ৱমেন ইন ব্লেক (অতিপ্ৰাকৃতিক)
ৱমেন ইন ব্লেক (ইংৰাজী: Woman in Black) হ’ল এপ্লাচিয়ান লোককথাৰ এক অলৌকিক চৰিত্ৰ যিয়ে ১৯০০ চনৰ আৰম্ভণিৰপৰা মাজভাগলৈকে দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত দেখা দিছিল।
ইতিহাস
[সম্পাদনা কৰক]জনশ্ৰুতি অনুসৰি, এগৰাকী ৱমেন ইন ব্লেক বা ক'লা সাজ-পাৰ পৰিহিত মহিলাগৰাকী সাধাৰণতে সেইসকল পুৰুষৰ সন্মুখত আবিৰ্ভাৱ হৈছিল যিয়ে দুৰাচাৰ কৰিছিল, পত্নীকে প্ৰতাৰণা কৰিছিল বা কোনো নৈতিক স্খলনত লিপ্ত হৈছিল। লোককথা অনুসৰি ব্ৰিষ্টল, টাৰ্জৱেল, লিঞ্চবাৰ্গ, ৰিচমণ্ড আৰু জেকচনৰ দৰে চহৰত এগৰাকী ক'লা সাজ-পাৰ পৰিহিত মহিলাই দেখা দিছিল। এটা কাহিনী অনুসৰি, ১৯০২ চনত ৰোৱানোকত নিজৰ ক্লাবত বহু দেৰিলৈকে থকা পুৰুষসকলৰ সন্মুখত তেওঁ "হঠাতে আৰু অপ্ৰত্যাশিতভাৱে" আবিৰ্ভাৱ হৈছিল আৰু তেওঁলোকক যিমান পাৰি সোনকালে ঘৰলৈ যাবলৈ নিৰ্দেশ দিছিল। কেতিয়াবা এগৰাকী ৱমেন ইন ব্লেক-এ পুৰুষক প্ৰহাৰ কৰা বা মাটিত বগৰাই দিয়া বুলিও কোৱা হয়। তেওঁৰ পাপৰ প্ৰতিফল হিচাপে "প্ৰেতাত্মাৰ পোছাকৰ শব্দৰে তেওঁক পৃথিৱীত চৰ মৰা" বুলিও বিশ্বাস কৰা হৈছিল।[1] যদি তেনে কাৰ্য অব্যাহত থাকে, তেন্তে পুৰুষজনক তেওঁ অপৰাধ কৰা স্থানতে হত্যা কৰা হ’ব বুলি ধৰা হৈছিল।
কোৱা হয় যে ৰোৱানোকত তেওঁৰ কথিত আবিৰ্ভাৱৰ ফলত বিবাহিত পুৰুষসকলে প্ৰতি নিশা বাহিৰলৈ যোৱাৰ পৰিৱৰ্তে পত্নী আৰু পৰিয়ালৰ সৈতে ঘৰতে থকাৰ এক সুপ্ৰভাৱ পৰিছিল। এটা বিৱৰণী অনুসৰি টাৰ্জৱেলৰ ডিচাইপলছ অফ ক্ৰাইষ্ট চাৰ্চৰ চাৰিজন পুৰুষৰ সন্মুখত তেওঁ হঠাতে দেখা দিছিল আৰু তেওঁলোকক ইমান ভয় খুৱাইছিল যে তেওঁলোক সকলোৱে দৌৰি ঘৰলৈ পলাইছিল।[2]
বিশিষ্ট ৰাজনীতিবিদ আৰু ব্যৱসায়ীসকলেও এগৰাকী ৱমেন ইন ব্লেক-ৰ দৰ্শন পোৱা বুলি চৰ্চা চলিছিল। ১৯০২ চনৰ মাৰ্চ মাহত দাবী কৰা হৈছিল যে আলমা জাৰ্নেলৰ সম্পাদক এইচ এছ ৱেদাৰাল্ড, অঞ্চলটোৰ আগশাৰীৰ গাড়ী ব্যৱসায়ী ফ্ৰেংক গ্ৰিগছবি আৰু এষ্টন চি শ্বালেনবাৰ্গাৰক (যি নেব্ৰাস্কাৰ পঞ্চম জিলাৰ তেতিয়াৰ কংগ্ৰেছ সদস্য তথা পৰৱৰ্তী সময়ত নেব্ৰাস্কাৰ গভৰ্ণৰ হৈছিল) আলমাত এগৰাকী ক'লা সাজ-পাৰ পৰিহিত মহিলাই "ভয় খুৱাইছিল।" [2]
লগতে চাওক
[সম্পাদনা কৰক]- লা ল'ৰোনা
- The Woman in Black – ১৯৮৩ চনৰ চুজান হিলৰ হৰৰ উপন্যাস
- Women in Black of Wat Samian Nari – থাইলেণ্ডৰ এক প্ৰচলিত লোককথা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Clinch Valley News. May 1902. No page given
- 1 2 Harvey, Neil. ""The Woman in Black"". The Roanoke Times, 2016Discover history & heritage. Mysteries of Southwest Virginia. পৃষ্ঠাসমূহ: 92–97. http://roanoke.com। আহৰণ কৰা হৈছে: 10 June 2019.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Roberts, Nancy, and Nancy Roberts. Ghosts of the Southern Mountains and Appalachia. Columbia, S.C.: University of South Carolina Press, 1988. Discusses the woman in black from the Smokey Mountains of Tennessee.
- Schlosser, S. E. Spooky South: Tales of Hauntings, Strange Happenings, and Other Local Lore. "The woman in black (Savannah, Georgia)". 2016.
- Taylor, L. B. The Big Book of Virginia Ghost Stories. Mechanicsburg, PA: Stackpole Books, 2010.
- Taylor, L. B., and Mark A. Davis. L.B. Taylor, Jr.'s Ghost Stories of Virginia. "The woman in black (Smoky Mountains, Tennessee)". Volume One. Volume One. [Place of publication not identified]: In Mind, Inc, 2004.
- Taylor, L. B. Haunted Roanoke. 2013. "Roanoke's phantom woman in black".