সমললৈ যাওক

ৰোহন পেথিয়াগোডা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোহন পেথিয়াগোডা
জন্ম তিলক ৰোহন ডেভিদ পেথিয়াগোডা
১৯ নৱেম্বৰ, ১৯৫৫ (৭০ বছৰ)
কলম্বো, শ্ৰীলংকা
শিক্ষা বি.এছ.চি., এম.ফিল.
শিক্ষানুষ্ঠান এছ. থমাছ কলেজ, মাউণ্ট লাভিনিয়া;
কিঙছ কলেজ লণ্ডন; ছাচেক্স বিশ্ববিদ্যালয়
পেচা শ্ৰেণীবিভাজনবিদ (Taxonomist)
সক্ৰিয় হৈ থকা সময় ১৯৯০–বৰ্তমান
নিয়োগকৰ্তা অষ্ট্ৰেলিয়ান মিউজিয়াম
উল্লেখযোগ্য কৰ্ম Freshwater fishes of Sri Lanka (১৯৯০)
Pearls, spices and green gold (২০০৭)
Horton Plains: Sri Lanka's cloud-forest national park (২০১২)
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাদামাৰাচ্চি পদক (১৯৮৭), ৰোলেক্স এৱাৰ্ড ফৰ এণ্টাৰপ্ৰাইজ (২০০০), লিনিয়ান মেডেল (২০২২)
ৱেবছাইট
শ্ৰীলংকাৰ ৱাইল্ডলাইফ হেৰিটেজ ট্ৰাষ্ট

ৰোহন ডেভিদ পেথিয়াগোডা (জন্ম: ১৯ নৱেম্বৰ ১৯৫৫) এগৰাকী শ্ৰীলংকাৰ জৈৱ-বৈচিত্ৰ্য বিজ্ঞানী, উভচৰ আৰু অলুণীয়া পানীৰ মাছৰ শ্ৰেণীবিভাজনবিদ, লেখক, সংৰক্ষণবিদ আৰু ৰাজহুৱা নীতিৰ অধিবক্তা।

আৰম্ভণি জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৫৫ চনৰ ১৯ নৱেম্বৰত শ্ৰীলংকাৰ কলম্বোত জন্মগ্ৰহণ কৰা পেথিয়াগোডাই মাউণ্ট লেভিনিয়াৰ এছ থমাছ কলেজত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। ১৯৭৭ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ কিংছ কলেজৰপৰা তেওঁ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত বিএচ.চি ডিগ্ৰী লাভ কৰে আৰু ১৯৮০ চনত ছাচেক্স বিশ্ববিদ্যালয়ৰপৰা জৈৱ চিকিৎসা অভিযান্ত্ৰিকীত এম.ফিল. ডিগ্ৰী লাভ কৰে।[1]

