ৰেখা জৈন
| ৰেখা জৈন | |
|---|---|
| জন্ম | ৰেখা গোৱেল ২৪ ছেপ্টেম্বৰ, ১৯২৪ আগ্ৰা, ব্ৰিটিছ ভাৰত |
| মৃত্যু | ২০১০ (বয়স ৮৫–৮৬) দিল্লী, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰত |
| পেচা | শিশুনাট পৰিচালক |
| সক্ৰিয় হৈ থকা সময় | ১৯৫৬- ২০১০ |
| দাম্পত্যসঙ্গী | নেমিচন্দ্ৰ জৈন |
| সন্তান | কীৰ্তি জৈনক ধৰি ৪ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | সংগীত নাটক একাডেমী বঁটা (২০০৬); উত্তৰ প্ৰদেশ সংগীত নাটক একাডেমী বঁটা |
ৰেখা জৈন (ইংৰাজী: Rekha Jain ; ১৯২৪–২০১০) এগৰাকী ভাৰতীয় শিশু নাট্যকাৰ, পৰিচালক, আৰু লোকসংগীত বিশেষজ্ঞ। শিশুৰ বাবে নাটকৰ উপৰিও ভাৰতীয় লোকসংগীত আৰু লোকনৃত্যৰ ওপৰতো প্ৰবন্ধ আৰু সমালোচনা লিখিছে। হিন্দী একাডেমী, সাহিত্য কলা পৰিষদ, উত্তৰ প্ৰদেশ সংগীত নাটক অকাডেমী, দিল্লী নাট্য সংঘ, দিল্লী ৰটাৰী ক্লাব, সাহিত্য সম্মান, দিল্লী হিন্দী একাডেমী আদিৰ পৰা বঁটা লাভ কৰিছে। ২০০৬ চনত সংগীত নাটক একাডেমীয়ে সামগ্ৰিক অৱদানৰ বাবে তেওঁক সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰে।
জীৱনী
[সম্পাদনা কৰক]১৯২৪ চনৰ ২৮ ছেপ্টেম্বৰত ৰেখা গোৱেল নামেৰে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটা ৰক্ষণশীল বনিয়া যৌথ পৰিয়ালত ৰেখা জৈনৰ জন্ম হৈছিল।[1]
১৯৩৬ চনৰ ৩ মে'ত ১২ বছৰ বয়সত ৰেখা গোৱেলে এটা ধনী ব্যৱসায়িক পৰিয়ালৰ সন্তান, কিন্তু প্ৰগতিশীল ধ্যানধাৰণাৰ আৰু মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত নেমীচন্দ্ৰ জৈনক বিয়া কৰায়।[2] পৰম্পৰাগত পদ্ধতিৰে প্ৰথমে বৈষ্ণৱ প্ৰথা আৰু পিছত জৈন ৰীতি-নীতি অনুসৰি বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। . প্ৰগতিশীল স্বামীয়ে ৰেখাক শিক্ষা গ্ৰহণ কৰিবলৈ আৰু ঘৰৰ বাহিৰৰ জীৱনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছিল। যেতিয়া তেওঁৰ স্বামী কলিকতালৈ গুচি যায় আৰু ভাৰতীয় গণনাট্য সংঘৰ কাম-কাজৰ লগত জড়িত হয়, তেতিয়া ৰেখা জৈনৰো নাটকৰ প্ৰতি আগ্ৰহ জাগে আৰু গায়ক মণ্ডলীত গীত গাবলৈ আৰম্ভ কৰে।[2] ৰেখাই তেওঁৰ স্মৃতিচাৰণত তেওঁৰ স্বামীক এজন অতি জ্ঞানী আৰু প্ৰগতিশীল পুৰুষ বুলি বৰ্ণনা কৰিছে; কিন্তু মাজেমাজে কেতিয়াবা নিজৰ ইচ্ছা পত্নীৰ ওপৰত জাপি দিছিল।[2] কলকাতাত থকাৰ সময়ত তেওঁ হিন্দী সাহিত্য আৰু হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ ডিপ্লমা কৰিছিল। তেওঁ এছিয়ান থিয়েটাৰ ইনষ্টিটিউটতো প্ৰশিক্ষণ লৈছিল।[3]
সন্মান
[সম্পাদনা কৰক]- ২০০৬: সামগ্ৰিক অৱদান (পৰিবেশ্য কলা) শিতানত সংগীত নাটক একাডেমী বঁটা।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Rekha Jain". rajkamalprakashan.com. https://rajkamalprakashan.com/author/rekha-jain?srsltid=AfmBOopSq4jMAqOheDOh8Ts-Ky43JEDLkUhwlF_01C_QdXzIq9dPvKCt। আহৰণ কৰা হৈছে: 2025-01-23.
- ↑ 2.0 2.1 2.2 Kumar, Kuldeep (2019-02-22). "Living memories" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/books/books-authors/living-memories/article26331985.ece.
- ↑ "Rekha Jain". Sangeet Natak Akademi. https://sangeetnatak.gov.in/public/uploads/awardees/docs/Rekha_Jain.pdf। আহৰণ কৰা হৈছে: 2025-01-24.