ৰুবিনা ফিৰোজ ভাট্টী
| ৰুবিনা ফিৰোজ ভাট্টী | |
|---|---|
বিবাহ আইনৰ সন্দৰ্ভত এখন চেমিনাৰত ভাষণৰত অৱস্থানত ড০ ৰুবিনা | |
| জন্ম | ১৯৬৯ (বয়স ৫৬–৫৭) ছৰগোধা, পাকিস্তান |
| ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
| শিক্ষা | ডক্তৰেট, চান ডিয়েগো বিশ্ববিদ্যালয়, (আমেৰিকা যুক্তৰাষ্ট্ৰ) স্নাতকোত্তৰ, Maynooth বিশ্ববিদ্যালয়,আয়াৰলেণ্ড মাষ্টাৰ, Bahauddin Zakariya বিশ্ববিদ্যালয় (পাকিস্তান) |
| পেচা | মানৱ অধিকাৰ কৰ্মী শান্তি কৰ্মী নেতৃত্ব উপদেষ্টা |
| সংস্থা | শিশু অধিকাৰৰ ৰাষ্ট্ৰীয় আয়োগ |
| ৱেবছাইট | |
| https://ncrc.gov.pk/ | |
ৰুবিনা ফিৰোজ ভাট্টী (ইংৰাজী: Rubina Feroze Bhatti) এগৰাকী পাকিস্তানী মানৱ অধিকাৰ কৰ্মী,শান্তি কৰ্মী আৰু নেতৃত্বৰ পৰামৰ্শদাতা। দেশৰ ৰাষ্ট্ৰীয় শিশু অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য হিচাপে তেওঁ পঞ্জাব প্ৰদেশক প্ৰতিনিধিত্ব কৰিছিল।[1] বৰ্তমান তেওঁ পাকিস্তান গ্ল'বেল ইনষ্টিটিউটত সহকাৰী অধ্যাপিকা[2] আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি ফেলো হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]চাৰিটা সন্তানৰ ভিতৰত অন্যতম ৰুবিনা ভাট্টীয়ে সৰগোধাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল, য’ত তেওঁ মেট্ৰিক আৰু ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰিছিল। ১৯৯০ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৯৩ চনত বাহাউদ্দিন জাকাৰিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4] পিছলৈ ২০০৮ চনত আয়াৰলেণ্ডৰ মেনুথ বিশ্ববিদ্যালয়ত উন্নয়ন অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পৰা বছৰৰ শিক্ষাৰ্থী বঁটাৰে সন্মানিত হয়। অৱশেষত ২০১৫ চনত আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ডিয়েগো বিশ্ববিদ্যালয়ত নেতৃত্ব অধ্যয়নত পি এইচ ডি ডিগ্ৰী লাভ কৰে।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০০৪ চনৰ ডিচেম্বৰ মাহলৈকে ভাট্টীয়ে ৰসায়ন বিজ্ঞানৰ প্ৰবক্তা হিচাপে চাকৰি আৰম্ভ কৰে আৰু সামাজিক উন্নয়ন খণ্ডত প্ৰৱেশ কৰে৷ তেওঁ আনুষ্ঠানিকভাৱে টাংঘ ৱাছাইব সংস্থাত যোগদান কৰে যিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি, লিংগ সমতা আৰু মানৱ অধিকাৰৰ দিশত কাম কৰে।[6] তেওঁ ভাতৃত্ববোধ আৰু সম্প্ৰীতি,[7]নিস্তব্ধতা আৰু উদযাপন, কবিতা আৰু সংগীত,[8] ন্যায়,[9]আৰু সংখ্যালঘুৰ অধিকাৰৰ লগতে পিপলছ কমিছনৰ লগত জড়িত হয়।[10]
তেওঁ এন চি আৰ চি আইন, ২০১৭[1] অধীনত পাকিস্তান চৰকাৰে ২০২০ চনৰ এপ্ৰিল মাহত স্থাপন কৰা বিধিগত সংস্থা নেশ্যনেল কমিছন ফৰ ৰাইটছ অৱ চাইল্ডত[11] সদস্য পঞ্জাৱ হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ নিৰ্বাচিত হৈছিল আৰু শিশুসকলৰ উত্তম স্বাৰ্থত বৰ্তমান আৰু প্ৰস্তাৱিত আইন, নীতি, প্ৰথা আৰু প্ৰস্তাৱসমূহ পৰীক্ষা আৰু পৰ্যালোচনা কৰাৰ দায়িত্ব দিয়া হৈছে, আৰু শিশুৰ উলংঘাৰ সৈতে জড়িত গোচৰত তদন্ত চলোৱাৰ দায়িত্ব দিয়া হৈছে। [12]এনচিআৰচিৰ সদস্য হিচাপে তেওঁ শিশুৰ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ সৈতে জড়িত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যন্ত্ৰসমূহৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে শিশু অধিকাৰসমূহক আইনীভাৱে সুৰক্ষিত আৰু ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰিবলৈ[13] নীতিগত আলোচনা[14] আৰু পৰিস্থিতি নিৰীক্ষণ[15]ত জড়িত।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Shah, Waseem Ahmad (2020-03-02). "View from the courtroom: Hopes attached to newly-notified child rights commission" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1537788। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "Faculty Staff – PGI" (en-US ভাষাত). 17 March 2022. Archived from the original on 2024-02-15. https://web.archive.org/web/20240215063603/https://pgiedu.org/faculty-staff/। আহৰণ কৰা হৈছে: 2024-02-15.
