ৰুমি
মৌলানা, মৌলবী; আমাৰ শিক্ষক ৰুমি | |
|---|---|
رومی | |
ইৰাণীয়ান শিল্পী হুছেইন বেহজাদৰ তুলিকাত ৰুমী (১৯৫৭) | |
| শিৰোনাম | জালালুদ্দিন, জালাল অ-দিন,[1] মৌলবী, মৌলানা |
| ব্যক্তিগত | |
| জন্ম | ৩০ ছেপ্টেম্বৰ ১২০৭ |
| মৃত্যু | ১৭ ডিচেম্বৰ ১২৭৩ (৬৬ বছৰ) কনিয়া, ৰোম সাম্ৰাজ্য (বৰ্তমান তুৰ্কী) |
| সমাধিস্থল | মৌলানা ৰুমিৰ সমাধি বা মকবড়া, মৌলানা মিউজিয়াম, কনিয়া, তুৰ্কী |
| ধৰ্ম | ইছলাম |
| দাম্পত্যসংগী | গেভেজ খাতুন, কাৰা খাতুন |
| সন্তান | চুলতান ৱালাড, উলু আৰিফ চালেবি, আমিৰ আলিম চালেবি, মালিকে খাতুন |
| পিতৃ-মাতৃ |
|
| যুগ | পাৰ্চিয়া আৰু মেছোপটেমিয়াত মংগোল বিজয় |
| সংঘ | চুন্নি[5] |
| Jurisprudence | হানাফি |
| Creed | মাহটুৰীডী[6][7] |
| মুখ্য আগ্ৰহ | চুফী সাহিত্য |
| উল্লেখযোগ্য ধাৰণা | চুফী উপৱৰ্তন তথা নিয়ন্ত্ৰণ |
| উল্লেখযোগ্য কৰ্ম | মছনবী-এ মা'নবী, দিৱান-এ শ্বামছ-এ তাবৰিজি, ফিহি মা ফিহি |
| Tariqa | মৌলবী |
| জনা যায় | মৌলবী চুফী সম্প্ৰদায়ক অনুপ্ৰাণিত কৰা, মছনবী কবিতা ৰচনা কৰা |
| ধৰ্মীয় ঐতিহ্য | চুফী |
| দৰ্শন | চুফীবাদ, ৰহস্যবাদ |
| জ্যেষ্ঠ বিষয়বাব | |
| পূৰ্বসূৰী | শ্বামছ তাবৰিজি আৰু বাহা-উদ-দিন জাকাৰিয়া |
| উত্তৰসূৰী | হুস্ম অল-দিন চালেবি, চুলতান ৱালাড |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
| |
জালাল-উদ্দিন-মহম্মদ ৰুমি (ইংৰাজী: Jalāl al-Dīn Muḥammad Rūmī; জন্ম: ৩০ ছেপ্টেম্বৰ, ১২০৭-মৃত্যু:১৭ ডিচেম্বৰ, ১২৭৩) এগৰাকী ইৰাণীয়ান ৰহস্যবাদী চুফী কবি, যাক সাধাৰণতে ৰুমি নামেৰে জনা যায়। তেওঁ মৌলৱীয়্যা (Mawlawiyya) শীৰ্ষক ইছলামিক চুফীবাদৰ প্ৰতিষ্ঠাতা। তেওঁৰ পৰিয়ালৰ পুৰণি ঘৰ আছিল বালখত। চুফীবাদৰ তেওঁ এক প্ৰভাৱশালী ব্যক্তি আছিল আৰু সাধাৰণতে ফাৰ্চী বা পাৰ্ছিয়ান সাহিত্য আৰু ৰহস্যবাদী কবিতা, এই দুই বিভাগতে বহল পৰিসৰত তেওঁৰ চিন্তা আৰু সৃষ্টিকৰ্ম প্ৰত্যক্ষ কৰা যায়। আজিৰ তাৰিখত, সমগ্ৰ পৃথিৱীয়ে তেওঁৰ অনূদিত সৃষ্টিকৰ্মৰ সোৱাদ লৈছে।
জীৱনৰ আৰম্ভণিৰ সময়ছোৱাতে, মংগোল সেনাপতি চেংগিছ খাঁৰ নেতৃত্বত দ্ৰুতগতিত বিকশিত মংগোলীয় সৈন্যই তেওঁৰ পৰিয়ালক পশ্চিম দিশলৈ পলায়ন কৰিবলৈ বাধ্য কৰিছিল। ইৰাণ, বাগদাদ আৰু দামাস্কাছৰ বিভিন্ন চহৰত সময় কটোৱাৰ পিছত ১৯ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে কনিয়াত থাকিবলৈ লয়। কনিয়া হৈছে পূব ৰোমান সাম্ৰাজ্যৰ এখন ৰাজ্য; সেয়ে তেওঁক ৰুমি অৰ্থাৎ ৰোমান নামেৰে জনা যায়। যদিও সৰুৰে পৰাই তেওঁ চুফী চিন্তাধাৰাৰ সৈতে পৰিচিত আছিল, তথাপিও আশা কৰা হৈছিল যে এগৰাকী ইছলামিক পণ্ডিত ৰূপে তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰিব।
