ৰেচেল খং
| ৰেচেল খং | |
|---|---|
২০২৪ চনৰ নেচনেল বুক ফেষ্টিভেলত খং | |
| জন্ম | ১৯৮৫ (বয়স ৪০–৪১) |
| শিক্ষা | য়েল বিশ্ববিদ্যালয় ফ্ল’ৰিডা বিশ্ববিদ্যালয় |
| উল্লেখনীয় কৰ্মৰাজি | গুডবাই, ভিটামিন ৰিয়েল আমেৰিকানচ |
| দাম্পত্যসংগী | ইলাই হৰ’ৱিট্জ |
| ৱেবছাইট | www |
ৰেচেল খং (জন্ম ১৯৮৫) এগৰাকী এছিয়ান মূলৰ আমেৰিকান লেখিকা আৰু সম্পাদিকা। ২০২১ চনৰপৰাই তেওঁ লছ এঞ্জেলছত বসবাস কৰি আছে।[1]
জীৱন
[সম্পাদনা কৰক]খঙৰ জন্ম হৈছিল মালয়েছিয়াৰ এটা মালয়েছিয়ান চীনা পৰিয়ালত। তেওঁ দুবছৰ বয়সত পৰিয়ালসহ যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হৈছিল।[2][3] তেওঁ কেলিফোৰ্নিয়াৰ ৰেঞ্চো কুকামোংগাত ডাঙৰ হয় আৰু কেলিফোৰ্নিয়াৰ কাষৰ ডায়মণ্ড বাৰৰ এখন বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা লাভ কৰে।[4]
খঙে য়েল বিশ্ববিদ্যালয়ত ইংৰাজী বিষয় অধ্যয়ন কৰি ২০০৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১১ চনত তেওঁ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ পৰা MFA ডিগ্ৰী লাভ কৰে,[5] য’ত তেওঁ পেজেট পোৱা’ৱেলৰ ওচৰত অধ্যয়ন কৰিছিল।[6]
তেওঁ ইলাই হৰ’ৱিট্জৰ পত্নী। হৰ’ৱিট্জ গিম্লেট মিডিয়াৰ হ'মকামিং নামৰ প’ডকাষ্টৰ সহ-সৃষ্টি কৰ্তা আৰু মেকছুইনিজৰ পূৰ্বৰ সম্পাদক।[7]
জীৱিকা
[সম্পাদনা কৰক]MFA শেষ কৰাৰ পাছত খং চান ফ্ৰান্সিস্কলৈ যায় আৰু খাদ্য সেৱা উদ্যোগত কাম কৰে।[8] কলেজৰ দিনত তেওঁ মেকছুইনিজত ইণ্টাৰ্ণ কৰিছিল,[8] আৰু পিছত সেই প্ৰতিষ্ঠানৰ বাবে ৰন্ধনসম্পৰ্কীয় গ্ৰন্থ সম্পাদনা কৰিছিল। ২০১১ চনত লাকি পিছৰ চ্ৰিছ ইয়িঙে তেওঁক কাগজখিনিৰ মেনেজিং এডিটৰ হিচাপে নিযুক্তি দিবলৈ অনুৰোধ জনায়।[8] পিছত তেওঁ লাকি পিছ-ৰ এক্সিকিউটিভ এডিটৰ হয়।[9]
২০১৮ চনত খঙে দ্য ৰুবি নামৰ এটা মহিলা-অভিমুখী ক’ৱাৰ্কিং স্থান সহ-স্থাপন কৰে, যি ছান ফ্ৰান্সিস্ক'ৰ মিচন ডিষ্ট্ৰিক্টত অৱস্থিত।[10] ২০২১ চনত তেওঁ সেই দায়িত্বৰপৰা অৱসৰ লৈ লছ এঞ্জেলছলৈ যায়।[1]
সাহিত্য চৰ্চা
[সম্পাদনা কৰক]খংৰ লেখা আমেৰিকান শ্বৰ্ট ফিকচন, জয়লেণ্ড, আৰু ছান ফ্ৰান্সিস্কো ক্ৰনিকল আদি কাকত-আলোচনীত প্ৰকাশিত হৈছে। তেওঁ লাকি পিছৰ সৈতে মিলি অল এবাউট এগচ নামৰ এখন ৰন্ধন বিষয়ৰ গ্ৰন্থও প্ৰকাশ কৰিছে।[11]
