ৰোশ্নি চোপ্ৰা
| ৰোশ্নি চোপ্ৰা | |
|---|---|
২০১৭ চনত চোপ্ৰা | |
| জন্ম | নতুন দিল্লী, ভাৰত |
| পেচা | মডেল, অভিনেত্ৰী আৰু টেলিভিছন ঘোষিকা |
| সক্ৰিয় হৈ থকা সময় | ২০০১–বৰ্তমান |
| দাম্পত্যসঙ্গী | সিদ্ধাৰ্থ কুমাৰ আনন্দ (বিবাহ ২০০৬) |
| পিতৃ-মাতৃ | ৰবি চোপ্ৰা (পিতৃ) মঞ্জু চোপ্ৰা (মাতৃ) |
| সন্তান | ২ |
| আত্মীয়-স্বজন | দিয়া চোপ্ৰা (ভনী) |
ৰোশ্নি চোপ্ৰা (ইংৰাজী: Roshni Chopra) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ঘোষিকা আৰু এনডিটিভি ইমাজিনৰ ৰিয়েলিটী শ্ব’ দিল জীতেগী দেশী গাৰ্লৰ বিজয়ী।[1] তেওঁ জী টিভিৰ ধাৰাবাহিক কচম চেৰ তিনিগৰাকী মুখ্য মহিলা চৰিত্ৰৰ অন্যতম 'পিয়া'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও পৰিচিত।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ জী টিভিৰ ধাৰাবাহিক কচম চেত তিনিগৰাকী মুখ্য মহিলা চৰিত্ৰৰ অন্যতম তথা নায়িকা বাণী ৱালিয়াৰ কনিষ্ঠ ভগ্নী 'পিয়া'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে আটাইতকৈ বেছি পৰিচিত। আৱাৰ ওন ইংলিছ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী ৰোশ্নিয়ে দূৰদৰ্শনত সম্প্ৰচাৰিত ক্ৰিকেটৰ প্ৰাক-মেচ আৰু উত্তৰ-মেচ অনুষ্ঠান ফ’ৰ্থ আম্পায়াৰৰ ঘোষিকা হিচাপেও কাম কৰিছিল।
২০১১ চনৰ ১২ আগষ্টত মুক্তি পোৱা বিক্ৰম ভাটৰ ছবি ফিৰত চোপ্ৰাই অভিনয় কৰিছিল। তেওঁ ২০০৯-১০ বৰ্ষত চনী টিভিৰ অনুষ্ঠান কমেডী চাৰ্কাছ টিন কা তডকাৰ আঁত ধৰিছিল আৰু ষ্টাৰ স্পৰ্টছৰ হিৰোজ – মোমেণ্টছ এণ্ড মেমৰিজৰ ঘোষিকা আছিল। ইয়াৰ উপৰি তেওঁ চনী টিভিৰ ভৌতিক ধাৰাবাহিক 'আহট'ৰ এটা খণ্ড 'মৌত কা খেল'ত অভিনয় কৰিছিল। তেওঁ কালৰ্ছ টিভিৰ কমেডী নাইটছ উইথ কপিলতো কাম কৰিছিল।
২০১১ চনৰ ২৯ জানুৱাৰীৰপৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হোৱা প্যাৰ মে টুইষ্ট নামৰ ধাৰাবাহিকখনত তেওঁক দেখা গৈছিল। [3]
তেওঁ পেৰিছত অনুষ্ঠিত হোৱা 'পেৰিছ অট কুটিৰ উইক ফল/উইণ্টাৰ ২০২৩-২০২৪'ত অংশগ্ৰহণ কৰিছিল। [4]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চোপ্ৰাৰ কনিষ্ঠ ভগ্নী দিয়া চোপ্ৰাও এগৰাকী অভিনেত্ৰী। চোপ্ৰা চলচ্চিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ আনন্দ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। তেওঁৰ দুটি সন্তান আছে। [5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Roshni Chopra bags Desi Girl title". Hindustan Times. Archived from the original on 22 October 2010. https://web.archive.org/web/20101022042835/http://www.hindustantimes.com/Roshni-Chopra-bags-Desi-Girl-title/Article1-567433.aspx। আহৰণ কৰা হৈছে: 18 October 2010.
- ↑ "This Kasamh Se actress is set to make her digital debut" (en ভাষাত). India Today. 8 March 2018. https://www.indiatoday.in/television/celebrity/story/this-kasamh-se-actress-is-set-to-make-her-digital-debut-1186838-2018-03-11। আহৰণ কৰা হৈছে: 20 January 2024.
- ↑ "Cannes 2023: This Indian Celeb Was Also There - Wearing Sneakers With Her Gown". NDTV.com. https://www.ndtv.com/entertainment/another-celeb-at-cannes-2023-roshni-chopra-is-a-sea-shell-in-a-sea-of-sequins-4071310। আহৰণ কৰা হৈছে: 20 January 2024.
- ↑ "Things aren't as bad here: Roshni Chopra on being in Paris amid the riots" (en ভাষাত). Hindustan Times. 4 July 2023. https://www.hindustantimes.com/entertainment/tv/things-aren-t-as-bad-here-roshni-chopra-on-being-in-paris-amid-the-riots-101688471750521.html। আহৰণ কৰা হৈছে: 20 January 2024.
- ↑ Mattoo, Seema (10 July 2016). "Roshni Chopra expecting her second child". The Times of India. http://timesofindia.indiatimes.com/tv/news/hindi/Roshni-Chopra-expecting-her-second-child/articleshow/53140194.cms। আহৰণ কৰা হৈছে: 13 July 2016.
- ↑ "Roshni Chopra shares first photo of her newborn son with a lovely poem, see pic" (en ভাষাত). The Indian Express. 29 August 2016. https://indianexpress.com/article/entertainment/television/roshni-chopra-shares-first-photo-of-her-newborn-son-reyaan-with-a-lovely-poem-see-pic-3002010/। আহৰণ কৰা হৈছে: 20 January 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰোশ্নি চোপ্ৰা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।