সমললৈ যাওক

ৰূপালী গাঙ্গুলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰূপালী গাংগুলীৰ পৰা পুনঃনিৰ্দেশিত)
ৰূপালী গাঙ্গুলী

২০২৪ চনত গাঙ্গুলী
জন্ম ০৫ এপ্ৰিল, ১৯৭৭ (৪৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী
  • ৰাজনীতিবিদ
সক্ৰিয় হৈ থকা সময় ১৯৮৫–বৰ্তমান
জনা যায়
  • Sarabhai vs Sarabhai
  • অনুপমা
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি (২০২৪–বৰ্তমান)
দাম্পত্যসঙ্গী Ashwin K Verma (বি. ২০১৩)
সন্তান
আত্মীয়-স্বজন বিজয় গাঙ্গুলী (ভাতৃ)


ৰূপালী গাঙ্গুলী (জন্ম ৫ এপ্ৰিল ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন জগতত কাম কৰে।[1] হিন্দী টেলিভিছনত নাৰীৰ চৰিত্ৰ উপস্থাপনৰ ধাৰণাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আগভাগ লোৱা অভিনেত্ৰী হিচাপে তেওঁ বিশেষভাৱে পৰিচিত।[2][3] ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা টেলিভিছন অভিনেত্ৰীসকলৰ অন্যতম,[4] গাঙ্গুলী বিশেষকৈ ছিটকম Sarabhai vs Sarabhai (২০০৪–২০০৬)ত মণিষা সিং সাৰাভাই আৰু নাট্য ধাৰাবাহিক অনুপমা (২০২০–বৰ্তমান)ত অনুপমা জোশী চৰিত্ৰত অভিনয়ৰ বাবে খ্যাত। তেওঁ দুটা ITA বঁটা আৰু চাৰিটা ইণ্ডিয়ান টেলি বঁটাসহ বহু সন্মান লাভ কৰিছে।[5]

অনিল গাঙ্গুলীৰ কন্যা ৰূপালীয়ে সাত বছৰ বয়সতেই পিতৃৰ পৰিচালিত ছবি চাহেব (১৯৮৫)ৰ জৰিয়তে অভিনয় আৰম্ভ কৰে।[6] তেওঁ পিতৃ পৰিচালিত বঙালী ছবি বলিদান (১৯৯০)ত তাপস পালৰ বিপৰীতে অভিনয় কৰে, যিখন ব্যাৱসায়িকভাৱে অতি সফল হৈছিল।[7] তথাপি বঙালী চলচ্চিত্ৰ জগতত তেওঁ দীৰ্ঘম্যাদী সফলতা লাভ কৰিব নোৱাৰিলে। পিছলৈ তেওঁ চিকিৎসা-নাট্য ধাৰাবাহিক সঞ্জীৱনী: এ মেডিকেল বুন (২০০৩–২০০৫)ত ড° সিমৰণ চোপ্ৰা চৰিত্ৰৰ জৰিয়তে বিশেষ পৰিচিতি লাভ কৰে। ২০০৬ চনত তেওঁ বিগ বচ ১ত অংশগ্ৰহণ কৰে। তাৰ পিছত এক পেকেট উমিদ, পৰবাৰিশ – কুছ খট্টে কুছ মিঠী আদি সফল ধাৰাবাহিকত অভিনয় কৰি সাত বছৰৰ বাবে অভিনয়ৰপৰা বিৰতি লৈ পুনৰ অনুপমাৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰে।[8]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

ৰূপালী গাঙ্গুলীৰ জন্ম ৫ এপ্ৰিল ১৯৭৭ তাৰিখে মুম্বাই, মহাৰাষ্ট্ৰত এটা বাঙালী হিন্দু পৰিয়ালত হয়।[9] তেওঁৰ পিতৃ অনিল গাঙ্গুলী এগৰাকী পৰিচালক আৰু চিত্ৰনাট্যকাৰ আছিল, আৰু ভাতৃ বিজয় গাঙ্গুলী এগৰাকী কোৰিঅ’গ্ৰাফাৰ। তেওঁ হোটেল মেনেজমেণ্ট আৰু নাট্যকলাৰ অধ্যয়ন কৰিছিল।[10]

কেৰিয়াৰ

[সম্পাদনা কৰক]

