সমললৈ যাওক

ৰুমাৰ উইলিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুমাৰ উইলিছ

২০১৯ চনত ৰুমাৰ উইলিছ
জন্ম ৰুমাৰ গ্লেন উইলিছ
১৬ আগষ্ট, ১৯৮৮ (৩৭ বছৰ)
পাডুকা, কেণ্টাকী, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৫–বৰ্তমান
অংশীদাৰ ডেৰেক থমাছ (২০২০–২০২৪)
পিতৃ-মাতৃ
  • ডেমি মুৰ
  • বিলি বব থৰ্ণটন
সন্তান

ৰুমাৰ গ্লেন উইলিছ (ইংৰাজী: Rumer Glenn Willis; জন্ম: ১৬ আগষ্ট, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী। অভিনেতা ব্ৰুচ উইলিছ আৰু অভিনেত্ৰী ডেমি মূৰৰ জ্যেষ্ঠ কন্যা ৰুমাৰে তেওঁৰ মাতৃৰ বিপৰীতে নাও এণ্ড দেন (১৯৯৫) নামৰ ড্ৰামাখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ ষ্ট্ৰিপটিজ (১৯৯৬), হষ্টেজ (২০০৫), দ্য হাউচ বানি (২০০৮), চৰ’ৰিটি ৰো (২০০৯), আৰু ৱান্স আপন এ টাইম ইন হলিউড (২০১৯) আদি ছবিত অভিনয় কৰে। তেওঁ ছি ডব্লিউৰ টিন ড্ৰামা ধাৰাবাহিক ৯০২১০ত (২০০৯–২০১০) গিয়া মেনেটি আৰু ফক্স মিউজিকেল ড্ৰামা ধাৰাবাহিক এম্পায়াৰত (২০১৭–২০১৮) টৰী এশ্বৰ চৰিত্ৰত অভিনয় কৰিছিল।[1] উইলিছে এ বি চিৰ নৃত্য প্ৰতিযোগিতামূলক টেলিভিছন ধাৰাবাহিক ডান্সিং উইথ দ্য ষ্টাৰ্ছৰ ২০তম ছিজনত জয়লাভ কৰিছিল,[2] আৰু ২০১৫ চনৰ ২১ ছেপ্টেম্বৰত চিকাগো সংগীতমৰ্মীত ৰক্সি হাৰ্ট হিচাপে ব্ৰডৱে থিয়েটাৰত আত্মপ্ৰকাশ কৰিছিল।[3][4]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৮ চনৰ ১৬ আগষ্টত কেণ্টাকীৰ পাডুকাৰ ৱেষ্টাৰ্ণ বেপ্টিষ্ট হাস্পতালত ৰুমাৰ গ্লেন উইলিছৰ জন্ম হৈছিল।[5][6] সেই সময়ত তেওঁৰ পিতৃ ব্ৰুচ উইলিছে ইন কাণ্ট্ৰী ছবিৰ দৃশ্যগ্ৰহণ কৰি আছিল। লেখক ৰুমাৰ গডেনৰ নামেৰে তেওঁৰ নামকৰণ কৰা হৈছিল। তেওঁৰ মাতৃ অভিনেত্ৰী ডেমি মুৰে তেওঁৰ জন্মৰ মুহূৰ্ত ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ এজন কেমেৰামেন নিয়োগ কৰিছিল।[7] তেওঁৰ দুগৰাকী কনিষ্ঠ ভগ্নী আছে— স্কাউট লাৰু উইলিছ (জন্ম ১৯৯১) আৰু লালুলা বেল উইলিছ (জন্ম ১৯৯৪)। ইয়াৰ উপৰি মডেল এমা হেমিঙৰ সৈতে পিতৃৰ বিবাহৰ সূত্ৰে তেওঁৰ দুগৰাকী সতীয়া ভগ্নী আছে, যাৰ জন্ম ২০১২ চনৰ এপ্ৰিল[8] আৰু ২০১৪ চনৰ মে' মাহত হৈছিল।[9]

