সমললৈ যাওক

ৱাং ইজিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাং ইজিন
স্থানীয় নাম 王艺瑾
জন্ম ৱাং ইউনক্সুয়ান
২৫ ডিচেম্বৰ, ১৯৯৬ (২৯ বছৰ)
জিনান, চাণ্ডং, চীন
পেচা
  • গায়িকা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৭–বৰ্তমান
অভিকৰ্তা জয় ৱাক ষ্টুডিঅ’

ৱাং ইজিন (ইংৰাজী: Wang Yijin; জন্ম: ২৫ ডিচেম্বৰ, ১৯৯৬) এগৰাকী চীনা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী তথা গায়িকা। তেওঁ ইংৰাজী নাম ৰীতা ৱাং নামেৰেও জনাজাত। তেওঁ প্ৰডিউচ কেম্প ২০২০ত তৃতীয় স্থান লাভ কৰাৰ পাছত বনবন গাৰ্লছ ৩০৩ৰ সদস্য আৰু মুখ্য কণ্ঠশিল্পী আছিল। ২০২২ চনৰ ৪ জুলাইত এই গোটটো ভংগ হয় আৰু তাৰ পিছত তেওঁ এগৰাকী একক শিল্পী আৰু অভিনেত্ৰী হিচাপে নিজৰ কাম-কাজ পুনৰ আৰম্ভ কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

প্ৰকৃত নাম ৱাং ইউনক্সুয়ান হোৱা ৱাং ইজিনে[1] উল্লেখ কৰিছে যে শৈশৱ আৰু কৈশোৰৰ আৰম্ভণিৰ সময়ছোৱাত তেওঁৰ ওজন স্বাভাৱিকতকৈ অধিক আছিল। তেওঁ চাণ্ডঙৰ জিনান ফৰেন লেংগুৱেজ স্কুলৰপৰা হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ চেণ্ট্ৰেল একাডেমী অফ ড্ৰামাৰপৰা মিউজিকেল ড্ৰামা আৰ্টছ এণ্ড থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ বেইজিং ডান্স একাডেমীত কেইবাটাও পাঠ্যক্ৰম গ্ৰহণ কৰিছিল আৰু প্ৰডিউচ কেম্প ২০২০ চলি থকাৰ সময়তে নিজৰ থিছিছ সম্পূৰ্ণ কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০০ চনৰ আৰম্ভণিতে ৫বছৰীয়া ৱাং ইজিনে দা বিং আৰু দা টৌৰ সৈতে চাণ্ডং চেটেলাইট টিভিৰ শিশু অনুষ্ঠান চানচাইন এক্সপ্ৰেছ লেনৰ সহ-আঁতধৰোঁতা হিচাপে কাম কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ উপৰি তেওঁ স্থানীয় চেটেলাইট টিভিৰ নৈশ পাৰ্টিৰো আঁত ধৰিছিল।

২০১৮ চনত জয় ৱাক ষ্টুডিঅ’ৰ সৈতে চুক্তিবদ্ধ হোৱাৰ আগতে তেওঁ এগৰাকী থিয়েটাৰ অভিনেত্ৰী আছিল।[2]

২০১৬ চনৰ ১১ অক্টোবৰত তেওঁৰ একক চিংগল ফেং হুয়া য়ুয়ান মেং মুক্তি পায়, যিটো চীনৰ চেংচাম (cheongsam) সমাৰোহৰ গীত হিচাপেও ব্যৱহৃত হৈছিল।

২০১৯ চনৰ ফেব্ৰুৱাৰীত তেওঁ চি.চি.টি.ভি.-১৫ (CCTV-15) ৰ সংগীত অনুষ্ঠান ফেং হুয়া নেচনেল মিউজিকত অংশগ্ৰহণ কৰে আৰু ফেং হুয়া য়ুয়ান মেং গীতটো গায়। ঝাং জিয়ায়ী, য়ান নি আৰু ঝাও জিনমাই অভিনীত ধাৰাবাহিক এ লিটল ৰিইউনিয়নত লিন মিয়াও মিয়াওৰ ৰুমমেট হিচাপে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয়।[3] তেওঁ ইয়াং মি আৰু ভিন ঝাং অভিনীত ধাৰাবাহিক ষ্টৰ্ম আইটো এটা চৰিত্ৰত অভিনয় কৰিছে।

ইয়াৰ পিছত তেওঁ টেনচেণ্ট ভিডিঅ’ৰ প্ৰডিউচ কেম্প ২০২০ত অংশগ্ৰহণ কৰে। প্ৰথম খণ্ডত কণ্ঠৰ অডিচন হিচাপে তেওঁ কিট চানৰ আই লাইক ইউ গীতটো গাইছিল আৰু জয় ৱাকৰ প্ৰশিক্ষাৰ্থীসকলৰ সৈতে ষ্টিফেনি ছানৰ মাটাৰিং পৰিৱেশন কৰিছিল। গ্ৰুপ বেটলৰ বাবে তেওঁ ঝাও ইউৱেৰ সৈতে এল.টি.জি. (LTG) ৰ অধীনত মেজিক পৰিৱেশন কৰে। পজিচন ইভালুৱেশ্যনৰ বাবে তেওঁ কাৰ্লি গাঅ’ৰ সৈতে কণ্ঠ গোটৰ হৈ দ্য ৱৰ্ল্ড ৱুড নট ইজিলি কলাপ্স পৰিৱেশন কৰে। কনচেপ্ট বেটলত তেওঁ চেন ঝুঅ’ক্সুয়ান আৰু আৰিফ ৰহমানৰ সৈতে আইচ’লেচন পৰিৱেশন কৰে। ফাইনেলৰ একক পৰিৱেশনৰ বাবে তেওঁ লেডী গাগাৰ শ্যালো গাইছিল। ইয়াৰ উপৰি তেওঁ কেটি পেৰীৰ ডেইজিছ আৰু চূড়ান্ত পৰিৱেশনত ফিনিক্স পৰিৱেশন কৰে। তেওঁ তৃতীয় স্থান লাভ কৰি ৱাজিজ্জিৱা এণ্টাৰটেইনমেণ্টৰ অধীনত দুবছৰীয়া চুক্তিৰে গঠিত প্ৰজেক্ট গাৰ্ল গ্ৰুপ বনবন গাৰ্লছ ৩০৩ৰ সদস্য হিচাপে আত্মপ্ৰকাশ কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]