ৰুদ্ৰমা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰূদ্ৰমা দেৱীৰ পৰা পুনঃনিৰ্দেশিত)
ৰুদ্ৰমা দেৱী
ৰুদ্ৰমা দেৱী
ৰুদ্ৰমা দেৱীৰ প্ৰতিমূৰ্তি
ৰাজত্ব ১২৬২- ১২৮৯
পূৰ্বসূৰী গণপতিদেৱ
উত্তৰসূৰী প্ৰতাপৰুদ্ৰ
দাম্পত্য সঙ্গী বীৰভদ্ৰ
পিতৃ গণপতিদেৱ

ৰুদ্ৰমা দেৱী (ইংৰাজী: Rudrama Devi ) ১২৬৩ খ্ৰীষ্টাব্দৰ পৰা ১২৮৯ খ্ৰীষ্টাব্দলৈ (বা ১২৯৫ খ্ৰীষ্টাব্দ) তেওঁৰ মৃত্যু পৰ্যন্ত দাক্ষিণাত্য মালভূমিৰ কাকতীয় ৰাজবংশৰ শাসক আছিল। তেওঁক ৰুদ্ৰদেৱ মহাৰজা, ৰাণী ৰুদ্ৰমা বা ৰুদ্ৰমা দেৱী নামেৰেও জনা যায়। ভাৰতৰ অলপ সংখ্যক ৰাজ্য শাসন কৰা মহিলাৰ তেওঁ অন্যতম আছিল। ৰাজ্য শাসন কৰাৰ উদ্দেশ্যে তেওঁ নিজকে এজন পুৰুষ হিচাপে প্ৰচাৰ কৰিছিল।[1] ১২৮৯ বা ১২৯৫ চনত তেওঁৰ মৃত্যু হয়। এইটো এটা লক্ষণীয় পৰিৱৰ্তন আছিল আৰু ইয়াক তেওঁৰ উত্তৰাধিকাৰী আৰু পিছৰ বিজয়নগৰ সাম্ৰাজ্যৰ দ্বাৰাও অনুসৰণ কৰা হৈছিল।[2][3]

পৰিয়াল আৰু উত্তৰাধিকাৰ[সম্পাদনা কৰক]

ৰুদ্ৰমা দেৱীয়ে প্ৰায় ১২৪০ খ্ৰীষ্টাব্দত চালুক্য সাম্ৰাজ্যৰ এটা সৰু শাখাৰ শাসক বীৰভদ্ৰক বিয়া কৰাইছিল। সামৰিক মিত্ৰতাৰ অংশ ৰূপে তেওঁৰ পিতৃয়ে এই বিবাহৰ আয়োজন কৰিছিল।[4] বীৰভদ্ৰই ৰুদ্ৰমাৰ প্ৰশাসনত কোনো হস্তক্ষেপ কৰা নাছিল। এই দম্পত্তিহালৰ দুজনী তোলনীয়া জীয়েক আছিল।[3] ৰুদ্ৰমা দেৱীয়ে সম্ভৱতঃ ১২৬১ খ্ৰীষ্টাব্দৰ পৰা ১২৬২ খ্ৰীষ্টাব্দলৈ পিতৃ গণপতিদেৱৰ সৈতে যুটীয়াভাবে ৰাজ্যৰ শাসন চলাইছিল। ১২৬৩ খ্ৰীষ্টাব্দত তেওঁ সাৰ্বভৌম শাসক হৈছিল।[5] পূৰ্বৱৰ্তী শাসকসকলে কেবল অভিজাসকলৰ পৰাহে সেনা নিয়োগ কৰাৰ বিপৰীতে, তেওঁ সাধাৰণ মানুহৰ মাজৰ পৰা সেনা নিয়োগ কৰিছিল আৰু সেনাবাহিনীৰ সদস্যসকলৰ সেৱাৰ মূল্য হিচাপে ভূমি কৰ ৰেহাই দিছিল।

ৰুদ্ৰমাই ৰাজত্বৰ আৰম্ভণিতে পূব গঙ্গা সাম্ৰাজ্য আৰু দেৱনাগিৰিৰ যাদৱসকলৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ১২৭০ দশকৰ পিছৰ ফালে পূব গঙ্গা সাম্ৰাজ্যক তেওঁ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল আৰু গোদাৱৰী নদীৰ সিপাৰলৈ পশ্চাদপসৰণ কৰিবলৈ বাধ্য কৰিছিল। তেওঁ যাদৱসকলকো পৰাজিত কৰি অন্ধ্ৰৰ পশ্চিমাঞ্চলৰ অপসাৰিত কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেওঁ ১২৭৩ খ্ৰীষ্টাব্দৰ কায়স্থ সেনাপতি অম্বাদেৱৰ দ্বাৰা সৃষ্ট আভ্যন্তৰিণ কন্দলৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাছিল। অম্বাদেৱে কাকতীয়সকলৰ অধীনস্থ হৈ থাকিবলৈ আপত্তি কৰিছিল আৰু দক্ষিণ পশ্চিম অন্ধ্ৰৰ বৃহৎ অঞ্চলত, নিজৰ প্ৰভূত্ব সাব্যস্ত কৰিছিল, যিটো এতিয়া গুণ্টুৰ জিলাৰ নামেৰে পৰিচিত।[6]