১৯৮১ চনৰপৰা ১৯৮২ চনলৈকে পেথিয়াগোডাই শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ জৈৱ চিকিৎসা অভিযান্ত্ৰিক বিভাগত অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৮২ চনৰপৰা ১৯৮৭ চনলৈকে সেই প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে কাম কৰিছিল। সেই একেটা বছৰতে বদমৰাচ্চি অভিযানৰ সময়ত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীলৈ আগ বঢে়াৱা সেৱাৰ বাবে ৰাষ্ট্ৰপতি জে আৰ জয়ৱৰ্ধনে তেওঁক বদমৰাচ্চি পদক প্ৰদান কৰে।[2] ১৯৮৪ চনত তেওঁক সমান্তৰালভাৱে শ্ৰীলংকাৰ জলসম্পদ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ২০০২ চনৰপৰা ২০০৪ চনলৈকে শ্ৰীলংকা চৰকাৰৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০০৫ চনত আই ইউ চি এন প্ৰজাতি জীয়াই থকাৰ আয়োগৰ উপ-সভাপতি নিৰ্বাচিত হৈছিল।[3] ২০০৮ চনত পেথিয়াগোডা আন্তৰ্জাতিক প্ৰাণীবিজ্ঞান নামকৰণৰ ট্ৰাষ্ট ব’ৰ্ড অৱ ট্ৰাষ্টী হিচাপে‍ নিৰ্বাচিত হয়, ইয়াৰ পূৰ্বে তেওঁ ব্ৰিটিছ আমেৰিকান ধঁপাত জৈৱ-বৈচিত্ৰ্য অংশীদাৰিত্বৰ নিশ্চয়তা গোটৰ উপ-সভাপতি হিচাপে চাৰিবছৰীয়া কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত তেওঁ অষ্ট্ৰেলিয়ান মিউজিয়াম, ছিডনীৰ গৱেষণা সহযোগী হিচাপে নিযুক্তি লাভ কৰে,[4] আৰু ২০১৫ চনৰপৰা ২০১৮ চনলৈকে তেওঁ শ্ৰীলংকা চাহ ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[5] ২০২২ চনৰ ২২ জুনত পেথিয়াগোডাক শ্ৰীলংকাৰ বিৰোধী দলৰ নেতা সাজিৎ প্ৰেমদাছাৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়।[6]

প্ৰকৃতিবাদী জীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনত তেওঁ চৰকাৰী কাৰ্যালয়ৰপৰা পদত্যাগ কৰি দ্বীপটোৰ মিঠা পানীৰ মাছসমূহ অন্বেষণ কৰাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰে,[7] যাৰ ফলত ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ, শ্ৰীলংকাৰ মিঠা পানীৰ মাছ,[1] দেশখনৰ মিঠা পানীৰ মাছৰ প্ৰাণীজগতৰ সচিত্ৰ বিৱৰণী প্ৰকাশ পায়।[8]

এই কিতাপখনৰপৰা পোৱা আৰ্থিক লাভ পেথিয়াগোডাই ৱাইল্ড লাইফ হেৰিটেজ ট্ৰাষ্ট (WHT)ৰ বাবে এনডাউমেণ্টলৈ প্ৰদান কৰে‍, ৱাইল্ড লাইফ হেৰিটেজ ট্ৰাষ্ট হ'ল ১৯৯০ চনত তেওঁ শ্ৰীলংকাত জীৱ বৈচিত্ৰ্য অন্বেষণৰ কামৰ বাবে স্থাপন কৰা এটা অনুষ্ঠান, প্ৰাকৃতিক ইতিহাসৰ কিতাপ প্ৰকাশ আৰু উপাৰ্জনৰ লগতে ভৱিষ্যতৰ অধিক অন্বেষণ আৰু গৱেষণাৰ সৈতে‍ ব্যাৱসায়িক আৰ্হিক যোগ কৰিছিল।[7] ১৯৯১ চনৰপৰা ২০১২ চনৰ ভিতৰত ডব্লিউ এইচ টিয়ে ইংৰাজী আৰু সিংহলী উভয় ভাষাতে প্ৰায় ৪০খন কিতাপ প্ৰকাশ কৰে, য'ত শ্ৰীলংকাৰ চৰাইৰ বাবে ক্ষেত্ৰ গাইড[9] কিতাপখনো আছিল। সিংহলী ভাষালৈ অনুবাদ কৰা বহু কিতাপ বিশ্ব বেংক / নেদাৰলেণ্ড অংশীদাৰিত্ব কাৰ্যসূচীৰ জীৱ বৈচিত্ৰ্য উইণ্ড'ৰ অনুদানৰ সহায়ত ৫,০০০ বিদ্যালয়ৰ পুথিভঁৰালক বিনামূলীয়াকৈ প্ৰদান কৰা হয়।[10][11][12][13] এই কাৰ্যসূচীৰ লক্ষ্য আছিল শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে স্থানীয় ভাষাৰ জীৱ বৈচিত্ৰ্যৰ বৈজ্ঞানিক গ্ৰন্থসমূহ যুৱক-যুৱতীসকলৰ হাতত তুলি দিয়া।[14] পেথিয়াগোডাই শ্ৰীলংকাত নীতি সংস্কাৰৰ পোষকতাতো স্পষ্টবাদী হৈ আহিছে, সংবাদ মাধ্যমত বায়'পাইৰেচি,[15] গৰ্ভপাত[16] আৰু যৌন নৈতিকতা[17] আদি বিষয়ত লিখিছে, ইয়াৰ উপৰি পুষ্টি, কৃষি নীতি, অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা-ভিডিঅ' প্ৰস্তুত কৰিছে‍।[18]