গাঙ্গুলীয়ে সাত বছৰ বয়সতেই পিতৃ পৰিচালিত ছবি চাহেব (১৯৮৫)ৰ জৰিয়তে শিশুশিল্পী হিচাপে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তাৰ পিছত তেওঁ পিতৃ পৰিচালিত বঙালী ছবি বলিদান (১৯৯০)ত তাপস পালৰ বিপৰীতে অভিনয় কৰে।[7] এই ছবিখন ব্যৱসায়িকভাৱে অতি সফল হৈছিল। তথাপিও ছবিখনৰ সফলতাৰ পিছতো গাঙ্গুলীয়ে বঙালী চলচ্চিত্ৰ জগতত দীৰ্ঘম্যাদী কেৰিয়াৰ গঢ়ি তুলিবলৈ ব্যৰ্থ হয়। ২০০০ চনত তেওঁ টেলিভিছন ধাৰাবাহিক সুকন্যাৰ জৰিয়তে দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে আৰু তাৰ পিছত সঞ্জীৱনী আৰু ভাভী আদিতো অভিনয় কৰে।[11]

২০০৪ চনৰ পৰা ২০০৬ চনলৈ প্ৰচাৰিত কাল্ট ছিটকম সাৰাভাই বনাম সাৰাভাইত উচ্চবিত্ত সমাজত বিবাহিত মধ্যবিত্ত যুৱতী মনিষা সাৰাভাই চৰিত্ৰত অভিনয় কৰি গাঙ্গুলীয়ে ব্যাপক জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। এই ধাৰাবাহিকখনত তেওঁ কফ পেৰেডত বাস কৰা এটা উচ্চবিত্ত পৰিয়ালৰ বোৱাৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ২০০৬ চনৰ নৱেম্বৰ মাহত তেওঁ ৰিয়েলিটি শ্ব’ বিগ বচ ১ত অংশগ্ৰহণ কৰে আৰু দশম সপ্তাহত শ্ব’খনৰ পৰা বহিষ্কৃত হয়।[12]

গাঙ্গুলীয়ে তেওঁৰ কৰ্মজীৱনত বহু হিন্দী নাট্যমঞ্চৰ নাটকত অংশগ্ৰহণ কৰিছে। তেওঁৰ উল্লেখযোগ্য নাটকসমূহৰ ভিতৰত অ’ই কি গাৰ্ল হে’ন, চেলফি আৰু পাট্টে খুল গয়ে উল্লেখযোগ্য। ২০০৯ চনত তেওঁ কালাৰ্চ টিভিৰ ষ্টান্ট-ভিত্তিক ৰিয়েলিটি শ্ব’ ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ২-ত অংশগ্ৰহণ কৰে।[13] ২০০৮ চনত তেওঁ এনিমেচন ছবি দশাৱতাৰত কণ্ঠদান কৰে।[14] ২০০০ চনত তেওঁ মুম্বাইত এটা বিজ্ঞাপন সংস্থা প্ৰতিষ্ঠা কৰে।[10]

২০২০ চনৰ পৰা গাঙ্গুলীয়ে ষ্টাৰ প্লাছ চেনেলৰ নাট্য ধাৰাবাহিক অনুপমাত মুখ্য চৰিত্ৰ অনুপমাৰ ভূমিকাত অভিনয় কৰি আহিছে। ২০২২ চনত তেওঁ নিজৰ চলিত ধাৰাবাহিক অনুপমাৰ প্ৰিকুৱেল ৱেব শৃংখলা অনুপমা: নমস্তে আমেৰিকাৰ জৰিয়তে ডিজিটেল মাধ্যমত আত্মপ্ৰকাশ কৰে, যিখন Disney+ Hotstar-ত মুক্তি পায়।[15]

ধাৰাবাহিক অনুপমাত দিয়া তেওঁৰ তীব্ৰ সংলাপ “ঘুম ঘুমকে মাৰুংগী” সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হয়।[16] অনুৰাগীসকলে তেওঁৰ সংলাপ প্ৰদৰ্শনক বলিউড অভিনেতা ছানি দেউলৰ সৈতে তুলনা কৰি তেওঁক “ছানি দেউল প্ৰ মেক্স” বুলি আখ্যা দিয়ে আৰু সামাজিক মাধ্যমত ব্যাপকভাৱে ভিডিঅ’ ক্লিপসমূহ শ্বেয়াৰ কৰে।[17]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

