ৰোমুলাছ হুইটেকাৰ
| ৰোমুলাছ হুইটেকাৰ | |
|---|---|
| জন্ম | ৰোমুলাছ আৰ্ল হুইটেকাৰ ২৩ মে', ১৯৪৩ (৮৩ বছৰ) নিউয়ৰ্ক চহৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| নাগৰিকত্ব | আমেৰিকা যুক্তৰাষ্ট্ৰ (পূৰ্বৰ) ভাৰত |
| শিক্ষা | বি এছ চি (বন্যপ্ৰাণী ব্যৱস্থাপনা) |
| শিক্ষানুষ্ঠান | পেচিফিক ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি |
| পেচা | হাৰ্পেট'লজিষ্ট, সংৰক্ষণবাদী |
| জনা যায় | বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণ, হাৰ্পেট'লজী, ৰলেক্স বঁটা |
| দাম্পত্যসঙ্গী | জাহিদা "জাই" হুইটেকাৰ (বিবাহ ১৯৭৪; বিবাহ বিচ্ছেদ) জানকী লেনিন |
| আত্মীয়-স্বজন | জাফৰ ফুটাহালী (শহুৰেক) |
ৰোমুলাছ আৰ্ল হুইটেকাৰ (ইংৰাজী: Romulus Earl Whitaker; জন্ম: ২৩ মে' ১৯৪৩) আমেৰিকাত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় হাৰ্পেট'লজিষ্ট, বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু মাদ্ৰাজ স্নেক পাৰ্ক, আন্দামান এণ্ড নিকোবাৰ পৰিৱেশ ট্ৰাষ্ট (ANET), আৰু মাদ্ৰাজ ক্ৰ'কডাইল বেংক ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক। ২০০৮ চনত সমগ্ৰ ভাৰতত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ নেটৱৰ্ক গঢ়ি তোলাৰ প্ৰচেষ্টাৰ বাবে ২০০৮ চনৰ ৰলেক্স এৱাৰ্ডছ ফৰ এণ্টাৰপ্ৰাইজৰ সহযোগী বঁটা বিজয়ী হিচাপে হুইটেকাৰ নিৰ্বাচিত হয়৷[1] ২০০৫ চনত তেওঁ প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অসাধাৰণ নেতৃত্বৰ বাবে হুইটলী বঁটা লাভ কৰে। এই বঁটাৰ ধন ব্যৱহাৰ কৰি তেওঁ কৰ্ণাটকত ৰজা ফেঁটি আৰু ইয়াৰ বাসস্থানৰ অধ্যয়নৰ বাবে আগুম্বে বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল৷[2]
বন্যপ্ৰাণী সংৰক্ষণৰ কামৰ বাবে তেওঁ ২০১৮ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে।
পটভূমি আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হুইটেকাৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত আমেৰিকান দম্পতীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল,তেওঁ জনসাধাৰণৰ মাজত "ৰম" নামেৰেও পৰিচিত । তেওঁৰ মাতৃ ড’ৰিছ নৰ্ডেন এগৰাকী শিল্পী আছিল আৰু পিতৃয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীত সেৱা আগবঢ়াইছিল। তেওঁৰ ডাঙৰ ভগ্নী গেইলৰ জন্ম ১৯৩৯চনত হয়। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পিছত মাকে (যাৰ হাতত সন্তানৰ তত্ত্বাৱধানৰ ভাৰ আছিল) হৰিন্দ্ৰনাথ আৰু কমলাদেৱী চট্টোপাধ্যায়ৰ পুত্ৰ ৰাম চট্টোপাধ্যায়ক বিয়া কৰায়।[3] ৰম আৰু ভগ্নী গেইলকে ধৰি পৰিয়ালটোৱে প্ৰথমে নিউয়ৰ্ক চহৰত বাস কৰিছিল। ১৯৫১ চনত ৰমৰ আন এগৰাকী ভগ্নী নীনাৰ জন্মৰ পাছত তেওঁলোকৰ পৰিয়ালটো বোম্বাই (বৰ্তমানৰ মুম্বাই)লৈ গুচি যায়। ৰমৰ সতিয়া দেউতাক ৰাম চট্টোপাধ্যায় আছিল ৰঙীন চলচ্চিত্ৰ প্ৰক্ৰিয়াকৰণৰ অগ্ৰণী ব্যক্তি; তেওঁ মুম্বাইৰ ৱৰ্লিত ভাৰতৰ প্ৰথমটো ৰঙীন চলচ্চিত্ৰ প্ৰচেছিং লেব স্থাপন কৰিছিল। ১৯৫৩ চনত মুম্বাইত ৰমৰ সতিয়া ভাতৃ নীলকান্তৰ জন্ম হয়।
ৰমৰ শিক্ষা জীৱন নিউয়ৰ্কত আৰম্ভ হৈছিল আৰু কোডাইকানাল ইণ্টাৰনেশ্যনেল স্কুলত ১৯৬০ চনত শ্ৰেণী শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ ৱাইমিং বিশ্ববিদ্যালয়ত কিছুদিনৰ বাবে অধ্যয়ন কৰিছিল। তেওঁ কিছুদিন সেনাবাহিনীত সেৱা আগবঢ়ায় আৰু ১৯৬৩ চনৰ পৰা ১৯৬৫ চনলৈকে মিয়ামি চাৰ্পেণ্টেৰিয়ামত, বিল হাষ্টৰ সৈতে এপ্ৰেণ্টিছ হিচাপে কাম কৰে, যাক তেওঁ মৰমেৰে "গুৰু" বুলি কৈছিল৷[4] ভিয়েতনাম যুদ্ধৰ আৰম্ভণিৰ সময়ছোৱাত, সঠিক বয়সৰ এজন আমেৰিকান নাগৰিক হিচাপে তেওঁক আমেৰিকান সেনাবাহিনীলৈ নিমন্ত্ৰণ কৰা হৈছিল, য’ত তেওঁ প্ৰশিক্ষণ লৈ টেক্সাছ আৰু পিছত জাপানত এটা সামৰিক বেছ হাস্পতালত মেডিক হিচাপে সেৱা আগবঢ়াইছিল[5] । তেওঁ ১৯৬৭ চনত গ্ৰীক মালবাহী জাহাজ হেলেনিক লিডাৰত উঠি পুনৰ ভাৰতলৈ ঘূৰি আহে, আৰু তাৰ পিছৰে পৰা ইয়াতেই বসবাস কৰি আহিছে[6]। এতিয়া তেওঁ এজন স্বাভাৱিকীকৃত ভাৰতীয় নাগৰিক।
১৯৭৪ চনত হুইটেকাৰে জাই হুইটেকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু এই দম্পতীৰ দুজন পুত্ৰ নিখিল আৰু সমীৰ জন্ম হয়।[7] কিন্তু অৱশেষত বিবাহ বিফল হোৱাত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়। পাছলৈ তেওঁ জনাকী লেনিন নামৰ এগৰাকী ভাৰতীয়ৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয় । তেওঁলােক চেন্নাইৰ ঠিক দক্ষিণে, তামিলনাডুৰ চেংগলপট্টু চহৰৰ উপকণ্ঠ অঞ্চলৰ এখন ফাৰ্মত বাস কৰে।[8][9]
১৯৮৬ চনত ৪০ বছৰ বয়সত হুইটেকাৰে বি. পেচিফিক ৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ পৰা বন্যপ্ৰাণী ব্যৱস্থাপনাত স্নাতক ডিগ্ৰী লাভ কৰে। এইটো তেওঁৰ জীৱনজুৰি বন্যপ্ৰাণী, বিশেষকৈ সৰীসৃপ প্ৰজাতিৰ প্ৰতি থকা আগ্ৰহৰ এটা পাৰ্শ্বফল মাথোঁ আছিল। তেওঁ এজন লাইচেন্সপ্ৰাপ্ত অপেশাদাৰ ৰেডিঅ’ অপাৰেটৰো, যাৰ ভাৰতীয় কলছাইন হৈছে VU2WIT।[10]
