ৰেলগাড়ী
ৰেলগাড়ী[1] হৈছে সংযুক্ত বাহনৰ এটা শৃংখলা, যিবোৰ ৰেলপথৰ ওপৰেদি চলাচল কৰে।
ৰেলগাড়ীৰ উৎপত্তি ঘোঁৰাই টনা ৱেগনৱে'ৰ পৰা হৈছিল, যিবোৰ পাথৰ বা কাঠৰ ৰেলপথত চলিছিল। ১৮০২ চনত যুক্তৰাজ্যত বাষ্পীয় লোক’মটিভ উদ্ভাৱনৰ পিছতে, ৰেলগাড়ী বিশ্বজুৰি ব্যাপকভাৱে বিস্তাৰ লাভ কৰে আৰু যাত্ৰী আৰু মাল অতি সোনকালে সস্তাত পৰিবহণ সম্ভৱ কৰি তোলে। ১৯শ শতিকাৰ অন্ত ভাগত নগৰবাসীৰ যাতায়াতৰ বাবে দ্ৰুত ৰেল পৰিবহণ আৰু ট্ৰামৰো উদ্ভৱ ঘটে। ১৯২০ চনৰ পৰা বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ডিজেল লোক’মটিভ আৰু বৈদ্যুতিক লোক’মটিভে বাষ্পৰ স্থান গ্ৰহণ কৰে। তাৰ পিছতে গাড়ী, ট্ৰাক আৰু বিস্তৃত ঘাইপথৰ বিস্তাৰ আৰু বিমানৰ গুৰুত্ব বৃদ্ধি পোৱাৰ ফলত বহুতো ৰেলপথ বন্ধ হৈ পৰে। বাছ ব্যৱস্থাৰ প্ৰচলনৰ ফলত বহু দ্ৰুত ৰেল আৰু ট্ৰাম ব্যৱস্থাও বন্ধ কৰি দিয়া হয়।
সাধাৰণ ৰেলগাড়ী দুটা ৰে'লৰ ওপৰেৰে সমতল ভূমিত চলিলেও, কিছুমান বিশেষ ধৰণৰ ৰেল আছে যিবোৰ ভিন্ন ধৰণেৰে চলে।
প্ৰাকৃতিক গেছ বা হাইড্ৰ'জেন চালিত ৰেলগাড়ী একবিংশ শতিকাৰ এটা নতুন বিকাশ।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Definition of train (noun) in Compact OED". Oxford University PressAskOxford.com. Archived from the original on 26 May 2005. https://web.archive.org/web/20050526072449/http://www.askoxford.com/concise_oed/train?view=uk। আহৰণ কৰা হৈছে: 18 March 2008.