সমললৈ যাওক

ৰেচেল বিয়েৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেচেল বিয়েৰ
জন্ম ৭ এপ্ৰিল, ১৮৫৮
বোম্বাই, ভাৰত
মৃত্যু ২৯ এপ্ৰিল, ১৯২৭ (৬৯ বছৰ)
ৰয়েল টানব্ৰিজ ৱেলছ, ইংলেণ্ড
সমাধিস্থল টানব্ৰিজ ৱেলছ কবৰস্থান, ইংলেণ্ড
পেচা সংবাদ পত্ৰৰ সম্পাদিকা
দাম্পত্যসঙ্গী ফ্ৰেডেৰিক আৰ্থাৰ বিয়েৰ (১৮৮৭–১৯০৩)
পিতৃ-মাতৃ চাচুন ডেভিদ চাচুন
ফ্লোৰা (ফাহৰা) ৰুবেন
আত্মীয়-স্বজন চাচুন পৰিয়াল

ৰেচেল বিয়েৰ (ইংৰাজী: Rachel Beer; জন্মতে: চাচুন; ৭ এপ্ৰিল ১৮৫৮ – ২৯ এপ্ৰিল ১৯২৭) এগৰাকী ভাৰতত জন্মগ্ৰহণ কৰা ব্ৰিটিছ সংবাদ পত্ৰৰ সম্পাদিকা আছিল। তেওঁ দ্য অবজাৰ্ভাৰ আৰু দ্য চাণ্ডে টাইমছৰ মুখ্য সম্পাদিকা আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ৰেচেল চাচুনৰ জন্ম ভাৰতৰ বোম্বাইত হৈছিল। তেওঁ ১৯ শতিকাৰ অন্যতম চহকী পৰিয়াল বুলি পৰিচিত বাগদাদী ইহুদী চাচুন বণিক পৰিয়ালৰ চাচুন ডেভিদ চাচুনৰ কন্যা আছিল; তেওঁৰ পিতৃক "পূবৰ ৰথচাইল্ড" বুলি জনা গৈছিল।[1] এগৰাকী যুৱতী হিচাপে তেওঁ এখন চিকিৎসালয়ত নাৰ্ছ হিচাপে স্বেচ্ছাসেৱামূলক কাম কৰিছিল।

১৮৮৭ চনত তেওঁ জুলিআছ বিয়েৰৰ (১৮৩৬–১৮৮০) পুত্ৰ চহকী অৰ্থদাতা ফ্ৰেডেৰিক আৰ্থাৰ বিয়েৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰে। ফ্ৰেডেৰিক এগৰাকী এংলিকান খ্ৰীষ্টান আছিল আৰু তেওঁ খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হোৱা এটা ইহুদী পৰিয়ালৰ লোক আছিল। ধৰ্মান্তৰকৰণৰ পিছত ৰেচেলৰ পৰিয়ালে তেওঁক ত্যাগ কৰিছিল।[2]

বিয়েৰ পৰিয়ালটোৰ শিপা ফ্ৰেংকফৰ্ট গেট’ৰ এটা বেংকিং পৰিয়ালৰ সৈতে জড়িত আছিল। যুক্তৰাজ্যত তেওঁলোক আছিল অৰ্থদাতা যাৰ বিনিয়োগৰ ভিতৰত সংবাদ পত্ৰৰ মালিকীস্বত্বও আছিল।[3]

সাংবাদিকতা জীৱন

[সম্পাদনা কৰক]

ফ্ৰেডেৰিকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ অলপ সময়ৰ পিছতেই তেওঁ দ্য অবজাৰ্ভাৰত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰে, যিখন সেই সময়ত বিয়েৰ পৰিয়ালৰ মালিকানাধীন আছিল। ১৮৯১ চনত তেওঁ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু এই প্ৰক্ৰিয়াৰে এখন ৰাষ্ট্ৰীয় কাকতৰ প্ৰথমগৰাকী মহিলা সম্পাদিকা হিচাপে পৰিগণিত হয়।[4] দুবছৰৰ পিছত তেওঁ দ্য চাণ্ডে টাইমছ ক্ৰয় কৰে আৰু সেইখন কাকতৰো সম্পাদিকা হয়। যদিও তেওঁক এগৰাকী "অতি মেধাৱী সম্পাদিকা" হিচাপে গণ্য কৰা হোৱা নাছিল,[5] তথাপিও তেওঁ "মাজে মাজে দেখুওৱা দক্ষতা আৰু ব্যৱসায়িক সিদ্ধান্ত"ৰ বাবে পৰিচিত আছিল।[6]

ড্ৰেফুছ কাণ্ড

[সম্পাদনা কৰক]

