ৰুমা গুহ ঠাকুৰতা
ৰুমা গুহ ঠাকুৰতা | |
---|---|
জন্ম | ৰুমা ঘোষ ২১ নৱেম্বৰ, ১৯৩৪ কলকাতা, বেংগল প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৩ জুন, ২০১৯ (৮৪ বছৰ) কলকাতা, পশ্চিম বংগ |
পেচা |
|
দাম্পত্যসঙ্গী | কিশোৰ কুমাৰ (বি. ১৯৫০; divorce ১৯৫৮) অৰূপ গুহ ঠাকুৰতা (বি. ১৯৬০) |
সন্তান | অমিত কুমাৰকে ধৰি ৩ |
ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; ইংৰাজী: Ruma Guha Thakurta ; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা।[1][2] ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]গুহা ঠাকুৰতাই দহ বছৰ বয়সত অমিয়া চক্ৰৱৰ্তীৰ জোৱাৰ ভাতা (১৯৪৪) ছবিৰ যোগেদি[3] চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। এইখন আছিল দিলীপ কুমাৰৰ প্ৰথম ছবি। ৰুমা ঘোষৰ পৰৱৰ্তী ছবি আছিল নিতিন বসুৰ মশাল, যিখন বংকিম চন্দ্ৰ চট্টোপধ্যায়ৰ উপন্যাস ‘ৰজনী’ৰ পৰা অভিযোজন কৰা হৈছিল। ‘মশাল’ৰ বঙালী সংস্কৰণ আছিল ‘সমৰ’। তেওঁ এজনী অন্ধ ছোৱালী সৰলাৰ চৰিত্ৰত অভিনয় কৰিছিল।
বিবাহ বিচ্ছেদৰ পিছত ৰুমাই সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত ৰাজেন তৰফদাৰৰ ‘গংগা’ত অভিনয় কৰিবলৈ কলিকতালৈ গুচি যায়। তেওঁ দুগৰাকী মূল নাৰী চৰিত্ৰৰ এটাত সন্ধ্যা ৰায়ৰ সৈতে অভিনয় কৰিছিল।[4] সেই বছৰতে ভানু বন্দোপাধায়ৰ সৈতে ‘পাৰ্চনেল এচিছটেণ্ট’ আৰু তপন সিনহাৰ ‘খনিকেৰ অতিথি’ত অভিনয় কৰিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Read about 4 wives of Kishore Kumar". India TV News. March 2016. https://www.indiatvnews.com/entertainment/bollywood/read-about-4-wives-of-kishore-kumar-27263.html.
- ↑ "4 Weddings And More: The Women In Kishore Kumar's Life". mansworldindia.com. 3 August 2017. https://www.mansworldindia.com/entertainment/4-weddings-women-kishore-kumars-life/। আহৰণ কৰা হৈছে: 30 May 2018.
- ↑ "Jwar Bhata (1944) – Review, Star Cast, News, Photos". Cinestaan. https://www.cinestaan.com/movies/jwar-bhata-1078। আহৰণ কৰা হৈছে: 3 June 2019.
- ↑ Sarkar, Roushni. "Sandhya Roy, Debashree Roy grateful for their mentoring by co-artiste Ruma Guha Thakurta". cinestaan.com. https://www.cinestaan.com/articles/2019/jun/5/21035/sandhya-roy-debashree-roy-grateful-for-their-mentoring-by-co-artiste-ruma-guha-thakurta। আহৰণ কৰা হৈছে: 12 June 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰুমা গুহ ঠাকুৰতা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰুমা গুহ ঠাকুৰতা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য