ৱাংগাৰি মাথাই
ৱাংগাৰী মুটা মাথাই | |
---|---|
![]() ২০০৫ চনত মাথাই | |
জন্ম | ৱাংগাৰী মূটা ১ এপ্ৰিল, ১৯৪০ ইহিথে, টেটু, কেনিয়া |
মৃত্যু | ২৫ ছেপ্টেম্বৰ, ২০১১ (৭১ বছৰ) [1] নাইৰোবি, কেনিয়া |
শিক্ষানুষ্ঠান | নাইৰোবি বিশ্ববিদ্যালয় পিএইচডি) পিটচবাৰ্গ বিশ্ববিদ্যালয় বিজ্ঞান স্নাতকোত্তৰ বেনেডিক্টাইন কলেজবিএছ জিয়েছেন বিশ্ববিদ্যালয়ৰ |
পেচা | পৰিৱেশবিদ, ৰাজনৈতিক কৰ্মী, লেখিকা |
জনা যায় | গ্ৰীন বেল্ট আন্দোলন |
সন্তান | ৱাঞ্জিৰা মাথাই |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
ৱাংগাৰী মাথাই (ইংৰাজী: Wangarĩ Maathai; ১ এপ্ৰিল ১৯৪০ – ২৫ ছেপ্টেম্বৰ ২০১১) কেনিয়াৰ এগৰাকী সামাজিক, পৰিৱেশ আৰু ৰাজনৈতিক কৰ্মী যি গ্ৰীণ বেল্ট আন্দোলন[2][3] প্ৰতিষ্ঠা কৰিছিল৷ এয়া এক পৰিৱেশনিৰ্ভৰ বেচৰকাৰী সংস্থা যি বৃক্ষৰোপণ, পৰিৱেশ সংৰক্ষণ আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ২০০৪ চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী আফ্ৰিকান মহিলা হিচাপে পৰিগণিত হয়।[4]
কেনেডি এয়াৰলিফ্টৰ হিতাধিকাৰী হিচাপে তেওঁ আমেৰিকাত অধ্যয়ন কৰি কেনছাছৰ এচিচনৰ মাউণ্ট ছেইণ্ট স্কোলাষ্টিকা কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু পিটচবাৰ্গৰ পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পূব আৰু মধ্য আফ্ৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে দৰ্শন বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে। কেনিয়াৰ নাইৰোবি বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্তৰেট লাভ কৰিছিল৷[5]১৯৮৪ চনত তেওঁ "কেনিয়াৰ পৰিৱেশ বিতৰ্কক পুনৰ বনানীকৰণৰ বাবে গণ কাৰ্য্যলৈ ৰূপান্তৰিত কৰাৰ বাবে" ৰাইট লাইভলিহুড বঁটা লাভ কৰে।
ৱাংগাৰী মাথাই কেনিয়াৰ সংসদৰ নিৰ্বাচিত সদস্য আছিল আৰু ২০০৩ চনৰ জানুৱাৰীৰ পৰা ২০০৫ চনৰ নৱেম্বৰৰ ভিতৰত ৰাষ্ট্ৰপতি মৱাই কিবাকিৰ চৰকাৰত পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সহকাৰী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ব ভৱিষ্যত পৰিষদৰ তেওঁ সন্মানীয় কাউন্সিলাৰ আছিল। এগৰাকী শিক্ষাবিদ আৰু কেইবাখনো গ্ৰন্থৰ লেখক হিচাপে মাথাই কেৱল এগৰাকী কৰ্মী নহয়, আফ্ৰিকান সংস্কৃতি আৰু ধৰ্মৰ উপৰিও তেওঁ পৰিৱেশ, উন্নয়ন আৰু লিংগৰ বিষয়ে চিন্তা কৰাত উল্লেখযোগ্য অৱদান আগবঢ়োৱা এগৰাকী বুদ্ধিজীৱীও আছিল।[6][7] ২০১১ চনৰ ২৫ ছেপ্টেম্বৰত ডিম্বাশয়ৰ কৰ্কট ৰোগৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Wangari Maathai, the woman of trees, dies" (en ভাষাত). Africa Renewal. 2012-01-17. https://www.un.org/africarenewal/web-features/wangari-maathai-woman-trees-dies। আহৰণ কৰা হৈছে: 2023-04-29.
- ↑ Rice, Xan (26 September 2011). "Wangari Maathai, Nobel peace prize winner, dies at 71" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.greenbeltmovement.org/wangari-maathai.
- ↑ "Biography | The Green Belt Movement" (en ভাষাত). www.greenbeltmovement.org. http://www.greenbeltmovement.org/wangari-maathai/biography। আহৰণ কৰা হৈছে: 23 May 2018.
- ↑ Rice, Xan (26 September 2011). "Wangari Maathai, Nobel Peace Prize Winner Dies" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2011/sep/26/wangari-maathai-nobel-winner-dies.
- ↑ সাঁচ:LCAuth
- ↑ Muhonja 2020, পৃষ্ঠা. [পৃষ্ঠা নং প্ৰয়োজন].
- ↑ Musila, Grace (2020). Wangari Maathai's Registers of freedom. Grace A. Musila. প্ৰকাশক Cape Town: HSRC Press. ISBN 978-0796925749. OCLC 1148322483. https://www.worldcat.org/oclc/1148322483। আহৰণ কৰা হৈছে: 13 August 2021.