সমললৈ যাওক

ৰেজিনা কেছান্দ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেজিনা কেছান্দ্ৰা

২০২৩ চনত ৰেজিনা
জন্ম ৰেজিনা কেছান্দ্ৰা
১৩ ডিচেম্বৰ, ১৯৯০ (৩৫ বছৰ)
মাদ্ৰাজ, তামিলনাডু, ভাৰত
শিক্ষা মনোবিজ্ঞানত স্নাতক (মাদ্ৰাজ বিশ্ববিদ্যালয়)
শিক্ষানুষ্ঠান ৱিমেন্স খ্ৰীষ্টিয়ান কলেজ, চেন্নাই
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৫–বৰ্তমান

ৰেজিনা কেছান্দ্ৰা (জন্ম: ১৩ ডিচেম্বৰ ১৯৯০; পূৰ্বতে ৰেজিনা কেছান্দ্ৰা (ইংৰাজী: Regina Cassandra) নামেৰে পৰিচিত)[1] এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তেলুগু, তামিল আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে।[2] কেছান্দ্ৰাই এটা দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা চিনেমা বঁটাৰ লগতে ফিল্মফেয়াৰ অ’টিটি বঁটাৰ মনোনয়নসহ কেইবাটাও সন্মান লাভ কৰিছে।[3]

কেছান্দ্ৰাই ২০০৫ চনত তামিল ছবি কাণ্ডা নাল মুধলত এটা সহযোগী চৰিত্ৰৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। ২০১২ চনত তেলেগু ছবি শিৱ মানসুলো শ্ৰুতিৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে, যিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ (তেলুগু) বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ ৰুটিন লাভ ষ্টৰী (২০১২), কেডী বিল্লা খিলাড়ী ৰংগা (২০১৩), পাৱাৰ (২০১৪) আৰু পিল্লা নুভভু লেনি জীৱিথাম (২০১৪) ছবিৰ জৰিয়তে ব্যাৱসায়িক সফলতা অৰ্জন কৰে।

কেছান্দ্ৰাই সুুব্ৰহ্মণ্যম ফৰ চেল (২০১৫) ছবিত এগৰাকী পৰম্পৰাগত ছোৱালী, জ্যো অচ্যুতানন্দ (২০১৬) ছবিত এগৰাকী দন্ত চিকিৎসাৰ ছাত্ৰী, মানাগৰম (২০১৭) ছবিত এগৰাকী যুৱতী, আৱে (২০১৮) ছবিত এগৰাকী ড্ৰাগছ আসক্ত মহিলা আৰু এভাৰু (২০১৯) ছবিত এগৰাকী ব্যৱসায়ী মহিলাৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসা লাভ কৰিছে। তেওঁ জ্যো অচ্যুতানন্দ ছবিৰ বাবে শ্ৰেষ্ঠ তেলেগু অভিনেত্ৰীৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।[4] এক লড়কী কো দেখা তো এইছা লগা (২০১৯) ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰলৈ সম্প্ৰসাৰিত হোৱাৰ পিছত তেওঁ ৰকেট বয়জ (২০২২) আৰু জানবাজ হিন্দুস্তান কে (২০২৩) নামৰ ষ্ট্ৰীমিং ধাৰাবাহিকত অভিনয় কৰিছিল।[5]

অভিনয় জীৱনৰ উপৰি তেওঁ বিভিন্ন ব্ৰেণ্ড আৰু সামগ্ৰীৰ এগৰাকী চেলিব্ৰিটি এণ্ডাৰচাৰ।[6]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ৰেজিনা কেছান্দ্ৰাৰ জন্ম ১৯৯০ চনৰ ১৩ ডিচেম্বৰত মাদ্ৰাজত (বৰ্তমানৰ চেন্নাই) হৈছিল। তেওঁৰ মাতৃভাষা হ’ল তামিল।[7][2] তেওঁৰ পিতৃৰ বংশমূল গোৱাৰ এংলো-ইণ্ডিয়ান আৰু মাতৃ এগৰাকী আয়েংগাৰ সম্প্ৰদায়ৰ মহিলা।[8][9] ন বছৰ বয়সৰপৰাই তেওঁ 'স্প্লেছ' (Splash) নামৰ এটা শিশু চেনেলত এংকৰিং কৰিবলৈ আৰম্ভ কৰিছিল।[10] তেওঁ চেন্নাইৰ ৱিমেন্স খ্ৰীষ্টিয়ান কলেজৰপৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে[11] আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ৰপৰা কাউন্সিলিং চাইক’লজীত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।[12][13] কেছান্দ্ৰাই সংখ্যাতত্ত্বৰ সৈতে সংগতি ৰাখি নিজৰ সম্পূৰ্ণ নামটোৰ বানান "Regena Cassandrra" লৈ সলনি কৰে।[1]

অন্যান্য কাম আৰু মাধ্যমৰ প্ৰতিচ্ছবি

[সম্পাদনা কৰক]

