ৰুহানিকা ধৱন
| ৰুহানিকা ধৱন | |
|---|---|
২০১৫ চনত ধৱন | |
| জন্ম | ২৫ ছেপ্টেম্বৰ, ২০০৭ (১৯ বছৰ)[1][2][3] মুম্বাই, ভাৰত |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০১০–২০২১ |
| উল্লেখযোগ্য কৰ্ম | য়ে হ্যে মহব্বতেঁ |
ৰুহানিকা ধৱন (ইংৰাজী: Ruhaanika Dhawan; জন্ম: ২৫ ছেপ্টেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ২০১২ চনত জি টিভিৰ ধাৰাবাহিক মিচেছ কৌশিক কী পাঁচ বহুৱেঁ-ত আশীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক য়ে হ্যে মহব্বতেঁ-ত সৰু ৰুহী ভাল্লা আৰু সৰু পিহু ভাল্লাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়। তেওঁৰ এই অভিনয়ৰ বাবে তেওঁ ‘ইণ্ডিয়ান টেলি এৱাৰ্ড ফৰ মষ্ট পপুলাৰ চাইল্ড এক্ট্ৰেছ’কে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
পৰৱৰ্তী সময়ত ২০১৪ চনৰ জানুৱাৰীত ধৱনে বলীউডৰ ছবি জয় হো-ত এটা কেমিঅ’ চৰিত্ৰত অভিনয় কৰে। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ২০১৬ চনৰ ছানী দেউল অভিনীত একচন ড্ৰামা ছবি ঘায়েল ওৱান্স এগেইন-ত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়।
জীৱন আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]ৰুহানিকা ধৱনৰ জন্ম ২০০৭ চনৰ ২৫ ছেপ্টেম্বৰত ভাৰতৰ মুম্বাইত হৈছিল।[1][2][3] তেওঁ মুম্বাইত বাস কৰে আৰু তাৰে এখন আইজিচিএছই স্কুলত অধ্যয়ন কৰে।[4] তেওঁ হিন্দী আৰু ইংৰাজী ক’ব পাৰে আৰু ২০১৪ চনত অভিনেতা ছানী দেউলৰ পৰা পঞ্জাবী ভাষা শিকিছিল।[5]
ধৱনে একতা কাপুৰৰ ৰোমান্টিক-ড্ৰামা ধাৰাবাহিক য়ে হ্যে মহব্বতেঁ-ত দিব্যাংকা ত্ৰিপাঠী আৰু কৰণ পেটেলৰ সৈতে কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা লাভ কৰে। ধাৰাবাহিকখনৰ কাহিনী মঞ্জু কাপুৰৰ উপন্যাস কাষ্টডী-ৰ ওপৰত আধাৰিত। এই ধাৰাবাহিকখনত তেওঁৰ অভিনয়ৰ বাবে তেওঁ ২০১৪ চনৰ ‘ইণ্ডিয়ান টেলি এৱাৰ্ড ফৰ মষ্ট পপুলাৰ চাইল্ড এক্ট্ৰেছ’ লাভ কৰে। ধাৰাবাহিকখনত ৭ বছৰীয়া জপন দেখুওৱাৰ পিছত ৰুহানিকাই সৰু পিহু ভাল্লাৰ চৰিত্ৰত অভিনয় কৰে।
২০১৪ চনৰ আগষ্ট মাহত আয়োজিত এটা ফেশ্বন শ্ব’ত তেওঁ বাৰ্বি সাজেৰে ৰেম্প ৱাক কৰিছিল। ২০১৪ চনৰ ২২ নৱেম্বৰত তেওঁ কালাৰ্ছ টিভিৰ কমেডী শ্ব’ কমেডী নাইটছ উইথ কপিল-ত অতিথি হিচাপে উপস্থিত হৈছিল। ছানী দেউল পৰিচালিত আৰু ধৰ্মেন্দ্ৰ প্ৰযোজিত ছবি ঘায়েল ওৱান্স এগেইন-ত তেওঁৰ অভিনয় শলাগিবলগীয়া।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Goswami, Parismita (24 September 2015). "'Yeh Hai Mohabbatein' child artist Ruhaanika Dhawan aka Ruhi's pre-birthday celebration with Divyanka Tripathi, Karan Patel". International Business Times. http://www.ibtimes.co.in। আহৰণ কৰা হৈছে: 24 October 2015.
- 1 2 Indo Asian News Service (16 September 2015). "Ruhanika Dhawan's Disneyland birthday wish". The Indian Express. http://indianexpress.com। আহৰণ কৰা হৈছে: 24 October 2015.
- 1 2 Times News Network (28 September 2014). "Ruhi From Ye Hai Mohabbatein celebrated her birthday". The Times of India. http://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 24 October 2015.
- ↑ Trivedi, Tanvi (16 February 2015). "Child actors to go missing on TV in march". The Times of India. http://timesofindia.indiatimes.com। আহৰণ কৰা হৈছে: 1 November 2015.
- ↑ Indo Asian News Service (11 January 2015). "Sunny Deol's Punjabi class for Ruhanika Dhawan". The Indian Express. http://indianexpress.com। আহৰণ কৰা হৈছে: 24 October 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰুহানিকা ধৱন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Ruhanika Dhawan সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত ৰুহানিকা ধৱন