আৱিষ্কাৰসমূহ

[সম্পাদনা কৰক]

ডব্লিউ.এইচ.টি. (WHT)-ৰ সতীৰ্থসকলৰ সৈতে মিলি পেথিয়াগোডাই শ্ৰীলংকাৰ প্ৰায় ১০০টা নতুন মেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি আৱিষ্কাৰ আৰু/বা সেইবোৰৰ বৈজ্ঞানিক বৰ্ণনা আগবঢ়াইছে। ইয়াৰ ভিতৰত মাছ,[1][19] উভচৰ প্ৰাণী[13][20] আৰু জেঠীজাতীয় প্ৰাণীৰ (lizards) উপৰি[21][22] ৪৩বিধ অলুণীয়া পানীৰ কেঁকোৰা অন্তৰ্ভুক্ত।[23]

তেওঁৰ এই গৱেষণামূলক কামৰপৰাই পোহৰলৈ আহে যে যোৱা ১৩০ বছৰত শ্ৰীলংকাৰ প্ৰায় ১৯বিধ উভচৰ প্ৰাণী বিলুপ্ত হৈ গৈছে,[20] যিটো সমগ্ৰ বিশ্বৰ ভিতৰতে কোনো এখন দেশৰ বাবে সৰ্বাধিক বিলুপ্তিৰ ৰেকৰ্ড।[24]

স্বীকৃতি

[সম্পাদনা কৰক]

১৯৯৮ চনত শ্ৰীলংকাৰ পৰ্বতীয়া অৰণ্যৰ দ্ৰুত ক্ষয়ক লৈ চিন্তিত হৈ পেথিয়াগোডাই পৰিত্যক্ত চাহবাগিছাসমূহক পুনৰ প্ৰাকৃতিক অৰণ্যলৈ ৰূপান্তৰ কৰাৰ এটা প্ৰকল্প আৰম্ভ কৰে।[25] এই কামৰ বাবে তেওঁক 'ৰোলেক্স এৱাৰ্ড ফৰ এণ্টাৰপ্ৰাইজ' (Rolex Awards for Enterprise) সন্মানেৰে বিভূষিত কৰা হয়।[7][26]

২০২২ চনত তেওঁ লণ্ডনৰ লিনিয়ান ছ'চাইটিৰপৰা 'লিনিয়ান মেডেল' (Linnean Medal) লাভ কৰে। ১৮৮৮ চনত আৰম্ভ হোৱা এই বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী শ্ৰীলংকান আৰু দ্বিতীয়গৰাকী এছীয় ব্যক্তি।[27] ২০২৩ চনত 'এছিয়ান চাইণ্টিষ্ট' পত্ৰিকাই তেওঁক 'এছিয়ান চাইণ্টিষ্ট ১০০' তালিকাৰ অন্তৰ্ভুক্ত কৰে।[28]

