ৰেণ্ডী ভ্যানৱাৰ্মাৰ
| ৰেণ্ডী ভ্যানৱাৰ্মাৰ | |
|---|---|
১৯৮১ চনত ৰেণ্ডী ভ্যানৱাৰ্মাৰ | |
| জন্ম | ৰেণ্ডেল এডউইন ভ্যান ৱাৰ্মাৰ ৩০ মাৰ্চ, ১৯৫৫ ইণ্ডিয়ান হিলছ, ক’লৰাডো, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| মৃত্যু | ১২ জানুৱাৰী, ২০০৪ (৪৮ বছৰ) ছিয়াটল, ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৭৮–২০০৪ চন |
ৰেণ্ডী ভ্যানৱাৰ্মাৰ (ইংৰাজী: Randy VanWarmer)(জন্ম ৩০ মাৰ্চ, ১৯৫৫ –মৃত্যু ১২ জানুৱাৰী, ২০০৪)আছিল এজন আমেৰিকাৰ কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰবাদক। তেওঁৰ আটাইতকৈ জনপ্ৰিয় গীত আছিল জাষ্ট হোৱেন আই নীডেদ ইউ মষ্ট (“Just When I Needed You Most”)এই গীতটোৱে ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত ইউ কে একক চাৰ্টত (UK Singles Chart) ৮ নম্বৰ স্থান লাভ কৰিছিল।[1] ইয়াৰ আগতে এই গীতটো বিলবোৰ্ড হট ১০০ [2] তালিকাত ৪ নম্বৰ স্থানলৈ উঠিছিল আৰু বিলবোৰ্ড হট এডাল্ট কণ্টেমপৰেৰী চাৰ্ট (Billboard hot Adult Contemporary chart)ত ১ নম্বৰ স্থান লাভ কৰিছিল।[3]
ৰেণ্ডী ভ্যানৱাৰ্মাৰে দ্য ওক ৰিজ বয়ছ(The Oak Ridge Boys)ৰ বাবে কেইবাটাও গীত লিখিছিল। তাৰ ভিতৰত “I Guess It Never Hurts to Hurt Sometimes” নামৰ গীতটোৱে হট কাণ্ট্ৰি ছং তালিকাত ১ নম্বৰ স্থান লাভ কৰিছিল। ৰেণ্ডী ভ্যানৱাৰ্মাৰৰ কোমল সুৰৰ কণ্ঠৰে নিগৰা প্ৰেমৰ গীত আৰু হৃদয়স্পৰ্শী গীতৰ বাবে তেওঁ ১৯৭০–৮০ দশকৰ পপ সংগীত জগতত বিশেষ পৰিচিতি লাভ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]
ৰেণ্ডি ভ্যানৱাৰ্মাৰে কলৰাডোৰ ইণ্ডিয়ান হিলছত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল ৰজাৰ ভ্যানৱাৰ্মাৰ আৰু মাতৃ বেটসি (হ্যাৰী)। [4] ৰেণ্ডীয়ে বিজ্ঞান-কল্পকাহিনী চিনেমা আৰু ষ্টাৰ ট্ৰেক ভাল পাইছিল, আৰু মহাকাশচাৰী হোৱাৰ সপোন দেখিছিল। কিন্তু ১২ বছৰ বয়সত তেওঁৰ পিতৃৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হয় আৰু মাকে নিজৰ চাৰিজন পুত্ৰক ইংলেণ্ডৰ কৰ্ণৱালৰ লুইলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লয়।
১৯৭৯ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা তেওঁৰ বিখ্যাত গীত “Just When I Needed You Most” তেওঁৰ স্বাক্ষৰ গীত (signature song) হিচাপে পৰিচিত হয়। এই গীতটোৱে আমেৰিকা, কানাডা আৰু যুক্তৰাজ্যৰ সংগীত তালিকাত শীৰ্ষ ১০-ৰ ভিতৰত স্থান লাভ কৰে। ১৮ বছৰ বয়সত লিখা এই গীতটোৱে আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰিছিল, আৰু আজিও ই এক ক্লাছিক আৰু চিৰস্থায়ী গীতৰ শাৰীত আছে। ১৯৭৯ চনৰ মে’ মাহত গীতটোৱে আমেৰিকাৰ বিলবোৰ্ড এডাল্ট কণ্টেমপৰেৰী চাৰ্ট (Billboard Adult Contemporary chart)ত দুসপ্তাহ ধৰি প্ৰথম স্থান দখল কৰে আৰু জুন মাহত বিলবোৰ্ড হট ১০০ ত ৪ নম্বৰ স্থানলৈ উঠে। এই গীতটো মুঠ ১৪ সপ্তাহ ধৰি শীৰ্ষ ৪০-ত আছিল আৰু ৰেকৰ্ডিং ইণ্ডাষ্ট্ৰী এছ'চিয়েচন অৱ আমেৰিকা (RIAA)-ৰপৰা গ’ল্ড ৰেকৰ্ড মৰ্যাদা লাভ কৰে।[5] গীতটোৱে বিলবোৰ্ড কাণ্ট্ৰী মিউজিক তালিকাতো ৭১ নম্বৰ স্থান লাভ কৰিছিল। পিছলৈ ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহত ই যুক্তৰাজ্যৰ ইউ কে একক চাৰ্টৰ শীৰ্ষ ১০-ত সোমাই ৮ নম্বৰ স্থান লাভ কৰে।
