ৰুমা পাল
ৰুমা পাল | |
---|---|
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ[1] | |
কাৰ্যকাল ২৮ জানুৱাৰী ২০০০ – ২ জুন ২০০৬ | |
নিয়োগকৰ্তা | এ পি জে আব্দুল কালাম |
কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |
কাৰ্যকাল ১৯৯০ – ২০০০ | |
ব্যক্তিগত তথ্য | |
জন্ম | ০৩ জুন, ১৯৪১ (৮৩ বছৰ) কলিকতা, বংগ প্ৰদেশ, ব্ৰিটিছ ভাৰত |
দাম্পত্যসঙ্গী | সমৰাদিত্য পাল |
সমন্ধ | ভাস্কৰ ঘোষ (ভ্ৰাতৃ) অৰুন্ধতী ঘোষ (ভগ্নী) সাগৰিকা ঘোষ (ভতিজা) সঞ্জয় ঘোষ (ভতিজা) |
শিক্ষানুষ্ঠান | ছেইণ্ট এনেছ কলেজ, অক্সফৰ্ড |
ন্যায়াধীশ ৰুমা পাল (ইংৰাজী: Ruma Pal) (জন্ম-৩ জুন ১৯৪১) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। ২০০৬ চনৰ ৩ জুনত তেওঁ অৱসৰ গ্ৰহণ কৰে৷
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ৰুমা পালে অক্সফৰ্ডৰ ছেইণ্ট এন্স কলেজত বি.চি.এল ডিগ্ৰীৰ বাবে পঢ়ি ১৯৬৮ চনত কলিকতা উচ্চ ন্যায়ালয়ত অসামৰিক, ৰাজহ, শ্ৰমিক আৰু সাংবিধানিক বিষয়ত অনুশীলন আৰম্ভ কৰে। তেওঁৰ স্বামী সমৰাদিত্য পাল কলকাতাৰ অন্যতম পৰিচিত বেৰিষ্টাৰ আছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]অধিবক্তা হিচাপে দীৰ্ঘদিনীয়া আৰু বিশিষ্ট কৰ্মজীৱনৰ অন্তত ১৯৯০ চনৰ ৬ আগষ্টত কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে ৰুমা পালে নিযুক্তি লাভ কৰে। ২০০০ চনৰ ২৮ জানুৱাৰীত আদালতৰ সোণালী জয়ন্তী উপলক্ষে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ তেওঁ মনোনীত হয়। একাধিক গোচৰত ন্যায়াধীশ পালে বহু সমালোচনাত্মক ৰায়দান কৰিছে। তেওঁ মানৱ অধিকাৰৰ কেইবাটাও বিষয়ত লিখিছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা ন্যায়াধীশ মঞ্চৰ সদস্য।
পালে আইনী অধ্যয়নৰ বাবে বহুতো পাঠ্যপুথি সম্পাদনা কৰিছিল৷ যাৰ ভিতৰত অধ্যাপক এম পি জৈনৰ ভাৰতীয় সাংবিধানিক আইন সম্পৰ্কীয় বিখ্যাত গ্ৰন্থও সন্নিৱিষ্ট আছিল৷ এইখন গ্ৰন্থ 'কৰ্তৃপক্ষ' হিচাপে গণ্য কৰা হয়।[3] তেওঁ ছিকিম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। আইনী বৈচিত্ৰ্যৰ অলাভজনক সংস্থা ‘ইনক্ৰিছিং ডাইভাৰচিটি বাই ইনক্ৰিছিং এক্সেছ’ৰো তেওঁ অন্যতম ন্যাসৰক্ষী হৈছিল।[4]
সন্মান
[সম্পাদনা কৰক]২০২৪ চনৰ ১৪ ছেপ্টেম্বৰত ৰুমা পালক উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ বি. ভি. নাগৰত্নাই আয়কৰ বাৰ সংস্থাৰ দ্বাৰা আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁৰ কৰ্মজীৱনৰ বাবে সন্মান জনায়৷ এই সম্বৰ্ধনা অনুষ্ঠানটি কলিকতাত অনুষ্ঠিত হয়৷[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "SC gets 1st Bengali woman judge- Ruma Pal". http://www.rediff.com/news/special/when-india-got-her-first-female-supreme-court-judge/20170308.htm.
- ↑ "Eminent barrister Samaraditya Pal dies at 84" (en ভাষাত). The Week. https://www.theweek.in/wire-updates/national/2023/03/09/ces1-wb-barrister-pal-demise.html। আহৰণ কৰা হৈছে: 2023-03-09.
- ↑ "Former diplomat Arundhati Ghose passes away". Indian Express. 26 July 2016. http://indianexpress.com/article/india/india-news-india/former-diplomat-arundhati-ghose-passes-away-2936661/.
- ↑ Vincett, Luke (13 April 2016). "The Idea Behind IDIA: Creating CHAMPS from Underprivileged Communities, by Shamnad Basheer". Archived from the original on 10 September 2019. https://web.archive.org/web/20190910111450/http://diversity.chambersandpartners.com/the-idea-behind-idia-creating-champs-from-underprivileged-communities/। আহৰণ কৰা হৈছে: 4 September 2016.
- ↑ Chatterjee,Shrabana (September 15, 2024 07:14 pm IST - Kolkata). "Justice Ruma Pal honoured for her immense contribution to Indian judicial system". The Hindu. The Hindu. https://www.thehindu.com/news/national/west-bengal/justice-ruma-pal-honoured-for-her-immense-contribution-to-indian-judicial-system/article68644955.ece#:~:text=Former%20Supreme%20Court%20Judge%20Justice,for%20her%20exceptional%20legal%20career&text=Justice%20Ruma%20Pal%2C%20a%20former,(September%2014%2C%202024).। আহৰণ কৰা হৈছে: 3 February 2025.