সমললৈ যাওক

ৰেজা আল্লামেজাদেহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেজা আল্লামেজাদেহ
জন্ম ২৭ নৱেম্বৰ, ১৯৪৩ (৮২ বছৰ)
ছাৰী, ইৰান
সক্ৰিয় হৈ থকা সময় ১৯৬৯–বৰ্তমান

ৰেজা আল্লামেজাদেহ (ফাৰ্চী :رضا علامه‌زاده) হৈছে নেদাৰলেণ্ডত বসবাস কৰা ইৰাণত জন্মগ্ৰহণ কৰা এজন ডাচ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু লেখক। তেওঁ মূলতঃ শৰণাৰ্থীসকলৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ যেনে দ্য গেষ্টছ অৱ হোটেল এষ্টোৰিয়া (১৯৮৮) আৰু ইৰাণৰ ইছলামিক শাসন-ব্যৱস্থাৰদ্বাৰা ইউৰোপত বিৰোধী নেতাসকলক হত্যা কৰা ঘটনাৰ ওপৰত আধাৰিত হোলী ক্ৰাইম (১৯৯৪) নামৰ তথ্যচিত্ৰখনৰ বাবে জনাজাত।[1]

আল্লামেজাদেহৰ জন্ম ১৯৪৩ চনত ইৰাণৰ মাজন্দৰাণ প্ৰদেশৰ ছাৰী চহৰত হৈছিল। তেওঁ ১৯৬৬ চনৰপৰা ১৯৬৯ চনলৈ "তেহৰাণ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন"ত চলচ্চিত্ৰ পৰিচালনাৰ অধ্যয়ন কৰিছিল। চলচ্চিত্ৰ নিৰ্মাণৰ সমান্তৰালভাৱে তেওঁ শিশুৰ বাবে কিতাপ, উপন্যাস আৰু চুটি গল্পও লিখে আৰু প্ৰকাশ কৰে। তেওঁ আমেৰিকাৰ ভাৰ্জিনিয়াৰ হলিন্স বিশ্ববিদ্যালয়, যুক্তৰাজ্যৰ লিডছ মেট্ৰ’পলিটিন বিশ্ববিদ্যালয় আৰু নেদাৰলেণ্ডৰ আন্তৰ্জাতিক আৰ/টিভি প্ৰশিক্ষণ কেন্দ্ৰকে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ আৰু টেলিভিছন সম্পৰ্কীয় পাঠ্যক্ৰমৰ অধ্যাপনা কৰে। তেওঁ ১৯৮৩ চনৰপৰা নেদাৰলেণ্ডত বসবাস কৰি আছে।[2]

আল্লামেজাদেহ কুৰ্দিছ চিনেমাৰ অন্যতম সমৰ্থক আছিল। তেওঁৰ মাতৃভাষা ফাৰ্চী আৰু তেওঁ ইংৰাজী তথা কিছু পৰিমাণে ডাচ আৰু স্পেনিছ ভাষাতো সাৱলীল। ইউৰোপলৈ পলাই যোৱাৰ পাছত তেওঁ কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।

ইৰাণিয়ান টেবু লিখাৰ সময়ত ৰেজা আল্লামেজাদেহক ইৰাণত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যাৰ বাবে তেওঁ বন্ধু-বান্ধৱীৰ সহায় লৈছিল, যিসকলে বাহাই ধৰ্মৰ ওপৰত শতিকা জুৰি থকা নিষেধাজ্ঞা সন্দৰ্ভত অনুসন্ধান কৰিবলৈ ইৰাণৰ ভিতৰত গোপনে দৃশ্যগ্ৰহণ কৰিছিল। ইৰাণত থকা সকলোবোৰ দৃশ্য পৰিচালকগৰাকীৰ স্থানীয় যোগাযোগৰ জৰিয়তে গোপনে শ্বুট কৰা হৈছিল।[3] এই চলচ্চিত্ৰখনত তেওঁ ইৰাণৰ বাহাই সংখ্যালঘুসকলে সন্মুখীন হোৱা নিৰ্যাতনৰ ইতিহাসৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে। যিসকল ইৰাণীয়ে বাহাইসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰা উচিত বুলি বিশ্বাস কৰে, তেওঁলোকেও প্ৰায়ে এই বিষয়ত মৌন হৈ থকাৰ সিদ্ধান্ত লয়—যাৰ বাবে ছবিখনৰ নাম এনেদৰে ৰখা হৈছে।[4] এই সন্দৰ্ভত আল্লামেজাদেহে কয়, "মোৰ গৃহ চহৰত প্ৰৱেশ কৰাত বাধা থকা সত্ত্বেও মই মোৰ উৎসৰ্গিত বন্ধুসকলৰ সহায়ত ইৰাণৰ ভিতৰত গভীৰভাৱে চিত্ৰগ্ৰহণ কৰিবলৈ সক্ষম হৈছিলোঁ, যিসকলে মোৰ প্ৰয়োজনীয় সমলসমূহ সংগ্ৰহ কৰিবলৈ নিজৰ জীৱনকো বিপন্ন কৰিছিল।" [5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ৰেজা আল্লামেজাদেহ https://framerframed.nl/en/mensen/reza-allamehzadeh/
  2. ৰেজা আল্লামেজাদেহ https://framerframed.nl/en/mensen/reza-allamehzadeh/
  3. "ইৰাণিয়ান টেবু", ৰেজা আল্লামেজাদেহৰ এখন তথ্যচিত্ৰ https://iranian-studies.stanford.edu/events/iranian-taboo-documentary-reza-allamehzadeh
  4. পৰিচালকে এতিয়ালৈকে নিৰ্মাণ কৰা "আটাইতকৈ ব্যক্তিগত" আৰু "আটাইতকৈ কঠিন" চলচ্চিত্ৰখন https://www.onecountry.org/story/most-personal-and-most-difficult-film-director-has-ever-made
  5. যুগান্তকাৰী তথ্যচিত্ৰই শতিকা পুৰণি ইৰাণী নিষেধাজ্ঞাক উন্মোচন কৰিছে https://news.bahai.org/story/890/
  6. চলচ্চিত্ৰ সমীক্ষা: 'ইৰাণিয়ান টেবু' https://www.latimes.com/entertainment/la-xpm-2012-feb-24-la-et-movie-review-iranian-taboo-capsule-story.html

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]