ভ্যানৱাৰ্মাৰে কৈছিল যে এই গীত লিখাৰ অনুপ্ৰেৰণা তেওঁ পাইছিল তেওঁৰ বহুদিনীয়া প্ৰিয় এখন পুৰণি গাড়ীখনৰপৰা। সেই গাড়ীখন কলৰাডোৰ ডেনভাৰত কৰ্মস্থলীলৈ যোৱাৰ পথত বিকল হৈ পৰিছিল। ইয়াৰ লগতে তেওঁৰ জীৱনত হোৱা এক গভীৰ প্ৰেম-বিচ্ছেদেও গীতটোৰ সৃষ্টিত প্ৰভাৱ পেলাইছিল। তেওঁ প্ৰেমিকাৰ সৈতে হোৱা “অত্যন্ত বেদনাদায়ক” বিচ্ছেদৰ প্ৰায় ছয় মাহ পিছত এই গীতটো লিখিছিল, যদিও একক গীত হিচাপে মুক্তি পোৱাৰ প্ৰায় দুবছৰ আগতেই ইয়াক ৰচনা কৰা হৈছিল।[6] মূলতঃ বিয়াৰ্ছভিল ৰেকৰ্ডছৰ যুক্তৰাজ্য শাখাৰ বাবে নিৰ্মাণ কৰা এটা এলবামৰ অংশ হিচাপে ইংলেণ্ডত গীতটো ৰেকৰ্ড কৰা হৈছিল। পিছত ভ্যানৱাৰ্মাৰে আমেৰিকালৈ গৈ কোম্পানীটোক এলবামটো প্ৰচাৰৰ বাবে উৎসাহিত কৰে। এলবামটো পুনৰ ৰিমিক্স কৰা হয় আৰু “জাষ্ট ৱেন আই নীড ইউ মষ্ট ”ক মুখ্য একক (lead single) হিচাপে প্ৰকাশ কৰা হয়।
ভ্যানৱাৰ্মাৰে স্মৰণ কৰিছিল যে বেয়াৰসভিলৰ বহু লোকেই প্ৰথমতে তেওঁৰ ৰেকৰ্ডিংটোৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাছিল। তেওঁৰ মতে, বহুতে ভাবিছিল যে তেওঁৰ সংস্কৰণটো কেৱল এটা ডেমো, যিটো পিছত আন কোনো শিল্পীয়ে চূড়ান্ত ৰূপত ৰেকৰ্ড কৰিব। কিন্তু শেষত সেই একেটি সংস্কৰণেই বিশ্বজুৰি তেওঁৰ আটাইতকৈ জনপ্ৰিয় গীত হিচাপে পৰিগণিত হয়।
মৃত্যু
[সম্পাদনা কৰক]২০০৪ চনৰ ১২ জানুৱাৰীত ৪৮ বছৰ বয়সত ছিয়াটলত ভেনৱাৰ্মাৰৰ মৃত্যু হয়। তেওঁ মৃত্যুৰ এবছৰ আগৰে পৰা লিউকেমিয়া ৰোগত আক্ৰান্ত হৈ আছিল। [7]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "RANDY VANWARMER - full Official Chart History". Official Charts. https://www.officialcharts.com/artist/17893/randy-vanwarmer/.
- ↑ Whitburn, Joel (2004). The Billboard Book of Top 40 Hits (8th সম্পাদনা). Billboard Publications. পৃষ্ঠা. 657. https://archive.org/details/billboardbookoft0000whit_8edi.
- ↑ Hyatt, Wesley (1999). The Billboard Book of No. 1 Adult Contemporary Hits. Billboard Publications. পৃষ্ঠা. 228–9.
- ↑ "Roger Van Wormer in household of Frank Van Wormer, " United States Census, 1930". FamilySearch. https://familysearch.org/ark:/61903/1:1:XQKS-L2S.
- ↑ Gardner, James A.. "Randy VanWarmer - Beat of Love Album Reviews, Songs & More". AllMusic. https://www.allmusic.com/album/beat-of-love-mw0000990505। আহৰণ কৰা হৈছে: 6 November 2023.
- ↑ Klingman Daily Miner, July 20, 1978, p. 15
- ↑ "Randy VanWarmer, 48; Singer, Country Songwriter". Los Angeles Times. 15 January 2004. https://www.latimes.com/archives/la-xpm-2004-jan-15-me-vanwarmer15-story.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]Bio - Music - Randy VanWarmer