ৰুহি সিং
| ৰুহি সিং | |
|---|---|
![]() ২০১৮ চনত দশম মিৰ্চি মিউজিক এৱাৰ্ডত সিং | |
| জন্ম | ৰুহি দিলীপ সিং ১২ অক্টোবৰ, ১৯৯৫ (৩০ বছৰ) জয়পুৰ, ৰাজস্থান, ভাৰত |
| শিক্ষানুষ্ঠান | চেইণ্ট জেভিয়াৰ্ছ স্কুল, জয়পুৰ ৰাজস্থান বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী, মডেল |
ৰুহি দিলীপ সিং (ইংৰাজী: Ruhi Dilip Singh; জন্ম: ১২ অক্টোবৰ ১৯৯৫)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয় কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ফেমিনা মিছ ইণ্ডিয়া ইষ্ট ২০১১ত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছিল। পিছলৈ তেওঁ মিছ ইউনিভাৰ্চেল পিচ এণ্ড হিউমেনিটি ২০১৪ৰ খিতাপ জয় কৰে।
সিঙে এমি বঁটাৰ বাবে মনোনীত তথ্যচিত্ৰ দ্য ৱৰ্ল্ড বিফোৰ হাৰ আৰু প্ৰশংসিত ৱেব ছিৰিজ চক্ৰবেহু তথা ৰাণাৱে লুগাইত অভিনয় কৰিছে। শেহতীয়াকৈ দ্য টাইমছৰ "২০২০ চনৰ ৫০ গৰাকী আকৰ্ষণীয় মহিলা"ৰ তালিকাত তেওঁক শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান দিয়া হৈছিল।
২০১৪ চনত ফেমিনা মিছ ইণ্ডিয়াই তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰিছিল। তেওঁ ২০১৫ চনত ড্ৰামা চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।[2] অতি শেহতীয়াকৈ, ৰাণাৱে লুগাই ছিৰিজত তেওঁ কৰা চৰিত্ৰৰ বাবে ২০২১ চনৰ ফিল্মফেয়াৰ অ'টিটি এৱাৰ্ডছৰ শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা) বঁটাৰ বাবে মনোনীত হৈছিল।[3]
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
[সম্পাদনা কৰক]ৰুহি সিঙৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ভাৰতৰ ৰাজস্থানৰ জয়পুৰত।[4][5][6]
কৰ্মজীৱন
[সম্পাদনা কৰক]সিঙৰ প্ৰাৰম্ভিক সপোন আছিল এগৰাকী সফল গায়িকা হোৱা।[7] ২০১১ চনত তেওঁ মডেলিং উদ্যোগত যোগদান কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইষ্ট ২০১১ত অংশগ্ৰহণ কৰিছিল আৰু প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছিল। একে বছৰতে তেওঁ ইণ্ডিয়ান প্ৰিন্সেছ ২০১১ত অংশ লয় আৰু চীনত অনুষ্ঠিত মিছ মডেল অফ দ্য ৱৰ্ল্ড ২০১১ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয়, য’ত তেওঁ শীৰ্ষ ৩৬ গৰাকী কোৱাৰ্টাৰ ফাইনেলিষ্টৰ ভিতৰত স্থান লাভ কৰে। ২০১২ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰি শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰে। সেই বছৰৰে পিছৰফালে মিয়ামীত অনুষ্ঠিত মিছ ইউনাইটেড নেশ্যনছ ২০১২ত সিঙে ভাৰতক প্ৰতিনিধিত্ব কৰে। কিন্তু প্ৰকৃত সফলতা আহে ২০১৪ চনত, যেতিয়া ফেমিনা মিছ ইণ্ডিয়াই তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰে। সিঙে এখন কানাডীয় তথ্যচিত্ৰ দ্য ৱৰ্ল্ড বিফোৰ হাৰত কাম কৰিছিল।[8] দ্য টাইমছ অফ ইণ্ডিয়াই সিঙক ২০১৪ চনৰ ভাৰতৰ ২৫ গৰাকী আটাইতকৈ আকৰ্ষণীয় মহিলাৰ ভিতৰত এগৰাকী হিচাপে নামকৰণ কৰিছিল। অতি শেহতীয়াকৈ, সিঙে টাইমছৰ ২০২০ চনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাৰ ৯ নম্বৰ স্থান লাভ কৰি শীৰ্ষলৈ উন্নীত হয়।[9]
