সমললৈ যাওক

ৰেচেল ৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেচেল ৱাল

১৯১৯ৰ কাঠত কটা প্ৰতিকৃতি
জন্ম আনুমানিক ১৭৬০
কাৰ্লাইল, পেনচিলভেনিয়া
মৃত্যু ৮ অক্টোবৰ ১৭৮৯
বষ্টন, মাছাচুছেটচ্, ইউ এছ
মৃত্যুৰ কাৰণ ফাঁচীৰ আদেশত

ৰেচেল ৱাল (প্ৰায় ১৭৬০ – ৮ অক্টোবৰ, ১৭৮৯) এগৰাকী আমেৰিকান মহিলা জলদস্যু আৰু মেছাচুচেটছত ফাঁচী দিয়া শেষ মহিলা। ইয়াৰ উপৰিও তেওঁ হয়তো আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা জলদস্যু হৈছিল।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

ৱালৰ জন্ম হৈছিল পেনচিলভেনিয়া প্ৰদেশৰ কাৰ্লাইলত ৰেচেল শ্বমিটত, এটা প্ৰিচবেটেৰিয়ান পৰিয়ালত।[1] কাৰ্লাইলৰ বাহিৰৰ এখন ফাৰ্মত তেওঁ বাস কৰিছিল যদিও সুখী নাছিল, আৰু বেছিভাগ সময় সাগৰৰ পাৰত কটাইছিল। ৱাটাৰফ্ৰণ্টত থকাৰ সময়তে তাইক ছোৱালীৰ দল এটাই আক্ৰমণ কৰে, আৰু জৰ্জ ৱাল নামৰ এজন ব্যক্তিয়ে উদ্ধাৰ কৰে। পিছলৈ দুয়োৰে বিবাহ হয়।[2]

জলদস্যু হিচাপে কৰ্ম

[সম্পাদনা কৰক]

ৰেচেল আৰু তেওঁৰ স্বামী বষ্টনলৈ গুচি যায় আৰু তাৰ পৰাই জৰ্জে মাছ ধৰা স্কুনাৰ এখনত চাকৰি লয়। জৰ্জ যেতিয়া ঘূৰি আহিল, তেতিয়া তেওঁ নিজৰ লগত পাঁচজন নাৱিক আৰু তেওঁলোকৰ প্ৰেমিকাক লৈ আহিল,[2] আৰু ৰেচেলক তেওঁলোকৰ লগত যোগ দিবলৈ মান্তি কৰিলে। এসপ্তাহৰ ভিতৰতে দলটোৱে তেওঁলোকৰ সকলো ধন খৰচ কৰি পেলালে আৰু স্কুনাৰখনে পুনৰ যাত্ৰা আৰম্ভ কৰিলে, তাৰ পিছত জৰ্জে তেওঁলোক সকলোকে জলদস্যু হ'বলৈ পৰামৰ্শ দিলে।[2] তেওঁ বন্ধুৰ পৰা আন এখন স্কুনাৰ ধাৰলৈ লৈছিল,[2] আৰু দলটোৱে যাত্ৰা আৰম্ভ কৰিছিল।

ৰেচেল আৰু তেওঁৰ দলটোৱে নিউ হামচায়াৰৰ উপকূলৰ ঠিক ওচৰৰ আইল অৱ শ্ব'লছত কাম কৰিছিল।[2] ধুমুহাৰ সময়ত ৰেচেলে ডেকত থিয় হৈ সহায় বিচাৰি চিঞৰিছিল। পথচাৰী সাহায্য দিবলৈ আহিলে তেওঁলোকক হত্যা কৰা হয় আৰু তেওঁলোকৰ সকলো সামগ্ৰী চুৰি কৰা হয়। ক্ৰুৱে ১২খন নাও দখল কৰি ৬,০০০ ডলাৰ নগদ ধন, অগণন মূল্যৱান সামগ্ৰী চুৰি কৰি আৰু ২৪জন নাৱিকক হত্যা কৰাত সফল হয়, এই সকলোবোৰ ১৭৮১ চনৰ পৰা ১৭৮২ চনৰ ভিতৰত।[1]

বিচাৰ আৰু ফাঁচী

[সম্পাদনা কৰক]

অৱশেষত তেওঁৰ স্বামী জৰ্জ আৰু ক্ৰু সাগৰলৈ ওলাই যোৱাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হৈ হেৰাই যায়,[1][2] ৱালে বষ্টনলৈ উভতি আহি পুনৰ দাসী হিচাপে নিজৰ ভূমিকা আৰম্ভ কৰে। কিন্তু তথাপিও তেওঁ ডকলৈ গৈ আশ্ৰয় দিয়া নাওত লুকাই চুৰকৈ সোমাই ভিতৰৰ পৰা বস্তু চুৰি কৰি ভাল পাইছিল। তেওঁৰ অন্তিম ডকাইতিটো সংঘটিত হৈছিল যেতিয়া তেওঁ মাৰ্গাৰেট বেণ্ডাৰ নামৰ এগৰাকী যুৱতীক দেখিছিল, যিয়ে বনেট পিন্ধিছিল যিটোৰপ্ৰতি তেওঁৰ লোভ আছিল। তেওঁ বনেটটো চুৰি কৰি মাৰ্গাৰেটৰ জিভাখন ফালি উলিয়াবলৈ চেষ্টা কৰিছিল যদিও ধৰা পৰি গ্ৰেপ্তাৰ কৰা হয়। ১৭৮৯ চনৰ ১০ ছেপ্টেম্বৰত তেওঁৰ বিৰুদ্ধে ডকাইতিৰ অভিযোগ উত্থাপন হয় যদিও তেওঁ কেতিয়াও কাকো হত্যা কৰা নাই বুলি কয় যে, তেওঁক কেৱল জলদস্যু হিচাপে বিচাৰ কৰিবলৈ অনুৰোধ জনায়।[2] কিন্তু ডকাইতিত দোষী সাব্যস্ত হয় আৰু ১৭৮৯ চনৰ ৮ অক্টোবৰত ফাঁচী দিয়াৰ শাস্তি প্ৰদান কৰা হয়।[3] কোৱা হয় যে তেওঁৰ "...সৰ্বশক্তিমান ঈশ্বৰৰ হাতত তেওঁৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰি মোৰ আত্মাক সমৰ্পণ কৰোঁ...আৰু মোৰ ২৯ বছৰ বয়সৰ প্ৰেছবিটেৰিয়ান গীৰ্জাৰ এজন অযোগ্য সদস্য হৈ মৃত্যুবৰণ কৰোঁ", তেওঁৰ শেষ কথা হিচাপে।[4] তেওঁৰ মৃত্যুৱেই শেষবাৰৰ বাবে মেছাচুচেটছত এগৰাকী মহিলাক ফাঁচী দিয়াৰ ঘটনা আছিল।[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "Women and the Jolly Roger". Cindy Vallar. http://www.cindyvallar.com/womenpirates.html আহৰণ কৰা হৈছে: 2008-05-23.
  2. 1 2 3 4 5 6 7 "Biography of Rachel Wall - Seva.net". www.seva.net. Archived from the original on February 12, 2009. https://web.archive.org/web/20090212204704/http://www.seva.net/~smithsch/Rachel_Wall.html আহৰণ কৰা হৈছে: 2008-05-22.
  3. "Historical Female Pirates". Katy Berry. http://www.katyberry.com/Dorianne/pirates.html আহৰণ কৰা হৈছে: 2008-05-23.
  4. Piracy, Mutiny, and Murder, pp. 68–76. by Edward Rowe Snow. Published by Dodd Mead, in 1959. [ISBN missing]