ৰেখা দীক্ষিত
সন্মানীয় ন্যায়াধীশ(অৱসৰপ্ৰাপ্ত) ৰেখা দীক্ষিত | |
|---|---|
| এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ | |
| কাৰ্যকাল ১৫ নৱেম্বৰ ২০১৬ – ৯ আগষ্ট ২০২১ | |
| মনোনয়নকৰ্তা | টি. এছ. ঠাকুৰ |
| নিয়োগকৰ্তা | প্ৰণৱ মুখাৰ্জী |
| ব্যক্তিগত তথ্য | |
| জন্ম | ১০ আগষ্ট, ১৯৫৯ (৬৬ বছৰ) |
| শিক্ষানুষ্ঠান | আগ্ৰা বিশ্ববিদ্যালয় |
ৰেখা দীক্ষিত (ইংৰাজী: Rekha Dikshit; জন্ম: ১০ আগষ্ট ১৯৫৯) ভাৰতৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ।[1] তেওঁ মহম্মদ আহমেদ খান বনাম শ্বাহ বানো বেগম (ভাৰতত মুছলমান মহিলাক ভৰণ-পোষণৰ ধন প্ৰদান সম্পৰ্কীয় বিতৰ্কিত গোচৰ)ৰ লগতে তাজ কৰিডৰ গোচৰ আৰু 'উত্তৰ প্ৰদেশ ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান'ৰ গোচৰকে ধৰি কেইবাটাও উল্লেখযোগ্য গোচৰৰ ন্যায়াধীশ হিচাপে কাম কৰি আহিছে।[2][3][4]
জীৱন
[সম্পাদনা কৰক]দীক্ষিতে আগ্ৰা বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে আৰু ১৯৮১ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[1] উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ উপদেষ্টা আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ প্ৰধান সম্পাদক হিচাপে কাম কৰা অধিবক্তা প্ৰদীপ ডুবেৰ সৈতে তেওঁৰ বিবাহ হয়।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮৪ চনত দীক্ষিতে প্ৰধান অধিবেশন ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৩ চনত জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে।[1]
১৯৮৮ চনত দীক্ষিত লক্ষ্ণৌত ন্যায়িক দণ্ডাধীশ হিচাপে কাম কৰি মহম্মদ আহমেদ খান বনাম শ্বাহ বানো বেগমৰ গোচৰৰ বিচাৰ কৰিছিল। তেওঁ ৰায় দিছিল যে শ্বাহ বানোৱে তেওঁৰ স্বামীৰ পৰা ৰক্ষণাবেক্ষণৰ ধন লাভ কৰাৰ অধিকাৰী।[2] এই ৰায়দান এলাহাবাদ উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে দৃঢ়তাৰে স্বীকাৰ কৰে আৰু পিছলৈ দ্য মুছলিম উইমেন (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন ১৯৮৬ প্ৰণয়ন কৰা হয়।[5]
দীক্ষিতে ৰায়ে বৰেলী আৰু কাণপুৰত জিলা ন্যায়াধীশ হিচাপেও কাম কৰিছিল৷ ইয়াৰ লগতে তেওঁ তাজ কৰিডৰ গোচৰ আৰু উত্তৰ প্ৰদেশ এনআৰএইচএম কেলেংকাৰীৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্ত ব্যুৰো (চি বি আই) বিশেষ আদালতত লক্ষ্ণৌত বিশেষ ন্যায়াধীশ হিচাপেও কাম কৰিছিল।[4][2][3][6]
তেওঁ ২০১৬ চনৰ ১৫ নৱেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে, আৰু ২০১৮ চনৰ ২৩ মাৰ্চত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।[1][7][8]
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দীক্ষিতে উত্তৰ প্ৰদেশ চৰকাৰক উত্তৰ প্ৰদেশৰ চিকিৎসা বিদ্যালয়ত উত্তৰ প্ৰদেশৰ বাহিৰৰ ৰাজ্যৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত বৈষম্যমূলক অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।[9] ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কৰ্মীয়ে ২০১৫ চনৰ দাদ্ৰী গণপ্ৰহাৰৰ তদন্ত কেন্দ্ৰীয় তদন্ত সংস্থালৈ হস্তান্তৰ কৰিবলৈ দিয়া আবেদনৰ অনুমতিক নাকচ কৰিছিল। উত্তৰ প্ৰদেশ আৰক্ষীৰ তদন্তত গণপ্ৰহাৰৰ সূচনা কৰা উৰাবাতৰিবোৰ মিছা বুলি প্ৰকাশ পোৱাৰ পিছত এই ঘটনাটো ঘটিছিল।[10][11] ২০২১ চনৰ ৯ আগষ্টত ৰেখা দীক্ষিতে অৱসৰ গ্ৰহণ কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Hon'ble Mrs. Justice Rekha Dikshit". Allahabad High Court. http://www.allahabadhighcourt.in/service/judgeDetail.jsp?id=249#:~:text=Date%20of%20Retirement&text=Graduated%20in%20Law%20from%20Agra,Judge%20on%20Nov%2015%2C%202016..