আইডাহোৰ হেইলীত ডাঙৰ-দীঘল হোৱা উইলিছে মিছিগানৰ ইণ্টাৰলোচেন আৰ্টছ একাডেমীত নাম ভৰ্তি কৰিছিল। ২০০৪ চনৰ জানুৱাৰীত তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ ৱাইল্ডউড চেকেণ্ডাৰী স্কুলত নাম ভৰ্তি কৰে।[7] তেওঁ ইউনিভাৰ্চিটি অফ চাউদাৰ্ণ কেলিফৰ্ণিয়াত এটা চেমিষ্টাৰ পঢ়াৰ পিছত আধাতে পঢ়া এৰিছিল।[10]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২০ চনৰপৰা ২০২৪ চনলৈ উইলিছৰ গায়ক ডেৰেক ৰিচাৰ্ড থমাছৰ সৈতে সম্পৰ্ক আছিল।[11] ২০২৩ চনৰ ১৮ এপ্ৰিলত তেওঁ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ausiello, Michael (2017-09-25). "Empire Promotes Rumer Willis to Full-Fledged Series Regular in Season 4" (en ভাষাত). TVLine. https://tvline.com/2017/09/25/empire-rumer-willis-season-4-tory-ash-returns-series-regular/ আহৰণ কৰা হৈছে: 2019-10-28.
  2. "Rumer Willis on Her Dancing with the Stars Win: 'I Had the Time of My Life'". Time. Archived from the original on April 20, 2021. https://web.archive.org/web/20210420070529/https://time.com/3893284/rumer-willis-dancing-with-the-stars-win/ আহৰণ কৰা হৈছে: October 28, 2019.
  3. Holden, Stephen (April 6, 2016). "Review: Rumer Willis Poignantly Makes the Lyrics Her Own". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2016/04/07/arts/music/review-rumer-willis-poignantly-makes-the-lyrics-her-own.html.
  4. "Photos and Video: CHICAGO's Rumer Willis Performs 'Roxie' on GMA!". BroadwayWorld. https://www.broadwayworld.com/article/Photos-and-Video-CHICAGOs-Rumer-Willis-Performs-Roxie-on-GMA-20151001 আহৰণ কৰা হৈছে: October 28, 2019.
  5. "Rumer Willis". Internet Broadway Database. https://www.ibdb.com/broadway-cast-staff/rumer-willis-501903 আহৰণ কৰা হৈছে: April 22, 2020.
  6. "Bruce Willis, Demi Moore, daughter born". The Paducah Sun (Paducah, Kentucky): পৃষ্ঠা 18. August 18, 1988. https://www.newspapers.com/newspage/426889505/. "Willis and actress Demi Moore named their baby daughter Rumer Glenn, ... girl was delivered Tuesday morning at Western Baptist Hospital."(গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  7. 1 2 "Rumer Willis". AskMen. http://www.askmen.com/celebs/women/actress/rumer-willis/index.html আহৰণ কৰা হৈছে: 17 March 2015.
  8. Leonard, Elizabeth (April 2, 2012). "Bruce Willis and Emma Heming welcome a Daughter". People. https://people.com/parents/bruce-willis-and-emma-heming-willis-welcome-daughter/.
  9. "Bruce Willis' Wife Emma Heming-Willis Gives Birth, Couple Welcomes Second Girl, Baby Evelyn Penn". Us Weekly. May 7, 2014. http://www.usmagazine.com/celebrity-moms/news/bruce-willis-wife-emma-heming-willis-gives-birth-to-second-girl-201475.
  10. "Rob Kardashian, Rumer Willis and More Celeb Kids Who Got Into USC" (en ভাষাত). PEOPLE.com. https://people.com/celebrity/celebrity-kids-who-went-to-usc/ আহৰণ কৰা হৈছে: 2019-10-28.
  11. "Derek Richard Thomas: 5 Things To Know About Rumer Willis' Boyfriend & Baby Daddy" (EN ভাষাত). Hollywood Life. December 20, 2022. https://hollywoodlife.com/feature/who-is-derek-richard-thomas-4901420/ আহৰণ কৰা হৈছে: December 21, 2022.
  12. "Rumer Willis and Boyfriend Derek Richard Thomas Welcome First Baby, Daughter Louetta: 'Pure Magic'". People. 2023-04-25. https://people.com/parents/rumer-willis-and-boyfriend-derek-richard-thomas-welcome-baby/.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]