কেছান্দ্ৰা দক্ষিণ ভাৰতীয় চিনেমাৰ এগৰাকী অন্যতম নিৰ্ভৰযোগ্য আৰু বহুমুখী অভিনেত্ৰী হিচাপে উভৰি আহিছে।[14] দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰাম ভেঙ্কট শ্ৰীকৰে তেওঁৰ চলচ্চিত্ৰপঞ্জীক "পৰম্পৰাগত আৰু অপৰম্পৰাগত"ৰ মিশ্ৰণ বুলি অভিহিত কৰিছে আৰু তেওঁৰ অভিনয়ৰ পছন্দসমূহ বৰ্ণনা কৰোঁতে লিখিছে যে, "ৰেজিনাৰ মাজত যথেষ্ট আত্ম-সজাগতা প্ৰতিফলিত হয়।" [15] নিউজ ১৮ৰ জিনিয়া বন্দোপাধ্যায়ে কৈছে যে অভিনেত্ৰীগৰাকীয়ে সদায় "এজনে আনজনৰপৰা সম্পূৰ্ণ বিপৰীত চৰিত্ৰ নিৰ্বাচন কৰি আহিছে।" [16] Rediff.com-ৰ ময়ূৰ সানাপে তেওঁৰ হিন্দী অভিষেকক "অপৰম্পৰাগত" বুলি অভিহিত কৰিছে আৰু কৈছে যে, "কেছান্দ্ৰাই তেওঁৰ চলচ্চিত্ৰ নিৰ্বাচনৰ জৰিয়তে নিজৰ বাবে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।" [6] টাইমছ নাওৰ সুস্মিতা দেয়ে তেওঁৰ "বহুমুখী চৰিত্ৰ"ৰ বাবে তেওঁক উল্লেখ কৰি কৈছে যে, "প্ৰতিটো চৰিত্ৰৰ প্ৰতি ৰেজিনাৰ দৃষ্টিভংগী অনন্য।" [17]