- ↑ "Rubina Feroze Bhatti | Center for South Asia" (en ভাষাত). southasia.stanford.edu. https://southasia.stanford.edu/people/rubina-feroze-bhatti। আহৰণ কৰা হৈছে: 2024-02-15.
- ↑ "Rubina Feroze Bhatti". www.24peaces.org. https://www.24peaces.org/index.php/104-peacemakers-category/17273-rabina। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "SOLES Recent News - Department of Leadership Studies Ph.D. Candidate Rubina Feroze Bhatti Receives N-Peace Award - University of San Diego". www.sandiego.edu. https://www.sandiego.edu/news/soles/detail.php?_focus=53202। আহৰণ কৰা হৈছে: 2020-12-04.
- ↑ "Day 9: Spotlighting Rubina Feroze Bhatti, Pakistan" (en-US ভাষাত). Nobel Women's Initiative. 2012-12-03. https://nobelwomensinitiative.org/day-9-spotlighting-rubina-feroze-bhatti-pakistan/। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "Welcome To Taangh Wasaib Organization". www.taangh.org.pk. Archived from the original on 2021-09-08. https://web.archive.org/web/20210908035705/http://www.taangh.org.pk/index.php। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "Teachings of Sufism to promote interfaith harmony" (en ভাষাত). Peace Insight. https://www.peaceinsight.org/en/articles/taangh-wasaib-organization-rubina-profile/। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "Taangh Wasaib Organization (TWO)" (en ভাষাত). Peace Insight. https://www.peaceinsight.org/en/organisations/two/। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "Stories That Inspire: Asian Peace Activists Share their Hopes, Reflections, and Insights on Peacebuilding" (en-US ভাষাত). Building Peace. http://buildingpeaceforum.com/2015/11/stories-that-inspire-asian-peace-activists-share-their-hopes-reflections-and-insights-on-peacebuilding/। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "National Commission on the Rights of Child Act, 2017". National Assembly. http://na.gov.pk/uploads/documents/1510753806_983.pdf.
- ↑ "NCRC concerned over rising incidents of child rights' violations" (en-US ভাষাত). Daily Mail Pakistan. 2020-06-28. Archived from the original on 2021-09-08. https://web.archive.org/web/20210908035713/https://dailymailnews.pk/2020/06/29/ncrc-concerned-over-rising-incidents-of-child-rights-violations/। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ "Children's rights to be protected: Augustine" (en ভাষাত). The Nation. 2020-09-13. https://nation.com.pk/13-Sep-2020/children-s-rights-to-be-protected-augustine। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ News Desk (2020-09-12). "Pakistan under obligation to develop child protection system, says Rubina" (en-US ভাষাত). Pakistan Observer. https://pakobserver.net/pakistan-under-obligation-to-develop-child-protection-system-says-rubina/। আহৰণ কৰা হৈছে: 2020-12-05.
- ↑ Uploader (2020-06-28). "NCRC expresses concern over many rising incidents of child rights violations" (en-US ভাষাত). Associated Press Of Pakistan. https://www.app.com.pk/national/ncrc-expresses-concern-over-many-rising-incidents-of-child-rights-violations/। আহৰণ কৰা হৈছে: 2020-12-05.