ৰুবী সিংহ
ৰুবী সিংহ | |
|---|---|
| পৃষ্ঠভূমি | |
| জন্ম | তেজপুৰ, শোণিতপুৰ, অসম |
| পেচা | কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ। |
| জীৱন-সঙ্গী | অজিত সিংহ |
| ৱেবছাইট | https://sites.google.com/view/rubysingha |
ৰুবী সিংহ (ইংৰাজী: Ruby Singha) এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ। মূলতঃ অসমীয়া আধুনিক গীত বা সুগম সংগীত ধাৰাটোৰ এগৰাকী পৰিচিত আৰু প্ৰতিষ্ঠিত সংগীত শিল্পী ৰুবী সিংহ। আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ ৰুবী সিংহই নিজে ৰচনা কৰা গীতৰ সংখ্যা প্ৰায় এশ।[1] ইয়াৰ উপৰি হীৰেন ভট্টাচাৰ্য, গীতা হাতিকাকতি, ইদ্ৰিছ আলি আদি গীতিকাৰৰ বহু গীতত সুৰ সংযোজন আৰু কণ্ঠদান কৰিছে। দূৰণিৰ ৰং , বংশধৰ আদি বহুকেইখন অসমীয়া বোলছবিৰ বাবে ৰুবী সিংহই গীত ৰচনা কৰাৰ লগতে কণ্ঠদান কৰিছে। অ' মিঠা ব'হাগ, বন্ধু, নিলগতে, বিহু বিহু লাগিছে গাত, ভকতিৰে বন্তি জ্বলাই আদি ৰুবী সিংহৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গীত। দূৰণীৰ ৰঙ বোলছবিৰ ৰুবী সিংহৰ কথা, অজিত সিংহৰ সংগীত আৰু পুলক বেনাৰ্জীৰ কণ্ঠৰ মন আজি যেন, মই আজি সংগীবিহীন ৰুবী সিংহৰ কেইটামান অতি জনপ্ৰিয় গীত।[2] বিগত কেইবা দশক ধৰি অসমৰ সংগীত জগতত সক্ৰিয় হৈ থকা ৰুবী সিংহই প্ৰাগ চিনে এৱাৰ্ড আদি কৰি বিভিন্ন বঁটা-সন্মান আৰু স্বীকৃতি লাভ কৰিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাসে ৰুবী সিংহক সুৰ নন্দিনী অভিধাৰে সন্মানিত কৰিছে।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কণ্ঠশিল্পী ৰুবী সিংহৰ জন্ম হয় তেজপুৰ চহৰৰ এটি সাংস্কৃতিক পৰিয়ালত। পিতৃ প্ৰয়াত প্ৰবোধ চন্দ্ৰ বৰুৱা এগৰাকী প্ৰতিভাৱান মঞ্চ অভিনেতা আছিল। তেখেতে বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে মঞ্চ নাটকত অভিনয় কৰিছিল। ৰুবী সিংহৰ মাতৃ প্ৰয়াত প্ৰফুল্লবালা বৰুৱা আছিল এগৰাকী ভাল কণ্ঠশিল্পী। প্ৰয়াত প্ৰফুল্লবালা বৰুৱা আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত দলৰ মুখ্য মহিলা কণ্ঠশিল্পী। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা গঠিত মহিলা অৰ্কেষ্ট্ৰা দলত ৰুবী সিংহৰ মাতৃ প্ৰফুল্লবালা বৰুৱাই ভায়োলিন বজাইছিল। এনেদৰেই ৰুবী সিংহই সৰুকালত নিজৰ ঘৰখনতেই সংগীতৰ এক অনুকূল পৰিৱেশ পাইছিল আৰু মাতৃৰপৰা সংগীতৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল।[3]
সংগীত জীৱন
