সমললৈ যাওক

ৰেমি লাক্ৰ'ইছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেমি লাক্ৰ'ইছ
পেচা পৰ্ণগ্ৰাফিক অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময়
  • ২০১১–২০১৬
  • ২০২০–বৰ্তমান

ৰেমি লাক্ৰ'ইছ (ইংৰাজী: Remy LaCroix) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। তেওঁ ২০১৩ চনত শ্ৰেষ্ঠ নতুন ষ্টাৰলেটৰ AVN বঁটা লাভ কৰে। তাৰ পিছত ২০১৪ চনত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপৰ লগতে বছৰটোৰ শ্ৰেষ্ঠ মহিলা প্ৰদৰ্শনকাৰীৰ হিচাপে ২০১৪ চনৰ XRCO বঁটা লাভ কৰে।[1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

প্ৰাপ্তবয়স্ক মনোৰঞ্জন উদ্যোগত প্ৰৱেশ কৰাৰ আগতে লাক্ৰ'ইছ কেইবাটাও সংগীত উৎসৱ আৰু বাৰ্নিং মেনৰ বাবে বিশেষ নৃত্যশিল্পী আছিল। তেওঁৰ অভিনয়ৰ ভিতৰত আছিল জুইৰ নৃত্য, আকাশী ৰেচম আৰু হুলা-হুপিং।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

লাক্ৰ'ইছে ২০১১ চনৰ ডিচেম্বৰ মাহত Kink.com-ৰ বাবে এটা গেং বেং দৃশ্যৰ জৰিয়তে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে,[3][4] যিখনৰ বিষয়ে জেমছ ফ্ৰাংকো প্ৰযোজিত তথ্যচিত্ৰ চলচ্চিত্ৰ কিংকত আলোচনা কৰা হৈছিল।[5] তেওঁ প্ৰায় ছয় মাহ কাম কৰাৰ পাছত অশ্লীল চলচ্চিত্ৰ জগত ত্যাগ কৰাৰ কথা ঘোষণা কৰে।[6] মানসিক আৰু শাৰীৰিক ক্লান্তিৰ কথা উল্লেখ কৰি তেওঁ পূৰ্বতে লোৱা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰে, Kink.com-ৰ টেলেণ্ট বিভাগত কাম কৰে আৰু মুক্তি নোপোৱা চলচ্চিত্ৰসমূহৰ প্ৰচাৰ চলাই যায়। অৱশেষত ২০১২ চনৰ নৱেম্বৰ মাহত তেওঁ পুনৰ অভিনয়ত ঘূৰি আহে।[7][8]

২০১৩ চনত LA Weekly আলোচনীখনৰ ‘জেনা জেমছনৰ পাছৰ তাৰকা হ’ব পৰা ১০ জন অশ্লীল চলচ্চিত্ৰ অভিনেত্ৰীৰ তালিকাত তেওঁ দশম স্থান লাভ কৰে।[4] সেই বছৰেই আৰু ২০১৪ চনত তেওঁ CNBCৰ বাৰ্ষিক ‘The Dirty Dozen: Porn's Most Popular Stars’ তালিকাতো অন্তৰ্ভুক্ত হৈছিল।[6][9]

২০১৪ চনৰ ডিচেম্বৰ মাহত ৰেমি লাক্ৰ'ইছে ArchAngel Productions-ৰ সৈতে চুক্তিবদ্ধ তাৰকা হিচাপে স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল,[10] যদিও চুক্তি আৰম্ভ হোৱাৰ তিনি মাহো নোহোৱাত তেওঁ প্ৰযোজনা সংস্থাটোৰ সৈতে সম্পৰ্ক সমাপ্ত কৰে।[11]

২০১৬ চনত তেওঁ ৱেবভিত্তিক ৰিয়েলিটি শ্ব’ দ্য ছেক্স ফেক্টৰৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে, যি দ্য এক্স ফেক্টৰৰ এক অশ্লীল সংস্কৰণ।[12][1]

