সমললৈ যাওক

ৰোহিনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰোহিনী

চন্দ্ৰ আৰু ৰোহিনী
স্বীকৃতি দেৱী
বাসস্থান চন্দ্ৰলোক
ব্যক্তিগত তথ্য
পিতৃ-মাতৃ
সংগিনী চন্দ্ৰ
শিশুসকল বৰ্চা

ৰোহিনী এগৰাকী হিন্দু ধৰ্মৰ তৰাৰ দেৱী আৰু চন্দ্ৰ দেৱতাৰ প্ৰিয় পত্নী।[1] তেওঁ প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী আসিকনীৰ ২৭ গৰাকী কন্যাৰ ভিতৰত এগৰাকী।

ৰোহিনী এক ৰঙা ৰঙৰ বৃষমণ্ডলৰ উজ্জ্বল নক্ষত্ৰ, ইয়াক হিন্দু শাস্ত্ৰত দেৱীৰ মৰ্য্যাদা দিয়া হৈছে।[2]

হিন্দু ধৰ্মত

[সম্পাদনা কৰক]

হিন্দু ধৰ্মৰ দক্ষ আৰু অশিক্নিৰ ২৭ গৰাকী কন্যা চন্দ্ৰৰ লগত বিবাহপাশত আবদ্ধ হয়।

চন্দ্ৰই বেছিভাগ সময় ৰোহিনীৰ লগত কটাইছিল, যাৰ বাবে তেওঁৰ আন পত্নীসকল ক্ষুব্ধ হৈ পৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এই বিষয়ে পিতৃ দক্ষৰ ওচৰত অভিযোগ কৰে। জীয়েকহঁতক অসুখী দেখি দক্ষই চন্দ্ৰক কুষ্ঠ ৰোগ হ’বলৈ অভিশাপ দিয়ে আৰু ঘোষণা কৰে যে, চন্দ্ৰ প্ৰতিমাহে ক্ষয়প্ৰাপ্ত হৈ নোহোৱা হব।[3]

ৰোহিনী আৰু তেওঁৰ ভগ্নী কৃত্তিকা আৰু ৰেৱতীক প্ৰায়ে দেৱীকৃত সত্তা আৰু "মাতৃ" বুলি বৰ্ণনা কৰা হয়।[4]

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানত

[সম্পাদনা কৰক]

ভাৰতীয় জ্যোতিৰ্বিজ্ঞানত ২৭ টা চন্দ্ৰ অৱস্থান বা নক্ষত্ৰৰ নাম দক্ষ আৰু আশিক্নিৰ কন্যাসকলৰ নামেৰে ৰখা হৈছে। চন্দ্ৰ অৱস্থানৰ ৰোহিনী বৃষভ নক্ষত্ৰমণ্ডল (বৃষ)ত ১০° ০'ৰ পৰা ২৩° ২০'লৈকে বিস্তৃত।[উদ্ধৃতিৰ প্ৰয়োজন]

ভাৰতীয় জ্যোতিষ শাস্ত্ৰত

[সম্পাদনা কৰক]

ভাৰতীয় জ্যোতিষ, যাক জ্যোতিষশাস্ত্ৰ বুলিও কোৱা হয়, ৰোহিনী হৈছে চন্দ্ৰৰ দ্বাৰা শাসিত ৰাশিৰ চতুৰ্থ চন্দ্ৰ অৱস্থান বা নক্ষত্ৰ। ভগৱান কৃষ্ণৰ জন্ম নক্ষত্ৰ ৰোহিনী আৰু এই নক্ষত্ৰৰ প্ৰভাৱত জন্ম লোৱাৰ এক তাৎপৰ্য্য আছে বুলি বিশ্বাস কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. Agrawala, Prithvi Kumar (1983) (en ভাষাত). Goddesses in Ancient India. Abhinav Publications. ISBN 978-81-7017-184-3. Archived from the original on 2023-02-02. https://web.archive.org/web/20230202063156/https://books.google.com/books?id=8BmDIbNuD0gC&q=rohini+goddess&pg=PA106 আহৰণ কৰা হৈছে: 2020-10-03.
  2. Shah, Saket (2019-10-19) (en ভাষাত). Understanding The Nakshatras: Soul of Astrology is Nakshatras. Saket Shah. Archived from the original on 2023-02-02. https://web.archive.org/web/20230202063136/https://books.google.com/books?id=XYG3DwAAQBAJ&q=aldebaran+Rohini&pg=PT21 আহৰণ কৰা হৈছে: 2020-10-08.
  3. Coulter, Charles Russell; Turner, Patricia (2021-12-06) (en ভাষাত). Encyclopedia of Ancient Deities. McFarland. পৃষ্ঠা. 437. ISBN 978-0-7864-9179-7. https://books.google.com/books?id=QEJUEAAAQBAJ&dq=Chandra+Daksha&pg=PA437.
  4. Jessalyn, Blossom Meghan (2012) (en ভাষাত). Rohini (Nakshatra). Sess Press. ISBN 978-613-8-62464-6. https://books.google.com/books?id=TtyeuAAACAAJ&q=rohini+nakshatra আহৰণ কৰা হৈছে: 2020-10-03.