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক শ্ৰীলংকাৰ 'নেচনেল একাডেমী অৱ ছায়েন্স'ৰ ফেলো হিচাপে নিৰ্বাচিত কৰা হৈছে।[29] বৈজ্ঞানিক পত্ৰিকাৰ প্ৰায় ৬০খন গৱেষণা পত্ৰৰ উপৰি তেওঁ শ্ৰীলংকাৰ প্ৰাকৃতিক ইতিহাস, প্ৰাইমেট (primates), হৰ্টন প্লেইনছ ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-ভৌগোলিকতাৰ ওপৰত কেইবাখনো কিতাপ প্ৰকাশ কৰিছে। তেওঁ অষ্ট্ৰেলিয়ান মিউজিয়ামৰ এগৰাকী ৰিচাৰ্ছ এছ'চিয়েট আৰু 'জুটেক্সা' পত্ৰিকাৰ এছীয় অলুণীয়া পানীৰ মাছৰ শাখাৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

পেথিয়াগোডাৰ সন্মানত কেইবাটাও নতুন প্ৰাণীৰ প্ৰজাতিৰ নামকৰণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে:

  • মাছ: Dawkinsia rohani[30], Rasboroides rohani[31] আৰু Haludaria
  • উভচৰ: মাইক্ৰ’হাইলডি ভেকুলী Uperodon rohani[32]। ২০২০ চনত এছ. ডি. বিজুৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ গছ-ভেকুলীৰ এটা নতুন গণৰ নাম তেওঁৰ সন্মানত Rohanixalus ৰাখে।[33]
  • অন্যান্য: ড্ৰেগন জেঠী Calotes pethiyagodai[34], জঁপিয়াই ফুৰা মকৰা Onomastus pethiyagodai[35] আৰু ফৰিংজাতীয় প্ৰাণী Macromidia donaldi pethiyagodai[36]

