সমললৈ যাওক

ৰোজা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

থিয়েটাৰ মুক্তিৰ পোষ্টাৰ
পৰিচালক মণি ৰত্নম
ৰচনা সুজাথা (সংলাপ)
চিত্ৰনাট্য মণি ৰত্নম
কাহিনী মণি ৰত্নম
প্ৰযোজক কে বালাচন্দৰ
অভিনয়ত অৰবিন্দ স্বামী
মধুবালা
চিত্ৰগ্ৰহণকাৰী সন্তোষ শিৱন
সম্পাদনা সুৰেশ উৰ্ছ
সংগীত পৰিচালক এ আৰ ৰহমান
প্ৰযোজনা
কোম্পানী
পৰিবেশক জিভি ফিল্মছ
মুক্তি
১৫ আগষ্ট ১৯৯২ (1992-08-15)
দৈৰ্ঘ্য
১৩৭ মিনিট[1]
দেশ ভাৰত
ভাষা তামিল

ৰোজা (ইংৰাজী: Roja) হৈছে মণি ৰত্নমৰ দ্বাৰা পৰিচালিত আৰু সহ-লিখিত ১৯৯২ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখনত অৰবিন্দ স্বামী আৰু মধু (মধুবালা নামৰে খ্যাত)য়ে‍ অভিনয় কৰিছে। ছবিখন কে. বালাচান্দেৰে তেওঁৰ কবিতালয় প্ৰডাকচনৰ অধীনত প্ৰযোজনা কৰিছিল আৰু জি. ভেংকটেশ্বৰনে বিতৰণ কৰিছিল। ছবিখনৰ চিনেমাটোগ্ৰাফী সন্তোষ শিৱনৰ; সংগীতেৰে‍ আত্মপ্ৰকাশ ঘটিছিল এ. আৰ. ৰহমানৰ, আনহাতে সম্পাদনা সুৰেশ উৰ্ছৰ।

ইয়াত তামিলনাডুৰ এখন গাঁৱৰ এগৰাকী সাধাৰণ ছোৱালীয়ে জম্মু-কাশ্মীৰত এক গোপন অভিযানৰ সময়ত উগ্ৰপন্থীয়ে অপহৰণ কৰাৰ পিছত নিজৰ স্বামীক বিচাৰি উলিয়াবলৈ কৰা কঠোৰ প্ৰচেষ্টাৰ কাহিনী উল্লেখ কৰা হৈছে।

১৯৯২ চনৰ ১৫ আগষ্টত মুক্তি পোৱা ছবিখনে ইতিবাচক সমালোচনাৰ সন্মুখীন হয়, দেশপ্ৰেমমূলক বিষয়বস্তু আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। ২৪ সংখ্যক আই এফ এফ আইৰ ভাৰতীয় পেনোৰামা শাখাত ইয়াক প্ৰদৰ্শিত কৰা হৈছিল।

ৰোজাই ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ ছবিকে ধৰি তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি ৰত্নমক ৰাষ্ট্ৰীয় প্ৰশংসালৈ আগবঢ়াই দিয়ে। ১৮ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে মনোনয়ন লাভ কৰিও ছবিখনে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰে। সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ ফলত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ বাবে ছবিখন পুনৰ মুক্তি দিয়া হয়। বম্বে (১৯৯৫) আৰু দিল ছে (১৯৯৮)ৰ পূৰ্বে মণিৰত্নমৰ ত্ৰিলজীত ভাৰতীয় ৰাজনীতিৰ পটভূমিত মানৱ সম্পৰ্কক চিত্ৰিত কৰা প্ৰথমখন ছবি।

এই ছবিখনৰ জৰিয়তে এ আৰ ৰহমানে সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।[2] তেওঁৰ কামৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ সংগীত পৰিচালক – তামিলৰ বাবে ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

কাশ্মীৰ প্ৰদেশৰ শ্ৰীনগৰত অৰ্ধসামৰিক বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত গ্ৰেপ্তাৰ হয় ৱাছিম খান নামৰ এজন উগ্ৰপন্থী। এই কাশ্মীৰতেই তামিলনাডুৰ পৰা নৱবিবাহিত দম্পতীয়ে ঋষি-ৰোজা ভ্ৰমণলৈ যায়, ঋষি এজন চৰকাৰী বিষয়া। পত্নীৰ সন্মুখতে ঋষিক এবাৰ দিনৰ পোহৰত ৱাছিম খানৰ দলৰ সন্ত্ৰাসবাদীয়ে গাড়ীত উঠাইছিল।তেওঁৰ পত্নীয়ে প্ৰথমে পুলিচৰ ওচৰলৈ গৈছিল যদিও কোনো সহায় নাপালে, তাৰ পিছত কাশ্মীৰ ৰাইফলছৰ ছেক্টৰ কমাণ্ডাৰ (শ্ৰীনগৰ) কৰ্ণেল ৰাইয়াপ্পাৰ পৰা সহায় বিচাৰিছিল, যিয়ে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু মূলতঃ কৰ্ণেল ৰাইয়াপ্পাৰ সহায়ত ৰোজাই স্বামী ঋষিক ঘূৰাই পাইছিল।

চিত্ৰায়ন

[সম্পাদনা কৰক]