তেওঁ সম্পাদিকা হিচাপে থকা সময়ছোৱাতে দ্য অবজাৰ্ভাৰই ইয়াৰ অন্যতম শ্ৰেষ্ঠ বিশেষ সংবাদ (exclusive) লাভ কৰিছিল। পেৰিছৰ জাৰ্মান দূতাবাসৰ এটা জাবৰৰ পাচিত এগৰাকী ফৰাচী গৃহকৰ্মীয়ে এখন ফটা হাতে লিখা টোকা পাইছিল, যাক গোটেই ঘটনাটোত বোৰ্ডেৰো (bordereau) বুলি কোৱা হৈছিল। এই বোৰ্ডেৰোত ফৰাচী সামৰিক বাহিনীৰ এক সামান্য গোপন কথা বৰ্ণনা কৰা হৈছিল আৰু ই স্পষ্টকৈয়ে ফৰাচী সামৰিক বাহিনীৰ এজন চৰৰ দ্বাৰা লিখা হৈছিল। কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নোহোৱাকৈয়ে ইহুদী ফৰাচী সেনাৰ কেপ্তেইন আলফ্ৰেড ড্ৰেফুছক জাৰ্মানসকলৰ চৰ হোৱাৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় আৰু ডেভিলছ আইলেণ্ডত কাৰাগাৰত বন্দী কৰা হয়। প্ৰকৃত দোষী মেজৰ কাউণ্ট এষ্টাৰহাজীক বিচাৰত নিৰ্দোষী সাব্যস্ত কৰা হৈছিল যদিও তেওঁক সেৱাৰ বাবে অনুপযুক্ত ঘোষণা কৰা হৈছিল আৰু তেওঁ লণ্ডনলৈ পলাই গৈছিল। বিয়েৰে জানিছিল যে এষ্টাৰহাজী লণ্ডনত আছে কাৰণ দ্য অবজাৰ্ভাৰৰ পেৰিছৰ সংবাদদাই তেওঁৰ সৈতে যোগাযোগ কৰিছিল; তেওঁ দুবাৰকৈ এষ্টাৰহাজীৰ সাক্ষাৎকাৰ লৈছিল আৰু এষ্টাৰহাজীয়ে নিজেই দোষী বুলি স্বীকাৰ কৰিছিল: ময়েই বোৰ্ডেৰোখন লিখিছিলোঁ। ১৮৯৮ চনৰ ছেপ্টেম্বৰ মাহত বিয়েৰে এই সাক্ষাৎকাৰসমূহ প্ৰকাশ কৰে,[7] য’ত তেওঁৰ স্বীকাৰোক্তিৰ বাতৰি দিয়াৰ লগতে এটা সম্পাদকীয় স্তম্ভ লিখি ফৰাচী সামৰিক বাহিনীক ইহুদী-বিদ্বেষৰ বাবে অভিযুক্ত কৰে আৰু নিৰ্দোষী ড্ৰেফুছৰ পুনৰ বিচাৰৰ আহ্বান জনায়।[8]

এই প্ৰমাণ থকা সত্ত্বেও ড্ৰেফুছক পৰৱৰ্তী বিচাৰত পুনৰ দোষী সাব্যস্ত কৰা হয়, কিন্তু জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ পিছত ১৮৯৯ চনত তেওঁক গৃহবন্দীৰ ক্ষমা প্ৰদান কৰা হয় আৰু অৱশেষত ১৯০৬ চনৰ ১২ জুলাইত তেওঁক সম্পূৰ্ণৰূপে দোষমুক্ত কৰা হয়। তেওঁক সামৰিক পদবী ঘূৰাই দিয়া হয় আৰু মেজৰ পদলৈ পদোন্নতি দিয়া হয়।

অন্তিম সময়

[সম্পাদনা কৰক]

১৯০১ চনত ফ্ৰেডেৰিকৰ ছিফিলিছ (syphilis) ৰোগত মৃত্যু হয়। ৰেচেলৰ নিজৰ আচৰণো ক্ৰমান্বয়ে অস্বাভাৱিক হৈ পৰিছিল আৰু অৱশেষত তেওঁ ভাঙি পৰিছিল। পিছৰ বছৰত তেওঁক মানসিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁৰ ন্যাসৰক্ষীসকলে দুয়োখন বাতৰি কাকত বিক্ৰী কৰি দিয়ে। যদিও তেওঁ পৰৱৰ্তী সময়ত সুস্থ হৈ উঠিছিল, তথাপিও ৰেচেলক জীৱনৰ বাকী সময়ছোৱাত শুশ্ৰূষাৰ প্ৰয়োজন হৈছিল। তেওঁৰ অন্তিম কালছোৱা টানব্ৰিজ ৱেলছৰ চেন্সেলৰ হাউচত অতিবাহিত কৰিছিল, য’ত ১৯২৭ চনত এই একে ৰোগতে তেওঁৰ মৃত্যু হয়।