কিন্তু ৰহস্যময় বিচৰণকাৰী দৰবেশ আৰু শ্বামছ তাবৰিজিৰ আগমনে ৰুমিৰ জীৱনৰ গতিপথ স্থায়ীভাৱে সলনি কৰি পেলায়। ৰুমি আৰু শ্বামছ ইজন সিজনৰ প্ৰতি এনেদৰে আকৰ্ষিত হৈ পৰিল যে তেওঁক পাই ৰুমিয়ে নিজৰ কৰ্তব্য পাহৰি পেলায়। এদিন ৰহস্যজনকভাৱে শ্বামছ অন্তৰ্ধ্যান হয় আৰু ৰুমি শোকত ভাগি পৰে। শোকাহত ৰুমিয়ে ৰচনা কৰে তেওঁৰ জীৱনৰ এটি অন্যতম কাব্য সংকলন দিৱান-এ শ্বামছ-এ তাবৰিজি। সংকলনটিত ৰুমিৰ শোকৰ প্ৰকাশ ঘটিছে। এয়া আছিল ৰুমিৰ আধ্যাত্মিক বিশ্বদৃষ্টিভংগীৰ বিৱৰ্তনৰ সংজ্ঞায়িত মুহূৰ্ত আৰু তেওঁৰ কাব্যিক যাত্ৰাৰ আৰম্ভণিও।
ৰুমিৰ দ্বাৰা ৰচিত মছনবীক ফাৰ্চী ভাষাৰ কোৰআন আখ্যা দিয়াই নহয়[9], ইয়াক ফাৰ্চী ভাষাৰ অন্যতম শ্ৰেষ্ঠ কবিতা বুলি গণ্য কৰা হয়।[10][11] বহু ইছলাম ধৰ্মী লোকে, বিশেষকৈ তুৰ্কী-পাৰ্চী সাংস্কৃতিক ক্ষেত্ৰত মছনবীক কোৰআনৰ পিছতে ইছলামিক সাহিত্যৰ অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে গণ্য কৰে।
ৰুমিৰ ৰচনাসমূহ আজিৰ তাৰিখত তেওঁৰ জন্মভূমি বৃহত্তৰ ইৰাণৰ লগতে তুৰ্কীতো ব্যাপক ৰূপত পঠিত হৈছে, যি চহৰ তেওঁ প্ৰচাৰ কৰা চুফী ভাতৃত্ববোধৰ ওপৰত প্ৰতিষ্ঠিত।[12][13] তেওঁৰ কবিতাসমূহ বিশ্বৰ বহু ভাষালৈ অনুবাদ কৰা হৈছে আৰু ৰুমিক ‘বিশ্বৰ আটাইতকৈ জনপ্ৰিয় কবি’ আখ্যা দিয়া হৈছে।"[14][15]শেহতীয়া বছৰবোৰত আমেৰিকাত তেওঁ সৰ্বাধিক বিক্ৰী হোৱা কবি হিচাপে পৰিগণিত হৈছে।[16][17]
সৃষ্টিৰাজি
[সম্পাদনা কৰক]ৰুমিৰ কবিতাসমূহক ৰুবায়ত আৰু গজল; এই দুটা ভাগত ভাগ কৰা হৈছে। সেইদৰে গদ্যসমূহকো প্ৰবচন (The Discourses), পত্ৰ (The Letters) আৰু সাতোটি উপদেশত (Seven Sermons) ভাগ কৰা হৈছে।
কবিতাৰাজি
[সম্পাদনা কৰক]ৰুমিৰ অন্যতম কাব্য সংকলন হৈছে মছনবী। ছয় খণ্ডৰ এই কবিতাটোৱে ফাৰ্চী চুফী সাহিত্যৰ সমৃদ্ধ পৰম্পৰাত এক বিশিষ্ট স্থান লাভ কৰিছে আৰু ইয়াক সাধাৰণতে ফাৰ্চী ভাষাৰ কোৰআন আখ্যা দিয়া হয়।[18][19] বহু সমালোচকে ইয়াক বিশ্ব সাহিত্যৰ সৰ্বোশ্ৰেষ্ঠ অতীন্দ্ৰিয় কবিতা হিচাপে গণ্য কৰিছে।[20] ইয়াত প্ৰায় ২৭,০০০ শাৰী আছে,[21] প্ৰত্যেকটো শাৰী এটা আভ্যন্তৰীণ ছন্দৰ সৈতে এটা দোহাৰে গঠিত।
ৰুমিৰ আন এটি মুখ্য সংকলন হ’ল দিৱান-এ-কবীৰ (গ্ৰেট ৱৰ্ক) বা দিৱান-এ শ্বামছ-এ তাবৰিজি (দ্য ৱৰ্কচ অৱ শ্বামছ অৱ টাব্ৰিজ)। কিতাপখন তেওঁৰ শিক্ষক শ্বামছ তাবৰিজিৰ নামেৰে নামাকৰণ কৰা হৈছে। প্ৰায় ৩৫০০০ ফাৰ্চী ভাষাৰ দোহা আৰু ২০০০ পাৰ্ছিয়ান চতুষ্পদী কবিতাৰ উপৰিও[22] গ্ৰন্থখনত আৰবী ভাষাত ৯০ টা গজল আৰু ১৯ টা চতুষ্পদী কবিতা,[23] তুৰ্কী ভাষাত দুই ডজনমান দোহা (মূলতঃ মিশ্ৰিত ফাৰ্চী আৰু তুৰ্কী মেকেৰনিক কবিতা)[24][25] আৰু গ্ৰীক ভাষাত ১৪ টা দোহা আছে (সকলোখিনি গ্ৰীক-পাৰ্ছিয়ান মেকেৰনিক কবিতা)।[26][27][28]
