ৰেহানা ফাটিমা
ৰেহানা ফাথিমা (ইংৰাজী: Rehana Fathima)ক সূৰ্য্যগায়ত্ৰী বুলিও কোৱা হয়[1]৷ তেওঁ কেৰালাৰ এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী।[2][3][4]
তেওঁ টেলিকমিউনিকেচন আৰু মডেলিঙৰ দিশত অৰ্হতা আছে৷ তেওঁ নৈতিক পুলিচিং আৰু যৌনতাবাদৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। ২০১৮ চনৰ অক্টোবৰ মাহত ফাতিমাই ব্যাপক চৰ্চা লাভ কৰিছিল যেতিয়া উচ্চতম ন্যায়ালয়ে ঋতুস্ৰাৱৰ সময়ত মহিলাৰ ওপৰত থকা মন্দিৰত প্ৰৱেশজনিত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তৰ পিছত তেওঁ কেৰালাৰ সবৰীমালা মন্দিৰত প্ৰৱেশৰ চেষ্টা কৰিছিল৷ তেওঁ মন্দিৰত প্ৰৱেশ কৰিবলৈ বিচৰা দুগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল। ফেচবুক পোষ্টৰ অভিযোগত আপত্তিজনক পোষ্ট আৰু বডি পেইণ্টিং ভিডিঅ’ৰ বাবে গ্ৰেপ্তাৰ কৰাকে ধৰি তেওঁৰ সক্ৰিয়তাৰ বাবে আইনী পৰিণতিৰ সন্মুখীন হ’বলগীয়া হৈছে। তেখেতে 'শ্বৰীৰাম সমৰাম সন্নিধ্যাম' নামেৰে এখন আত্মজীৱনী লিখিছিল৷[5]
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]ৰেহানা ফাতিমা প্যাৰিজান চুলাইমানৰ জন্ম হৈছিল এটা মুছলমান পৰিয়ালত।[6] দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁৰ পিতৃ প্যাৰিজান চুলাইমানৰ মৃত্যু হয়।[3] তেওঁৰ এগৰাকী ভনীয়েক আছে।
তেওঁ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ বি.কম আৰু এম.চি.এ ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]ফাতিমাই ২০২০ চনৰ মে' মাহলৈকে বিএছএনএলৰ সৈতে টেলিকমিউনিকেচন টেকনিচিয়ান হিচাপে কাম কৰিছিল,[7] তাৰপিছত তেওঁ বাধ্যতামূলক অৱসৰ লৈছিল।[8][9]
মহিলা অধিকাৰ কৰ্মী হোৱাৰ আগতে ফাতিমাই মডেলিং কৰিছিল ।[2]ৰেহানাই পুনে চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ পৰা কবি আৰু স্নাতক স্বামী মনোজ কে শ্ৰীধৰে লিখা আৰু পৰিচালিত ‘একা’ নামৰ এখন মালয়ালম ছবিতো অভিনয় কৰিছে। চিনেমাখনত আন্তঃলিংগ ব্যক্তিৰ জীৱনৰ বিষয়ে কোৱা হৈছে।[3][10][11]
যুগ যুগ ধৰি ভাৰতৰ কেৰালাৰ সবৰীমালা মন্দিৰত সন্তান জন্ম দিয়া বয়সৰ (প্ৰায় ১০–৫০ বছৰ বয়সৰ) মহিলাক পূজা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিছুমান ভক্তৰ মতে তাৰ বাসিন্দা দেৱতাই বৈবাহিক জীৱন পালন কৰি আছে আৰু সন্তান কঢ়িয়াই নিব পৰা মহিলাসকলে তেওঁক ব্ৰতৰ পৰা বিচ্যুত কৰিব পাৰে।[12][13][14]এনডিটিভিৰ এটা প্ৰবন্ধ অনুসৰি কিছুমানে অনুভৱ কৰে যে মহিলাৰ প্ৰৱেশ অস্বীকাৰৰ মূলতে হৈছে ঋতুস্ৰাৱ কৰা মহিলাসকল "অশুদ্ধ" বুলি প্ৰচলিত হৈ থকা দীৰ্ঘদিনীয়া এক সাংস্কৃতিক বিশ্বাস।.[15] ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ২০ বছৰীয়া আইনী প্ৰত্যাহ্বানৰ অন্তত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।[16]স্ক্ৰ'লৰ মতে, ২০১৮ চনৰ অক্টোবৰ মাহত ফাতিমা আছিল ঋতুস্ৰাৱ বয়সৰ দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী যিয়ে উচ্চতম ন্যায়ালয়ে সকলো বয়সৰ মহিলাক তাত প্ৰাৰ্থনা কৰিবলৈ প্ৰৱেশৰ অনুমতি দিয়াৰ পিছত মন্দিৰত প্ৰৱেশ কৰিব খোজা দুগৰাকী মহিলাৰ এগৰাকী৷ তেওঁলোক প্ৰথমে কেৰেলাৰ সবৰীমালা মন্দিৰত প্ৰৱেশ কৰিছিল।[15]মহিলা দুগৰাকীক আশীজন আৰক্ষী বিষয়াই আগবঢ়াই নিছিল যদিও মন্দিৰলৈ যোৱা পবিত্ৰ খোজত প্ৰায় ৩০০ জনীয়া এটা দলে তেওঁলোকক বাধা দিছিল। দ্য কুইণ্ট, দ্য নিউজ মিনিট আৰু ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি ইয়াৰ পিছত ফাতিমাৰ ঘৰ ভাঙি পেলোৱা হয়।[11][17][18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ameerudheen, TA (21 October 2018). "'Sabarimala protestors are using my Muslim name to fan communal fires,' says activist Rahana Fathima". Scroll.in. https://scroll.in/article/899002/sabarimala-protestors-are-using-my-muslim-name-to-fan-communal-fires-says-activist-rahana-fathima.