তেওঁৰ প্ৰথম উপন্যাস গুডবাই, ভিটামিন NPR,[12] O, The Oprah Magazine, ছান ফ্ৰান্সিস্কো ক্ৰনিকল আৰু ভোগ আদি কাকত-আলোচনীত প্ৰকাশিত শ্ৰেষ্ঠ কিতাপৰ তালিকাত অন্তৰ্ভুক্ত হয়।[13] তেওঁ কথাসাহিত্যৰ বাবে কেলিফৰ্ণিয়া বুক এৱৰ্ড লাভ কৰে।[14] তেওঁৰ দেউতাকৰ আলজহাইমাৰ ৰোগৰ সৈতে যুঁজেই তেওঁৰ উপন্যাসখনৰ অনুপ্ৰেৰণা।
২০১৯ চনত ইউনিভাৰ্চেল পিকচাৰ্ছে উপন্যাসখন চলচ্চিত্ৰ ৰূপান্তৰ কৰাৰ অধিকাৰ লাভ কৰে আৰু তাত Constance Wu-য়ে অভিনয় কৰিব বুলি জনায়।[15]
২০২১ চনত ফিল্মনেচন এণ্টাৰটেইনমেণ্টে খঙৰ চুটিগল্প দ্য ফ্ৰেছনিংৰ চলচ্চিত্ৰ ৰূপান্তৰ ঘোষণা কৰে, যিখন Cathy Yan-য়ে পৰিচালনা কৰিব।[16]
খঙে দ্য নিউয়ৰ্ক টাইমছৰ বাবে কেইবাটাও গ্ৰন্থসমালোচনা লিখিছে।[17]
তেওঁৰ দ্বিতীয় উপন্যাস ৰিয়েল আমেৰিকানচ হ'ল নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ।[18] ২০২৪ চনৰ মে’ মাহৰ “ৰিড উইথ জেন্না” বাছনি হিচাপেও গ্ৰহণ কৰা হয়।[19]
২০২৬ চনৰ এপ্ৰিল ৭ তাৰিখে প্ৰকাশ পাব খঙৰ প্ৰথম গল্পসংগ্ৰহ মাই ডিয়াৰ ইউ। ব্ৰায়ান ৱাশিংটনে ইয়াক “তেওঁৰ প্ৰিয় গ্ৰন্থসমূহৰ অন্যতম” বুলি বৰ্ণনা কৰিছে।[20]
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]- গুডবাই, ভিটামিন (২০১৭, হেন্ৰি হল্ট) আই.এচ.বি.এন. 9781471159480, OCLC 1015212743
- ৰিয়েল আমেৰিকানচ (২০২৪, কনফ) আই.এচ.বি.এন. 9780593537251, OCLC 1374133903
গল্প সংকলন
[সম্পাদনা কৰক]- মাই ডিয়াৰ ইউ (২০২৬, কনফ) আই.এচ.বি.এন. 9780593803691
চুটিগল্প
[সম্পাদনা কৰক]- Khong, Rachel (2020-08-10). "The Freshening". The Paris Review. https://www.theparisreview.org/fiction/7203/the-freshening-rachel-khong.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Ito, Robert (April 29, 2024). "How Rachel Khong Conjures Worlds, in Her Books and Beyond". দ্য নিউয়ৰ্ক টাইমছ. https://www.nytimes.com/2024/04/29/books/booksupdate/rachel-khong-real-americans.html.
- ↑ Chung, Nicole (2024-04-30). "Rachel Khong on the Power and Potential of Not Knowing" (en-US ভাষাত). Literary Hub. https://lithub.com/rachel-khong-on-the-power-and-potential-of-not-knowing/। আহৰণ কৰা হৈছে: 2024-10-26.