গদ্যৰাজি
[সম্পাদনা কৰক]- ফিহি মা ফিহি (ইট ইজ হোৱাট ইট ইজ, পাৰ্চী: فیه ما فیه) হৈছে ৰুমিয়ে বিভিন্ন অনুষ্ঠানত তেওঁৰ শিষ্যসকলক দিয়া এসত্তৰটা বক্তৃতাৰ এটি সংকলন। ৰুমি এই সংকলনটিৰ পোনপটিয়া লেখক নহয়, তেওঁৰ বিভিন্ন শিষ্যৰ টোকাৰ পৰা ইয়াক সংকলিত কৰা হৈছে।[29] ডিচকোৰ্চছ অৱ ৰুমি (নিউয়ৰ্ক: চেমুৱেল ৱেইজাৰ, ১৯৭২) নাম দি এ.জে. আৰ্বেৰীয়ে প্ৰথমবাৰ সংকলনটিৰ ফাৰ্চী ভাষাৰপৰা কৰা ইংৰাজী অনুবাদ প্ৰকাশ কৰিছিল আৰু চাইন অৱ দ্য আনচিন (পুটনী, ভিটি: থ্ৰেছহ'ল্ড বুকছ, ১৯৯৪) নাম দি দ্বিতীয়খন কিতাপ অনুবাদ কৰিছিল হুইলাৰ থেকষ্টনে।
- মজলিছ-এ-চাব’আ (চেভেন চেছনছ, পাৰ্চী: مجالس سبعه) হৈছে সাতটা পাৰ্ছিয়ান প্ৰবচন বা সাতটা বিভিন্ন সদনত দিয়া বক্তৃতা।
- মকাতিব (দ্য লেটাৰছ, পাৰ্চী: مکاتیب বা মকতুবাত (مکتوبات) হৈছে ৰুমিয়ে নিজৰ শিষ্য, পৰিয়ালৰ সদস্য, ৰাষ্ট্ৰ আৰু প্ৰভাৱশালী লোকসকললৈ ফাৰ্চী ভাষাত লিখা চিঠিৰ সংগ্ৰহ। ৰুমি তেওঁ পৰিয়ালৰ সদস্যক সহায় কৰাত আৰু তেওঁলোকৰ চাৰিওফালে ডাঙৰ-দীঘল হোৱা শিষ্যৰ এটা সম্প্ৰদায় বা গোটক পৰিচালনা কৰাত অতি ব্যস্ত হৈ আছিল; এই চিঠিবোৰ আছিল ইয়াৰ প্ৰমাণ।
ভাষা
[সম্পাদনা কৰক]ৰুমিয়ে তেওঁৰ ৰচনাসমূহ ফাৰ্চী ভাষাত লিখিছে। ফাৰ্চী তেওঁৰ মাতৃভাষা। মাজে মাজে তেওঁ তেওঁৰ কবিতাত আৰবী ভাষা[30] আৰু একক তুৰ্কী[31] আৰু গ্ৰীক শব্দ[26][32][33] ব্যৱহাৰ কৰিছে। ৰাষ্ট্ৰীয় সীমা আৰু জাতিগত বিভাজন অতিক্ৰম কৰি ৰুমিৰ ৰচনাৰাজিয়ে বিশ্বমঞ্চ প্ৰভাৱিত কৰিছে। ইৰাণীয়ান, আফগান, তাজিক, তুৰ্ক, কুৰ্দ, গ্ৰীক, মধ্য এছিয়াৰ ইছলামধৰ্মী লোকসকলৰ লগতে ভাৰত উপমহাদেশৰ মুছলমানসকলেও বিগত সাত শতিকা ধৰি তেওঁৰ প্ৰভাৱশালী আধ্যাত্মিকতাৰ শলাগ লৈছে।[34][35] তেওঁৰ কবিতাই ফাৰ্চী সাহিত্যৰ সমান্তৰালকৈ অত্তমান তুৰ্কীছ, চাগাটাই, পাছট’, কুৰ্দিছ, উৰ্দু আৰু বঙালী সাহিত্য পৰম্পৰাকো প্ৰভাৱিত কৰিছে।[34][36][37]
Notes
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ritter, H.; Bausani, A. "ḎJ̲alāl al-Dīn Rūmī b. Bahāʾ al-Dīn Sulṭān al-ʿulamāʾ Walad b. Ḥusayn b. Aḥmad Ḵh̲aṭībī." Encyclopaedia of Islam. Edited by: P. Bearman, Th. Bianquis, C.E. Bosworth, E. van Donzel and W.P. Heinrichs. Brill, 2007. Brill Online. Excerpt: "known by the sobriquet Mewlānā, persian poet and founder of the Mewlewiyya order of dervishes"