- 1 2 "Rehana Fathima: Women's rights activist who's no stranger to controversy". The Indian Express. 26 June 2020. https://indianexpress.com/article/india/rehana-fathima-womens-rights-activist-controversy-sabarimala-kids-painting-body-6476371/.
- 1 2 3 Nambudiri, Sudha; Ali, Afrah (25 March 2018). "Meet Kerala's topless feminist". The Times of India. https://timesofindia.indiatimes.com/home/sunday-times/meet-keralas-topless-feminist/articleshow/63445940.cms.
- ↑ "Shane Nigam to Rehana Fathima: Here's the list of celebrities who can be expected in Bigg Boss Malayalam 2". The Times of India. https://timesofindia.indiatimes.com/tv/news/malayalam/tv/news/malayalam/shane-nigam-to-rehana-fathima-heres-the-list-of-celebrities-who-can-be-expected-in-bigg-boss-malayalam-2/rehna-fathima/photostory/72978411.cms?.
- ↑ "A Story of a Phoenix Bird". https://truecopythink.media/book-review/rahana-fathima-jeevitham-samaram-sanidhyam-t-n-sushama.
- ↑ "Activist Rehana Fathima climbs down from Sabarimala, but this was another bid to break the glass ceiling". The Indian Express. 19 October 2018. https://indianexpress.com/article/india/who-is-rehana-fathima-sabarimala-activist-5408576/.
- ↑ "BSNL asks ex-employee Rehana Fathima to vacate quarters for 'tarnishing firm's image'". The News Minute. PTI. 1 July 2020. https://www.thenewsminute.com/article/bsnl-asks-ex-employee-rehana-fathima-vacate-quarters-tarnishing-firms-image-127690.
- ↑ Gopikrishnan Unnithan, P S (15 May 2020). "BSNL orders compulsory retirement for Kerala activist Rehana Fathima over Sabarimala incident". India Today. https://www.indiatoday.in/india/story/bsnl-kerala-activist-rehana-fathima-compulsory-retirement-order-sabarimala-temple-1678293-2020-05-15.
- ↑ "BSNL forces employee Rehana Fathima who tried to enter Sabarimala to accept voluntary retirement". Asianet News. 15 May 2020. https://newsable.asianetnews.com/gallery/india/bsnl-forces-employee-rehana-fathima-who-tried-to-enter-sabarimala-to-accept-voluntary-retirement-qad6r5.
- ↑ Mohandas, Vandana (13 July 2017). "Untold tale of intersexuality". Deccan Chronicle. https://www.deccanchronicle.com/entertainment/mollywood/130717/untold-tale-of-intersexuality.html.
- 1 2 "Rehana Fathima – Activist Who Defied Opposers With Sabarimala Trek". The Quint. 20 October 2018. https://www.thequint.com/news/india/rehana-fathima-women-sabarimala-temple-kerala-supreme-court-anger.
- ↑ "Ayyappan, Hindu deity". Encyclopædia Britannica (in ইংৰাজী). Retrieved 31 July 2020.
- ↑ Deviah, M.A. (15 January 2016). "Here's why women are barred from Sabarimala; It is not because they are 'unclean'". Firstpost. https://www.firstpost.com/india/why-women-are-barred-from-sabarimala-its-not-because-they-are-unclean-2583694.html.
- ↑ Easwar, Rahul (14 January 2016). "Why Sabarimala has restrictions on women, Rahul Easwar explains". The News Minute. https://www.thenewsminute.com/article/why-sabarimala-has-restrictions-women-rahul-easwar-explains-37674.
- 1 2 "Will Fight For Lord Ayyappa's Right To Privacy, Says Activist Rahul Easwar". NDTV. 28 September 2018. https://www.ndtv.com/india-news/rahul-easwar-on-sabarimala-verdict-will-fight-for-lord-ayappas-right-to-privacy-1923756.
- ↑ Pandey, Geeta (29 October 2018). "Sabarimala: India activist held for 'explicit' thigh photo". BBC News. https://www.bbc.com/news/world-asia-india-46369651.
- ↑ Suresh, Haripriya (3 January 2019). "The long climb: As 2 women enter Sabarimala temple, a look back at others who tried" (en-IN ভাষাত). The News Minute. https://www.thenewsminute.com/article/long-climb-2-women-enter-sabarimala-temple-look-back-others-who-tried-94394.
- ↑ Kundu, Chayan (21 October 2018). "Rehana Fathima, expelled from community for trying to enter Sabarimala, is no stranger to controversies". India Today. https://www.indiatoday.in/india/story/rehana-fathima-expelled-from-community-for-trying-to-enter-sabarimala-is-no-stranger-to-controversies-1372469-2018-10-21.