গাঙ্গুলীয়ে ২০২৪ চনত ৰাজনৈতিক জীৱন আৰম্ভ কৰে। তেওঁ ১ মে’ ২০২৪ তাৰিখে দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[18] বিজেপিত যোগদান কৰাৰ পিছত তেওঁ কয়, “বিজেপিত সকলোকে আকৰ্ষণ কৰা একমাত্ৰ ব্যক্তিত্ব হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উন্নয়নৰ এই ‘মহাযজ্ঞ’ দেখি মোৰো ইয়াত অংশ ল’ব মন যায়।”[19][20]

সংবাদ মাধ্যমত

[সম্পাদনা কৰক]

টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ২০২৩ চনত তেওঁ ভাৰতীয় দূৰদৰ্শনৰ আটাইতকৈ বেছি উপাৰ্জন কৰা অভিনেত্ৰী আছিল।[21][22] গাঙ্গুলী পৰ্দাত শক্তিশালী চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে জনপ্ৰিয়।[23] ইষ্টাৰ্ণ আই-ৰ “টপ ৫০ এছিয়ান ষ্টাৰ” তালিকাত তেওঁ ২০২২ চনত ২৯তম আৰু ২০২৪ চনত ১৬তম স্থান লাভ কৰে।[24][25] ২০২৩ চনত তেওঁ ভোকেল ফৰ লোকেল অভিযানৰ এক বিজ্ঞাপনত নিজৰ অনুপমা সহ-অভিনেতা গৌৰৱ খান্নাৰ সৈতে অংশগ্ৰহণ কৰে।[26] একে বছৰতে তেওঁ টাইমছ নাও-ৰ “জনপ্ৰিয় দূৰদৰ্শন অভিনেত্ৰী” তালিকাত পঞ্চম স্থান লাভ কৰে।[27]

২০২৪ চনৰ নৱেম্বৰত ৰূপালী গাঙ্গুলীয়ে নিজৰ সোঁতনী জীয়েক ইশা ভাৰ্মাৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰে।[28] ইশা ভাৰ্মাই নিজৰ সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি অভিযোগ তোলে যে তেওঁৰ পিতৃ অশ্বিন কে ভাৰ্মাই তেওঁৰ মাতৃক হাৰাস কৰিছিল।[29] মানহানি গোচৰ ৰুজু হোৱাৰ পিছত ইশাই নিজৰ সামাজিক মাধ্যমৰ পৰা সেই পোষ্ট মচি পেলায়।[30]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৰূপালী গাঙ্গুলীয়ে ৬ ফেব্ৰুৱাৰী ২০১৩ তাৰিখে ব্যৱসায়ী অশ্বিন কে. ভাৰ্মাক বিয়া কৰে। দম্পতীৰ এটি পুত্ৰ সন্তান আছে, যাৰ জন্ম ২৫ আগষ্ট ২০১৩।[31]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

