সমললৈ যাওক

ৰেণু বালা চানু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী যুমানম ৰেণু বালা চানুক ২০১৪ চনৰ অৰ্জুন বঁটা প্ৰদান

য়ুমনাম ৰেণু বালা চানু (ইংৰাজী: Yumnam Renu Bala Chanu ; জন্ম: ২ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় ভাৰোত্তোলক, মণিপুৰইম্ফলৰ ওচৰত অৱস্থিত ক্যামগেই মায়াই লেইকাই গাঁৱৰ।[1] ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলা ৫৮ কেজি শাখাত সোণৰ পদক লাভ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰেণু বালাৰ কেৰিয়াৰ আৰম্ভ হৈছিল যেতিয়া ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ ‘টেলেণ্ট হাণ্ট’ শিবিৰত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল, ২০০০ চনত ইম্ফলত, যেতিয়া ৰাজ্যিক চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ পিছত তেওঁক এছ এ আইলৈ পৰামৰ্শ দিয়া হৈছিল। লক্ষ্ণৌত হান্সা শৰ্মা আৰু জি পি শৰ্মাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰে।[3]

ৰেনুবালাৰ ঘৰ মণিপুৰৰ যদিও তেওঁ অসমক প্ৰতিনিধিত্ব কৰে,[4] আৰু ছোনিয়া চানু (মহিলাৰ ৪৮ কেজিত ৰূপৰ পদক) আৰু সন্ধয়া ৰাণী দেৱী (মহিলাৰ ৪৮ কেজিত ব্ৰঞ্জৰ পদক)ৰ পিছত পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ আছিল।[5] ২০০৭ চনত গুৱাহাটী ৰাষ্ট্ৰীয় খেলত অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনৰ হৈ চাৰিটা স্বৰ্ণ পদক লাভ কৰে।[6]

২০১০ চনত দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত পুনৰ স্বৰ্ণ পদক ৰক্ষা কৰাত সফল হয়। নৰ্থইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ কৰ্মচাৰীগৰাকীয়ে অন্তিম প্ৰচেষ্টাত ৯০ কিলোগ্ৰাম ওজন তুলি গেমছ স্নেচ্চৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৰেনুৱে নিজৰ স্নেচ অভিলেখত ১০৭ কিলোগ্ৰাম যোগ কৰি মুঠ ১৯৭ কিলোগ্ৰাম বৃদ্ধি কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। ২০০২ চনৰ গেমছৰ সময়ত কানাডাৰ মেৰীছ টাৰকটে পূৰ্বৰ অভিলেখ ভংগ কৰিছিল আৰু ৯০ কিলোগ্ৰাম ওজনলৈ অনাৰ পৰৱৰ্তী প্ৰচেষ্টাত ইয়াৰ উন্নতি সাধন কৰিছিল। তেওঁৰ ৰাষ্ট্ৰীয় অভিলেখ হৈছে স্নেচৰ বাবে ৯৩, ক্লিন জাৰ্কৰ বাবে ১১৯ আৰু মুঠৰ বাবে ২০৯। তেওঁৰ স্বৰ্ণ পদক ভাৰতৰ জনসাধাৰণ আৰু ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ বাবে উৎসৰ্গা কৰি কয় যে তেওঁৰ এই জয়ে ফেডাৰেচনক শেহতীয়া বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰাত সহায় কৰিব।[7] আৰ্থিকভাৱে অশান্ত পটভূমিৰ পৰা অহা কোনোবা এজনৰ বাবে তেওঁৰ গৌৰৱ আৰু তেওঁৰ কৃতিত্বৰ তাৎপৰ্য প্ৰকাশ কৰে আৰু তেওঁৰ পদকক তেওঁৰ পৰিয়াল আৰু প্ৰশিক্ষকসকলে তেওঁৰ প্ৰশিক্ষণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে স্বীকৃতিৰ চিন হিচাপে বৰ্ণনা কৰে।[8]

২০১৪ চনত অসম ভাৰোত্তোলন সন্থা (AWA) আৰু অসম অলিম্পিক সন্থাই (AOA) যৌথভাৱে তেওঁক সম্বৰ্ধনা জনায়।[9] ২০১৪ চনত তেওঁ অৰ্জুন বঁটা লাভ কৰে।[10]

২০১০ চনত গুৱাংঝু এছিয়ান গেমছ আৰু ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে অংশগ্ৰহণ কৰিব পৰা নাছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Talented weightlifter Renu Bala achieves her gold - Indian Express" (en-gb ভাষাত). archive.indianexpress.com. http://archive.indianexpress.com/news/talented-weightlifter-renu-bala-achieves-her-gold/693875/। আহৰণ কৰা হৈছে: 2018-08-25. 
  2. "M2006 > Schedule and Results > Weightlifting". m2006.thecgf.com. Archived from the original on 2018-08-25. https://web.archive.org/web/20180825143331/http://m2006.thecgf.com/Schedule%20and%20Results/By%20Sport/WeightLifting/Results/Result%20-%20WL10581XXXXXXX?ScheduleItemID=27005। আহৰণ কৰা হৈছে: 2018-08-25. 
  3. "Talented weightlifter Renu Bala achieves her gold - Indian Express" (en-gb ভাষাত). archive.indianexpress.com. http://archive.indianexpress.com/news/talented-weightlifter-renu-bala-achieves-her-gold/693875/। আহৰণ কৰা হৈছে: 2018-08-25. 
  4. Trade, TI. "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2018-08-25. https://web.archive.org/web/20180825180022/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1014%2Fsports055। আহৰণ কৰা হৈছে: 2018-08-25. 
  5. "I've toiled hard for this gold medal: Renu Bala". Rediff. http://www.rediff.com/sports/report/cwg-2010-delhi-ive-toiled-hard-for-this-gold-medal-renu-bala/20101006.htm. 
  6. Trade, TI. "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2018-08-25. https://web.archive.org/web/20180825180022/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1014%2Fsports055। আহৰণ কৰা হৈছে: 2018-08-25. 
  7. Sabanayakan, S. (2010-10-06). "Renu Bala clinches weightlifting gold" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/sport/other-sports/Renu-Bala-clinches-weightlifting-gold/article15770978.ece. 
  8. "Courage as a badge of honour" (en ভাষাত). Hindustan Times. 2010-10-07. https://www.hindustantimes.com/other/courage-as-a-badge-of-honour/story-UxlMCuYLr4ZrAkxLeHX0dM.html. 
  9. Trade, TI. "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2018-08-25. https://web.archive.org/web/20180825180022/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1014%2Fsports055। আহৰণ কৰা হৈছে: 2018-08-25. 
  10. "List of Arjun Award Winners 2014 | Current Affairs | OdishaBook". www.odishabook.com. Archived from the original on 2016-04-29. https://web.archive.org/web/20160429162448/http://www.odishabook.com/Aticle/More/Current-Affairs/2014/08/24/List-of-Arjun-Award-Winners-2014। আহৰণ কৰা হৈছে: 2016-11-09. 
  11. "CWG gold-winning lifter Chanu has kidney failure" (en ভাষাত). Hindustan Times. 2013-09-12. https://www.hindustantimes.com/other/cwg-gold-winning-lifter-chanu-has-kidney-failure/story-MfaQloZck9IY1xyOE1jFXP.html.