গৰ্ভাৱস্থাৰ কাৰণে ২০১৬ চনত তেওঁ পেছাগত অভিনয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে; কিন্তু ২০২০ চনত তেওঁ পুনৰ অশ্লীল চলচ্চিত্ৰ উদ্যোগলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে।[13] বেলেছা ষ্টুডিঅ’ৰ বাবে তেওঁৰ ঘূৰি অহাৰ দৃশ্য ২০২২ চনৰ জুলাই মাহত শ্বুট কৰা হয় আৰু ছেপ্টেম্বৰ মাহত মুক্তি পায়।[14]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Castillo, Michelle (May 30, 2014). "Porn-Themed The Sex Factor Blows Broadcast for Digital" (en-US ভাষাত). Adweek. https://www.adweek.com/digital/porn-themed-sex-factor-blows-broadcast-digital-158034/। আহৰণ কৰা হৈছে: October 9, 2019.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name ":0" defined multiple times with different content
  2. Tod Hunter, Steve Javors, Mark Kernes, and Eric Dro, Peter Warren, "Freshen Up!", AVN, vol. 29/no. 6, issue 355, June 2012, pp. 46–51.
  3. "Remy LaCroix to End Performing Career". AVN. June 29, 2012. http://business.avn.com/articles/video/Remy-LaCroix-to-End-Performing-Career-480179.html। আহৰণ কৰা হৈছে: January 26, 2013. 
  4. 4.0 4.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; law নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. Watch Kink Online | Vimeo On Demand, 2014-08-20, https://vimeo.com/ondemand/kink, আহৰণ কৰা হৈছে: 2019-10-10 
  6. 6.0 6.1 Chris Morris (January 14, 2013). "The Dirty Dozen 2013 – Porn's Most Popular Stars". https://www.cnbc.com/id/100352810/page/6. 
  7. Peter Warren (January 25, 2013). "Not So Torn: Best New Starlet Remy LaCroix". AVN. http://business.avn.com/articles/video/Not-So-Torn-Best-New-Starlet-Remy-LaCroix-505468.html। আহৰণ কৰা হৈছে: January 26, 2013. 
  8. Remy Lacroix. "Unanswered Questions". Tumblr. http://remylacroix.tumblr.com/post/35416357813/unanswered-questions. 
  9. Chris Morris (January 13, 2014). "The Dirty Dozen 2014". CNBC. https://www.cnbc.com/2014/01/10/the-dirty-dozen-2013.html। আহৰণ কৰা হৈছে: January 19, 2014. 
  10. Johnson, Bob (December 15, 2014). "ArchAngel Signs Remy LaCroix as Contract Star". XBIZ. http://www.xbiz.com/news/188969। আহৰণ কৰা হৈছে: December 16, 2014. 
  11. Allen Smithberg. "ArchAngel, Lacroix Terminate Contract". AVN. http://business.avn.com/articles/video/ArchAngel-LaCroix-Terminate-Contract-594679.html। আহৰণ কৰা হৈছে: April 21, 2015. 
  12. Wade, Peter (May 22, 2016). "The Porn Reality Series Version of 'American Idol' Is Here" (en-US ভাষাত). Esquire. https://www.esquire.com/entertainment/news/a45130/the-porn-version-of-american-idol-is-here/। আহৰণ কৰা হৈছে: October 9, 2019. 
  13. XBIZ: Remy LaCroix Announces Return, Now Booking With OC Modeling
  14. Turner, Gustavo (September 21, 2022). "The Naked Truth: Remy LaCroix Reflects on Career, Life — and Coming Back With a Bang" (en ভাষাত). XBIZ. https://www.xbiz.com/news/268971/the-naked-truth-remy-lacroix-reflects-on-career-life-and-coming-back-with-a-bang। আহৰণ কৰা হৈছে: 2022-09-22. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]