ৰত্নমে কাশ্মীৰত ৰোজাৰ শ্বুটিং কৰাৰ পৰিকল্পনা কৰিছিল যদিও তাত চলা চৰম সন্ত্ৰাসবাদে তেওঁক ছবিখনৰ সৈতে মিল থকা আন হিল ষ্টেচনত শ্বুটিং কৰিবলৈ বাধ্য কৰাইছিল।[3][4] শ্বুটিং স্থানসমূহৰ ভিতৰত আছিল কুনুৰ,[5] উটি,[6] আৰু হিমাচল প্ৰদেশৰ মানালী।[7][8] ছবিখনৰ চিনেমাটোগ্ৰাফাৰ সন্তোষ শিৱনে কয় যে চিত্ৰনাট্য পৰ্যায়ত বহু ছবি লিখা হৈছিল; আনকি কাশ্মীৰৰ ক্ৰমবোৰতো ৰোজাই প্ৰথমবাৰৰ বাবে বৰফ দেখিলেহে দৰ্শকে বৰফ দেখা পায়। এইবোৰ কথা চিত্ৰনাট্যত লিখা হৈছিল।[9] "চিন্না চিন্না আছাই" গীতটোৰ শ্বুটিং ধৰ্মপুৰীৰ হোগেনাক্কল জলপ্ৰপাত আৰু তিৰুনেলভেলীৰ পাপানাছামৰ বানাথিৰথাম জলপ্ৰপাতত কৰা হৈছিল।[10][11] শক্তি সিঙে ছবিখনৰ হিন্দী সংস্কৰণত অৰবিন্দ স্বামীৰ বাবে ডাব কৰিছিল,[12][13] আনহাতে মধুবালাই নিজৰ বাবে ডাব কৰিছিল।[14] ৬০ দিনতকৈও কম সময়ৰ ভিতৰতে গোটেই ছবিখন সম্পূৰ্ণ হৈছিল।[15] ছবিখনৰ চূড়ান্ত দৈৰ্ঘ্য আছিল ৩,৭৫০ মিটাৰ (১২,৩০০ ফুট)।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. The Cinema of Mani Ratnam. Cine Central. 1998. পৃষ্ঠা. 23. https://books.google.com/books?id=9BFlAAAAMAAJ&q=roja+mani+ratnam। আহৰণ কৰা হৈছে: 25 September 2016. 
  2. "AR Rahman: ‘I wanted to do Roja and leave films, and then I became the change’". 15 June 2024. https://indianexpress.com/article/entertainment/bollywood/ar-rahman-i-wanted-to-do-roja-and-leave-films-and-then-i-became-the-change-9388279/. 
  3. Raina, Muzaffar (13 May 2008). "Valley back on silver screen". The Telegraph. http://www.telegraphindia.com/1080513/jsp/nation/story_9262794.jsp. 
  4. Phadke, Aparna (21 April 2008). "It's lights, camera, action in Kashmir". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Its-lights-camera-action-in-Kashmir/articleshow/2965632.cms. 
  5. "20 days schedule for Mani Ratnam's next in Nilgiris". Sify. 6 July 2016. http://www.sify.com/movies/20-days-schedule-for-mani-ratnam-s-next-in-nilgiris-news-tamil-qhglkWjbggieb.html। আহৰণ কৰা হৈছে: 8 July 2016. 
  6. "An evening in Ooty". The Economic Times. 18 April 2016. 19 October 2008. Archived from the original on 8 December 2013. https://archive.today/20131208170141/http://articles.economictimes.indiatimes.com/2008-10-19/news/27695923_1_ooty-lake-hill-station-botanical-garden. 
  7. Gupta, Pratim D. (16 May 2006). "Kajol mesmerises you". The Telegraph. http://www.telegraphindia.com/1060516/asp/calcutta/story_6229964.asp। আহৰণ কৰা হৈছে: 7 February 2016. 
  8. "Want to travel to where Hrithik and Preity sang Agar Main Kahoon?". India Today. 19 November 2013. http://indiatoday.intoday.in/story/want-to-travel-to-where-hrithik-and-preity-sang-agar-main-kahoon/1/325558.html। আহৰণ কৰা হৈছে: 7 February 2016. 
  9. Naig, Udhav (28 June 2014). "Behind the cameraman". The Hindu. http://www.thehindu.com/features/cinema/behind-the-cameraman/article6158057.ece। আহৰণ কৰা হৈছে: 7 February 2016. 
  10. Aishwarya, S. (3 July 2010). "Indian locations provide stunning backdrops for film shoots". The Hindu. http://www.thehindu.com/news/cities/chennai/indian-locations-provide-stunning-backdrops-for-film-shoots/article497083.ece। আহৰণ কৰা হৈছে: 7 February 2016. 
  11. Simhan, T. E. Raja (29 February 2008). "The Roja falls". Business Line. http://www.thehindubusinessline.com/todays-paper/tp-life/article1115024.ece। আহৰণ কৰা হৈছে: 7 February 2016. 
  12. Chandara, Anupama (15 November 1995). "Started by Roja and Jurassic Park, dubbing for Hollywood blockbusters becomes big business". India Today. http://indiatoday.intoday.in/story/started-by-roja-and-jurassic-park-dubbing-for-hollywood-blockbusters-becomes-big-business/1/289543.html. 
  13. Ramnath, Nandini (22 March 2016). "'The Jungle Book' in Hindi is Hollywood's latest attempt to go local". Scroll.in. http://thereel.scroll.in/805526/the-jungle-book-in-hindi-is-hollywoods-latest-attempt-to-go-local। আহৰণ কৰা হৈছে: 15 April 2016. 
  14. Rangan 2012, পৃষ্ঠা. 133.
  15. Menon, Vishal (19 August 2017). "Greener than the greenest grass: Santosh Sivan and 'Roja'" (en ভাষাত). The Hindu. http://www.thehindu.com/entertainment/movies/greener-than-the-greenest-grass/article19523450.ece. 
  16. "'ROJA' (Celluloid)". Central Board of Film Certification. 14 August 1992. https://archive.org/details/RojaCbfc। আহৰণ কৰা হৈছে: 8 June 2016.