সমললৈ যাওক

ৰুদ্ৰ (২০২৫ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুদ্ৰ

চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক ৰূপক গগৈ
ৰচনা ৰূপক গগৈ
প্ৰযোজক ৰাজেশ কুমাৰ মʼৰ
অʼ. পি. গাৰোডিয়া
অৰবিন্দ গাৰোডিয়া
গৌতম বেৰিয়া
অনুপ বেৰিয়া
মনোজ কুমাৰ কেড়িয়া
অভিনয়ত ৰবি শৰ্মা
আদিল হুছেইন
জয় কাশ্যপ
অৰ্চিতা প্ৰকাশ
নন্দিনী কাশ্যপ
সংগীত পৰিচালক দিগন্ত ভাৰতী
ইবচন লাল বৰুৱা
প্ৰযোজনা
কোম্পানী
শ্যাম প্ৰডাকচনজ
মুক্তি
২৭ জুন ২০২৫ (2025-06-27)
দেশ ভাৰত
ভাষা অসমীয়া
সৰ্বমুঠ আয় est. ₹10.56 crore[1]

ৰুদ্ৰ (ইংৰাজী: Rudra) হʼল ২০২৫ চনত মুক্তিপ্ৰাপ্ত, ৰূপক গগৈৰ দ্বাৰা পৰিচালিত তথা ৰচিত, অসমীয়া ভাষাৰ এখন একশ্যন থ্ৰিলাৰধৰ্মী চলচ্চিত্ৰ।[2] শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ আৰু অৰ্চিতা প্ৰকাশে।[3] ছবিখনৰ সংগীত ৰচনা কৰিছে দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই। ছবিখন অসমৰ আইন-শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ কাহিনীৰ আলমত নিৰ্মাণ কৰা হৈছে।[4]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ৰুদ্ৰৰ চৰিত্ৰত ৰবি শৰ্মা
  • যশৱৰ্ধনৰ চৰিত্ৰত আদিল হুছেইন
  • সংকল্পৰ চৰিত্ৰত জয় কাশ্যপ
  • সুৰভীৰ চৰিত্ৰত নন্দিনী কাশ্যপ
  • চʼনিয়াৰ চৰিত্ৰত অৰ্চিতা প্ৰকাশ
  • ৰঞ্জিতৰ চৰিত্ৰত মিনৰো শ্ৰ
  • তপন খুৰাৰ চৰিত্ৰত ঈশান হাজৰিকা
  • দেৱদাস মামাৰ চৰিত্ৰত ৰাজীৱ ক্ৰʼ
  • ৰঞ্জনৰ চৰিত্ৰত নিলোৎপল বৰুৱা
  • ইন্দ্ৰৰ চৰিত্ৰত হিমাংশু গগৈ
  • হিমাংশু প্ৰসাদ দাস
  • আধ্যাশ্ৰী উপাধ্যায়

প্ৰযোজনা

[সম্পাদনা কৰক]

অসমৰ বিভিন্ন স্থানৰ লগতে হাইদৰাবাদতো ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।

চিত্ৰগ্ৰহণৰ সময়ত এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰাৰ সময়ত অভিনেতা ৰবি শৰ্মাই মুখত আঘাত পাইছিল।[5] ততাতৈয়াকৈ তেওঁক দিছপুৰস্থিত জি.এন.আৰ.চি. চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পাছত নিৰ্মাতাসকলে পুনৰ ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে।[5]

ৰুদ্ৰৰ চাউণ্ডট্ৰেকটি ৰচনা কৰিছে সংগীত শিল্পী দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই।[6]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "আগলি অনুভবে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, ভাস্বতী ভাৰতী ০৩:০৪
2. "ৰুদ্ৰ (থীম চং)"  ইবচন লাল বৰুৱানীল আকাশ, লিজা দৃষ্টি ৩:৪৩

প্ৰথমে ২০২৫ চনৰ ১ মেʼ তাৰিখে ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও ২০২৫ চনৰ ২৭ জুন তাৰিখেহে ছবিখন মুক্তি পায়।[7]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; "BO" নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. "Rudra Movie". Times of India. https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/rudra/movieshow/121292760.cms আহৰণ কৰা হৈছে: 27 June 2025.
  3. "'Rudra' movie review: Ravi Sarma’s career-best performance with no body doubles, and real stunts". India Today NE. https://www.indiatodayne.in/entertainment/story/rudra-movie-review-ravi-sarmas-career-best-performance-with-no-body-doubles-and-real-stunts-1234456-2025-06-25 আহৰণ কৰা হৈছে: 27 June 2025.
  4. "অসমৰ বাহিৰে-ভিতৰে ৰূপালী পৰ্দাত “ৰুদ্ৰ”ৰ গৰ্জন". ETV Bharat. https://www.etvbharat.com/as/!entertainment/roopak-gogoi-directorial-new-assamese-movie-rudra-starring-ravi-sarma-adil-hussain-releases-today-assam-news-ass25062703338 আহৰণ কৰা হৈছে: 27 June 2025.
  5. 1 2 "Ravi Sarma severely injured during the shoot of upcoming Assamese film Rudra". ETV Bharat. https://www.etvbharat.com/as/%21entertainment/ravi-sarma-severely-injured-during-the-shoot-of-upcoming-assamese-film-rudra-ass24072904821 আহৰণ কৰা হৈছে: 27 June 2025.
  6. "Rudra (Original Motion Picture Soundtrack)". JioSaavn. https://www.jiosaavn.com/album/rudra-original-motion-picture-soundtrack/IXdNZT0g8Uc_ আহৰণ কৰা হৈছে: 27 June 2025.
  7. "ইয়াকেই কয় যোগাত্মক প্ৰতিযোগিতা! ৬ জুনত 'ৰুদ্ৰ' নাহে আপোনাৰ কাষলৈ". ETV Bharat. https://www.etvbharat.com/as/!entertainment/roopak-gogoi-directorial-new-assamese-movie-rudra-starring-ravi-sarma-adil-hussain-release-date-postpone-team-hold-a-press-conference-assam-news-ass25060303776 আহৰণ কৰা হৈছে: 27 June 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]