সমললৈ যাওক

ৱাং ছু-বক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাং ছু-বক
왕수복
জন্ম ৫ মাৰ্চ, ১৯১৭
কোটো, দক্ষিণ হেইয়ান প্ৰদেশ, জাপানী শাসিত কোৰিয়া
মৃত্যুৰ তাৰিখ ১ জুন, ২০০৩ (৮৬ বছৰ)
পিয়ংয়াং, উত্তৰ কোৰিয়া
সংগীতৰ ধৰণ লোকসংগীত
পেচা গায়িকা
বাদ্যযন্ত্ৰ কণ্ঠ
লেবেল
  • Columbia
  • Polydor
সহচৰ
  • ই হ্যো-ছক
  • কিম ক্ৱাং-জিন

ৱাং ছু-বক (কোৰিয়ান: 왕수복}}, ৫ মাৰ্চ ১৯১৭ – ১ জুন ২০০৩) এগৰাকী উত্তৰ কোৰিয়াৰ গায়িকা আছিল, যিয়ে ১৯৩৫ চনত জাপানী শাসিত কোৰিয়াত আটাইতকৈ জনপ্ৰিয় গায়িকা হিচাপে খ্যাতি লাভ কৰিছিল। তেওঁক এগৰাকী পথ-প্ৰদৰ্শক মহিলা শিল্পী হিচাপে গণ্য কৰা হয়, যাৰ কৰ্মই আধুনিক কে-পপ সংগীত ধাৰাৰ পথ মুকলি কৰিছিল।

১৯১৭ চনত জন্মগ্ৰহণ কৰা ৱাং ছু-বকে[1] পিয়ংয়াংস্থিত চুজেন ডেন্সিং গাৰ্লছ স্কুলত অধ্যয়ন কৰে, যিখন বিদ্যালয়ত বিশেষকৈ গিছেং প্ৰশিক্ষণ দিয়া হৈছিল।[2] এই বিদ্যালয়ত ছাত্ৰীসকলক গান, নৃত্য, বাদ্যযন্ত্ৰ আৰু সাজ-পোছাকৰ প্ৰশিক্ষণ দিয়া হৈছিল।[3] তেওঁ ১৯৩১ চনত স্নাতক হয়।[4]

১৯৩৩ চনত গিছেং গায়িকা হিচাপে তেওঁৰ আত্মপ্ৰকাশ ঘটে আৰু দশকটোৰ বাকী সময়ছোৱাত তেওঁ অত্যন্ত জনপ্ৰিয় হৈ উঠে।[5] তেওঁৰ অন্যতম জনপ্ৰিয় গান আছিল Ulchi marayo (Don’t Cry)।[6] তেওঁ কিনমিন্যো নামৰ এটা পৰম্পৰাগত লোকসংগীত শৈলীতো গান গাইছিল। তেওঁ Columbia আৰু Polydor দুয়োটা ৰেকৰ্ড কোম্পানীৰ সৈতে জড়িত আছিল।[6]

১৯৩৪ চনৰ জানুৱাৰীত ৱাং ছু-বক জাপানলৈ সম্প্ৰচাৰিত প্ৰথমটো কোৰিয়ান ভাষাৰ লাইভ ৰেডিঅ’ অনুষ্ঠানত অংশ লয়, যাক NHK-ই আয়োজন কৰিছিল।[7] ১৯৩৫ চনত তেওঁ গায়িকাসকলৰ জনপ্ৰিয়তা প্ৰতিযোগিতাত বিজয়ী হয় আৰু সেই বছৰতে কোৰিয়াৰ সৰ্বাধিক জনপ্ৰিয় মহিলা গায়িকা হিচাপে স্বীকৃতি লাভ কৰে।

১৯৩৬ চনত, জনপ্ৰিয়তাৰ শীৰ্ষবিন্দুত থাকোঁতে, তেওঁক “জনপ্ৰিয় গীতৰ ৰাণী” বুলি কোৱা হৈছিল। তেওঁ পশ্চিমীয়া সংগীত অধ্যয়নৰ বাবে জাপানলৈ যায় আৰু পশ্চিমীয়া কণ্ঠশৈলীত কোৰিয়ান লোকগীত গোৱা mezzo-soprano হিচাপে প্ৰশিক্ষণ লয়। জাপানি উপনিৱেশিক শাসকে লোকসংগীতত কোৰিয়ান ভাষা ব্যৱহাৰত বাধা দিয়াৰ ফলত ১৯৪২ চনত তেওঁ কিছুদিনৰ বাবে সংগীত জীৱন বন্ধ কৰে।[4]

