সমললৈ যাওক

ৰূপা বাঈ ফুৰডুনজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰূপা বাঈ ফুৰডুনজী
জন্ম হাইদৰাবাদ, ভাৰত
মৃত্যু হাইদৰাবাদ, ভাৰত
পেচা এনাস্থেটিষ্ট


ৰূপা বাঈ ফুৰডুনজী (ইংৰাজী: Rupa Bai Furdoonji ) এগৰাকী ভাৰতীয় পাৰ্চী চিকিৎসক আছিল যি বিশ্বৰ প্ৰথম মহিলা এনাস্থেটিষ্ট আছিল।[1] হায়দৰাবাদত চিকিৎসা বিজ্ঞানৰ চৰ্চা কৰিছিল আৰু ভাৰতত ক্ল'ৰফৰ্মক এনাস্থেটিক হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল৷[1]

আৰম্ভণি জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৮৮৫ চনত ফুৰডুনজীয়ে পঢ়া-শুনা আৰম্ভ কৰে আৰু হায়দৰাবাদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তি কৰা পাঁচগৰাকী মহিলাৰ ভিতৰত অন্যতম।[1] ১৮৮৯ চনত মেডিকেল ডাক্তৰৰ সমতুল্য হাকিম ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত বাল্টিমোৰৰ জনছ হপকিন্স হাস্পতালৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে।[2][1][3] ১৯০৯ চনত এনি বেছাণ্টৰ উৎসাহত ফুৰডুনজীয়ে এনাস্থেটিকৰ অধিক অভিজ্ঞতা আৰু জ্ঞান আহৰণৰ বাবে স্কটলেণ্ডৰ এডিনবাৰ্গলৈ যায়। তাত তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত ডিপ্লমা লাভ কৰে কাৰণ কোনো বিশেষ পাঠ্যক্ৰমত এনাস্থেটিকৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল।[1] তেওঁ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিবলৈ বাছি লৈছিল কাৰণ এই বিষয়সমূহৰ জ্ঞান এনাস্থেটিক চম্ভালি লোৱা চিকিৎসকসকলৰ বাবে উপযোগী বুলি বিবেচিত হৈছিল।[1]

১৮৮৮ আৰু ১৮৯১ চনত অনুষ্ঠিত হোৱা প্ৰথম আৰু দ্বিতীয় হায়দৰাবাদ ক্ল’ৰফৰ্ম কমিছনত ফুৰদুনজী আছিল এক প্ৰভাৱশালী কণ্ঠ। ১৮৮৯ চনৰ পৰা ১৯১৭ চনলৈকে ব্ৰিটিছ ৰেচিডেন্সি হস্পিতাল (বৰ্তমানৰ চুলতান বজাৰ হাস্পতাল), আফজালগুঞ্জ হাস্পতাল (বৰ্তমানৰ ওছমানিয়া জেনেৰেল হস্পিতাল) আৰু হায়দৰাবাদৰ ভিক্টোৰিয়া জেনানা মেটাৰ্নিটি হস্পিতালত এনাস্থেচিয়া প্ৰদান কৰিছিল। ১৯২০ চনত হায়দৰাবাদৰ চাদৰঘাট হাস্পতালৰ অধীক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে।[1][4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]