- ↑ Harmless, William (2007). Mystics. Oxford University Press. পৃষ্ঠা. 167. ISBN 978-0-19-804110-8. https://books.google.com/books?id=8pBmFhnrVfUC&pg=PA167.
- ↑ Annemarie Schimmel, "I Am Wind, You Are Fire," p. 11. She refers to a 1989 article by Fritz Meier:
Tajiks and Persian admirers still prefer to call Jalaluddin 'Balkhi' because his family lived in Balkh, current day in Afghanistan before migrating westward. However, their home was not in the actual city of Balkh, since the mid-eighth century a center of Muslim culture in (Greater) Khorasan (Iran and Central Asia). Rather, as Meier has shown, it was in the small town of Wakhsh north of the Oxus that Baha'uddin Walad, Jalaluddin's father, lived and worked as a jurist and preacher with mystical inclinations. Lewis, Rumi : Past and Present, East and West: The Life, Teachings, and Poetry of Jalâl al-Din Rumi, 2000, pp. 47–49.
Lewis has devoted two pages of his book to the topic of Wakhsh, which he states has been identified with the medieval town of Lêwkand (or Lâvakand) or Sangtude, which is about 65 kilometers southeast of Dushanbe, the capital of present-day Tajikistan. He says it is on the east bank of the Vakhshâb river, a major tributary that joins the Amu Daryâ river (also called Jayhun, and named the Oxus by the Greeks). He further states: "Bahâ al-Din may have been born in Balkh, but at least between June 1204 and 1210 (Shavvâl 600 and 607), during which time Rumi was born, Bahâ al-Din resided in a house in Vakhsh (Bah 2:143 [= Bahâ' uddîn Walad's] book, "Ma`ârif."). Vakhsh, rather than Balkh was the permanent base of Bahâ al-Din and his family until Rumi was around five years old (mei 16–35) [= from a book in German by the scholar Fritz Meier—note inserted here]. At that time, in about the year 1212 (A.H. 608–609), the Walads moved to Samarqand (Fih 333; Mei 29–30, 36) [= reference to Rumi's "Discourses" and to Fritz Meier's book—note inserted here], leaving behind Baâ al-Din's mother, who must have been at least seventy-five years old." - ↑ Lewis: Rumi: Past and Present, East and West. The Life Teachings and Poetry of Jalâl al-Din Rumi. One World Publications, Oxford, 2000, S. 47.
