সমললৈ যাওক

ৰেৱতী (নক্ষত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীন ৰাশিৰ মানচিত্ৰত ৰেৱতী দেখুওৱা হৈছে

ৰেৱতী মীন ৰাশিৰ প্ৰান্তত থকা এটা নক্ষত্ৰ। ই পশ্চিমীয়া ৰাশিচক্ৰৰ জিটা পিচিয়ামৰ সৈতে সাদৃশ্য থকা। হিন্দু নক্ষত্ৰীয় জ্যোতিৰ্বিজ্ঞানত এই তৰাটোক মাৰ্চ বিষুৱ বুলি চিনাক্ত কৰা হয়, অৰ্থাৎ যেতিয়া সূৰ্যই এই তৰাটো পাৰ হয়, তেতিয়া এটা নতুন সৌৰবৰ্ষ আৰম্ভ হয়। ৰেৱতী ৰাশিচক্ৰৰ শেষ ৰাশি মীনৰ নক্ষত্ৰ আৰু ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষৰ নক্ষত্ৰ অশ্বিনী

জ্যোতিষত

[সম্পাদনা কৰক]

ৰেৱতী হিন্দু জ্যোতিষশাস্ত্ৰমতে ২৭ সংখ্যক নক্ষত্ৰ (বা ২৮তম, যদি অভিজিতক গণনা কৰা হয়) ই ζ Piscium ৰ সৈতে মিল থকা। ইয়াৰ শাসক ১২ আদিত্যৰ ভিতৰত অন্যতম পুষণ। পৰম্পৰাগত নিৰ্বাচিত জ্যোতিষৰ বিশ্বাস অনুসৰি ৰেৱতী হৈছে এক মিঠা বা সুক্ষ্ম নক্ষত্ৰ, অৰ্থাৎ যেতিয়া ৰেৱতীৰ প্ৰভাৱ আটাইতকৈ বেছি, তেতিয়াই সংগীত আৰু অলংকাৰ আদি শাৰীৰিক সৌন্দৰ্যৰ বস্তুৰ ওপৰত কাম আৰম্ভ কৰাটো উত্তম সময়।[1]

ৰেৱতীক মাছ (সততে এযোৰ মাছ)ৰ দ্বাৰা প্ৰতীকিত কৰা হয়। ইয়াৰ লগত সাগৰৰ সম্পৰ্কও আছে।[2]

পৰম্পৰাগত হিন্দু নাম নিৰ্ধাৰণত জন্মৰ সময়ত চন্দ্ৰ নক্ষত্ৰৰ কোনটো পদত আছিল সেই অনুসৰি কৰা হয়। ৰেৱতীৰ ক্ষেত্ৰত প্ৰদত্ত নামটো তলত দিয়া বৰ্ণৰে আৰম্ভ হ’ব:

  • দে
  • দো
  • চী।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hart De Fouw, Robert Svoboda. ‘’Light on Life: An Introduction to the Astrology of India.’’ 2003: pg. 204. আই.এচ.বি.এন. 0940985691[unreliable source?]
  2. Bepin Behari, David Frawley. Myths & Symbols of Vedic Astrology. Lotus Press: 2003. আই.এচ.বি.এন. 0-940985-51-9 pg. 251
  3. "Nakshatra Names in Sanskrit, Hindi, Telugu, Tamil, and Malayalam". http://www.mypanchang.com/nakshatras.html.  Arya the goat is one of these