ৰূপা ভৱানী
মাতা ৰূপা ভৱানী (ইংৰাজী: Mata Rupa Bhawani; জন্ম: ১৬২১ – ১৭২১; জন্ম নাম: অলখেশ্বৰী) এগৰাকী কাশ্মীৰী কবি আছিল।[1] ভৱানী সোতৰ শতিকাৰ এগৰাকী হিন্দু সন্ত আছিল যিয়ে বৰ্তমানৰ কাশ্মীৰ উপত্যকাত বাস কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]তেওঁ সোতৰ শতিকাৰ আৰম্ভণিতে নৱাকাদলৰ (বৰ্তমান শ্ৰীনগৰ) খানকাহ-ই-শোকতাৰ বাসিন্দা পণ্ডিত মাধৱ জু ধৰৰ কন্যা আছিল। তেওঁৰ পিতৃয়েই তেওঁক যোগ সাধনাৰ সৈতে চিনাকি কৰাই দিছিল।[2]
মৌখিক আৰু লিখিত কিংবদন্তি অনুসৰি মাধৱ জু ধৰ মাতা শাৰিকাৰ (কালী) এজন পৰম ভক্ত আছিল। তেওঁ প্ৰতিদিনে হৰি পৰ্বতত অৱস্থিত দেৱীৰ মন্দিৰ দৰ্শন কৰি এগৰাকী কন্যা সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল। ১৬২১ চনৰ জ্যৈষ্ঠ মাহৰ পূৰ্ণিমা তিথিত ভৱানীৰ জন্ম হয়। অৱশ্যে বিভিন্ন বিৱৰণত তেওঁৰ জন্মৰ চন ১৬২০ চনৰপৰা ১৬২৪ চনৰ ভিতৰত বুলি ভিন ভিন মত পোৱা যায়। ভৱানীয়ে পিতৃৰ পথ অনুসৰণ কৰি ঈশ্বৰ আৰু আধ্যাত্মিকতাৰ সন্ধানত ব্ৰতী হৈছিল।
ধৰ্মীয় জীৱন
[সম্পাদনা কৰক]কম বয়সতে বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো তেওঁ প্ৰায়ে মাজনিশা হৰি পৰ্বতলৈ গৈ সাধনা কৰিছিল। এগৰাকী মহিলা অকলশৰে বাহিৰলৈ ওলাই যোৱাক লৈ সেই সময়ত প্ৰশ্ন উত্থাপন হৈছিল। তেওঁৰ শাহুৱেক আৰু স্বামীয়ে তেওঁৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল। অৱশেষত ঈশ্বৰৰ সন্ধানত তেওঁ স্বামীগৃহ ত্যাগ কৰে।
ভৱানীয়ে জম্মু-কাশ্মীৰৰ গাণ্ডেৰবাল জিলাৰ চশমে শ্বাহবী, মণিগ্ৰাম, লাৰ আৰু ভাস্কুৰাত নিৰ্জনতাত সাধনা কৰিছিল। চাফা কাদলত থকা তেওঁৰ জন্মস্থানৰ লগতে এই স্থানসমূহ এতিয়া ‘ৰূপা ভৱানী আস্থান’ হিচাপে জনাজাত।
১৭২১ খ্ৰীষ্টাব্দত মাঘ মাহৰ কৃষ্ণপক্ষৰ সপ্তমী তিথিত মাতা ৰূপা ভৱানীৰ মৃত্যু হয়। এই দিনটো ‘চাহিব সপ্তমী’ নামেৰে পৰিচিত আৰু কাশ্মীৰৰ হিন্দুসকলে এই দিনটো পালন কৰে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Rupa Bhawani". Archived from the original on 5 March 2012. https://web.archive.org/web/20120305123954/http://www.koausa.org/Saints/RupaBhawani/index.html। আহৰণ কৰা হৈছে: 17 March 2012.
- 1 2 "Saints and Sages: Rupa Bhawani". koausa.org. Archived from the original on 2018-09-15. https://web.archive.org/web/20180915101820/http://www.koausa.org/Saints/RupaBhawani/article4.html। আহৰণ কৰা হৈছে: 2018-03-20.