সমললৈ যাওক

ৰেবেকা ল'ল'ছ'লি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেবেকে ল'ল'ছ'লি

ৰেবেকা ল'ল'ছ'লিৰ ছবি
ৰাষ্ট্ৰপতি Présidente du village d'Umoja
ব্যক্তিগত তথ্য
জন্ম ১৯৬২
ৱাম্বা, ডিষ্ট্ৰিক্ট দে ছাম্বাৰু
ৰাষ্ট্ৰীয়তা কেনিয়া
জীৱিকা পৰিৱেশবিদ

ৰেবেকা ল'ল'ছ'লি(ইংৰাজী: Rebecca Lolosoli; জন্ম: ১৯৬২) কেনিয়াৰ চাম্বুৰু কাউণ্টিৰ উমোজা গাঁৱৰ প্ৰতিষ্ঠাপক আৰু মেট্ৰিয়াৰ্ক।[1][2] যৌন নিৰ্যাতনৰ পৰা পলায়ন কৰা মহিলাসকলৰ বাবে এই গাঁওখন আশ্ৰয়স্থল আৰু পুৰুষসকলক গাঁওখনত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।[3] তেওঁ স্থানীয় কাৰ্যালয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে আৰু এনেদৰে প্ৰতিদ্বন্দ্বিতা কৰা তেওঁ হ'ব প্ৰথমগৰাকী ছাম্বুৰু মহিলা।[4]

কেনিয়াৰ উমোজা মহিলা গাঁৱৰ বিষয়ে কয় ৰেবেকা ল’ল’ছ’লিয়ে।

১৯৬২ চনত ৱাম্বা গাঁৱত জন্মগ্ৰহণ কৰা ল'ল'ছ'লি আছিল ছয়জন ভাই-ভনীৰ ভিতৰত এগৰাকী। ১৯৭১ চনত তেওঁ ৱাম্বা ছোৱালী প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল যদিও শিক্ষা সমাপ্ত কৰাৰ আগতেই গুচি যায়।[5] পিছলৈ তেওঁ কেথলিক নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰে যদিও আৰ্থিক অসুবিধাৰ বাবে শেষ কৰাৰ ছমাহ আগতে শিক্ষা এৰিবলগীয়া হয়।[5] ১৮ বছৰ বয়সত তেওঁ ফেবিয়ানো ডেভিদ ল'ল'ছ'লিক বিয়া কৰায়৷ ১৭টা গৰু যৌতুকত দিয়া হয়৷[6] [5] তেওঁ নিজাকৈ গাঁৱৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিছিল আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰিছিল।[1] সেইসময়তে তেওঁক আক্ৰমণ আৰু ডকাইতি কৰা হৈছিল, তেতিয়া তেওঁৰ স্বামীয়ে হস্তক্ষেপ কৰা নাছিল, যাৰ ফলত তেওঁ গিৰিয়েকক এৰি থৈ গৈছিল।[7] ১৯৯০ চনত তেওঁ আন চাৰিগৰাকী মহিলাৰ সৈতে উমোজা গাঁওখন প্ৰতিষ্ঠা কৰে আৰু ইয়াক কেৱল মহিলাসকলৰ গাঁও হিচাপে প্ৰতিষ্ঠা কৰে।[8]

১৯৯৫ চনত উমোজাৰ মহিলাসকলে তেওঁক মহিলাৰ উন্নতিৰ বাবে সংস্থা মেণ্ডেলিঅ’ ইয়া ৱানাৱাকে অৰ্গেনাইজেচন (MYWO)ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে। দহ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল।[5]

২০০৫ চনত লোলোছলিয়ে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ এখন সন্মিলনত অংশগ্ৰহণ কৰে।[9] নিউয়ৰ্কলৈ যোৱাৰ ঠিক আগতেই মহিলাৰ অধিকাৰৰ ওপৰত তেওঁৰ স্থিতিৰ বাবে স্থানীয় পুৰুষৰ পৰা তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছিল।[10]

২০০৯ চনত বন্দুক লৈ উমোজাক তেওঁৰ প্ৰাক্তন স্বামীয়ে আক্ৰমণ কৰিছিল। তেওঁ মহিলাসকলক ঘৰৰ পৰা খেদি পঠিয়াইছিল আৰু অভিযোগ অনুসৰি সেই সময়ত ঘৰত নথকা ৰেবেকাক বিচাৰি আছিল।[6] ২০১০ চনত তেওঁক ভিটাল ভইচেছৰ পৰা গ্ল'বেল লিডাৰশ্বিপ বঁটাৰে সন্মানিত কৰা হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Rebecca Lolosoli Survivor of violence finds a new "unity"". PBSIndependent Lens. Archived from the original on 9 November 2015. https://archive.today/20151109043654/http://www.pbs.org/independentlens/half-the-sky/rebecca-lolosoli/। আহৰণ কৰা হৈছে: 13 December 2016. 
  2. Wax, Emily (9 July 2005). "A Place Where Women Rule". Washington Post. https://www.washingtonpost.com/wp-dyn/content/article/2005/07/08/AR2005070801775.html. 
  3. Bindel, Julie (15 August 2015). "The village where men are banned". The Guardian. https://www.theguardian.com/global-development/2015/aug/16/village-where-men-are-banned-womens-rights-kenya. 
  4. "Half the Sky: Turning Oppression Into Opportunity for Women Worldwide". Halftheskymovement.org. Archived from the original on 2014-09-22. https://archive.today/20140922163131/http://www.halftheskymovement.org/pages/rebecca-lolosoli। আহৰণ কৰা হৈছে: 2015-08-18. 
  5. 5.0 5.1 5.2 5.3 "Interview with Rebecca Lolosoli". Satya Mag. June 2007. http://www.satyamag.com/jun07/lolosoli.html। আহৰণ কৰা হৈছে: 2017-08-21. 
  6. 6.0 6.1 Schell, Brittany (22 August 2009). "Gunman Attacks Women's Village in Kenya". New America Media. http://news.newamericamedia.org/news/view_article.html?article_id=e16449266cba9902b5f1ea0ce3643ceb. 
  7. "Women in the World: Rebecca Lolosoli, Kenya". The Daily Beast. 2011-03-06. http://www.thedailybeast.com/articles/2011/03/06/women-in-the-world-rebecca-lolosoli-kenya। আহৰণ কৰা হৈছে: 2017-08-21. 
  8. "Violence Against Women in Kenya". Sister Namibia খণ্ড 21 (4): 44. December 2009. http://search.ebscohost.com/login.aspx?direct=true&db=lfh&AN=48301119&site=ehost-live. 
  9. Wax, Emily (2005-07-09). "A Place Where Women Rule" (en-US ভাষাত). The Washington Post: পৃষ্ঠা 2. ISSN 0190-8286. https://www.washingtonpost.com/wp-dyn/content/article/2005/07/08/AR2005070801775.html. 
  10. Wax, Emily (2005-07-09). "A Place Where Women Rule" (en-US ভাষাত). The Washington Post: পৃষ্ঠা 1. ISSN 0190-8286. https://www.washingtonpost.com/wp-dyn/content/article/2005/07/08/AR2005070801775.html.