ৰেভানা উমাদেৱী নাগাৰাজ
ৰেভানা উমাদেৱী ৮মাৰ্চ ২০১৮চনত | |
| Born | ১১ ফেব্ৰুৱাৰী, ১৯৬৫ (৬১ বছৰ) ভাৰত |
|---|---|
| Sport country | |
ৰেভানা উমাদেৱী নাগাৰাজ (ইংৰাজী: : Revanna Umadevi Nagaraj ; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৬৫), ইংলিছ বিলিয়াৰ্ড আৰু স্নুকাৰৰ এগৰাকী ভাৰতীয় পেছাদাৰী খেলুৱৈ।[1] তেওঁ বিশ্ব মহিলা বিলিয়াৰ্ড চেম্পিয়ন (২০১২)[2] আৰু ছবাৰ ভাৰতীয় ৰাষ্ট্ৰীয় বিলিয়াৰ্ড চেম্পিয়ন।[3] ২০১২ চনৰ লণ্ডন চেম্পিয়নশ্বিপত বিশ্বৰ ১৩ নং ইভা পালমিয়াছক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছিল।[4]
জীৱন
[সম্পাদনা কৰক]১৯৬৫ চনত জন্মগ্ৰহণ কৰা উমাদেৱীয়ে জীৱনৰ মাজভাগতে বিলিয়াৰ্ডছত নিজৰ সম্ভাৱনা উপলব্ধি কৰিছিল । বাংগালুৰুত টাইপিষ্ট হিচাপে কাম কৰি থাকোঁতে কৰ্ণাটক চৰকাৰী সচিবালয় ক্লাবলৈ গৈ টেবুল টেনিছ খেলিছিল। এদিন টেবুল টেনিছৰ পাললৈ বহু সময় অপেক্ষা কৰি থাকোঁতে তাই টেবুল টেনিছ ৰুমৰ কাষৰ বিলিয়াৰ্ডছৰ টেবুলখনলৈ আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল’লে আৰু লাহে লাহে খেলখন ভাল পাবলৈ ধৰিলে। তাৰ পিছত উমাদেৱীয়ে কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাই। হাতত ক্যু ষ্টিক লৈ সগৌৰৱেৰে বিলিয়াৰ্ডছৰ টেবুলৰ ফালে আগ বাঢ়ি গৈ থকা উমাদেৱীয়ে কেৱল সেউজীয়া টেবুলৰ ওপৰত থকা ৰঙীন বলবোৰতহে গুৰুত্ব দিলে। সফল ক্ৰীড়া কেৰিয়াৰৰ দিশত তেওঁক বিশিষ্ট বিলিয়াৰ্ড খেলুৱৈ অৰবিন্দ সাৱৰ, এছ জয়ৰাজ, আৰু এম জি জয়ৰাম প্ৰশিক্ষক হিচাবে মেণ্টৰ কৰিছিল। । ২০১২ চনত উমাদেৱীয়ে বিশ্ব বিলিয়াৰ্ড চেম্পিয়নৰ লগতে ৮ বল পুলৰ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপও লাভ কৰে। উমাদেৱীয়ে এতিয়াও আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ আগন্তুক বিলিয়াৰ্ডছ ইভেণ্টসমূহক শীৰ্ষস্থান দখল কৰিবলৈ নিজৰ সৰ্বোচ্চ প্ৰচেষ্টা চলাই আছে আৰু অৱসৰৰ পিছত নিজ নিজ ক্ৰীড়া ক্ষেত্ৰত উজ্জ্বল হ’বলৈ উদীয়মান তাৰকাসকলক প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰিছে।
বঁটা
[সম্পাদনা কৰক]২০০৯ চনত কৰ্ণাটক চৰকাৰে বিলিয়াৰ্ডছলৈ আগবঢ়োৱা অৱদানৰ বাবে একলাভায়া বঁটা লাভ কৰে। ২০১২ চনত তেওঁ বিশ্ব বিলিয়াৰ্ড চেম্পিয়ন আৰু ৮ বল পুলৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হয়।ভাৰতত ২০১৭ চনৰ ৩০ গৰাকী মহান মহিলা কৃতিত্বৰ তালিকাৰ ভিতৰত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তিৰ সন্মান লাভ কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "R. Umadevi". www.cuesportsindia.com. Archived from the original on 2014-06-27. https://web.archive.org/web/20140627100759/http://cuesportsindia.com/myweb/profile/umadevi.htm। আহৰণ কৰা হৈছে: 2018-05-03.
- ↑ "Indians shine in 2012 as Advani, Aditya hog limelight - Times of India". The Times of India. http://timesofindia.indiatimes.com/sports/more-sports/snooker/billiards/Indians-shine-in-2012-as-Advani-Aditya-hog-limelight/articleshow/17649722.cms.
- ↑ Achal, Ashwin (23 January 2018). "Umadevi triumphs". The Hindu (India). https://www.thehindu.com/todays-paper/tp-sports/umadevi-triumphs/article22493974.ece.
- ↑ "I'm really delighted, says Umadevi" (en ভাষাত). Deccan Herald. 2012-04-27. http://www.deccanherald.com/content/245360/im-really-delighted-says-umadevi.html.
- ↑ "How Umadevi Transformed Herself From A Shy Typist To A Billiards World Champion" (en-US ভাষাত). The Better India. 2014-06-03. https://www.thebetterindia.com/10945/umadevi-woman-billiards-player-world-champion/.