- ↑ The Complete Idiot's Guide to Rumi Meditations, Penguin Group, 2008, p. 48, ISBN 9781592577361, https://books.google.com/books?id=1y-hxhLSWsEC&pg=PA48
- ↑ Lewis, Franklin D. (2014). Rumi: Past and Present, East and West: The life, Teaching and poetry of Jalal Al-Din Rumi. Simon and Schuster. পৃষ্ঠা. 15–16, 52, 60, 89.
- ↑ Zarrinkoob, Abdolhossein (2005). Serr-e Ney. 1. Instisharat-i Ilmi. পৃষ্ঠা. 447.
- ↑ Ramin Jahanbegloo, In Search of the Sacred : A Conversation with Seyyed Hossein Nasr on His Life and Thought, ABC-CLIO (2010), p. 141
- ↑ Jawid Mojaddedi (2004). "Introduction". Rumi, Jalal al-Din. The Masnavi, Book One. Oxford University Press (Kindle Edition). পৃষ্ঠা. xix.
- ↑ Gardet, Louis (1977). "Religion and Culture". In Holt, P.M.; Lambton, Ann K.S.; Lewis, Bernard. The Cambridge History of Islam, Part VIII: Islamic Society and Civilization. Cambridge University Press. পৃষ্ঠা. 586. "It is sufficient to mention 'Aziz al-Din Nasafi, Farid al-Din 'Attar and Sa'adi, and above all Jalal al-Din Rumi, whose Mathnawi remains one of the purest literary glories of Persia"
- ↑ C.E. Bosworth, "Turkmen Expansion towards the west" in UNESCO History of Humanity, Volume IV, titled "From the Seventh to the Sixteenth Century", UNESCO Publishing / Routledge, p. 391: "While the Arabic language retained its primacy in such spheres as law, theology and science, the culture of the Seljuk court and secular literature within the sultanate became largely Persianized; this is seen in the early adoption of Persian epic names by the Seljuk rulers (Qubād, Kay Khusraw and so on) and in the use of Persian as a literary language (Turkmen must have been essentially a vehicle for everyday speech at this time). The process of Persianization accelerated in the 13th century with the presence in Konya of two of the most distinguished refugees fleeing before the Mongols, Bahā' al-Dīn Walad and his son Mawlānā Jalāl al-Dīn Rūmī, whose Mathnawī, composed in Konya, constitutes one of the crowning glories of classical Persian literature."
- ↑ "Interview: 'Many Americans Love Rumi...But They Prefer He Not Be Muslim'" (en ভাষাত). RadioFreeEurope/RadioLiberty. 9 August 2010. https://www.rferl.org/a/Interview_Many_Americans_Love_RumiBut_They_Prefer_He_Not_Be_Muslim/2122973.html.
- ↑ "Interview: A mystical journey with Rumi". Asia Times. Archived from the original on 16 August 2010. https://web.archive.org/web/20100816123932/http://www.atimes.com/atimes/Middle_East/LH14Ak01.html। আহৰণ কৰা হৈছে: 22 August 2016.
- ↑ Haviland, Charles (30 September 2007). "The roar of Rumi—800 years on". BBC News. http://news.bbc.co.uk/2/hi/south_asia/7016090.stm.
- ↑ "Dîvân-i Kebîr Jalāl al-Dīn Rūmī". OMI – Old Manuscripts & Incunabula. http://www.omifacsimiles.com/brochures/divan.html। আহৰণ কৰা হৈছে: 22 August 2016.
- ↑ Ciabattari, Jane (21 October 2014). "Why is Rumi the best-selling poet in the US?". BBC News. http://www.bbc.com/culture/story/20140414-americas-best-selling-poet.
