সমললৈ যাওক

ৰেশমা নিলোফাৰ বিশালাক্ষী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰেশমা নিলোফাৰ বিশালাক্ষী
জন্ম ৪ ফেব্ৰুৱাৰী, ১৯৮৯ (৩৭ বছৰ)
চেন্নাই, তামিলনাডু
শিক্ষা আমেট, কানাথুৰ
শিক্ষানুষ্ঠান বিৰ্লা ইনষ্টিটিউট অৱ টেকন'লজি, ৰাঞ্চি
পেচা সামুদ্ৰিক পাইলট
জনা যায় ভাৰতৰ প্ৰথমগৰাকী মহিলা মেৰিন পাইলট আৰু বিশ্বৰ অভিজাত কেইগৰাকীমান মহিলা ৰিভাৰ পাইলটৰ ভিতৰত এগৰাকী

ৰেশমা নিলোফাৰ বিশালাক্ষী ইংৰাজী: : Reshma Nilofer Visalakshi ; এগৰাকী ভাৰতীয় সামুদ্ৰিক পাইলট যিয়ে বৰ্তমান সাগৰৰ পৰা কলকাতা আৰু হালদিয়া বন্দৰলৈ জাহাজ চলোৱাৰ কামত জড়িত।[1] ২০১৮ চনত নদী পাইলট হিচাপে যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁ প্ৰথম ভাৰতীয়ৰ মহিলা মেৰিন পাইলটৰ লগতে বিশ্বৰ অতি কম সংখ্যক মহিলা মেৰিন পাইলটৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয়।[2] ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ভাৰতৰ মহিলা সবলীকৰণৰ বাবে ব্যতিক্ৰমী কামৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে।[3]

২০১১ চনত প্ৰশিক্ষাৰ্থী হিচাপে কলকাতা বন্দৰ ট্ৰাষ্টত যোগদান কৰে আৰু ২০১৮ চনত হুগলী নদীৰ পাইলট হয়।[4] ৰাঁচীৰ বিৰলা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা মেৰিন টেকন'লজিত বি.ই.[5]


লগতে চাওক

[সম্পাদনা কৰক]
  • অভিনন্দন বাৰ্থমন

তথ্যসূত্ৰ

[সম্পাদনা কৰক]