ৰুদ্ৰমাই সম্ভৱতঃ ১২৮৯ খ্ৰীষ্টাব্দত অম্বাদেৱৰ সৈতে হোৱা যুদ্ধত ঢুকাইছিল, যদিও কিছুমান উৎসৰ মতে ১২৯৫ খ্ৰীষ্টাব্দলৈ তেওঁৰ মৃত্যু হোৱা নাছিল।[lower-alpha 1]

ৰুদ্ৰমা দেৱীৰ পিছত তেওঁৰ এজনী জীয়েকৰ পুত্ৰ প্ৰতাপৰুদ্ৰ ৰজা হৈছিল। প্ৰতাপৰুদ্ৰই উত্তৰাধিকাৰ সূত্ৰে যিখন ৰাজ্য পাইছিল, সেইখন ৰুদ্ৰমাই ৰাজপাটত উঠাৰ সময়ত পোৱা ৰাজ্যখনতলৈ সৰু আছিল।[3]

জনপ্ৰিয় সংস্কৃতিত[সম্পাদনা কৰক]

২০১৫ চনত চলচ্চিত্ৰ নিৰ্মাতা গণশেখৰে ৰুদ্ৰমাৰ জীৱনৰ আধাৰত ৰুদ্ৰমাদেৱী নামেৰে তেলেগু ভাষাৰ ছবি এখন নিৰ্মাণ কৰে; য’ত অভিনয় কৰিছিল অনুষ্কা শেট্টী, অল্লু অৰ্জুন, ৰাণা দাগ্গুৱতী আৰু কৃষ্ণণ ৰাজুৱে।[9]

পেনিনচুলা পিকচাৰ্চে ষ্টাৰ মা চেনেলৰ বাবে ৰুদ্ৰমাদেৱী নামৰ টেলিভিচন ধাৰাবাহিক এখন নিৰ্মাণ কৰিছিল।[10]

তথ্য উৎস[সম্পাদনা কৰক]

টোকা

  1. One ancient inscription discovered in 1994 suggests that Rudrama Devi died in battle at Chandupatla village on 27 November 1289 but more recent reliable sources make no mention of this and some sources claim she died in 1295.[5][7] Two sculpture discovered in 2017 may possibly confirm the 1289 location and date.[8]

উদ্ধৃতি

  1. Ramusack, Barbara N.; Sievers, Sharon L. (1999). Women in Asia: Restoring Women to History. Indiana University Press. পৃষ্ঠা. 37. ISBN 978-0-25321-267-2. https://books.google.com/books?id=CNi9Jc22OHsC&pg=PA37. 
  2. Talbot, Cynthia (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃষ্ঠা. 158. ISBN 978-0-19516-661-6. https://books.google.com/books?id=HSfoCwAAQBAJ. 
  3. 3.0 3.1 3.2 Smith, Bonnie G. (2008). The Oxford Encyclopedia of Women in World History. 1. Oxford University Press, USA. পৃষ্ঠা. 612. ISBN 978-0-19514-890-9. https://books.google.com/books?id=EFI7tr9XK6EC&pg=RA1-PA612. 
  4. Talbot, Cynthia (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃষ্ঠা. 155–156. ISBN 978-0-19513-661-6. https://books.google.com/books?id=HSfoCwAAQBAJ. 
  5. 5.0 5.1 Talbot, Cynthia (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃষ্ঠা. 273. ISBN 978-0-19513-661-6. https://books.google.com/books?id=HSfoCwAAQBAJ. 
  6. Talbot, Cynthia (2001). Precolonial India in Practice: Society, Region, and Identity in Medieval Andhra. Oxford University Press. পৃষ্ঠা. 133–134. ISBN 978-0-19513-661-6. https://books.google.com/books?id=HSfoCwAAQBAJ. 
  7. Reddy, T. Karnakar (20 November 2014). "Govt urged to observe death anniversary of Rani Rudrama Devi". The Hindu. http://www.thehindu.com/news/national/telangana/govt-urged-to-observe-death-anniversary-of-rani-rudrama-devi/article6618762.ece. 
  8. Venkateshwarlu, K. (5 December 2017). "Two sculptures of Rani Rudrama Devi shed light on her death". The Hindu. http://www.thehindu.com/news/two-sculptures-of-rani-rudrama-devi-shed-light-on-her-death/article21268201.ece. 
  9. "Anushka to do a Tamil-Telugu period film?". Times of India. 6 October 2012. Archived from the original on 9 July 2013. https://web.archive.org/web/20130709103852/http://articles.timesofindia.indiatimes.com/2012-10-06/news-interviews/34280826_1_anushka-period-film-gunashekar। আহৰণ কৰা হৈছে: 24 November 2012. 
  10. "Rani Rudrama Devi to begin on Star Maa" (en-US ভাষাত). Telugu Cinema. https://telugucinema.com/uncategorized/rani-rudrama-devis-journey-to-begin-on-star-maa-from-18th-jan। আহৰণ কৰা হৈছে: 2021-01-16.