২০১২ চনৰ জুলাই মাহত পেথিয়াগোডা আৰু তেওঁৰ সতীৰ্থসকলে বিৱৰ্তনবাদী জীৱবিজ্ঞানী ৰিচাৰ্ড ডকিন্সৰ সন্মানত দক্ষিণ এছিয়াৰ অলুণীয়া পানীৰ মাছৰ এটা নতুন গণৰ নাম Dawkinsia ৰাখে।[37] এই সন্দৰ্ভত তেওঁ এএফপিক জনাইছিল যে ৰিচাৰ্ড ডকিন্সৰ লেখাই আমাক বুজাত সহায় কৰিছে যে এই মহাবিশ্ব যিকোনো ধৰ্মই কল্পনা কৰাতকৈ বহু বেছি ধুনীয়া আৰু বিস্ময়কৰ।[38]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 Pethiyagoda, Rohan (1990). Freshwater fishes of Sri Lanka. প্ৰকাশক Colombo: WHT. পৃষ্ঠা. 362. ISBN 955-9114-00-X.
  2. "What matters is the work we do". Silumina. 21 April 2022. https://www.silumina.lk/2022/04/23/%E0%B6%BB%E0%B7%83%E0%B6%B3%E0%B7%94%E0%B6%B1/%E0%B7%80%E0%B6%A9%E0%B7%8F-%E0%B7%80%E0%B7%90%E0%B6%AF%E0%B6%9C%E0%B6%AD%E0%B7%8A-%E0%B7%80%E0%B6%B1%E0%B7%8A%E0%B6%B1%E0%B7%9A-%E0%B6%9A%E0%B6%BB%E0%B6%B1-%E0%B6%9A%E0%B7%8F%E0%B6%BB%E0%B7%8A%E0%B6%BA%E0%B6%BA%E0%B6%BA%E0%B7%92.
  3. Black, Richard (19 September 2005). "Global plan to rescue amphibians". BBC News. https://news.bbc.co.uk/2/hi/science/nature/4262384.stm.
  4. "Fish Section Research Associates" (en ভাষাত). The Australian Museum. http://australianmuseum.net.au/learn/collections/natural-science/ichthyology/fish-section-research-associates/ আহৰণ কৰা হৈছে: 2020-01-16.
  5. "Rohan Pethiyagoda new Tea Board Chairman" (English ভাষাত). Daily FT. http://www.ft.lk/front-page/rohan-pethiyagoda-new-tea-board-chairman/44-485165 আহৰণ কৰা হৈছে: 2020-01-16.
  6. "Dr. Pethiyagoda appointed Senior Policy Advisor to Opposition Leader". Daily FT. https://www.ft.lk/news/Dr-Pethiyagoda-appointed-Senior-Policy-Advisor-to-Opposition-Leader/56-736546.
  7. 1 2 3 "Rohan Pethiyagoda – The Project". Rolex Awards for Enterprise. Archived from the original on 24 May 2014. https://web.archive.org/web/20140524072840/http://www.rolexawards.com/profiles/associate_laureates/rohan_pethiyagoda/project আহৰণ কৰা হৈছে: 14 January 2012.
  8. Moyle, P.B. (1991). "Review of R. Pethiyagoda, Freshwater Fishes of Sri Lanka". Copeia খণ্ড 1991 (4): 1166–1177. doi:10.2307/1446131. https://archive.org/details/sim_copeia_1991-12-13_4/page/1166.
  9. Kotagama S.; Wijayasinghe, A. (1995). A field guide to the birds of Sri Lanka. WHT. পৃষ্ঠা. 224. ISBN 955-9114-07-7.
  10. Kotagama, S.; Wijayasinghe, A. (1998). Siri Laka kurullo ['Birds of Sri Lanka']. প্ৰকাশক Colombo: WHT. পৃষ্ঠা. 516. ISBN 955-9114-18-2.
  11. Ashton, M.S.; Gunatilleke, S.; de Zoysa, N.; Dassanayake, M.D.; Gunatilleke, N.; Siril Wijesundera, S. (2004). Siri Laka gaskolan athpotha ['A handbook to the trees and shrubs of Sri Lanka']. Translated by Wijayasinghe, A.. প্ৰকাশক Colombo: WHT. পৃষ্ঠা. 513. ISBN 978-955-9114-30-7.
  12. Somaweera, R. (2006). Sri Lankawe Sarpayin ['Snakes of Sri Lanka']. প্ৰকাশক Colombo: WHT. পৃষ্ঠা. 297. ISBN 955-9114-35-2.
  13. 1 2 Manamendra-Arachchi, K.; Pethiyagoda, R. (2007). Sri Lankawe Ubhayajeeveen ['The amphibian fauna of Sri Lanka']. প্ৰকাশক Colombo: WHT. পৃষ্ঠা. 440. ISBN 978-955-9114-34-5.
  14. Fernando, Prithiviraj. "New perspective on amphibians". The Sunday Leader. http://www.thesundayleader.lk/archive/20060625/arts.htm আহৰণ কৰা হৈছে: 23 January 2012.
  15. "Biopiracy threatens Sri Lanka's tourism sector" (English ভাষাত). Daily FT. https://www.ft.lk/columns/Biopiracy-threatens-Sri-Lanka-s-tourism-sector/4-714836 আহৰণ কৰা হৈছে: 2022-06-24.
  16. "Abortion: The agony of a nation | Daily FT" (English ভাষাত). www.ft.lk. http://www.ft.lk/columns/Abortion--The-agony-of-a-nation/4-647452 আহৰণ কৰা হৈছে: 2021-03-10.