ৰূপালী গাঙ্গুলীয়ে অনুপমাৰ বাবে দহটা মনোনয়নৰ ভিতৰত দুটা আইটিএ বঁটা লাভ কৰিছে।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chat with Khiladi Rupali Ganguly!". Rediff.com Movies. 15 September 2009. Archived from the original on 11 September 2018. https://web.archive.org/web/20180911033819/http://movies.rediff.com/movies/2009/sep/15/chat-with-rupali-ganguly.html। আহৰণ কৰা হৈছে: 2 February 2011. 
  2. "Shahid Kapoor laughs as fan page recreates Anupamaa's 'aapko kya' scene with him". Hindustan Times. 2022-08-31. https://www.hindustantimes.com/entertainment/bollywood/shahid-kapoor-laughs-as-fan-page-recreates-anupamaa-s-aapko-kya-scene-with-him-101661943694121.html। আহৰণ কৰা হৈছে: 2024-01-13. 
  3. "Rupali Ganguly becomes the viral sensation as Anupama dialogue takes Bollywood and internet by storm". The Times of India. 2022-09-01. https://timesofindia.indiatimes.com/tv/news/hindi/rupali-ganguly-becomes-the-viral-sensation-as-anupama-dialogue-takes-bollywood-and-internet-by-storm/articleshow/93922272.cms. 
  4. "Kapil Sharma to Hina Khan, 10 highest-paid Indian TV actors who charge a hefty amount per episode". GQ India. 30 June 2022. https://www.gqindia.com/entertainment/content/kapil-sharma-to-ram-kapoor-10-highest-paid-indian-tv-actors-who-charge-a-hefty-amount-per-episode. 
  5. "Anupamaa: Rupali Ganguly is set to surprise audience with her new makeover". https://timesofindia.indiatimes.com/videos/tv/hindi/anupamaa-rupali-ganguly-is-set-to-surprise-audience-with-her-new-makeover/videoshow/79666054.cms. 
  6. "My brother Vijay and I acted as child artistes in Saaheb...". The Times of India. 2022-02-09. https://timesofindia.indiatimes.com/tv/news/hindi/my-brother-vijay-and-i-acted-as-child-artistes-in-saaheb-i-grew-up-to-be-an-actress-and-he-a-choreographer-rupali-ganguly/articleshow/89429884.cms. 
  7. 7.0 7.1 "বলিদান (১৯৯০)". https://banglacinema100.com/movie-details/TDJoalRHczJPSFp5WlRWeWJreHhjMWt3YTJsMVVUMDk=। আহৰণ কৰা হৈছে: 2025-04-14. 
  8. "Women find Akshay tough, real & simply super!". The Times of India. 9 August 2009. http://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Women-find-Akshay-tough-real-simply-super/articleshow/4871197.cms. 
  9. "Anupamaa actor Rupali Ganguly's family plans distanced birthday...". 6 April 2021. https://indianexpress.com/article/entertainment/television/rupali-gangulys-family-plans-distanced-but-sweet-birthday-celebration-after-she-tests-positive-for-covid-19-watch-videos-7260025/. 
  10. 10.0 10.1 "Rupali Ganguly may tie the knot". DNA. http://www.dnaindia.com/entertainment/report_rupali-ganguly-may-tie-the-knot_1101926. 
  11. "Cast of Sarabhai vs Sarabhai: Where are they now?" (en ভাষাত). The Indian Express. 14 April 2020. https://indianexpress.com/article/entertainment/television/sarabhai-vs-sarabhai-star-bharat-satish-shah-ratna-pathak-shah-6350995/। আহৰণ কৰা হৈছে: 5 February 2021. 
  12. "Rupali Ganguly, Rimi Sen: Popular TV celebs who failed to create an impact in Bigg Boss". The Times of India. 11 December 2021. https://timesofindia.indiatimes.com/tv/news/hindi/rupali-ganguly-rimi-sen-popular-tv-celebs-who-failed-to-create-an-impact-in-bigg-boss/photostory/88211652.cms. 
  13. "Akshay madness spreads over". The Times of India. 16 September 2009. https://timesofindia.indiatimes.com/entertainment/filmi-parties/bollywood/Akshay-madness-spreads-over/articleshow/5013984.cms. 
  14. "Shatrughan Sinha gives narration for animation film 'Dashavatar'". DNA. 14 December 2007. http://www.dnaindia.com/entertainment/report_shatrughan-sinha-gives-narration-for-animation-film-dashavatar_1139196. 
  15. "Rupali Ganguly all set to make her OTT debut with her ongoing hit show Anupamaa's prequel web series titled "Anupamaa: Namaste America". Know the details inside." (en ভাষাত). Jagran English. April 2022. https://english.jagran.com/entertainment/anupamaas-prequel-set-to-release-on-ott-rupali-ganguly-to-narrate-special-kahaani-watch-teaser-10041481। আহৰণ কৰা হৈছে: 5 April 2022. 
  16. "Rupali Ganguly’s ‘ghuma ghumake marungi’ dialogue from TV show Anupamaa goes viral; fans call her ‘Sunny Deol pro max’". The Times of India. 2026-01-30. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/rupali-gangulys-ghuma-ghumake-marungi-dialogue-from-tv-show-anupamaa-goes-viral-fans-call-her-sunny-deol-pro-max/articleshow/127791384.cms. 