২০১২ চনৰ Rediff.com-ৰ "শীৰ্ষ তেলেগু অভিনেত্ৰী"ৰ তালিকাত কেছান্দ্ৰাই চতুৰ্থ স্থান লাভ কৰিছিল।[18] ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ IMDb-ৰ "জনপ্ৰিয় ভাৰতীয় চেলিব্ৰিটি"ৰ তালিকাত চতুৰ্থ স্থান লাভ কৰে।[19] হায়দৰাবাদ টাইমছৰ 'মষ্ট ডিজায়াৰেবুল ৱুমেন'ৰ তালিকাত তেওঁ ২০১৫ চনত ১৪ নম্বৰত, ২০১৬ চনত ২০ নম্বৰত আৰু ২০১৯ চনত ২৮ নম্বৰ স্থান লাভ কৰিছিল।[20][21][22] চেন্নাই টাইমছৰ 'মষ্ট ডিজায়াৰেবুল ৱুমেন'ৰ তালিকাত ২০১৬ চনত তেওঁ ২২ নম্বৰ স্থানত আছিল।[23] কেছান্দ্ৰা কল্যাণ জুৱেলাৰ্ছ, ট্ৰেণ্ডছ, বিবা আৰু মিছোৰ দৰে কেইবাটাও ব্ৰেণ্ডৰ চেলিব্ৰিটি এণ্ডাৰচাৰ।[24][25] কেছান্দ্ৰাই বহু সমাজসেৱামূলক কামৰ লগতো জড়িত হৈ আহিছে। ২০১৪ চনত তেওঁ "টিচ ফৰ চেঞ্জ" নামৰ চৰিটি শ্ব’ৰ বাবে ৰেম্প ৱাক কৰিছিল।[26]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Acting is what I do for work; it's not my identity: Regena Cassandrra". The Times of India. 2025-07-23. https://timesofindia.indiatimes.com.
  2. 1 2 "Happy Birthday Regina Cassandra". News18 Telugu. 13 December 2022. https://telugu.news18.com আহৰণ কৰা হৈছে: 16 December 2022.
  3. Aiyappan, Ashameera (20 February 2018). "Regina Cassandra to make Bollywood debut, bags an important role in Sonam Kapoor's film". The Indian Express. https://indianexpress.com/article/entertainment/telugu/regina-cassandra-to-make-bollywood-debut-sonam-kapoor-ek-ladki-ko-dekha-toh-aisa-laga-5071314/ আহৰণ কৰা হৈছে: 20 February 2018.
  4. "Never made fans wonder why I was cast in a film: Regina Cassandra" (en ভাষাত). Telangana Today. 15 September 2022. https://telanganatoday.com/never-made-fans-wonder-why-i-was-cast-in-a-film-regina-cassandra আহৰণ কৰা হৈছে: 16 September 2022.
  5. "Danube Properties Filmfare OTT Awards 2022: Complete Nominations List" (en ভাষাত). 21 December 2022. https://timesofindia.indiatimes.com/web-series/news/hindi/filmfare-ott-awards-2022-complete-nominations-list/articleshow/96390952.cms.
  6. 1 2 Mayur Sanap. "Regina Cassandra: If you haven't acted with superstars, your market value doesn't go up" (en ভাষাত). Rediff.com. https://www.rediff.com/movies/report/regina-cassandra-if-you-havent-acted-with-superstars-your-market-value-doesnt-go-up/20230320.htm আহৰণ কৰা হৈছে: 21 March 2023.
  7. "Happy Birthday Regina Cassandra: 5 movies of the actress that you cannot miss". The Times of India. https://timesofindia.indiatimes.com.
  8. "I am a sucker for romance : Regina Cassandra". The Times of India. 15 January 2017. https://timesofindia.indiatimes.com.
  9. "Instagram". www.instagram.com. https://www.instagram.com.
  10. "Who is Regina Cassandra? Actor set to make her web-series debut with Rocket Boys" (en-US ভাষাত). She The People. https://www.shethepeople.tv আহৰণ কৰা হৈছে: 14 December 2022.
  11. "Womens Christian College Chennai ‹ Lighted to Lighten". wcc.edu.in. http://www.wcc.edu.in আহৰণ কৰা হৈছে: 25 September 2017.
  12. "University of Madras – History and Heritage". University of Madras. https://www.unom.ac.in আহৰণ কৰা হৈছে: 27 June 2020.
  13. "Regina Cassandra to Rashmi Gautam, 6 television anchors who have turned film heroines". Times of India. 21 June 2023. https://timesofindia.indiatimes.com.
  14. Salil Panchal. "Regina Cassandra: The dependable". Forbes India. https://www.forbesindia.com/article/south-celebrity-special-2021/regina-cassandra-the-dependable/71077/1.
  15. Ram Venkat Srikar. "I love playing flawed characters: Regina Cassandra". The New Indian Express. https://www.newindianexpress.com/entertainment/tamil/2022/Jun/23/i-love-playing-flawed-characters-kollywoodactress-regina-cassandra-2468559.html.
  16. Zinia Bandyopadhyay. "Regina Cassandra's take on the South vs Hindi film industry debate". News18 India. https://www.news18.com/news/movies/regina-cassandra-it-took-baahubali-for-people-to-understand-south-is-at-par-with-world-cinema-exclusive-5559523.html.
  17. Sushmita Dey. "Regina Cassandra on evolution of female artists in cinema; People are taking women seriously". Times Now News. https://www.timesnownews.com/entertainment-news/exclusive-regina-cassandra-opens-up-on-evolution-of-female-artists-in-cinema-people-are-taking-women-seriously-bollywood-news-article-97332512/amp.
  18. Rediff Movies. "The Top Telugu Actresses of 2012". Rediff.com. https://m.rediff.com/movies/report/slide-show-1-top-telugu-actresses-of-2012/20130115.htm.
  19. "Regina Cassandra features in IMDb's Popular Indian Celebrities list". Telangana Today. https://telanganatoday.com/regina-cassandra-features-in-imdbs-popular-indian-celebrities-list.
  20. "The Hyderabad Times Most Desirable Woman of 2015 – Anushka Shetty". Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/most-desirable-woman-of-2015-anushka-shetty/articleshow/52063679.cms.
  21. "Meet Hyderabad Times Most Desirable Woman of 2016 – Kajal Aggarwal". Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/most-desirable-woman-2016-kajal-aggarwal/articleshow/56854697.cms.
  22. "Hyderabad Times Most Desirable Women 2019: Gosh! these divas are oh so oomph". Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/gosh-these-divas-are-oh-so-oomph/articleshow/74655536.cms.
  23. "Meet Chennai Times Most Desirable Woman 2016: Nayanthara". The Times of India. https://timesofindia.indiatimes.com/entertainment/tamil/movies/news/chennai-times-most-desirable-woman-2016-nayanthara/articleshow/56751459.cms.
  24. ad-shoot-with-regina-cassandra-nidhhi-agerwal-manju-warrier-and-reba-john/ "Katrina Kaif shares behind-the-scenes pictures from jewellery ad shoot with Regina Cassandra, Nidhhi Agerwal, Manju Warrier and Reba Monica John". Bollywood Hungama. https://www.bollywoodhungama.com ad-shoot-with-regina-cassandra-nidhhi-agerwal-manju-warrier-and-reba-john/.
  25. "Meesho reinforces its positioning as a horizontal e-commerce platform with latest campaign". The Economic Times. https://brandequity.economictimes.indiatimes.com/news/advertising/meesho-reinforces-its-positioning-as-a-horizontal-e-commerce-platform-with-latest-campaign/97126122.
  26. "Teach for Change". https://photogallery.indiatimes.com/events/hyderabad/teach-for-change/articleshow/38266778.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]