  17. "No sex please, we're Sri Lankan" (English ভাষাত). Daily FT. http://www.ft.lk/columns/No-sex-please--we-re-Sri-Lankan/4-645479 আহৰণ কৰা হৈছে: 2021-03-10.
  18. ৰোহন পেথিয়াগোডাৰ চেনেল ইউটিউবত
  19. Pethiyagoda, R.; Kottelat, M.; Silva, A.; Maduwage, M.; Meegaskumbura, M. (2008). "A review of the genus Laubuca in Sri Lanka, with description of three new species (Teleostei: Cyprinidae)". Ichthyological Exploration of Freshwaters খণ্ড 19: 7–26.
  20. 1 2 Manamendra-Arachchi, K.; Pethiyagoda, R. (2005). "The Sri Lankan shrub frogs of the genus Philautus Gistel". Raffles Bulletin of Zoology খণ্ড Supplement 12: 163–303.
  21. Pethiyagoda, R.; Manamendra-Arachchi, K. (1998). "A revision of the endemic Sri Lankan agamid lizard genus Ceratophora Gray, 1835, with description of two new species". Journal of South Asian Natural History খণ্ড 3: 1–52.
  22. Manamendra–Arachchi, K.; Batuwita, S.; Pethiyagoda, R. (2007). "A revision of the Sri Lankan day geckos (Reptilia: Gekkonidae: Cnemaspis), with description of new species from Sri Lanka and southern India". Zeylanica খণ্ড 7: 9–122.
  23. Bahir, Mohomed M.; Ng, P.K.L.; Crandall, K.; Pethiyagoda, R. (2005). "A conservation assessment of the freshwater crabs of Sri Lanka". Raffles Bulletin of Zoology খণ্ড Supplement 12: 121–126.
  24. Bambaradeniya, Channa, ed (2006). The fauna of Sri Lanka: status of taxonomy, research and conservation. International Union for Conservation of Nature. পৃষ্ঠা. 125–131. ISBN 955-8177-51-2. Archived from the original on 2012-02-24. https://web.archive.org/web/20120224023333/http://data.iucn.org/dbtw-wpd/edocs/2006-030.pdf আহৰণ কৰা হৈছে: 2026-04-21.
  25. Pethiyagoda, Rohan S. Jr.; Nanayakkara, S. (2011). "Invasion by Austroeupatorium inulifolium (Asteraceae) arrests succession following tea cultivation in the highlands of Sri Lanka". Ceylon Journal of Science (Biological Sciences) খণ্ড 40 (2): 175–181. doi:10.4038/cjsbs.v40i2.3934.
  26. "Rohan Pethiyagoda – The call of the cloud forest". 28 September 2021. https://www.youtube.com/watch?v=uBOaEHSJv2c.
  27. Dissanayake, Rajith (24 May 2022). "Sri Lankan wins Linnean Medal, the 'Nobel Prize for naturalists' (commentary)". Mongabay Environmental News. https://news.mongabay.com/2022/05/sri-lankan-wins-linnean-medal-the-nobel-prize-for-naturalists-commentary/ আহৰণ কৰা হৈছে: 27 May 2022.
  28. "The Asian Scientist 100". Asian Scientist. https://www.asianscientist.com/as100/ আহৰণ কৰা হৈছে: 13 March 2025.
  29. "The (US) Tropical Forest Conservation Act: Flogging Dead Horses". The Island. http://www.island.lk/2005/06/26/features6.html.
  30. Pethiyagoda, R. (2012). A review of the South Asian fishes of the genus Puntius. Zootaxa.
  31. Sudasinghe et al. (2013). Revision of the genus Rasboroides. Ichthyological Exploration of Freshwaters.
  32. Wijayathilaka et al. (2015). A new species of Uperodon from Sri Lanka. Zootaxa.
  33. Biju et al. (2020). A new genus of tree frogs from South and Southeast Asia. Zootaxa.
  34. Amarasinghe et al. (2014). A new species of Calotes from Sri Lanka. ZooKeys.
  35. Benjamin (2017). A new species of Onomastus from Sri Lanka. Peckhamia.
  36. Suhling et al. (2014). A new Macromidia species from Sri Lanka. Odonatologica.
  37. Pethiyagoda et al. (2012). Review of South Asian Puntius. Zootaxa.
  38. "Sri Lankan fish expert Rohan Pethiyagoda wins international award". The Telegraph. 2015. https://www.telegraph.co.uk/news/worldnews/asia/srilanka/11997557/Sri-Lankan-fish-expert-Rohan-Pethiyagoda-wins-international-award.html.