ৰূপৰেখা বেনাৰ্জী
ৰূপৰেখা বেনাৰ্জী (ইংৰাজী: Ruprekhay Banerjee) এগৰাকী ভাৰতীয় সংগীতকাৰ। তেওঁ ভাৰতৰ জনপ্ৰিয় টেলিভিছন শ্ব’ ফেম গুৰুকুলৰ তিনিগৰাকী চূড়ান্ত প্ৰতিযোগীৰ অন্যতম, য’ত আন দুজন আছিল ৰেক্স ডিছুজা আৰু কাজী তৌকিৰ। ২০০৫ চনৰ ২০ অক্টোবৰত তেওঁ তৌকিৰৰ সৈতে শীৰ্ষ পুৰস্কাৰ লাভ কৰে।[1]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০০৫ চনত চনী টিভিৰ উদ্যোগত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় সংগীত প্ৰতিযোগিতা মুম্বাই ফেম গুৰুকুলৰ বিজয়ী হয়। বিচাৰক জাভেদ আখতাৰ, কে কে আৰু শংকৰ মহাদেৱনে তেওঁক বিভিন্ন পৰ্যায়ত মূল্যায়ন কৰিছিল।[2]
২০০৬ চনত জো জীতা ৱহী ছুপাৰ ষ্টাৰৰ বিশেষ খণ্ডৰ বাবে নিৰ্বাচিত হয়। এই প্ৰতিযোগিতাৰ বিচাৰক আছিল বিশাল দাদলানী, শেখৰ ৰবিজানী আৰু ফাৰাহ খান।[3]
২০০৭ চনত ভোজপুৰী, আৰু বাংলা আদি আঞ্চলিক ভাষাত ৰেকৰ্ডিং আৰম্ভ কৰে। ফেম গুৰুকুলৰ পিছত অহৰহ কাম কৰি বহু সংগীত পৰিচালকৰ সৈতে গীত ৰেকৰ্ডিং কৰি আহিছে। তেওঁ কেৱল বাংলা ভাষাতে নহয়, হিন্দী, ভোজপুৰী আৰু গুজৰাটী ভাষাৰ চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত বাণীবদ্ধ কৰিছে। বিক্ৰম ঘোষ, অশোক ভদ্ৰা, শংকৰ মহাদেৱন, ইন্দ্ৰজিৎ দে, নবীন চট্টোপাধ্যায়, ৰাজু মুখাৰ্জী, প্ৰসেনজিত চেটাৰ্জী, অৰূপ ওম, জয় চৰকাৰ, ৰূপাংকৰ বাগচী, গৌতম ঘোষাল, ইন্দ্ৰদীপ দাসগুপ্ত, সুভদীপ চেটাৰ্জী আৰু পূৰ্বায়ন চেটাৰ্জীকে ধৰি বহুতে সংগীত পৰিচালকৰ সৈতে কাম কৰিছে।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Qazi, Ruprekha clinch Fame Gurukul contest". Indiaglitx. Archived from the original on 1 January 2006. https://web.archive.org/web/20060101161904/http://www.indiaglitz.com/channels/hindi/article/17597.html। আহৰণ কৰা হৈছে: 28 June 2013.
- ↑ "Biography :Ruprekha Banerjee". ruprekhasinger.com. Archived from the original on 16 September 2013. https://web.archive.org/web/20130916010429/http://www.ruprekhasinger.com/adver/109221abouther.html। আহৰণ কৰা হৈছে: 28 June 2013.
- ↑ 3.0 3.1 "Milestones". ruprekhasinger.com. Archived from the original on 17 September 2013. https://web.archive.org/web/20130917030923/http://www.ruprekhasinger.com/adver/109221mile_stone.html। আহৰণ কৰা হৈছে: 28 June 2013.