মধুৰ ভাণ্ডাৰকাৰে সিঙক লক্ষ্য কৰিছিল আৰু দ্য ৱৰ্ল্ড বিফোৰ হাৰত তেওঁৰ কাম দেখি আপ্লুত হৈছিল। ভাণ্ডাৰকাৰে তেওঁৰ চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছৰ পাঁচগৰাকী নায়িকাৰ ভিতৰত এগৰাকী হিচাপে সিঙক চুক্তিবদ্ধ কৰে।[10][11] বোলছবিখন ২০১৫ চনত ২৫ ছেপ্টেম্বৰত মুক্তি পাইছিল। কেলেণ্ডাৰ গাৰ্লছৰ কাহিনীটো ভাৰতৰ বিভিন্ন অঞ্চলৰ পাঁচগৰাকী ছোৱালীৰ ওপৰত কেন্দ্ৰিত, যিসকলক দেশৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ বাৰ্ষিক কেলেণ্ডাৰৰ বাবে পোজ দিবলৈ নিৰ্বাচন কৰা হৈছে।
২০২১ চনত সিঙে এমএক্স প্লেয়াৰৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছিৰিজ চক্ৰবেহু আৰু ৰাণাৱে লুগাইত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি ক্ৰমান্বয়ে জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। দুয়োটা ছিৰিজ মুক্তিৰ প্ৰথম সপ্তাহতে শীৰ্ষ স্থান লাভ কৰি জনপ্ৰিয়তা অৰ্জন কৰে আৰু বছৰটোৰ আটাইতকৈ বেছি চোৱা ভাৰতীয় ৱেব ছিৰিজৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াৰ ব্যাৱসায়িক সফলতাৰ লগতে ছিৰিজটোৱে ২০২১ চনৰ ফিল্মফেয়াৰ অ’টিটি এৱাৰ্ডছত 'শ্ৰেষ্ঠ ছিৰিজ'ৰ বাবে মনোনয়ন লাভ কৰে।
সিঙে চক্ৰবেহুত তেওঁৰ অভিনয়ৰ বৰ্ণনা কৰি কয় যে "চক্ৰবেহুত মোৰ চৰিত্ৰটো বহুস্তৰীয় আছিল আৰু মই ইয়াৰ বাবে প্ৰয়োজন হোৱা তীব্ৰতা ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। "[12]
এখন আকৰ্ষণীয় তথা আমোদজনক ড্ৰামা ছিৰিজ ৰাণাৱে লুগাইত 'বুলবুল' নামৰ এগৰাকী সাহসী, সৰু চহৰৰ পলাতক কইনাৰ চৰিত্ৰত সিঙৰ অভিনয়ে কেৱল সমালোচকৰ প্ৰশংসাই লাভ কৰা নাছিল, বৰঞ্চ দৰ্শকৰদ্বাৰাও অতিশয় সমাদৃত হৈছিল। সিঙে এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল যে "মোৰ মাজত এটা উদ্দেশ্য আৰু উত্তেজনা অনুভৱ হৈছিল, আৰু মই মানসিকভাৱে মোৰ চৰিত্ৰটোক উৎসাহিত কৰিছিলোঁ যিয়ে ইমান সাহসেৰে এটা অপৰম্পৰাগত সিদ্ধান্ত লৈছিল। "[13] বুলবুলৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সিঙে ফিল্মফেয়াৰ মনোনয়নো লাভ কৰিছিল।
ইনষ্টাগ্ৰাম, ফেচবুক আৰু জোচ এপসমূহত ৰুহিৰ ১২ নিযুতৰো অধিক অনুগামী আছে। তেওঁৰ শেহতীয়া সফলতাৰ আন এক পদক্ষেপ হৈছে তেওঁৰ নতুন শ্ব’: দ্য গ্ৰেটেষ্ট অফ অল টাইম উইথ ৰুহি সিং। স্ন্যাপচ্যাটৰ জৰিয়তে কৰা এই গোলকীয় মুক্তিৰদ্বাৰা সিঙে যুৱপ্ৰজন্মৰ মাজত নিজৰ উপস্থিতি অনুভৱ কৰাইছে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ruhi Singh's special birthday celebrations" (en ভাষাত). The Times of India. 12 October 2020. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ruhi-singhs-special-birthday-celebrations/articleshow/78624525.cms। আহৰণ কৰা হৈছে: 25 October 2020.