[সম্পাদনা কৰক]সংগীত পৰিচালক অজিত সিংহৰ সৈতে বিবাহ ৰুবী সিংহৰ সংগীত জীৱনৰ এটি গুৰুত্বপূৰ্ণ অধ্যায়। বিয়াৰ পাছত দুয়ো গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে সুৰকাৰ বিষ্ণুৰাভা নামেৰে এখনি গীতি আলেখ্য কৰে। এই গীতি আলেখ্যখনিৰ বিশেষত্ব আছিল ইয়াৰ আগলৈকে বিষ্ণুপ্ৰসাদ ৰাভাৰ চাৰিটামান গীতৰহে প্ৰচলন আছিল। সেই গীতকেইটা আছিল বিশ্বৰে ছন্দে ছন্দে, সুৰৰে দেউলৰে, লগন উকলি গল, পৰজনমৰ শুভ লগনত আদি। গীতি আলেখ্যখনিত বিষ্ণপ্ৰসাদ ৰাভাৰ আগেয়ে বাণীবদ্ধ নোহোৱা গুৰু মোৰ শংকৰ, অলিয়া বলিয়া, ৰ'দালি এ ৰ'দ দে, ব'ল ব'ল কৃষক মুক্তিৰ দল, হে বিপ্লৱী বীৰ আদি গীতকেইটা অন্তৰ্ভুক্ত কৰা হয়। ৰুবী সিংহই স্বামী তথা সংগীত পৰিচালক অজিত সিংহৰ সংগীত পৰিচালনাত বহুকেইখন অসমীয়া বোলছবিত গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে জড়িত আছিল। ভূপেন হাজৰিকা আৰু ৰুবী সিংহৰ দ্বৈত কণ্ঠত বাণীবদ্ধ হোৱা বিহু বিহু লাগিছে গাত বহুলভাৱে সমাদৃত এটি গীত। ৰুবী সিংহৰ জীয়ৰী তথা এসময়ৰ শিশু কণ্ঠশিল্পী সংগীতা সিংহ আৰু ভূপেন হাজৰিকাৰ দ্বৈত কণ্ঠত বাণীবদ্ধ হোৱা ৰিমঝিম বৰষুণ পৰিছে সৌৱা গীতটোও যথেষ্ট জনপ্ৰিয়। দুয়োটা গীতৰ বাণীবদ্ধণ হৈছিল HMV ত। তদুপৰি জি এল পি ছচিয়েল চাৰ্কোলৰ উদ্যোগত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কৰ্মশালাত প্ৰশিক্ষকৰূপে জড়িত আছিল সংগীত শিল্পীগৰাকী। অসম চৰকাৰৰ জ্যোতি ভাৰতী (পকী)ৰ সংগীত বিশেষজ্ঞ সমিতিৰ সদস্যৰূপেও জড়িত ৰুবী সিংহ। ইয়াৰ সমান্তৰালভাৱে ৰুবী সিংহই নিজৰ বহুকেইটা সংগীত এলবামৰ কামো কৰি উলিয়াইছে।[4] আকাশবাণী তেজপুৰ কেন্দ্ৰৰ নানা ৰহনীয়া সংস্কৃতিৰ শীৰ্ষক বিশেষ গীতটোৰ ৰচনা আৰু সুৰ ৰুবী সিংহৰ।[5]
বিভিন্ন বঁটা- সন্মান, স্বীকৃতি
[সম্পাদনা কৰক]- আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, ১৯৮৬ চনত।
- অসম চৰকাৰৰ শিল্পী পেন্সন, ২০০৬ চন।
- অসম সাহিত্য সভা শিল্পী সম্বৰ্ধনা, ২০১০ চন।
- সপ্তসুৰ বঁটা, ২০১৪ চন।
- প্ৰাগ চিনে এৱাৰ্ড শিল্পী বঁটা, ২০১৬।
- শিল্পীৰ দাপোণ সাংস্কৃিতক গোষ্ঠী, ২০১৭ চন।
- সুৰৰ দোউল বঁটা, ২৮ জুন, ২০২৫ চন।
- ৰটাৰী ক্লাব, গুৱাহাটী সম্বৰ্ধনা, ২০২৫ চন।
- সুৰ নন্দিনী অভিধা , কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাস, তেজপুৰ। ২০২৫ চন।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ গ্ৰন্থ : তটিনী (গীতৰ পুথি), লেখিকা- ৰুবী সিংহ, প্ৰকাশক- আশাৱৰী প্ৰকাশন, গুৱাহাটী। প্ৰথম প্ৰকাশ- ২০১০
- ↑ গ্ৰন্থ : অসমীয়া চলচ্চিত্ৰৰ গীত (প্ৰথম খণ্ড), সংকলন আৰু সম্পাদনা : পৱিত্ৰ কুমাৰ ডেকা, প্ৰকাশক: জাৰ্ণাল এম্পৰিয়াম, গুৱাহাটী। প্ৰথম প্ৰকাশ- ১০ মাৰ্চ, ২০০৬
- 1 2 সংস্কৃতিৰ দাপোণ (মাহেকিয়া সাংস্কৃতিক কাকত) দ্বিতীয় বছৰ, চতুৰ্থ সংখ্যা, এপ্ৰিল, ২০২৫
- ↑ আধাৰ আলোচনী, আগষ্ট সংখ্যা, ২০১০ চন। পৃষ্ঠা সংখ্যা : ৫২
- ↑ আলোচনী: আইনা জীৱনৰ, দ্বিতীয় বছৰ, ষষ্ঠ সংখ্যা, ২০১৯ চন।