ভাৰতত কৰা কাম
[সম্পাদনা কৰক]চেন্নাইৰ স্নেক পাৰ্কৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল হুইটকাৰ। জনসাধাৰণক শিক্ষিত কৰাৰ বাবে আৰু সাপ অনুসৰণ কৰা আৰু সাপ ধৰাৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত ইৰুলা জনগোষ্ঠীক সহায় কৰিবলৈ এই উদ্যানখনৰ কল্পনা কৰা হৈছিল। ১৯৭২ চনৰ বন্যপ্ৰাণী আইন অনুসৰি সাপৰ চামৰাৰ ব্যৱসায় নিষিদ্ধ হোৱাৰ পিছত জনজাতীয় লোকসকল নিবনুৱা হৈ পৰিছিল। হুইটেকাৰে ইৰুলা জনগোষ্ঠীক এন্টিভেনম ঔষধ উৎপাদনৰ বাবে ব্যৱহৃত সাপৰ বিষ উলিওৱাৰ কামত জড়িত হ'বলৈ সহায় কৰিছিল।[11] ৰম মাদ্ৰাজ ক্ৰ'কডাইল বেংক ট্ৰাষ্ট চেণ্টাৰ ফৰ হাৰ্পেট'লজীৰ সহ-প্ৰতিষ্ঠাপক আছিল, কুম্ভীৰৰ প্ৰজনন আৰু সংৰক্ষণ কাৰ্যসূচীৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল।[12][13]
হুইটেকাৰে ঘঁৰিয়াল নামৰ অতি বিপন্ন কুম্ভীৰজাতীয় প্ৰজাতিটোক ৰক্ষা কৰিবলৈ এক প্ৰচেষ্টাৰ সমন্বয় সাধন কৰিছিল। ১৯৭০ চনত ইয়াৰ সংখ্যা ২৫০-ৰো কম আছিল, যদিও এতিয়া এই সংখ্যা ৩০০০-ৰো অধিক হৈছে।[14]

২০১০ চনৰ ২৭ ডিচেম্বৰত পৰিৱেশ আৰু বন মন্ত্ৰী জয়ৰাম ৰমেশে মাদ্ৰাজ ক্ৰ'কডাইল বেংকত ৰম হুইটেকাৰৰ সৈতে ভ্ৰমণৰ সময়ত ১৬০০ বৰ্গ কিলোমিটাৰ ভূমিৰ ঘৰিয়াল সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় ত্ৰি-ৰাজ্যিক চাম্বল অভয়াৰণ্য পৰিচালনা আৰু সমন্বয় সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে।এই সংৰক্ষিত অঞ্চলটো উত্তৰ প্ৰদেশৰ চাম্বল নদীৰ কাষেৰে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থান ৰাজ্যলৈকে বিস্তৃত। এই সমিতিখনত ৰাজ্যসমূহৰ জলসম্পদ মন্ত্ৰালয়, ৰাজ্যৰ জলসিঞ্চন আৰু শক্তি বিভাগৰ প্ৰতিনিধি, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান, মাদ্ৰাজ ক্ৰ’কডাইল বেংক ট্ৰাষ্ট, ঘৰিয়াল কনজাৰ্ভেচন এলায়েন্স, ডেভেলপমেণ্ট অলটাৰনেটিভ, অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্চ ইন ইক’লজী এণ্ড দ্য এনভাইৰনমেণ্ট, ৱৰ্ল্ডৱাইড ফাণ্ড ফৰ নেচাৰ, আৰু তিনিওখন ৰাজ্যৰ বিভাগীয় বন বিষয়াৰ প্ৰতিনিধি থাকিব। এই সমিতিখনে ঘঁৰিয়াল আৰু ইয়াৰ বাসস্থানৰ সুৰক্ষাৰ বাবে কৌশল ৰচনা কৰিব। ইয়াৰ বাবে প্ৰজাতি আৰু ইয়াৰ পৰিৱেশ বিজ্ঞানৰ ওপৰত অধিক গৱেষণা, আৰু নিৰ্ভৰশীল নদীৰ পাৰৰ সম্প্ৰদায়ৰ আৰ্থ-সামাজিক মূল্যায়ন জড়িত হ’ব। এই নতুন পদক্ষেপৰ বাবে বন্যপ্ৰাণীৰ বাসস্থানৰ সংহত উন্নয়নৰ উপ-আঁচনি হিচাপে প্ৰতি পাঁচ বছৰৰ বাবে ৫০ৰ পৰা ৮০ মিলিয়ন টকা (প্ৰায় ১ৰ পৰা ১.৭ মিলিয়ন আমেৰিকান ডলাৰ) ধন সংগ্ৰহ কৰা হ’ব। এই প্ৰকল্পটো দীৰ্ঘদিন ধৰি ৰম হুইটেকাৰে সমৰ্থন কৰি আহিছে।[15][16]