- ↑ Tompkins, Ptolemy (29 October 2002). "Rumi Rules!". Time. ISSN 0040-781X. Archived from the original on 8 October 2016. https://web.archive.org/web/20161008041531/http://content.time.com/time/magazine/article/0,9171,356133,00.html.
- ↑ Mojaddedi, Jawid (2004). "Introduction". Rumi, Jalal al-Din. The Masnavi, Book One. Oxford University Press (Kindle Edition). পৃষ্ঠা. xix. "Rumi’s Masnavi holds an exalted status in the rich canon of Persian Sufi literature as the greatest mystical poem ever written. It is even referred to commonly as ‘the Koran in Persian’."
- ↑ Abdul Rahman Jami notes:
من چه گویم وصف آن عالیجناب — نیست پیغمبر ولی دارد کتاب مثنویّ معنویّ مولوی — هست قرآن در زبان پهلوی
What can I say in praise of that great one?
(Khawaja Abdul Hamid Irfani, "The Sayings of Rumi and Iqbal", Bazm-e-Rumi, 1976.)
He is not a Prophet but has come with a book;
The Spiritual Masnavi of Mowlavi
Is the Qur'an in the language of Pahlavi (Persian). - ↑ Mojaddedi, Jawid (2004). "Introduction". Rumi, Jalal al-Din. The Masnavi, Book One. Oxford University Press (Kindle Edition). পৃষ্ঠা. xii–xiii. "Towards the end of his life he presented the fruit of his experience of Sufism in the form of the Masnavi, which has been judged by many commentators, both within the Sufi tradition and outside it, to be the greatest mystical poem ever written."
- ↑ Lewis, Rumi: Past and Present, East and West, Oneworld Publications, 2008 (revised edition). p. 306: "The manuscripts versions differ greatly in the size of the text and orthography. Nicholson’s text has 25,577 lines though the average medieval and early modern manuscripts contained around 27,000 lines, meaning the scribes added two thousand lines or about eight percent more to the poem composed by Rumi. Some manuscripts give as many as 32,000!"
- ↑ Lewis, Rumi: Past and Present, East and West: The Life, Teaching, and Poetry of Jalâl al-Din Rumi (2008), p. 314: "The Foruzanfar's edition of the Divan-e Shams compromises 3229 ghazals and qasidas making a total of almost 35000 lines, not including several hundred lines of stanzaic poems and nearly two thousand quatrains attributed to him”
- ↑ Dar al-Masnavi Website, accessed December 2009: According to the Dar al-Masnavi website: “In Forûzânfar's edition of Rumi's Divan, there are 90 ghazals (Vol. 1, 29; Vol. 2, 1; Vol. 3, 6; Vol. 4, 8; Vol. 5, 19, Vol. 6, 0; Vol. 7, 27) and 19 quatrains entirely in Arabic. In addition, there are ghazals which are all Arabic except for the final line; many have one or two lines in Arabic within the body of the poem; some have as many as 9–13 consecutive lines in Arabic, with Persian verses preceding and following; some have alternating lines in Persian, then Arabic; some have the first half of the verse in Persian, the second half in Arabic.”
- ↑ Mecdut MensurOghlu: “The Divan of Jalal al-Din Rumi contains 35 couplets in Turkish and Turkish-Persian which have recently been published me” (Celal al-Din Rumi’s turkische Verse: UJb. XXIV (1952), pp. 106–115)
- ↑ Lewis, Rumi: Past and Present, East and West: The Life, Teaching, and Poetry of Jalâl al-Din Rumi (2008): "a couple of dozen at most of the 35,000 lines of the Divan-I Shams are in Turkish, and almost all of these lines occur in poems that are predominantly in Persian".
- 1 2 Δέδες, Δ. (1993). "Ποιήματα του Μαυλανά Ρουμή". Τα Ιστορικά খণ্ড 10 (18–19): 3–22.
- ↑ Nicholas, Nick (22 April 2009). "Greek Verses of Rumi & Sultan Walad". Opoudjis. http://www.opoudjis.net/Play/rumiwalad.html.
- ↑ Lewis, Rumi: Past and Present, East and West: The Life, Teaching, and Poetry of Jalâl al-Din Rumi (2008): "Three poems have bits of demotic Greek; these have been identified and translated into French, along with some Greek verses of Sultan Valad. Golpinarli (GM 416–417) indicates according to Vladimir Mir Mirughli, the Greek used in some of Rumi's macaronic poems reflects the demotic Greek of the inhabitants of Anatolia. Golpinarli then argues that Rumi knew classical Persian and Arabic with precision, but typically composes poems in a more popular or colloquial Persian and Arabic."