- ↑ 2.0 2.1 2.2 2.3 Subhash Mishra (17 Nov 2016). "Indian Navy: High court new judge set benchmark with Shah Bano verdict | Lucknow News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/lucknow/High-court-new-judge-set-benchmark-with-Shah-Bano-verdict/articleshow/55468248.cms। আহৰণ কৰা হৈছে: 2020-11-05.
- ↑ 3.0 3.1 "NRHM: 3rd chargesheet filed, PSU boss, 2 firm owners named" (en ভাষাত). The Indian Express. 2012-04-06. https://indianexpress.com/article/cities/lucknow/nrhm-3rd-chargesheet-filed-psu-boss-2-firm-owners-named/। আহৰণ কৰা হৈছে: 2020-11-05.
- ↑ 4.0 4.1 "Taj Corridor case hearing deferred till May 23" (en ভাষাত). DNA India. 2007-05-15. https://www.dnaindia.com/india/report-taj-corridor-case-hearing-deferred-till-may-23-1096926। আহৰণ কৰা হৈছে: 2020-11-05.
- ↑ "What is Shah Bano case?" (en ভাষাত). The Indian Express. 2017-08-23. https://indianexpress.com/article/what-is/what-is-shah-bano-case-4809632/। আহৰণ কৰা হৈছে: 2020-11-05.
- ↑ "Seven judicial officers get new postings in Uttar Pradesh". Business Standard India. Press Trust of India. 2012-08-18. https://www.business-standard.com/article/pti-stories/seven-judicial-officers-get-new-postings-in-uttar-pradesh-112081800174_1.html.
- ↑ "Supreme Court collegium recommends names of 37 additional high court judges for appointment". Firstpost. 2018-02-24. https://www.firstpost.com/india/supreme-court-collegium-recommends-names-of-37-additional-high-court-judges-for-appointment-4364885.html। আহৰণ কৰা হৈছে: 2020-11-05.
- ↑ "Allahabad High Court gets 11 more judges" (en-IN ভাষাত). The Hindu. 2016-11-13. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/Allahabad-High-Court-gets-11-more-judges/article16443787.ece.
- ↑ "Allahabad High Court asks UP to 'look into discrimination against medical students from outside'". Firstpost. 2017-05-16. https://www.firstpost.com/india/allahabad-high-court-asks-up-to-look-into-discrimination-against-medical-students-from-outside-3448544.html। আহৰণ কৰা হৈছে: 2020-11-05.
- ↑ Staff Reporter (2016-11-17). "Allahabad HC dismisses petition for CBI probe into Dadri lynching" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Delhi/Allahabad-HC-dismisses-petition-for-CBI-probe-into-Dadri-lynching/article16644005.ece.
- ↑ "Dadri Lynching: Allahabad HC dismisses plea for CBI probe" (en ভাষাত). The Indian Express. 2016-11-16. https://indianexpress.com/article/cities/lucknow/dadri-lynching-high-court-cbi-probe-petition-dismissed-4377949/। আহৰণ কৰা হৈছে: 2020-11-05.