পেছাদাৰী সংযোগ
[সম্পাদনা কৰক]হুইটেকাৰ বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ পৰামৰ্শদাতা সমিতি আৰু সম্পাদকীয় মণ্ডলীৰ সদস্য, আৰু ইৰুলা জনজাতি মহিলা কল্যাণ সমিতিৰ উপদেষ্টা। তেওঁ পালনী পাহাৰ সংৰক্ষণ পৰিষদৰ সহ-প্ৰতিষ্ঠাপক আছিল। তেওঁ ইৰুলা স্নেক কেচাৰ্ছৰ ঔদ্যোগিক সমবায় সমিতিৰ মুখ্য কাৰিকৰী উপদেষ্টা আৰু ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ, আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ অধ্যায়ৰ আহ্বায়ক।[17] তেওঁ আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ/প্ৰজাতি জীয়াই থকাৰ আয়োগ (IUCN/SSC) - সাপ বিশেষজ্ঞ গোটৰ সদস্য।[18]
জনপ্ৰিয় সংস্কৃতি
[সম্পাদনা কৰক]১৯৮৯ চনত হুইটেকাৰে ভাৰতীয় চিলড্ৰেনছ ফিল্ম ছ'চাইটিৰ বাবে তামিল বৈশিষ্ট্যপূৰ্ণ ছবি দ্য বয় এণ্ড দ্য ক্ৰ'কডাইল (দোস্ত মগৰমছ) প্ৰযোজনা আৰু পৰিচালনা কৰে যিয়ে নতুন দিল্লীৰ ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱত ৰূপালী হাতী বঁটা আৰু ইউনিচেফৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ বঁটা লাভ কৰে।[19]
১৯৯৬ চনত নেশ্যনেল জিঅ’গ্ৰাফিক চেনেল এক্সপ্ল’ৰাৰ অনুষ্ঠানৰ বাবে নিৰ্মিত ৫৩ মিনিটৰ ছুপাৰ ১৬ মিমি বন্যপ্ৰাণী তথ্যচিত্ৰ কিং কোব্ৰাৰ সহ-প্ৰযোজক আছিল। বিশ্বৰ আটাইতকৈ ডাঙৰ বিষাক্ত সাপ ৰজা কব্ৰাৰ প্ৰাকৃতিক ইতিহাসৰ ওপৰত নিৰ্মিত এই ছবিখনে ১৯৯৮ চনত অসাধাৰণ বাতৰি আৰু তথ্যচিত্ৰ কাৰ্যসূচী কৃতিত্বৰ বাবে এমি বঁটা লাভ কৰে। ই ১৯৯৭ চনৰ জেকচন হোল বন্যপ্ৰাণী চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বাবে মনোনীত হৈছিল; এমি মনোনয়ন ফৰ আউটষ্টেণ্ডিং ইণ্ডিভিজুৱেল এচিভমেণ্ট ইন এ ক্ৰাফ্ট-চিনেমাট'গ্ৰাফাৰ এণ্ড নিউজ এণ্ড ডকুমেণ্টৰী, ১৯৯৮, আৰু বেষ্ট এনিমেল বিহেভিয়াৰ, ৱাইল্ডস্ক্ৰীণ ফিল্ম ফেষ্টিভেল ১৯৯৮। ২০০৭ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আইকন ফিল্মছ আৰু ডব্লিউ এন ই টিয়ে নিৰ্মাণ কৰা (আৰু পি বি এছৰ নেচাৰ ছিৰিজত ছুপাৰছাইজ ক্ৰকছ হিচাপে সম্প্ৰচাৰিত) অতিমাত্ৰা কুম্ভীৰৰ ওপৰত নিৰ্মিত এখন সমালোচকৰ প্ৰশংসিত তথ্যচিত্ৰৰ বিষয়বস্তু আছিল, যিখন ভাৰত, ইথিওপিয়া আৰু অষ্ট্ৰেলিয়াত চিত্ৰগ্ৰহণ কৰা হৈছিল।