তেওঁ নিজৰ উইলত ভতিজাক ছিগফ্ৰিড চাচুনৰ বাবে এক উদাৰ উত্তৰাধিকাৰ এৰি থৈ গৈছিল, যাৰ সহায়ত ছিগফ্ৰিডে উইল্টশ্বায়াৰত হেইটেচবেৰী হাউচ ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। এই দানৰ সন্মান স্বৰূপে ছিগফ্ৰিডে তেওঁৰ বৰমাকৰ এখন তৈলচিত্ৰ নিজৰ ঘৰৰ ফায়াৰপ্লেচৰ ওপৰত আঁৰি থৈছিল।

ৰেচেলৰ ভাতৃ আলফ্ৰেডক ইহুদী ধৰ্মৰ বাহিৰত বিবাহ কৰাৰ বাবে পৰিয়ালে ত্যাগ কৰিছিল; যদিও ৰেচেলেও এজন অ-ইহুদী ব্যক্তিক বিয়া কৰাইছিল, তেওঁৰ ক্ষেত্ৰত লিংগৰ বাবে এই কাৰ্যক ক্ষমাযোগ্য বুলি গণ্য কৰা হৈছিল।

ৰেচেলৰ স্বামী ফ্ৰেডেৰিকক উত্তৰ লণ্ডনৰ হাইগেট কবৰস্থানত তেওঁৰ পিতৃৰ ডাঙৰ সমাধিস্থলত সমাধিস্থ কৰা হৈছিল, কিন্তু ৰেচেলৰ পৰিয়ালে তেওঁক সেই এংলিকান ধৰ্মীয় স্থানত সমাধিস্থ কৰাত বাধা দিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁক ছাচেক্সৰ ব্ৰাইটনত থকা চাচুন পৰিয়ালৰ সমাধিস্থলত অন্তিম শয়ন দিয়াৰ কথা আছিল, কিন্তু তেওঁৰ কবৰ বৰ্তমান কেণ্টৰ টানব্ৰিজ ৱেলছৰ পৌৰসভাৰ কবৰস্থানত অৱস্থিত। এগৰাকী সাংবাদিক আৰু সম্পাদিকা হিচাপে তেওঁৰ কৰ্মৰ স্বীকৃতি স্বৰূপে দ্য অবজাৰ্ভাৰ আৰু দ্য চাণ্ডে টাইমছৰ উদ্যোগত তেওঁৰ সমাধিৰ শিলত এক বিশেষ চিনাক্তকৰণ চিহ্ন যোগ কৰা হৈছে।[9][10]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ Hertog, Susan. "The First Lady of Fleet Street". Jewish Ideas Daily. http://www.jewishideasdaily.com/content/module/2012/4/23/main-feature/1/the-first-lady-of-fleet-street। আহৰণ কৰা হৈছে: 21 May 2012.
  2. ↑ Peled, Daniella (7 September 2011). "The life and death of Rachel Beer, a woman who broke with convention". Haaretz. https://www.haaretz.com/life/books/2011-09-07/ty-article/the-life-and-death-of-rachel-beer-a-woman-who-broke-with-convention/0000017f-efc4-da6f-a77f-ffce3dac0000। আহৰণ কৰা হৈছে: 3 June 2025.
  3. ↑ Financial Times, 7 & 8 May 2011, p. 17.
  4. ↑ The Observer, 8 May 1983, p. 39.
  5. ↑ "Veriovps.co.uk". Archived from the original on 18 June 2005. https://web.archive.org/web/20050618082124/http://lrb.veriovps.co.uk/v27/n02/coll01_.html। আহৰণ কৰা হৈছে: 8 March 2026.
  6. ↑ Jackson, Stanley (1989), The Sassoons: Portrait of a dynasty, p. 95.
  7. ↑ Beer, Rachel, Interviews with Major Esterhazy, The Observer, 18 and 25 September 1898.
  8. ↑ Narewska, Elli (2 March 2018). "Rachel Beer, editor of the Observer 1891-1901". The Guardian. https://www.theguardian.com/gnmeducationcentre/2018/mar/02/rachel-beer-editor-of-the-observer-archive.
  9. ↑ Thorpe, Vanessa (28 June 2020). "Legacy restored for Rachel Beer, Fleet Street's forgotten feminist pioneer". The Observer. https://www.theguardian.com/media/2020/jun/28/legacy-restored-for-rachel-beer-fleet-streets-forgotten-feminist-pioneer?CMP=share_btn_fb.
  10. ↑ Tobitt, Charlotte (9 July 2020). "Observer and Sunday Times pay for grave memorial to Fleet Street's first female editor Rachel Beer". UK Press Gazette. https://www.pressgazette.co.uk/osberver-and-sunday-times-pay-for-grave-memorial-to-fleet-streets-first-female-editor-rachel-beer/.