ৰোজা চেলভামণি
আৰ কে ৰোজা চেলভামণি | |
---|---|
![]() সাক্ষী টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰোজা | |
ব্যক্তিগত তথ্য | |
সন্তান | ২ |
পেচা |
|
পুৰস্কাৰ | নন্দী বঁটা তামিলনাড়ু ৰাজ্যিক চলচ্চিত্ৰ বঁটা চিনেমা এক্সপ্ৰেছ বঁটা |
আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; ইংৰাজী: Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী।[1] ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2]
তিৰুপতিৰ ভাকাৰপেটাত জন্মগ্ৰহণ কৰা ৰোজাৰ পিতৃ-মাতৃৰ নাম ক্ৰমে নাগাৰাজা ৰেড্ডী আৰু ললিতা ৰেড্ডী। তেওঁৰ কুমাৰস্বামী ৰেড্ডী আৰু ৰামপ্ৰসাদ ৰেড্ডী নামৰ দুজন ভাতৃ আছে।[3] ৰোজা ১৯৯০ দশকৰ পৰা ২০০০ দশকলৈ একাধিক তামিল আৰু তেলেগু, মালয়ালম, কানাড়া ছবিত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰা ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী আগশাৰীৰ আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী। চেম্বাৰুথি (১৯৯২), সৰ্পায়গাম (১৯৯২), আন্না (১৯৯৪), উন্নিদাথিল এন্নাই কোডুথেন (১৯৯৮) গদিবিদী গাণ্ডা (১৯৯৩) আদি ব্লকবাষ্টাৰ ছবিত তেওঁ অভিনয় কৰিছে। তেওঁ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, নন্দী বঁটা আদি একাধিক বঁটা[4] লাভ কৰিবলৈ সক্ষম হৈছে।
২০২২ চনৰ এপ্ৰিল মাহত ৰোজা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নয়ন মন্ত্ৰী হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Watch Video: Andhra Pradesh Deputy Chief Minister Roja requests PM Modi for selfie, he obliges". freepressjournal.in. 4 July 2022. https://www.freepressjournal.in/india/watch-video-andhra-pradesh-minister-roja-requests-pm-modi-for-selfie-he-obliges। আহৰণ কৰা হৈছে: 14 July 2022.
- ↑ Service, Express News (14 April 2022). "New Minister for Tourism RK Roja vows to make Andhra a tourism hub" (en ভাষাত). The New Indian Express. https://www.newindianexpress.com/states/andhra-pradesh/2022/Apr/14/new-minister-for-tourism-rk-roja-vows-to-make-andhra-a-tourism-hub-2441891.html। আহৰণ কৰা হৈছে: 16 May 2024.
- ↑ "Tamil Cinema news – Tamil Movies – Cinema seithigal". Maalaimalar.com. Archived from the original on 11 April 2013. https://web.archive.org/web/20130411080654/http://cinema.maalaimalar.com/2013/04/08230903/srilatha-become-roja-barathira.html। আহৰণ কৰা হৈছে: 24 April 2017.
- ↑ "dinakaran". 4 April 2007. Archived from the original on 4 April 2007. https://web.archive.org/web/20070404023849/http://www.dinakaran.com/cinema/english/highlights/2000pa2/2000-2.htm। আহৰণ কৰা হৈছে: 17 March 2025.
- ↑ "Actor Roja breaks myth of 'Iron leg' after becoming Andhra minister" (en ভাষাত). The News Minute. 11 April 2022. https://www.thenewsminute.com/andhra-pradesh/actor-roja-breaks-myth-iron-leg-after-becoming-andhra-minister-162807। আহৰণ কৰা হৈছে: 17 September 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত ৰোজা চেলভামণি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Roja সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।