২০০৮ চনত তেওঁ বিবিচিৰ নেচাৰেল ৱৰ্ল্ডৰ তথ্যচিত্ৰ ক্ৰকডাইল ব্লুজত আছিল, ঘৰিয়ালৰ মিশ্ৰিত ভাগ্যৰ ওপৰত। ২০০৯ চনৰ জানুৱাৰী মাহত হুইটেকাৰে প্ৰকৃত জীৱনৰ আন এখন তথ্যচিত্ৰ দ্য ড্ৰেগন ক্ৰনিকলছত অভিনয় কৰিছিল, য'ত বাস্তৱ জীৱনৰ সৰীসৃপৰ ওপৰত আছিল, যেনে কোমোডো ড্ৰেগন আৰু উৰন্ত টিকটিকি যিয়ে ড্ৰেগনৰ কাহিনীক অনুপ্ৰাণিত কৰিছিল।
২০১১ চনৰ ফেব্ৰুৱাৰী মাহত আইকন ফিল্মছ আৰু বিবিচি নেচাৰেল ৱৰ্ল্ডে ভাৰতত সাপৰ কামোৰৰ কাৰণ আৰু প্ৰতিৰোধৰ ওপৰত চলি থকা গৱেষণাৰ সময়ত হুইটকাৰক অনুসৰণ কৰি ৱান মিলিয়ন স্নেকবাইটছ ছবি নিৰ্মাণ কৰে। ২০১৩ চনত তেওঁ নাহৰফুটুকীৰ ওপৰত এটা খণ্ড কৰিছিল, নাহৰফুটুকী: ২১ শতিকাৰ মেকুৰী(Leopards: 21st Century Cats), একেখন ধাৰাবাহিকতে।[20][21]
তেওঁ সৰীসৃপৰ ওপৰত বিশেষকৈ সাপৰ ওপৰত কেইবাটাও বৈজ্ঞানিক প্ৰবন্ধ আৰু জনপ্ৰিয় গ্ৰন্থ ৰচনা কৰিছে, য'ত ২০০৪ চনত ভাৰতৰ সাপ - ক্ষেত্ৰ গাইড শীৰ্ষক বিস্তৃত ফিল্ড গাইডো আছে।[22] ভাৰতৰ সাপৰ ওপৰত[17][23] তিনিটা খণ্ডৰ আত্মজীৱনীৰ ভিতৰত প্ৰথমখন ২০২৪ চনত প্ৰকাশ পাইছিল স্নেকছ, ড্ৰাগছ এণ্ড ৰক 'এন' ৰোল।
২০১৮ চনত তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰে।[24]
সন্মান, বঁটা, আৰু অন্যান্য স্বীকৃতি
[সম্পাদনা কৰক]- ২০০৫ চনত তেওঁৰ কামৰ বাবে হুইটলী বঁটা (ইউ.কে.ৰ শীৰ্ষ সংৰক্ষণ বঁটা হিচাপে গণ্য কৰা হয়)।[25]
- ১৯৮৮ চনত সংৰক্ষণৰ যোগ্যতাৰ বাবে পিটাৰ স্কট বঁটা।
- ১৯৮৫ চনত নেদাৰলেণ্ডৰ অৰ্ডাৰ অৱ দ্য গোল্ডেন আৰ্ক
- ২০১০ চনত চেলিম আলী বঁটা
- ১৯৮৪ আৰু ২০০৮ চনত ৰলেক্স বঁটাৰ সহযোগী বঁটা বিজয়ী।[26]
- ভাৰতীয় ব'য়াৰ এটা প্ৰজাতি Eryx whitakeri আৰু এটা গেকো Hemidactylus whitakeri তেওঁৰ সন্মানত নামকৰণ কৰা হৈছে[27]
ৰোমুলাছ হুইটেকাৰে ২০১৮ চনত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কৰা কামৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী (চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা) প্ৰদান কৰে।[28]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dickie, Phil (2008). "Romulus Whitaker, Unconventional conservationist". The Rolex Awards for Enterprise. The Rolex Institute. Archived from the original on 13 February 2009. https://web.archive.org/web/20090213232031/http://rolexawards.com/en/the-laureates/romuluswhitaker-the-project.jsp। আহৰণ কৰা হৈছে: 29 January 2009.