- ↑ Chung, Nicole (2024-04-30). "Rachel Khong on the Power and Potential of Not Knowing" (en-US ভাষাত). Literary Hub. https://lithub.com/rachel-khong-on-the-power-and-potential-of-not-knowing/। আহৰণ কৰা হৈছে: 2024-10-26.
- ↑ "Rachel Khong" (en ভাষাত). yaledailynews.com. January 19, 2007. https://yaledailynews.com/blog/2007/01/19/rachel-khong/। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ "News – Page 2 – MFA@FLA: Creative Writing". mfa.english.ufl.edu. https://mfa.english.ufl.edu/category/news/page/2/। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ Tafoya, Angela; Velez, Jessica; Pang, Jeanine Celeste. "30 Under 30 S.F. — Rising Young Stars in San Francisco" (en ভাষাত). www.refinery29.com. https://www.refinery29.com/en-us/30-under-30-san-francisco। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ "SPINE-Rachel Khong on Writing Goodbye, Vitamin" (en-US ভাষাত). SPINE. https://spinemagazine.co/articles/rachel-khong। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ 8.0 8.1 8.2 "'Really Small Books Can Be Just as Ambitious as Big Ones': An Interview with Rachel Khong" (en ভাষাত). Hazlitt. 2017-07-24. https://hazlitt.net/feature/really-small-books-can-be-just-ambitious-big-ones-interview-rachel-khong। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ "Rachel Khong | Authors | Macmillan" (en-US ভাষাত). US Macmillan. https://us.macmillan.com/author/rachelkhong/.
- ↑ "Catapult | How Rachel Khong Built The Ruby, a Coworking Community for San Francisco Creatives | Anita Felicelli" (en ভাষাত). Catapult. 2019-05-16. https://catapult.co/stories/the-ruby-san-francisco-rachel-khong-fifteen-minutes-profile-anita-felicelli। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ (en-US ভাষাত) Lucky Peach All About Eggs by Rachel Khong, the editors of Lucky Peach | PenguinRandomHouse.com. https://www.penguinrandomhouse.com/books/250764/lucky-peach-all-about-eggs-by-rachel-khong-and-the-editors-of-lucky-peach/9780804187756/.
- ↑ "'Goodbye, Vitamin' Is Sweet — But Not Sugarcoated" (en ভাষাত). NPR.org. https://www.npr.org/2017/07/12/535799520/goodbye-vitamin-is-sweet-but-not-sugarcoated.
- ↑ "These Were the Best Books We Read All Year" (en ভাষাত). Vogue. https://www.vogue.com/article/best-books-vogue-recommendations.
- ↑ "Rachel Khong". Library of Congress. https://www.loc.gov/events/2024-national-book-festival/authors/item/no2013010366/rachel-khong/। আহৰণ কৰা হৈছে: 2024-11-03.
- ↑ "Constance Wu to Star in 'Goodbye, Vitamin' Adaptation for Universal" (en ভাষাত). Variety. 2019-06-24. https://variety.com/2019/film/news/constance-wu-goodbye-vitamin-1203250349/। আহৰণ কৰা হৈছে: 2019-11-15.
- ↑ Lang, Brent (2021-02-05). "Cathy Yan to Write, Direct Sci-Fi Comedy 'The Freshening'". Variety. https://variety.com/2021/film/news/cathy-yan-birds-of-prey-the-freshening-1234901689/.
- ↑ Khong, Rachel (2021-04-13). "And Now, a Case for the Ordinary". The New York Times. https://www.nytimes.com/2021/04/13/books/review/something-unbelievable-maria-kuznetsova.html.
- ↑ "Real Americans by Rachel Khong". PenguinRandomhouse.com. https://www.penguinrandomhouse.com/books/725682/real-americans-by-rachel-khong/.
- ↑ Kaplan, Anna (April 4, 2024). "Jenna Bush Hager says her May 2024 pick". Today. https://www.today.com/popculture/books/read-with-jenna-book-club-pick-may-2024-rcna148250.
- ↑ "My Dear You by Rachel Khong". PenguinRandomhouse.com. https://www.penguinrandomhouse.com/books/771170/my-dear-you-by-rachel-khong/.