  17. "Anupamaa’s ‘Ghuma Ke Maarungi’ outburst goes viral, fans say ‘Sunny Deol ka female version mil gaya’" (en ভাষাত). The Indian Express. 2026-01-30. https://indianexpress.com/article/entertainment/television/anupamaas-ghuma-ke-maarungi-outburst-goes-viral-fans-say-sunny-deol-ka-female-version-10503196/। আহৰণ কৰা হৈছে: 2026-01-30. 
  18. "Anupamaa actor Rupali Ganguly joins BJP: 'I feel I should also be a part of this Mahayagya'" (en ভাষাত). Hindustan Times. 1 May 2024. https://www.msn.com/en-in/entertainment/other/anupamaa-actor-rupali-ganguly-joins-bjp-i-feel-i-should-also-be-a-part-of-this-mahayagya/ar-AA1nXXAM। আহৰণ কৰা হৈছে: 1 May 2024. 
  19. "Anupamaa actor Rupali Ganguly joins BJP: Every Indian wants to join Modi sena" (en ভাষাত). India Today. 1 May 2024. https://www.indiatoday.in/elections/lok-sabha/story/rupali-ganguly-joins-bjp-lok-sabha-polls-2024-2533859-2024-05-01। আহৰণ কৰা হৈছে: 1 May 2024. 
  20. The Hindu (1 May 2024). "Anupamaa actor Rupali Ganguly joins BJP, says impressed by PM Modi's work" (en-IN ভাষাত). https://www.thehindu.com/elections/lok-sabha/anupamaa-actor-rupali-ganguly-astrologer-ameya-joshi-join-bjp/article68128141.ece. 
  21. "Kapil Sharma to Rupali Ganguly, 10 highest-paid Indian TV actors who charge a hefty amount per episode". টাইমছ অৱ ইণ্ডিয়া. 15 July 2023. https://timesofindia.indiatimes.com/tv/news/hindi/from-rupali-ganguly-to-kapil-sharma-meet-the-highest-paid-artists-on-television/etphotostory/101778665.cms। আহৰণ কৰা হৈছে: 22 September 2023. 
  22. "Meet the 7 highest paid actors and actresses on Indian television right now". GQ India. 20 September 2023. https://www.gqindia.com/content/meet-the-highest-paid-actors-and-actresses-on-indian-television-right-now. 
  23. "Rubina Dilaik to Rupali Ganguly: TV actresses who played path-breaking and powerful roles on-screen!" (en ভাষাত). টাইমছ অৱ ইণ্ডিয়া. 4 March 2021. https://timesofindia.indiatimes.com/tv/news/hindi/rubina-dilaik-to-rupali-ganguly-tv-actresses-who-played-path-breaking-and-powerful-roles-on-screen/etphotostory/81330200.cms। আহৰণ কৰা হৈছে: 26 March 2022. 
  24. Asjad Nazir (18 December 2022). "Entertainment: Top 50 Asian Stars of 2022" (en ভাষাত). ইষ্টাৰ্ণ আই. https://www.easterneye.biz/top-50-asian-stars-of-2022/। আহৰণ কৰা হৈছে: 28 December 2022. 
  25. "Top 50 Asian stars of 2024". ইষ্টাৰ্ণ আই. 13 December 2024. https://www.easterneye.biz/top-50-asian-stars-of-2024/. 
  26. "PM Modi promotes 'vocal for local', Internet says 'women only listen to Anupamaa'". ইণ্ডিয়া টুডে. 6 November 2023. https://www.indiatoday.in/television/celebrity/story/pm-narendra-modi-vocal-for-local-ad-anupamaa-rupali-ganguly-gaurav-khanna-2458917-2023-11-06. 
  27. "9 Indian TV actresses who are more famous than Bollywood Stars". টাইমছ নাও. 23 May 2023. https://www.timesnownews.com/web-stories/entertainment/9-indian-tv-actresses-who-are-more-famous-than-bollywood-stars/photostory/100432740.cms. 
  28. "Anupamaa Star Rupali Ganguly Files Rs 50 Crore Defamation Suit Against Stepdaughter Esha Verma Over Alleged False Claims" (en ভাষাত). Bru Times News. https://www.brutimes.com/news/entertainment/anupamaa-star-rupali-ganguly-files-rs-50-crore-defamation-suit-against-stepdaughter-esha-verma-over-alleged-false-claims. 
  29. "Rupali Ganguly's stepdaughter Esha claims actor hit her mom, calls dad 'very abusive man'". Hindustan Times. 6 November 2024. https://www.hindustantimes.com/entertainment/tv/rupali-ganguly-stepdaughter-esha-verma-claims-actor-hit-her-mom-ashwin-verma-very-abusive-man-101730864047564.html. 
  30. "Rupali Ganguly faces backlash after stepdaughter deletes post against her following legal notice" (en-IN ভাষাত). টাইমছ অৱ ইণ্ডিয়া. 13 November 2024. https://www.indiatimes.com/entertainment/celebs/rupali-ganguly-faces-backlash-after-stepdaughter-esha-verma-deletes-post-following-legal-notice-645798.html. 
  31. "Rupali Ganguly gets married". 6 February 2013. https://www.indiatoday.in/movies/celebrities/story/rupali-ganguly-gets-married-153424-2013-02-06.