- ↑ Crocodile Specialist Group (2018). "Minutes of CSG Steering Committee Meeting, Santa Fe, Argentina, 6 May 2018: 3.5. Zoos". CSG Steering Committee Meetings (2018): 10. http://www.iucncsg.org/365_docs/attachments/protarea/63f5094d55e6caf77c34e6a6131efa10.pdf.
- ↑ "Meet Rom Whitaker" (en ভাষাত). www.sanctuaryasia.com. Archived from the original on 18 August 2019. https://web.archive.org/web/20190818080755/https://www.sanctuaryasia.com/people/interviews/1590-meet-rom-whitaker.html। আহৰণ কৰা হৈছে: 18 August 2019.
- ↑ Whitaker, Romulus; Lenin, Janaki (2024). Snakes, drugs and rock 'n' roll. Harper Collins. পৃষ্ঠা. 288-307.
- ↑ Whitaker & Lenin 2024, পৃষ্ঠা. 322-331.
- ↑ Whitaker & Lenin 2024, পৃষ্ঠা. 343-357.
- ↑ Alvares, Rahul (2005) (en ভাষাত). Free from School. 1st World Publishing. ISBN 978-1-4218-0180-3. https://books.google.com/books?id=k99SOoVxlMoC&q=Romulus+Whitaker+son+samir&pg=PA94। আহৰণ কৰা হৈছে: 8 August 2020.
- ↑ "There are no other books like 'My husband and other animals' in the Indian market: Janaki Lenin". Zee News. 25 December 2012. http://zeenews.india.com/exclusive/there-are-no-other-books-like-my-husband-and-other-animals-in-the-indian-market-janaki-lenin_5935.html। আহৰণ কৰা হৈছে: 27 January 2018.
- ↑ "There's never a dull moment in life: Janaki Lenin". The Times of India. 5 February 2013. https://timesofindia.indiatimes.com/life-style/books/features/Theres-never-a-dull-moment-in-life-Janki-Lenin/articleshow/18219541.cms। আহৰণ কৰা হৈছে: 27 January 2018.
- ↑ "VU2WIT Callsign Page". http://www.qrz.com/db/VU2WIT.
- ↑ Whitaker, Romulus; Andrews, Harry V. (1995). "The Irula Co-operative Venom Centre, India" (en ভাষাত). Oryx খণ্ড 29 (2): 129–135. doi:10.1017/S0030605300021001. ISSN 0030-6053. https://www.cambridge.org/core/product/identifier/S0030605300021001/type/journal_article.
- ↑ Iqbal, Sarah (2018). "Romulus Whitaker". Current Science খণ্ড 115 (6): 1028–1030. ISSN 0011-3891. https://www.jstor.org/stable/26978349.
