সমললৈ যাওক

ৰুবিনা কুৰেছি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুবিনা কুৰেছি
স্থানীয় নাম روبينه قريشي
জন্ম আয়েশা ছৈখ
১৯ অক্টোবৰ, ১৯৪০
হাইদৰাবাদ, সিন্ধ, বিট্ৰিছ ভাৰত
মৃত্যু ১৩ জুলাই, ২০২২ (৮১ বছৰ)
কৰাচী, পাকিস্তান
ৰাষ্ট্ৰীয়তা পাকিস্তানী
অন্য নাম দ্য নাইটিংগেল অৱ সিন্ধ[1]
শিক্ষানুষ্ঠান ইউনিভাৰ্ছিটি অৱ সিন্ধ
পেচা লোক-গায়িকা
সক্ৰিয় হৈ থকা সময় ১৯৬০ দশক–১৯৯০ দশক
দাম্পত্যসঙ্গী মুস্তাফা কুৰেছি
সন্তান
আত্মীয়-স্বজন আব্দুল গফৰ ছৈখ (ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি তামঘা-ই-ইমতিয়াজ (২০২১)


ৰুবিনা কুৰেছি (সিন্ধী: روبينہ قريشي; ১৯ অক্টোবৰ ১৯৪০ – ১৩ জুলাই ২০২২)[2] এগৰাকী পাকিস্তানী সিন্ধী ভাষাৰ লোক-গায়িকা। তেওঁৰ বেছিভাগ গীত সিন্ধী, উৰ্দু, পঞ্জাবী আৰু ছৰাইকী ভাষাত পৰিবেশন কৰাৰ বাবে তেওঁ জনপ্ৰিয়ভাৱে নাইটিংগেল অৱ সিন্ধ নামেৰে পৰিচিত আছিল।[3][1][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪০ চনৰ ১৯ ​​অক্টোবৰত ব্ৰিটিছ ভাৰতৰ (বৰ্তমান পাকিস্তান)ৰ সিন্ধৰ হায়দৰাবাদত ৰুবিনাৰ জন্ম হৈছিল।[5] তেওঁৰ সৰুকালৰ নাম আছিল আইশা ছেইখ আৰু পিতৃৰ নাম ইল্লাহী বক্স ছেইখ।[6] তেওঁ কোনো সাধাৰণ গায়ক পৰিয়ালৰ নাছিল যদিও তেওঁৰ ভাতৃ আব্দুল গফৰ ছেইখো এজন স্থানীয় গায়ক আছিল।[5] প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে বিদ্যালয়ৰ অনুষ্ঠান আৰু অন্য স্থানীয় অনুষ্ঠানত তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। শিক্ষাবিদ আৰু সংগীতজ্ঞ দাদি লীলা ৱাটিয়ে তেওঁক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছিল।[7]

১৯৫৫ চনৰ ১৭ আগষ্টত ৰেডিঅ' পাকিস্তান হায়দৰাবাদ প্ৰতিষ্ঠা কৰা হয়।[8] এই নৱপ্ৰতিষ্ঠিত ৰেডিঅ’ ষ্টেচনৰ প্ৰশাসনে হায়দৰাবাদৰ সকলো বিদ্যালয়ৰ প্ৰধানলৈ ৰেডিঅ’ত প্ৰতিভাৱান ল’ৰা-ছোৱালীক চিনাকি কৰাই দিয়াৰ বাবে পত্ৰ লিখিছিল। ৰুবীনাই নৱম শ্ৰেণীত পঢ়ি আছিল, তেতিয়া ৰেডিঅ’ পাকিস্তান হায়দৰাবাদত শিশু গায়িকা হিচাপে অডিচন দিছিল। সম্প্ৰচাৰক এম বি আনছাৰী আৰু সংগীতজ্ঞ আৰু গায়ক মাষ্টাৰ মহম্মদ ইব্ৰাহিমে তেওঁৰ অডিচন লয়। প্ৰথম প্ৰচেষ্টাতে তাই অডিচনত উত্তীৰ্ণ হয়। ৰেডিঅ'ৰ বাবে ৰেকৰ্ডিং কৰা তেওঁৰ প্ৰথম সিন্ধী গীত পৰিবেশন কৰে।[9] গায়ক জীৱনৰ লগতে সিন্ধ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি মুছলিম ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৬৭–৬৮ চনত হিমত-উল-ইছলাম গাৰ্লছ হাইস্কুল হায়দৰাবাদত হাইস্কুলৰ শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[10]

