ৰুবী লিণ্ডছে
| ৰুবী লিণ্ডছে | |
|---|---|
| জন্ম | ২০ মাৰ্চ, ১৮৮৫ ক্ৰেছবিক, ভিক্টোৰিয়া, অষ্ট্ৰেলিয়া |
| মৃত্যু | ১২ মাৰ্চ, ১৯১৯ (৩৩ বছৰ) লণ্ডন, যুক্তৰাজ্য |
| জীৱন-সংগী | ৱিল ডাইছন |
| পেচা | অংকন, চিত্ৰাঙ্কন |
| বঁটা | অষ্ট্ৰেলিয়ান মহিলা কৰ্ম প্ৰদৰ্শনীত শ্ৰেষ্ঠ পোষ্টাৰৰ বাবে প্ৰথম পুৰস্কাৰ |
ৰুবী লিণ্ডছে (২০ মাৰ্চ ১৮৮৫ – ১২ মাৰ্চ ১৯১৯)[1] এগৰাকী অষ্ট্ৰেলিয়ান চিত্ৰকৰ আৰু অংকন শিল্পী আছিল। তেওঁ নৰ্মান লিণ্ডছে আৰু পাৰ্চী লিণ্ডছেৰ ভগ্নী আছিল।
জীৱনী
[সম্পাদনা কৰক]ৰুবী লিণ্ডছে ভিক্টোৰিয়াৰ ক্ৰেছবিকত জন্মগ্ৰহণ কৰিছিল।[1] তেওঁ ৰবাৰ্ট আৰু জেন লিণ্ডছেৰ সপ্তম সন্তান আৰু দ্বিতীয় কন্যা আছিল। ১৬ বছৰ বয়সৰপৰা তেওঁ ভাতৃ পাৰ্সিৰ সৈতে মেলবাৰ্নত বসবাস কৰি নেচনেল গেলাৰী অৱ ভিক্টোৰিয়া বিদ্যালয়ত অধ্যয়ন কৰিছিল।
তেওঁ মাজে মাজে দ্য বুলেটিনৰ বাবে অংকন কৰিছিল আৰু ৱিলিয়াম মূৰৰ Studio Sketches (১৯০৬) গ্ৰন্থখন অলংকৰণ কৰিছিল। ১৯০৭ চনত তেওঁ অষ্ট্ৰেলিয়ান মহিলা কৰ্ম প্ৰদৰ্শনীৰ বাবে পোষ্টাৰ আৰু প্ৰমাণ-পত্ৰ ডিজাইন কৰিছিল, য’ত তেওঁৰ পোষ্টাৰে পুৰস্কাৰ লাভ কৰিছিল।[2]
অংকন শিল্পী হিচাপে তেওঁ বিভিন্ন নাম ব্যৱহাৰ কৰিছিল। কেতিয়াবা "Ruby Lyne", "Ruby Lyn", "Ruby Lind" আৰু এবাৰ "Ruby Ramsbottom" নামেৰে স্বাক্ষৰ কৰিছিল।[3] শিল্প সমালোচক হালডেন মেকফলে তেওঁক তেওঁৰ History of Painting গ্ৰন্থত “বৰ্তমান জীৱিত পেন-লাইন শিল্পীসকলৰ ভিতৰত আটাইতকৈ বিস্ময়কৰ মহিলা” বুলি বৰ্ণনা কৰিছিল।[4]
৩০ ছেপ্টেম্বৰ ১৯০৯ তাৰিখে তেওঁ ৱিল ডাইছনৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু পাছত স্বামী আৰু ভাতৃ নৰ্মান লিণ্ডছিৰ সৈতে ইংলেণ্ডলৈ যায়।[5] তেওঁৰ ভাতৃ লাইঅনেল লিণ্ডছেয়ে আগতেই ৱিল ডাইছনৰ ভগ্নী জিনক বিয়া কৰিছিল।[6]
ৰুবী আৰু ৱিলৰ এটি কন্যা আছিল—বেটি (১৯১১–১৯৫৬)। ১৯১২ চনত তেওঁ চ’ফি আইৰিন লোৱেবৰ Epigrams of Eve গ্ৰন্থখনৰ বাবে চিত্ৰ অলংকৰণ কৰে। প্ৰথম বিশ্বযুদ্ধৰ পিছত তেওঁ আয়াৰলেণ্ডত আত্মীয়ক সাক্ষাৎ কৰে আৰু স্পেনিছ ফ্লু মহামাৰীৰ সময়ত তেওঁৰ মৃত্যু ঘটে। লণ্ডনৰ হেণ্ডন সমাধিক্ষেত্ৰত তেওঁ স্বামীৰ সৈতে একে কবৰত সমাধিস্থ। সমাধিফলকত তেওঁৰ নাম “Ruby Lind” হিচাপে উৎকীৰ্ণ আছে।
চিত্ৰসম্ভাৰ
[সম্পাদনা কৰক]-
চ’চাইটি অৱ আৰ্টিষ্টছ প্ৰদৰ্শনীৰ পোষ্টাৰ, ১৯০৭
-
পাখাৰ নক্সা
-
Princes Risborough
-
মাতৃ আৰু শিশু — অংকন
গ্ৰন্থ
[সম্পাদনা কৰক]- The Drawings of Ruby Lind (Mrs Will Dyson)
- Naughty Sophia — Winifred Letts; অলংকৰণ: Ruby Lind
- Epigrams of Eve — Sophie Irene Loeb; অলংকৰণ: Ruby Lind
- What Eve Said — Sophie Irene Loeb; অলংকৰণ: Ruby Lind
- Fables of Everyday Folk — Sophie Irene Loeb; অলংকৰণ: Ruby Lind
- The Cynic's Autograph Book No. 2 — Celt; অলংকৰণ: Ruby Lind
- Hello, Soldier! : Khaki Verse — Edward Dyson; চিত্ৰ: Will Dyson, Ruby Lind আৰু George Dancey
- At the "Labour in Vain" — Harold Hansell; অলংকৰণ: Ruby Lindsay
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Smith, Bernard. "Ruby Lindsay (1885–1919)". Lindsay, Ruby (1885–1919). National Centre of Biography, Australian National University. https://adb.anu.edu.au/biography/lindsay-ruby-7758। আহৰণ কৰা হৈছে: 28 September 2017.
- ↑ Castlemaine Art Gallery and Historical Museum; Hannon, Geoff; McKay, Kirsten (2007). Portrait of an exhibition : centenary celebration of the First Australian Exhibition of Women's Work 1907. The Museum. ISBN 978-0-9757388-5-6.
- ↑ Connory, Jane (16 January 2019). "Hidden women of history: Ruby Lindsay, one of Australia's first female graphic designers" (en ভাষাত). The Conversation. http://theconversation.com/hidden-women-of-history-ruby-lindsay-one-of-australias-first-female-graphic-designers-109184। আহৰণ কৰা হৈছে: 19 January 2019.
- ↑ Fitz Henry, W. E. (1955-12-14). "A Galaxy of Characters: Stories of the "Bulletin"". The Bulletin (John Haynes and J.F. Archibald). http://nla.gov.au/nla.obj-675656446। আহৰণ কৰা হৈছে: 27 April 2023.
- ↑ "Artistic Families". The Herald: পৃষ্ঠা 1. 1 October 1909. http://nla.gov.au/nla.news-article241955531.
- ↑ "Artistic Families". Herald. 1 October 1909. http://nla.gov.au/nla.news-article241955531.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰুবী লিণ্ডছে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Bernard Smith, Lindsay, Ruby (1885–1919), Australian Dictionary of Biography