ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য
অৱয়ব
| ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য | |
|---|---|
| অৱস্থান | উত্তৰ ত্ৰিপুৰা জিলা, ত্ৰিপুৰা |
| নিকটতম চহৰ | পানীসাগৰ |
| স্থানাংক | 24°17′N 92°10′E / 24.29°N 92.17°Eস্থানাংক: 24°17′N 92°10′E / 24.29°N 92.17°E |
| মাটিকালি | ০.৮৫৮ বৰ্গ কি.মি. (৮,৫৮,০০০ বৰ্গ মিটাৰ) |
| প্ৰতিস্থা | ১৯৮৮ |
ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য (ইংৰাজী: Rowa Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।[1]
বিৱৰণ
[সম্পাদনা কৰক]০.৮৫৮ বৰ্গ কিলোমিটাৰ (০.৩৩১ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখন ১৯৮৮ চনত প্ৰথমে এখন সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।[2]
উদ্ভিদকুল আৰু প্ৰাণীকুল
[সম্পাদনা কৰক]এই অভয়াৰণ্যখনৰ উদ্ভিদবোৰ পৰ্ণপাতী আৰু অৰ্ধ-চিৰসেউজ অৰণ্যৰ অন্তৰ্ভুক্ত।[3] ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই, স্তন্যপায়ী আৰু সৰীসৃপ পোৱা যায়।[4] ইয়াত পোৱা প্ৰধান বন্যপ্ৰাণীসমূহৰ ভিতৰত সুগৰী পহু, বনৰীয়া গাহৰি, গাহৰি-নেজীয়া বান্দৰ, নেউল, কেঁটেলাপহু, অজগৰ আৰু চৰাইবোৰৰ ভিতৰত হেটুলুকা, বুলবুলি, কুলি, মণিয়ৰি, পাৰ, ফেঁচু, হাঁহ, সখিয়তী, ফেঁচা, গলমণিকা, কৈৰা, মৌপিয়া, বাঢ়ৈটোকা, টোকোৰা, কোকলোঙা, চুটীয়া শালিকা আদি উল্লেখযোগ্য।[3]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Protected area network in India". Ministry of Environment and Forests, Government of India. পৃষ্ঠা: 28. http://moef.nic.in/downloads/public-information/protected-area-network.pdf। আহৰণ কৰা হৈছে: 2 April 2012.
- ↑ "Tripura". Ministry of Environment, Forest and Climate Change, Government of India. https://wii.gov.in/eia/wildlife_database/tripura। আহৰণ কৰা হৈছে: 1 June 2024.
- 1 2 "National Parks and Wildlife Sanctuaries in India". Ministry of Environment, Forest and Climate Change, Government of India. November 2021. https://tourism.gov.in/sites/default/files/2023-04/9%20Compendium%20Book_2021_Low%20%281%29%20%282%29.pdf। আহৰণ কৰা হৈছে: 1 June 2024.
- ↑ "Rowa Wildlife Sanctuary". Government of Tripura. https://northtripura.nic.in/tourist-place/rowa-wildlife-sanctuary/। আহৰণ কৰা হৈছে: 24 June 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Tripura Archived 2018-12-07 at the Wayback Machine