২০২২ চনৰ ১৩ জুলাইত কৰাচীত ৰুবিনা কুৰেছিৰ মৃত্যু হয়। আব্দুল্লা শ্বাহ গাজী চৌহদত তেওঁক শেষকৃত্য সম্পন্ন কৰা হয়।[1] মৃত্যুৰ সময়ত তেওঁ স্বামী মুস্তাফা কুৰেছি, এজন পুত্ৰ, চলচ্চিত্ৰ অভিনেতা আমিৰ কুৰেছি আৰু এগৰাকী কন্যা আৰবেলাক এৰি যায়।[11]

  • ২০২১: তামঘা-ই-ইমতিয়াজ, পাকিস্তান চৰকাৰৰ দ্বাৰা৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Renowned singer Rubina Qureshi passes away" (en ভাষাত). Radio Pakistan. https://www.radio.gov.pk/13-07-2022/renowned-singer-rubina-qureshi-passes-away। আহৰণ কৰা হৈছে: 13 July 2022. 
  2. Legendary Sindhi singer Rubina Qureshi passes away
  3. "'Nightingale of Sindh' singer Rubina Qureshi passes away in Karachi". Images Dawn. 15 July 2022. https://images.dawn.com/news/1190472/nightingale-of-sindh-singer-rubina-qureshi-passes-away-in-karachi. 
  4. "Legendary Sindhi Singer Rubina Qureshi Passes Away". The Nation. 14 July 2022. https://nation.com.pk/2022/07/14/legendary-sindhi-singer-rubina-qureshi-passes-away/. 
  5. 5.0 5.1 "روبينا قريشي : (Sindhianaسنڌيانا)" (sd ভাষাত). www.encyclopediasindhiana.org. http://www.encyclopediasindhiana.org/article.php?Dflt=روبينا%20قريشي। আহৰণ কৰা হৈছে: 8 April 2020. 
  6. بلبل مھراڻ روبينہ قريشي ڪينسر وگھي وڇڙي وئي. نامياري گلوڪارہ جا مداح سوڳوار, Daily Kawish, Hyderabad. Dated 14 July 2022.
  7. "دادي سورڳ ۾ هيرآباد ٻيهر گڏجي اڏينداسين (محسن جويو) | پيچرو نيوز سنڌي" (sd ভাষাত). www.pechro.com. Archived from the original on 16 February 2022. https://web.archive.org/web/20220216231324/http://www.pechro.com/blog_details.php?blog_id=189। আহৰণ কৰা হৈছে: 8 April 2020. 
  8. "ريڊيو پاڪستان : (Sindhianaسنڌيانا)" (sd ভাষাত). www.encyclopediasindhiana.org. http://www.encyclopediasindhiana.org/article.php?Dflt=ريڊيو%20پاڪستان। আহৰণ কৰা হৈছে: 8 April 2020. 
  9. Bhutto, Noor Muhammad (2014) (Sindhi ভাষাত). آواز جو سفر. প্ৰকাশক Hyderabad, Sindh, Pakistan: Sach Publication. পৃষ্ঠা. 30. 
  10. Bhutto, Noor Muhammad Bhutto (2014) (Sindhi ভাষাত). آواز جو سفر (1st সম্পাদনা). প্ৰকাশক Hyderabad, Sindh, Pakistan: Siju Publication. পৃষ্ঠা. 30. 
  11. بلبل مھراڻ روبينا قريشيءَ جي ساھ جو سڳو ٽٽي پيو. سرن جي دنيا سوڳوار, Daily Ibrat Hyderabad. Dated 14 July 2022. p. 01