ৰেণু চক্ৰৱৰ্তী
ৰেণু চক্ৰৱৰ্তী | |
---|---|
সাংসদ | |
কাৰ্যকাল ১৯৫২-১৯৬২ | |
সমষ্টি | বছিৰহাট |
কাৰ্যকাল ১৯৬২-১৯৬৭ | |
সমষ্টি | বাৰেকপুৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ২১ অক্তোবৰ ১৯১৭ কলিকতা |
মৃত্যু | ১৬ এপ্ৰিল, ১৯৯৪ (৭৬ বছৰ) |
ৰাজনৈতিক দল | ভাৰতীয় কমিউনিষ্ট পাৰ্টি |
দাম্পত্যসঙ্গী | নিখিল চক্ৰৱৰ্তী |
সন্তান | ১ জন ল'ৰা |
ৰেণু চক্ৰৱৰ্তী (ইংৰাজী: Renu Chakravartty,(১৯১৭-১৯৯৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী নেতা৷ তেওঁ এগৰাকী সাংসদ আৰু শিক্ষাবিদ আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]সাধন চন্দ্ৰ আৰু ব্ৰহ্মকুমাৰী ৰায়ৰ ঘৰত ১৯১৭ চনৰ ২১ অক্টোবৰত কলকাতাত ৰেণু চক্ৰৱৰ্তীৰ জন্ম হৈছিল৷ তেওঁ কলকাতাৰ লৰেটো হাউচ, ভিক্টোৰিয়া ইনষ্টিটিউচন আৰু কেম্ব্ৰিজৰ নিউনহাম কলেজত শিক্ষা গ্ৰহণ কৰে। কলকাতাত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কেম্ব্ৰিজত ইংৰাজী সাহিত্যত ট্ৰাইপ' লাভ কৰে।[1][2][3]
তেওঁ ড০ বিধান চন্দ্ৰ ৰয়ৰ ভতিজী৷ তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজনৈতিক বিষয়ত আগ্ৰহী হৈছিল। ১৯৩৮ চনত তেওঁ ব্ৰিটিছ কমিউনিষ্ট ৰাজনী পালমে দত্তৰ সংস্পৰ্শলৈ আহি গ্ৰেট বৃটেইনৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। সেই বছৰতে ভাৰতলৈ উভতি আহোঁতে তেওঁ ভাৰতৰ অবৈধ কমিউনিষ্ট পাৰ্টিৰ সদস্যপদ লাভ কৰে আৰু সক্ৰিয় বাওঁ ৰাজনীতিত সংযুক্ত হয়।[1][4]
বিবাহ আৰু ৰাজনীতি
[সম্পাদনা কৰক]১৯৪২ চনত বিশিষ্ট সাংবাদিক নিখিল চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। চল্লিশৰ দশকৰ আৰম্ভণিতে তেওঁ কলিকতা বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ অধ্যাপনা কৰে। ৰাণী মিত্ৰ দাসগুপ্ত আৰু মণিকুন্তলা সেনৰ সৈতে তেওঁ মহিলা আত্মৰক্ষা সমিতি গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিছলৈ ই তেভাগা আন্দোলনত ভূমিকা পালন কৰিছিল।[3][5][6] আৰু ১৯৬২ চনত বাৰাকপুৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়।[7]১৯৬৪ চনত চিপিআই বিভাজনৰ পিছত তেওঁ পুৰণি সংগঠনটোৰ সৈতে থাকিবলৈ সিদ্ধান্ত লয়,[1] আৰু ১৯৬৭ আৰু ১৯৭১ চনত একেৰাহে দুটা নিৰ্বাচনত একেটা সমষ্টিৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ মোঃ ইছমাইলৰ হাতত পৰাস্ত হয়।[8][9]
ৰাজনৈতিক জীৱনৰ প্ৰায় চাৰি দশকত তেওঁ শ্ৰমিক আন্দোলনত সক্ৰিয় আছিল, বহু ধৰ্মঘটৰ আয়োজন কৰিছিল আৰু বহুবাৰ জেললৈ গৈছিল। নাৰী আন্দোলনত তেওঁৰ অৱদান গুৰুত্বপূৰ্ণ। ১৯৫৩ চনত তেওঁ নিৰ্বাচিত হোৱা আন্তৰ্জাতিক মহিলা গণতান্ত্ৰিক সংস্থাকে ধৰি বহু সংগঠনৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল।[1][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Samsad Bangali Charitabhidhan (Biographical Dictionary) by Anjali Bose, Vol II, 3rd edition 2004, page 309, আই.এচ.বি.এন. 81-86806-99-7, (in Bengali) Sishu Sahitya Samsad Pvt. Ltd., 32A Acharya Prafulla Chandra Road, Kolkata-700009
- ↑ "Members of Parliament – Lok Sabha - Profile". Chakravartty, Smt. Renu. reFocus india. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714224842/http://www.refocusindia.com/member-of-parliament-lok-sabha-profile-481-Chakravartty,%20Smt.%C2%A0Renu। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ 3.0 3.1 "Chakravartty, Renu (1917-1994)". Blackwell Reference Online. http://www.blackwellreference.com/public/tocnode?id=g9781405184649_yr2012_chunk_g9781405184649324। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ "Nikhilda, a champion of press freedom, dies of cancer". Express News Service, 28 June 1998. http://expressindia.indianexpress.com/ie/daily/19980628/17950184.html। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ নিঃস্ব মহিলাসকলৰ সহায়ৰ বাবে তেওঁ মাকৰ সৈতে নাৰী সেৱা সংঘৰ সৈতে জড়িত আছিল।[1] ১৯৪৮ চনত যেতিয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টি অবৈধ বুলি ঘোষণা কৰা হয়, তেতিয়া তেওঁ আত্মগোপন কৰে। ১৯৫২ আৰু ১৯৫৭ চনত বাছিৰহাটৰ পৰা,<ref name=loksabha1952>"General Elections, India, 1951- Constituency Wise Detailed Results". West Bengal. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/LS_1951/VOL_1_51_LS.PDF। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ "General Elections, India, 1957- Constituency Wise Detailed Results". West Bengal. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/LS_1957/Vol_I_57_LS.pdf। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ "General Elections, India, 1962- Constituency Wise Detailed Results". West Bengal. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/LS_1962/Vol_I_LS_62.pdf। আহৰণ কৰা হৈছে: 9 July 2013.
- ↑ "General Elections, India, 1967 - Constituency Wise Detailed Results". West Bengal. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/LS_1967/Vol_I_LS_67.pdf। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ "General Elections, India, 1971 - Constituency Wise Detailed Results". West Bengal. Election Commission. http://eci.nic.in/eci_main/StatisticalReports/LS_1971/Vol_I_LS71.pdf। আহৰণ কৰা হৈছে: 9 July 2014.
- ↑ As One! For Equality, For Happiness, For Peace (Report). প্ৰকাশক East Berlin, East Germany: Women's International Democratic Federation. 1953. pp. 264–265. https://search.alexanderstreet.com/view/work/bibliographic_entity%7Cdocument%7C1631997?account_id=196403&usage_group_id=1338161। আহৰণ কৰা হৈছে: 23 November 2023. – via ASP: Women and Social Movements (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)