১৯৫৩ চনত তেওঁ Central Radio Broadcasting Commission-ৰ জৰিয়তে পুনৰ সংগীত জীৱনত প্ৰৱেশ কৰে আৰু ১৯৫৫ চনত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় চিম্ফনী অৰ্কেষ্ট্ৰাৰ গায়িকা হয়।[8]

১৯৭৭ চনত তেওঁৰ ৬০বছৰীয়া জন্মদিনত কিম ইল-ছুঙে তেওঁলৈ উপহাৰ প্ৰেৰণ কৰে। ১৯৯৭ চনত ৮০বছৰীয়া জন্মদিন উপলক্ষ্যে কিম জং-ইলেও উপহাৰ প্ৰেৰণ কৰে।[9] তেওঁ ২০০৩ চনত মৃত্যুবৰণ কৰে।[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৫৯ চনত তেওঁক Democratic People's Republic of Korea-ৰ Merited Actor উপাধি প্ৰদান কৰা হয়।[9]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

ৱাং ছু-বকক ফটোগ্ৰাফাৰ চয় কিউ-ছুঙৰ গ্ৰন্থ আৰু প্ৰদৰ্শনী Ancestors of Girl Groups-ত স্থান দিয়া হয়, য’ত কোৰিয়াৰ প্ৰাথমিক মহিলা গায়িকাসকলৰ ভূমিকা আৰু আধুনিক K-pop গাৰ্ল গ্ৰুপৰ উদ্ভৱৰ কথা উল্লেখ কৰা হৈছে।[10]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ৱাং ছু-বক সাহিত্যিক ই হ্যো-ছকৰ সংগী আছিল। পিছলৈ তেওঁ অৰ্থনীতিবিদ কিম ক্ৱাং-জিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Atkins, E. Taylor (8 September 2022) (en ভাষাত). History of Popular Culture in Japan: From the Seventeenth Century to the Present. Bloomsbury Publishing. ISBN 978-1-350-19594-3. https://books.google.com/books?id=1BF8EAAAQBAJ&dq=wang+su-bok&pg=PT167. 
  2. "Why Korean girl groups conquering music charts are nothing new" (en ভাষাত). South China Morning Post. 23 May 2018. https://www.scmp.com/culture/music/article/2147420/k-pop-icons-now-and-then-where-it-all-began-todays-girl-groups। আহৰণ কৰা হৈছে: 22 January 2023. 
  3. Kim, Youna (1 December 2016) (en ভাষাত). Routledge Handbook of Korean Culture and Society. Taylor & Francis. পৃষ্ঠা. 285. https://books.google.com/books?id=CzQlDwAAQBAJ&dq=wang+su-bok&pg=PA285. 
  4. 4.0 4.1 4.2 김은주 (13 April 2017). "[김은주의 시선 최초의 대중가요 스타, 평양기생 왕수복"] (ko ভাষাত). Yonhap News Agency. https://www.yna.co.kr/view/AKR20170412125100371। আহৰণ কৰা হৈছে: 22 January 2023. 
  5. Koreana 2019 Spring. The Korea Foundation. 2019. 
  6. 6.0 6.1 Korean Studies: New Pacific Currents. University of Hawaii Press. 
  7. Korean Studies: New Pacific Currents. University of Hawaii Press. 
  8. "이효석과 왕수복의 사랑 이야기" (ko ভাষাত). http://www.koya-culture.com/news/article.html?no=131576. 
  9. 9.0 9.1 "조선 유행가의 여왕 왕수복 아시나요" (ko ভাষাত). The Hankyoreh. 21 September 2006. https://www.hani.co.kr/arti/culture/book/159131.html। আহৰণ কৰা হৈছে: 22 January 2023. 
  10. "History of Korean girl groups revisited". Korea Times. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]