- ↑ Lewis, Rumi: Past and Present, East and West — The Life, Teachings, and Poetry of Jalal al-Din Rumi, Oneworld Publications, 2000, Chapter 7.
- ↑ Lewis, Franklin: "On the question of Rumi's multilingualism (pp. 315–317), we may still say that he spoke and wrote in Persian as a native language, wrote and conversed in Arabic as a learned "foreign" language and could at least get by at the market in Turkish and Greek (although some wildly extravagant claims have been made about his command of Attic Greek, or his native tongue being Turkish) (Lewis 2008:xxi). (Lewis, Rumi: Past and Present, East and West: The Life, Teachings and Poetry of Jalal al-Din Rumi, 2008). Lewis also points out that: "Living among Turks, Rumi also picked up some colloquial Turkish." (Lewis, Rumi: Past and Present, East and West: The Life, Teachings and Poetry of Jalal al-Din Rumi, 2008, p. 315). He also mentions Rumi composed thirteen lines in Greek (Franklin Lewis, Rumi: Past and Present, East and West: The Life, Teachings and Poetry of Jalal al-Din Rumi, One World Publication Limited, 2008, p. 316). On Rumi's son, Sultan Walad, Lewis mentions: "Sultan Walad elsewhere admits that he has little knowledge of Turkish" (Sultan Walad): Lewis, Rumi, "Past and Present, East and West: The Life, Teachings and Poetry of Jalal al-Din Rumi, One World Publication Limited, 2008, p. 239) and "Sultan Valad did not feel confident about his command of Turkish" (Lewis, Rumi: Past and Present, East and West, 2000, p. 240)
- ↑ Annemarie Schimmel, The Triumphal Sun: A Study of the Works of Jalaloddin Rumi, SUNY Press, 1993, p. 193: "Rumi's mother tongue was Persian, but he had learned during his stay in Konya, enough Turkish and Greek to use it, now and then, in his verse."
- ↑ Meyer, Gustav (1895). "Die griechischen Verse im Rabâbnâma.". Byzantinische Zeitschrift খণ্ড 4 (3). doi:10.1515/byzs.1895.4.3.401.
- ↑ "Greek Verses of Rumi & Sultan Walad". uci.edu. 22 April 2009. Archived from the original on 5 August 2012. https://archive.today/20120805175317/http://www.tlg.uci.edu/~opoudjis/Play/rumiwalad.html। আহৰণ কৰা হৈছে: 2 May 2026.
- 1 2 "Rumi work translated into Kurdish". Hürriyet Daily News. 30 January 2015. https://www.hurriyetdailynews.com/rumi-work-translated-into-kurdish-77675.
- ↑ Seyyed, Hossein Nasr (1987). Islamic Art and Spirituality. Suny Press. পৃষ্ঠা. 115. "Jalal al-Din was born in a major center of Persian culture, Balkh, from Persian speaking parents, and is the product of that Islamic Persian culture which in the 7th/13th century dominated the 'whole of the eastern lands of Islam and to which present day Persians as well as Turks, Afghans, Central Asian Muslims and the Muslims of the Indo-Pakistani subcontinent are heir. It is precisely in this world that the sun of his spiritual legacy has shone most brillianty during the past seven centuries. The father of Jalal al-Din, Muhammad ibn Husayn Khatibi, known as Baha al-Din Walad and entitled Sultan al-'ulama', was an outstanding Sufi in Balkh connected to the spiritual lineage of Najm al-Din Kubra."
- ↑ Rahman, Aziz (27 August 2015). "Nazrul: The rebel and the romantic". Daily Sun. Archived from the original on 17 April 2017. https://web.archive.org/web/20170417122146/http://www.daily-sun.com/printversion/details/70741/Nazrul:-The-rebel-and-the-romantic.
- ↑ Khan, Mahmudur Rahman (30 September 2018). "A tribute to Jalaluddin Rumi". Daily Sun. Archived from the original on 6 July 2024. https://web.archive.org/web/20240706015539/https://www.daily-sun.com/printversion/details/339651/A-tribute-to-Jalaluddin-Rumi.