সমললৈ যাওক

ৰেনে বণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেনে বণ্ড
জন্ম অক্টোবৰ ১১ , ১৯৫০
ছান ডিয়েগো, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ০২ জুন, ১৯৯৬ (৪৫ বছৰ)
মৃত্যুৰ কাৰণ ছিৰোচিছ
পেচা অভিনেত্ৰী

ৰেনে বণ্ড (১১ অক্টোবৰ ১৯৫০ – ২ জুন ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু পৰ্ণগ্ৰাফিক অভিনেত্ৰী আছিল। বণ্ডই ১৯৬০ চনৰ শেষৰফালে হেৰী নোভাকে নিৰ্মাণ কৰা ছফ্টকোৰ এক্সপ্লইটেচন চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু ১৯৭০ চনৰ আৰম্ভণিতে হাৰ্ডকোৰ চলচ্চিত্ৰলৈ গতি কৰিছিল। ১৯৭০ চনৰ লছ এঞ্জেলছৰ পৰ্ণগ্ৰাফী জগতত তেওঁ সক্ৰিয় আছিল আৰু ৮০খনতকৈও অধিক চলচ্চিত্ৰ তথা লুপত অভিনয় কৰিছিল। তেওঁৰ সৰু শৰীৰটোৰ বাবে তেওঁ পৰিচিত আছিল আৰু অভিনয়ত তেওঁ নিৰ্দোষী বা সৰলতা প্ৰকাশ কৰিছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বণ্ডই দ্য জেকিল এণ্ড হাইড পৰ্টফলিঅ' (১৯৭১) কে ধৰি কেইবাখনো ছফ্টকোৰ এক্সপ্লইটেচন আৰু চেক্সপ্লইটেচন ছবিত অভিনয় কৰিছিল।[2]

স্তন সংৰোপণ (breast implants) কৰা প্ৰথমগৰাকী পৰ্ণ অভিনেত্ৰীসকলৰ ভিতৰত বণ্ড অন্যতম আছিল। ১৯৭৭ চনৰ এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে "উত্তৰ আমেৰিকান স্তনৰ প্ৰতি থকা আকৰ্ষণ"ৰ বাবে তেওঁ এই সিদ্ধান্ত লৈছিল আৰু দাবী কৰিছিল যে সংৰোপণৰ ফলত তেওঁক চলচ্চিত্ৰত অধিক চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল।[1] ৭০ৰ দশকৰ মাজভাগলৈ তেওঁ নিজাকৈ এটা মেইল-অৰ্ডাৰ কোম্পানী আৰম্ভ কৰিছিল, য'ত তেওঁ নিজৰ ফটো আৰু কামৰ স্লাইড বিক্ৰী কৰিছিল। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ কামৰ বিষয়ে জানিছিল আৰু তেওঁ যেতিয়া বাৰলেস্কু তথা ষ্ট্ৰিপ-টিজ শ্ব'ত অংশ লৈছিল, তেতিয়া তেওঁলোকে তেওঁক সংগ দিছিল। এই শ্ব'বোৰৰ সময়ত বণ্ডই মঞ্চত নিজৰ দেউতাক বুলি ভাও ধৰা এজন ব্যক্তিক আমন্ত্ৰণ জনাইছিল আৰু "মাই হাৰ্ট বিলংছ টু ড্যাডি" গীতটোত নৃত্য প্ৰদৰ্শন কৰিছিল।[1]

১৯৭৬ চনত দ্য ছিগনেলত দিয়া এটা সাক্ষাৎকাৰত বণ্ডই পৰ্ণগ্ৰাফিক অভিনেতা হিচাপে কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল: "আমি 'ৱান ডে ৱাণ্ডাৰ্ছ' নামৰ চুটি চিনেমা কৰিছিলোঁ। মই সদায় কুমাৰী ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। আমি সাধাৰণতে দিনটোত অতি কমেও ১২ ঘণ্টা কাম কৰিছিলোঁ। আমি আৰক্ষীৰ নিৰন্তৰ হেঁচাৰ মাজত কাম কৰিছিলোঁ [...] আমাৰ ভিতৰত মাত্ৰ চাৰিজনমানহে আছিলোঁ যিয়ে অন্ততঃ এবাৰো ধৰা পৰা নাছিলোঁ। মই বৰ সাৱধান আছিলোঁ," লগতে তেওঁ কয়, "মই এতিয়াও যথেষ্ট সৰল। মই সেই অদ্ভুত কামবোৰত সোমাই নপৰোঁ। কিন্তু মই ভাবো যে মোৰ [পৰ্ণগ্ৰাফী] কামৰ জৰিয়তে মই এগৰাকী অধিক শক্তিশালী মহিলা হৈ পৰিছোঁ।" [3]

বণ্ডক এভিএন (AVN) হল অৱ ফেেমৰ লগতে এক্স-ৰেটেড ক্ৰিটিকছ অৰ্গেনাইজেচন (XRCO) হল অৱ ফেেমত অন্তৰ্ভুক্ত কৰা হৈছিল।[4][5]

পৰৱৰ্তী বছৰসমূহ আৰু মৃত্যু

[সম্পাদনা কৰক]

১৯৭০ চনৰ শেষৰফালে অভিনয়ৰপৰা অৱসৰ লোৱাৰ পাছত বণ্ডই তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় আৰু লাছ ভেগাছত বসবাস কৰিবলৈ লয়। তেওঁ শেষবাৰৰ বাবে ১৯৮৬ চনত টেলিভিছন গেম শ্ব' "ব্ৰেক দ্য বেংক"ত প্ৰতিযোগী হিচাপে অংশ লৈছিল।[6]

১৯৯৬ চনৰ ২ জুনত ৪৫ বছৰ বয়সত ছিৰোচিছ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Rene Bond - Biography". IMDb. https://www.imdb.com/name/nm0094023/bio আহৰণ কৰা হৈছে: March 29, 2017.
  2. Stine, Scott Aaron (2001). The Gorehound's Guide to Splatter Films of the 1960s and 1970s. McFarland & Company. পৃষ্ঠা. 154. ISBN 978-0786409242.
  3. "Graduate's Career". The Signal (Ancestry): পৃষ্ঠা 4. 3 December 1976. https://www.newspapers.com/article/the-signal/29977071/.
  4. "Hall of Fame". AVN Awards. http://www.avnawards.com/index.php?content=halloffame আহৰণ কৰা হৈছে: June 25, 2008.
  5. "Hall of Fame". XRCO. http://www.bwdl.net/XRCO-2/hall.htm আহৰণ কৰা হৈছে: June 25, 2008.
  6. "Rene Bond on "Break the Bank" (1986)". https://www.youtube.com/watch?v=mH_tLqm98oc.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]