ৰেণুকা ৰয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেণুকা ৰয়
সাংসদ
কাৰ্যকাল
১৯৫৭ – ১৯৬৭
পূৰ্বসূৰী সুৰেন্দ্ৰ মোহন ঘোষ
উত্তৰসূৰী উমা ৰয়
সমষ্টি মালডা, পশ্চিমবংগ
ব্যক্তিগত তথ্য
জন্ম ১৯০৪, বেংগল প্ৰেছিডেন্সী
মৃত্যু ১৯৯৭
ৰাষ্ট্ৰীয়তা ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
পিতৃ-মাতৃ সতীশ চন্দ্ৰ মুখাৰ্জী
পুৰস্কাৰ পদ্মভূষণ

ৰেণুকা ৰয় (ইংৰাজী: Renuka Ray; ১৯০৪–১৯৯৭) ভাৰতৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সেনানী, সমাজ-কৰ্মী আৰু ৰাজনীতিবিদ।[1]

তেওঁ ব্ৰহ্ম সংস্কাৰক, নিবাৰণ চন্দ্ৰ মুখাৰ্জীৰ বংশধৰ আৰু আইচিএছ বিষয়া সতীশ চন্দ্ৰ মুখাৰ্জী আৰু এগৰাকী সমাজকৰ্মী আৰু ‘সৰ্বভাৰতীয় মহিলা সন্মিলন’ৰ সদস্য চাৰুলতা মুখাৰ্জীৰ কন্যা আছিল।[2] ১৯৮৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।[3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

ষোল্ল বছৰ বয়সতে ৰেণুকা মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহে আৰু তেওঁৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হয়। ব্ৰিটিছ ভাৰতীয় শৈক্ষিক ব্যৱস্থা বৰ্জন কৰিবলৈ গান্ধীজীয়ে কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰেণুকাই কলেজ এৰিছিল। অৱশ্যে, পিছত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক পৰৱৰ্তী পঢ়া-শুনাৰ বাবে লণ্ডনলৈ যাবলৈ ক’বলৈ গান্ধীক অনুৰোধ কৰে আৰু সেইমতে ৰেণুকা ১৯২১ চনত ‘লণ্ডন স্কুল অৱ ইকনমিক্স’ত ভৰ্তি হয়।[4] কম বয়সতে তেওঁ সত্যেন্দ্ৰনাথ ৰয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[2][5]

ৰেণুকাৰ মাকৰ ফালৰ ককাক-আইতাক তেওঁলোকৰ সময়ৰ সুপ্ৰতিষ্ঠিত দম্পতি আছিল। ককাক প্ৰফেছৰ পি কে ৰয় আছিল অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰপৰা ডি ফিল লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়। তেওঁ ভাৰতীয় শিক্ষা সেৱাৰ সদস্য আছিল আৰু কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ প্ৰথমজন ভাৰতীয় অধ্যক্ষ আছিল। আইতাক সৰলা ৰয় এগৰাকী সুপৰিচিত সমাজ-কৰ্মী আছিল, যি নাৰীমুক্তিৰ বাবে কাম কৰিছিল। তেওঁ ‘গোখলে মেম’ৰিয়েল স্কুল’ আৰু কলেজ প্ৰতিষ্ঠা কৰিছিল আৰু কলিকতা বিশ্ববিদ্যালয়ৰ চিনেটৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সদস্য আছিল। সৰলা ৰয় প্ৰখ্যাত ব্ৰহ্ম সংস্কাৰক দুৰ্গামোহন দাসৰ কন্যা আৰু লেডী অবলা বসু আৰু সন্মানীয় ডুন স্কুলৰ প্ৰতিষ্ঠাপক এছ আৰ দাসৰ ভগ্নী আছিল। দেশবন্ধু চি আৰ দাস আছিল সৰলাৰ সম্পৰ্কীয় ভাতৃ।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভাৰতলৈ উভতি অহাৰ পিছত, ৰেণুকা ৰয়ে ‘সৰ্বভাৰতীয় মহিলা সন্মিলন’ত যোগদান কৰে আৰু পিতৃ-মাতৃৰ সম্পত্তিত মহিলাৰ অধিকাৰ আৰু উত্তৰাধিকাৰৰ অধিকাৰৰ বাবে কাম কৰে। ১৯৩২ চনত তেওঁ এই সন্মিলনৰ সভাপতিৰ পদ লাভ কৰে। পুনৰ ১৯৫৩-৫৪ চনৰ বাবে তেওঁ ‘সৰ্বভাৰতীয় মহিলা সন্মিলন’ৰ সভাপতি হয়। [5]

১৯৪৩ চনত তেওঁ ভাৰতৰ মহিলাৰ প্ৰতিনিধি হিচাপে ‘কেন্দ্ৰীয় বিধান সভা’লৈ মনোনীত হয়। ১৯৪৬-৮৭ চনত ৰেণুকা ৰয় ভাৰতৰ সংবিধান সভাৰো সদস্য আছিল।[2][5]

তেওঁক ১৯৫২ৰপৰা ১৯৫৭ চনলৈ পশ্চিমবঙ্গৰ ‘সাহায্য আৰু পুনৰ্সংস্থাপন’ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ মালডা (লোকসভা সমষ্টি)ৰ পৰা ১৯৫৭-১৯৬৭ বৰ্ষৰ বাবে লোকসভাৰ সদস্য আছিল। ১৯৫৯ চনত তেওঁ জনপ্ৰিয় ‘ৰেণুকা ৰয় কমিটি’ৰ নেত্ৰী আছিল, যি সমাজ কল্যাণ আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে কাম কৰিছিল।[6][7]

নিৰ্বাচিত কৰ্ম[সম্পাদনা কৰক]

ৰেণুকা ৰয়ে ‘মাই ৰেমিনিচেন্সেচ্‌ : ছ’চিয়েল ডেভেল’পমেণ্ট ডিউৰিং দ্য গান্ধীয়ান এৰা এণ্ড আফটাৰ।’ শীৰ্ষক গ্ৰন্থখন ৰচনা কৰিছিল।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]