সমললৈ যাওক

ৰেণুকা ৰবিন্দ্ৰন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেণুকা ৰবিন্দ্ৰন

জন্ম ১১ মে' ১৯৪৩
বাসস্থান
জাতীয়তা ভাৰতীয়
কৰ্মস্থান ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান

ৰেনুকা ৰবিন্দ্ৰন (জন্ম নাম: ৰেনুকা ৰাজগোপালন) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা ডিন আছিল।[1]

শিক্ষা আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

তেখেত চেন্নাইৰ ভেপেৰিৰ প্ৰেজেণ্টেছন কনভেণ্টৰ এগৰাকী ছাত্ৰী আছিল। পৰৱৰ্তী পৰ্যায়ত তেখেতে চেন্নাইস্থিত ৱমেন'ছ্ খ্ৰীষ্টিয়ান কলেজত শিক্ষাগ্ৰহণ কৰে।[2] ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা প্ৰায়োগিক গণিতত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। পাছলৈ জাৰ্মানীৰ "টেকনিকে হচ্ছকুলে আছেন"ৰ পৰা বায়ুগতিবিদ্যাত ডক্টৰেজিনিয়ৰ ডিগ্ৰী লাভ কৰে।[3][4]১৯৬৭ চনত তেখেতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত অধ্যাপক আৰু গণিত বিভাগৰ চেয়াৰমেন হিচাপে যোগদান কৰে। পাছলৈ তেখেত এই প্ৰতিষ্ঠানটোৰ ডিন হিচাপে কৰ্মনিৰ্বাহ কৰে। ইয়াৰোপৰি জাৰ্মানীৰ কাইজেৰলাউটাৰ্ন বিশ্ববিদ্যালয়কে একাধিক শিক্ষানুষ্ঠানত তেখেতে অতিথি অধ্যাপক হিচাপে নিমন্ত্ৰিত হয়।[5] তেখেতৰ গৱেষণাৰ বিষয় হৈছে অৰৈখিক তৰঙ্গ আৰু অ-নিউটনীয় তৰল।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "PROFILE OF PROF. RENUKA RAVINDRAN". .ias.ac.in. http://www.ias.ac.in/womeninscience/renuka.html আহৰণ কৰা হৈছে: 26 April 2015.
  2. "DISTINGUISHED ALUMNAE". Women's Christian College. Archived from the original on 24 January 2015. https://web.archive.org/web/20150124202610/http://wcc.edu.in/alumnae/distinguished-alumnae/ আহৰণ কৰা হৈছে: 26 April 2015.
  3. "Renuka Ravindran Education". math.iisc.ernet.in. http://math.iisc.ernet.in/~renrav/ren.html আহৰণ কৰা হৈছে: 26 April 2015.
  4. "Renuka Ravindran". RWTH Aachen University. http://www.rwth-aachen.de/cms/root/Studium/Nach-dem-Studium/Alumni/Infos-Forscher-Alumni/Kluge-Koepfe/~dbby/Renuka-Ravindran/lidx/1/ আহৰণ কৰা হৈছে: 26 April 2015.
  5. "Passionate about taking science to young minds". The Telegraph. 21 May 2004. http://www.telegraphindia.com/1040521/asp/guwahati/story_3271232.asp আহৰণ কৰা হৈছে: 26 April 2015.
  6. https://www.revolvy.com/page/Renuka-Ravindran