নামেৰে তেলুগু ভাষাত ছবিখন পুনৰ নিৰ্মাণ কৰিছিল, যʼত অভিনেতা কৃষ্ণই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ইন্সপেক্টৰ ৰুদ্ৰ কুমাৰৰ চৰিত্ৰত বিষ্ণুবৰ্ধন
  • আশাৰ চৰিত্ৰত খুছবু সুন্দৰ
  • ধৰ্মৰাজৰ চৰিত্ৰত চাৰুহাচান
  • ৰাণীৰ চৰিত্ৰত অৰুণা
  • ভুজং ৰাওৰ চৰিত্ৰত বজ্ৰমুনি
  • ইন্সপেক্টৰ সদাশিৱৰ চৰিত্ৰত কে. এছ. অশ্বথ
  • জনকম্মাৰ চৰিত্ৰত পাণ্ডাৰী বাই
  • মাইকেলৰ চৰিত্ৰত বিজয়কাশী
  • বালাকৃষ্ণ
  • ডিএচপি সোমশেখৰৰ চৰিত্ৰত সুন্দৰ কৃষ্ণ উৰ্ছ
  • মহীশূৰ লোকেশ
  • লোহিতাস্ব
  • সুধাৰ চৰিত্ৰত অভিনয়া

সংগীত শিল্পী গঙ্গাই অমৰেনে চলচ্চিত্ৰখনৰ সংগীত ৰচনা কৰিছিল। ছবিখনত তেওঁক অমৰ হিচাপে কৃতিত্ব দিয়া হৈছিল।[4] সংগীতা মিউজিক লেবেলত ছবিখনৰ অডিঅʼ মুক্তি পাইছিল।

গীতৰ শীৰ্ষ
নং শিৰোনামকণ্ঠশিল্পী(সকল) দৈৰ্ঘ্য
1. "সঙ্গতি বান্দাগা"  এছ. পি. বালসুব্ৰমনিয়ম, কে. এচ. চিত্ৰা ০৪:৩৭
2. "বুদ্ধি হেলাথে লোকা"  এছ. পি. বালসুব্ৰমনিয়ম ০৪:১৫
3. "নান্না থাংগী"  এছ. পি. বালসুব্ৰমনিয়ম, মঞ্জুলা গুৰুৰাজ ০৪:৩৮
4. "চিক্কা চিক্কা"  এছ. পি. বালসুব্ৰমনিয়ম, কে. এচ. চিত্ৰা ০৪:১১

তথ্য উৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]