- ↑ Raghavan, T. L. (2009). "Romulus Whitaker - His Story". Environment (Chennai Online). Archived from the original on 14 December 2008. https://web.archive.org/web/20081214182945/http://archives.chennaionline.com/science/Environment/romulus.asp.
- ↑ "Mystery of crocs' mass die-off". Science and Environment (BBC News). 2008. https://news.bbc.co.uk/2/hi/science/nature/7755393.stm.
- ↑ Lenin, Janaki (2010). "New Government of India initiative for gharial conservation". Janaki Lenin's Facebook Notes (Madras Crocodile Bank, Chennai, India). https://www.facebook.com/note.php?note_id=152136454836182.
- ↑ Oppilli, P. (2010). "A sanctuary coming up for Ghariyals". S & T, Energy & Environment (The Hindu, Chennai). http://www.thehindu.com/sci-tech/energy-and-environment/article995890.ece.
- 1 2 "Earl Whitaker". Resume. Wildlife Central. http://www.seedwiki.com/wiki/wildlife_central/romulus_whitaker। আহৰণ কৰা হৈছে: 29 January 2009.
- ↑ "Members" (en ভাষাত). Iucn Snake Specialis. https://www.iucnsnake.org/members। আহৰণ কৰা হৈছে: 2025-11-20.
- ↑ "Dost Magarmach screened at Tribal Museum". 27 October 2017. https://www.dailypioneer.com/2017/state-editions/dost-magarmach-screened-at-tribal-museum.html.[সংযোগবিহীন উৎস]
- ↑ , Rom Whitaker"Leopards: 21st Century Cats", Natural World, https://www.imdb.com/title/tt8656840/, আহৰণ কৰা হৈছে: 2025-07-11
- ↑ Wollaston, Sam (2013-05-18). "TV review: Leopards: 21st Century Cats" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/culture/2013/may/18/leopards-21-century-cats-review.
- ↑ Whitaker, Romulus; Captain, Ashok (2004). Snakes of India: The Field Guide. Archived 28 July 2011 at the Wayback Machine Chennai: Draco Books.
- ↑ "Alumni Profile: Romulus "Rom" Whitaker (Class of 1960)". KIS Alumni Newsletter. KIS Alumni Association. August 2008. Archived from the original on 24 November 2010. https://web.archive.org/web/20101124095601/http://kis.in/people/alumni/pdfs/KIS%20Alumni%20Profile%20-%20Romulus%20Whitaker%20%28Class%20of%201960%29.pdf। আহৰণ কৰা হৈছে: 29 January 2009.
- ↑ "6 Padma awardees are pride and joy of Tamil Nadu". The Times of India. 26 January 2018. https://timesofindia.indiatimes.com/city/chennai/6-padma-awardees-are-pride-and-joy-of-tamil-nadu/articleshow/62658549.cms। আহৰণ কৰা হৈছে: 26 January 2018.
- ↑ "King Cobra Research Station, Western Ghats, India". Whitley Fund for Naturewhitleyaward. 31 December 2004. https://whitleyaward.org/winners/king-cobra-research-station-india/। আহৰণ কৰা হৈছে: 26 February 2018.
- ↑ "romulus whitaker". Rolex Awards for Enterpriserolex awards. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924091903/http://www.rolexawards.com/profiles/associate_laureates/romulus_whitaker। আহৰণ কৰা হৈছে: 26 February 2018.
- ↑ Beolens, Bo; Watkins, Michael; Grayson, Michael (2011). The Eponym Dictionary of Reptiles. Baltimore: Johns Hopkins University Press. xiii + 296 pp. আই.এচ.বি.এন. 978-1-4214-0135-5. ("Whitaker, R.", p. 284).
- ↑ "Chennai: Padma Shri for Whitaker gladdens ecologists' hearts" (en ভাষাত). Deccan Chronicle. 26 January 2018. https://www.deccanchronicle.com/nation/in-other-news/260118/chennai-padma-shri-for-whitaker-gladdens-ecologists-hearts.html। আহৰণ কৰা হৈছে: 31 January 2021.