সমললৈ যাওক

ৰেৱা ক্ষেত্ৰপাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সন্মানীয় বিচাৰক মহোদয়া

ৰেৱা ক্ষেত্ৰপাল
Reva Khetrapal
দিল্লীৰ লোকায়ুক্ত
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৮ ডিচেম্বৰ ২০১৫
মনোনয়নকৰ্তা দিল্লী উচ্চ ন্যায়ালয়
নিয়োগকৰ্তা প্ৰনৱ মুখাৰ্জী
দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰক
কাৰ্যকাল
২৮ ফেব্ৰুৱাৰী ২০০৬ – ২২ ছেপ্টেম্বৰ ২০১৪
মনোনয়নকৰ্তা কে জি বালকৃষ্ণন
নিয়োগকৰ্তা এ পি জে আব্দুল কালাম
ব্যক্তিগত তথ্য
জন্ম ২৩ ছেপ্টেম্বৰ, ১৯৫২ (৭৩ বছৰ)
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়

ৰেৱা ক্ষেত্ৰপাল (ইংৰাজী: Reva Khetrapal; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৫২) ভাৰতৰ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ বৰ্তমানৰ লোকায়ুক্ত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ।[1][2]

হিমাচল প্ৰদেশৰ ছিমলাত জন্মগ্ৰহণ কৰা ৰেৱা ক্ষেত্ৰপালে দিল্লীত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মিৰাণ্ডা হাউছৰ পৰা ইতিহাসত বি এ আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদৰ পৰা এল এল বি লাভ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৭৫ চনত ক্ষেত্ৰপালে দিল্লীৰ বাৰ কাউন্সিলত নামভৰ্তি কৰে আৰু ১৯৯১ চনলৈকে আইন চৰ্চা কৰে। ব্যক্তিগত ক্লায়েণ্টৰ উপৰিও তেওঁ দিল্লী চৰকাৰক অধিবক্তা হিচাপে প্ৰতিনিধিত্ব কৰে। ১৯৯১ চনত তেওঁ ন্যায়পালিকাত নিযুক্তি লাভ কৰে আৰু দিল্লীত অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ হয়।[3]১৯৯৪ চনত তেওঁক নাৰ্কটিক ড্ৰাগছ আৰু চাইকোট্ৰপিক পদাৰ্থ আইনৰ অধীনত বিচাৰ কৰা গোচৰসমূহৰ সৈতে জড়িত বিশেষ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়।[3] ১৯৯৪ চনত তেওঁ ভাৰতীয় প্ৰেছ কাউন্সিলৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2]

২০১৫ চনৰ ১৮ ডিচেম্বৰত ক্ষেত্ৰপালক দিল্লীৰ লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়৷[3] দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এটা দলে এই পদৰ বাবে তেওঁক মনোনীত কৰাৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক নিযুক্তি দিয়ে। তেওঁৰ কাৰ্যকাল পাঁচ বছৰ।[1][4]

২০১৯ চনত ক্ষেত্ৰপালে লোকায়ুক্ত হিচাপে দিল্লী বিধানসভাৰ সকলো সদস্যকে নিজৰ সম্পত্তিৰ কথা প্ৰকাশ নকৰাৰ বাবে জাননী জাৰি কৰিছিল। ইয়াৰ উত্তৰত দিল্লী বিধানসভাৰ অধ্যক্ষই কয় যে বিধায়কসকলে এনেধৰণে প্ৰকাশ কৰাটো আইনগতভাৱে বাধ্যতামূলক নহয়।[5] তেওঁ দিল্লী বিজেপি নেতা মনোজ তিৱাৰীয়ে আম আদমী পাৰ্টিৰ মন্ত্ৰী মনীষ ছিছ’দিয়া আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে দাখিল কৰা দুৰ্নীতি সম্পৰ্কীয় অভিযোগৰ প্ৰক্ৰিয়াও সম্পন্ন কৰি আছে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Ex-High Court Judge Reva Khetrapal Takes Oath As Delhi's Lokayukta". NDTV.com. https://www.ndtv.com/delhi-news/ex-high-court-judge-reva-khetrapal-takes-oath-as-delhis-lokayukta-1256243। আহৰণ কৰা হৈছে: 2020-11-15. 
  2. 2.0 2.1 2.2 "Former Judges: Justice Reva Khetrapal". Delhi High Court. http://delhihighcourt.nic.in/formerjudges.asp?currentPage=4. 
  3. 3.0 3.1 3.2 "Reva Khetrapal takes oath as Delhi's Lokayukta". The Economic Times. 17 December 2015. https://economictimes.indiatimes.com/news/politics-and-nation/reva-khetrapal-takes-oath-as-delhis-lokayukta/articleshow/50223808.cms?from=mdr. 
  4. "Delhi's new Lokayukta: Justice Reva Khetrapal who upheld death for Dec 16 convicts" (en ভাষাত). The Indian Express. 2015-10-21. https://indianexpress.com/article/cities/delhi/justice-reva-khetrapal-to-be-delhis-new-lokayukta/। আহৰণ কৰা হৈছে: 2020-11-15. 
  5. Nath, Damini (2019-01-18). "Lokayukta, Delhi Assembly at loggerheads over notices to MLAs" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/cities/Delhi/lokayukta-delhi-assembly-at-loggerheads-over-notices-to-mlas/article26019592.ece. 
  6. "Classroom 'scam': Lokayukta seeks proof of graft against Manish Sisodia, Satyendar Jain". The New Indian Express. 5 September 2019. https://www.newindianexpress.com/cities/delhi/2019/sep/05/classroom-scam-lokayukta-seeks-proof-of-graft-against-manish-sisodia-satyendar-jain-2029173.html। আহৰণ কৰা হৈছে: 2020-11-15.