- ↑ Basu, Mohar (1 October 2015). "Ruhi Singh: The lights-camera-action call is my happiest moment" (en ভাষাত). The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ruhi-Singh-The-lights-camera-action-call-is-my-happiest-moment/articleshow/49167410.cms। আহৰণ কৰা হৈছে: 4 April 2020.
- ↑ "Filmfare OTT Awards 2021 – Nominations" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-ott-awards-2021/nominations। আহৰণ কৰা হৈছে: 24 February 2022.
- ↑ "Ruhi Singh – Femina Miss India 2012 Contestants". The Times of India. Archived from the original on 5 November 2015. https://web.archive.org/web/20151105102254/http://beautypageants.indiatimes.com/photoshow/11777780.cms?curpg=12। আহৰণ কৰা হৈছে: 14 December 2015.
- ↑ "Ruhi Singh – Beauty Pageants – Indiatimes". Femina Miss India. Archived from the original on 27 September 2015. https://web.archive.org/web/20150927215049/http://beautypageants.indiatimes.com/miss-india/photos/pfmi-2012-finalists/Ruhi-Singh/eventshow/11838032.cms। আহৰণ কৰা হৈছে: 14 December 2015.
- ↑ "Ruhi Singh: On kissing, I would rate myself a 10/10". Bombay Times. Archived from the original on 2017-07-08. https://web.archive.org/web/20170708081716/http://www.bombaytimes.com/movies/india/Ruhi-Singh-On-kissing-I-would-rate-myself-a-10-10/articleshow/50996369.cms। আহৰণ কৰা হৈছে: 2026-03-31.
- ↑ "Jaipur girl Ruhi to make film debut". The Times of India. 15 December 2013. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ruhi-Singh-is-making-her-acting-debut-with-one-of-the-oldest-banners-of-the-country-Bombay-Talkies-Studio/articleshow/27414310.cms.
- ↑ "Born to kill or thrill?". mid-day. 13 October 2013. https://www.mid-day.com/articles/born-to-kill-or-thrill/235733.[সংযোগবিহীন উৎস]
- ↑ "Ruhi Singh grabs the number 9 spot on Times Most Desirable Women 2020" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/hindi/ruhi-singh-grabs-the-number-9-spot-on-times-most-desirable-women-2020/videoshow/83337738.cms। আহৰণ কৰা হৈছে: 11 June 2021.
- ↑ "Check out: Ruhi Singh dons a sexy bikini for Calendar Girls". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/8982.
- ↑ "Ruhi Singh Debut". The Times of India. 15 December 2013. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Ruhi-Singh-is-making-her-acting-debut-with-one-of-the-oldest-banners-of-the-country-Bombay-Talkies-Studio/articleshow/27414310.cms.
- ↑ "Ruhi Singh: My role in Chakravyuh was layered and I tried to retain the raw intensity it needed" (en ভাষাত). The Times of India. 22 April 2021. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ruhi-singh-my-role-in-chakravyuh-was-layered-and-i-tried-to-retain-the-raw-intensity-it-needed/articleshow/82184600.cms। আহৰণ কৰা হৈছে: 19 June 2021.
- ↑ Correspondent, Planet Bollywood Special (27 May 2021). "Runaway Lugai: Ruhi Singh on why runaway bride stories have always made great entertainers" (en-US ভাষাত). Planet Bollywood. https://planetbollywood.com/wp/news/runaway-lugai-ruhi-singh-on-why-runaway-bride-stories-have-always-made-great-entertainers/। আহৰণ কৰা হৈছে: 19 June 2021.
- ↑ "Ruhi Dilip Singh announces her series 'The Greatest of All Time'; first episode out now! - Beauty Pageants - Indiatimes". Femina Miss India. Archived from the original on 24 February 2022. https://web.archive.org/web/20220224152822/https://beautypageants.indiatimes.com/miss-india/ruhi-dilip-singh-announces-her-series-the-greatest-of-all-time-first-episode-out-now/articleshow/89589938.cms। আহৰণ কৰা হৈছে: 24 February 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৰুহি সিং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৰুহি সিং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- ৰুহি সিং সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য

